< Farawa 14 >

1 A zamanin Amrafel sarkin Shinar, shi da Ariyok sarkin Ellasar, Kedorlayomer sarkin Elam, da kuma Tidal sarkin Goyim
যি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,
2 suka tafi don su yaƙi Bera sarkin Sodom, Birsha sarkin Gomorra, Shinab sarkin Adma, Shemeber sarkin Zeboyim, da kuma sarkin Bela (wato, Zowar).
সেইসময়ত এই কেইজন ৰজাই মিলি চদোমৰ বিৰা ৰজা, ঘমোৰাৰ বিৰ্চা ৰজা, অদ্মাৰ চিনাব ৰজা, চবোয়ীমৰ চিমেবৰ ৰজা আৰু বিলা অৰ্থাৎ চোৱৰৰ ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
3 Dukan waɗannan sarakuna na bayan nan suka haɗa kai a Kwarin Siddim (Teku Gishiri).
পাছৰ এই পাঁচজন ৰজা চিদ্দিম উপত্যকাত একত্রিত হ’ল। এই ঠাইখিনিক লোণসমুদ্ৰ বোলা হ’য়।
4 Shekara goma sha biyu suna bauta wa Kedorlayomer, amma a shekara ta sha uku sai suka yi tawaye.
এই ৰজাসকল বাৰ বছৰলৈকে ৰজা কদৰ্লায়োমৰ অধীনত আছিল, কিন্তু তেৰ বছৰত তেওঁলোকে বিদ্ৰোহ কৰিলে।
5 A shekara ta goma sha huɗu, Kedorlayomer da sarakunan da suka haɗa kai da shi suka tafi suka cinye Refahiyawa a Ashterot Karnayim, Zuziyawa a Ham, Emawa a Shabe Kiriyatayim,
তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
6 da Horiyawa a ƙasar tudun Seyir har zuwa El Faran kusa da hamada.
হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
7 Sa’an nan suka juya suka tafi En Mishfat (wato, Kadesh), suka cinye dukan ƙasar Amalekawa, da kuma Amoriyawa waɗanda suke zaune a Hazazon Tamar.
তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
8 Sai sarkin Sodom, sarkin Gomorra, sarkin Adma, sarkin Zeboyim da sarkin Bela (wato, Zowar), suka fita suka ja dāgā a Kwarin Siddim
এই সকলো ঘটনাৰ পাছত চদোমৰ ৰজা, ঘমোৰাৰ ৰজা, অদ্মাৰ ৰজা, চবোয়ীমৰ ৰজা আৰু বিলাৰ ৰজা অৰ্থাৎ চোৱৰৰ ৰজা ওলাই গৈ যুদ্ধৰ কাৰণে যুগুত হ’ল।
9 gāba da Kedorlayomer sarkin Elam, Tidal sarkin Goyim, Amrafel sarkin Shinar da Ariyok sarkin Ellasar; sarakuna huɗu gāba da biyar.
তেওঁলোকে এলমৰ ৰজা কদৰ্লায়োমৰ, গোয়ীমৰ ৰজা তিদিয়ল, চিনাৰ দেশৰ ৰজা অম্ৰাফল, ইল্লাচৰৰ ৰজা অৰিয়োকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। এই যুদ্ধ পাঁচ জন ৰজাৰ বিৰুদ্ধে চাৰিজন ৰজাৰ মাজত হৈছিল।
10 Kwarin Siddim kuwa ya cika da ramummukan kwalta, sa’ad da sarakunan Sodom da Gomorra suka gudu kuwa, waɗansu mutane suka fāɗa cikin ramummukan kwaltan, sauran kuwa suka gudu zuwa tuddai.
১০চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
11 Sarakunan nan huɗu suka washe dukan kayayyakin Sodom da Gomorra, da kuma dukan abincinsu, sa’an nan suka tafi.
১১শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।
12 Suka kuma kama Lot ɗan ɗan’uwan Abram, wanda yake zaune a Sodom, da kayayyakinsa, suka yi tafiyarsu.
১২তেওঁলোক যাওঁতে সকলো সম্পদেৰে সৈতে চদোমত বাস কৰা অব্ৰামৰ ভতিজা পুতেক লোটকো বন্দী কৰি লৈ গ’ল।
13 Sai wani wanda ya tsira, ya zo ya faɗa wa Abram mutumin Ibraniyawa. Abram kuwa yana zama kusa da manyan itatuwan Mamre, Mamre mutumin Amoriyawa ne ɗan’uwan Eshkol da Aner, su kuwa abokan Abram ne.
১৩তেতিয়া পলাই আহি ৰক্ষা পোৱা এজন পলাতকে ইব্ৰীয়া অব্ৰামক সেই খবৰ দিলে; সেই সময়ত অব্রাম ইষ্কোল আৰু আনেৰৰ ভায়েক ইমোৰীয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল আৰু তেওঁলোক অব্ৰামৰ মিত্ৰ আছিল।
14 Da Abram ya ji cewa an kama danginsa, sai ya tara horarrun mutane 318, da aka haifa a gidansa, ya bi sawun sarakunan da suka tafi da Lot, har Dan.
১৪অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্রশিক্ষণ প্রাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা তিনি শ ওঠৰ জন দাসক লৈ শত্রুবোৰৰ পাছে পাছে দানলৈকে খেদি গ’ল।
15 Da dad dare, Abram ya rarraba mutanensa don su fāɗa wa sarakunan nan, ya ɗibge su, ya kore su har zuwa Hoba, arewa da Damaskus.
১৫পাছত ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্রুবোৰক আঘাত কৰিলে আৰু দম্মেচকৰ উত্তৰে অৱস্থিত হোবা পর্যন্ত তেওঁলোকক খেদি পঠিয়ালে।
16 Ya washe su da kuma dukan kayayyakinsu, ya kuma dawo da Lot danginsa da mallakarsa, tare da mata da sauran mutane.
১৬তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।
17 Bayan Abram ya dawo daga cin Kedorlayomer da sarakunan da suka haɗa kai da shi a yaƙi, sai sarkin Sodom ya fito don yă tarye Abram a Kwarin Shabe (wato, Kwarin Sarki).
১৭কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলক অব্রামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদোমৰ ৰজাই তেওঁৰ লগত সাক্ষাত হবলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ’ল।
18 Sai Melkizedek sarkin Salem ya kawo burodi da ruwan inabi. Shi firist ne na Allah Mafi Ɗaukaka,
১৮চালেমৰ ৰজা মল্কীচেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে; মল্কীচেদক সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল।
19 ya albarkaci Abram yana cewa, “Allah Mafi Ɗaukaka Mahaliccin sama da ƙasa yă albarkace Abram.
১৯তেওঁ অব্ৰামক আশীৰ্ব্বাদ কৰি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰৰ দ্বাৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক;
20 Kuma albarka ta tabbata ga Allah Mafi Ɗaukaka wanda ya ba da maƙiyanka a hannunka.” Sa’an nan Abram ya ba shi kashi ɗaya bisa goma na kome.
২০যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
21 Sarkin Sodom ya ce wa Abram, “Ka ba ni mutanena da ka ƙwace daga hannun sarakunan nan kawai, ka riƙe kayayyakin don kanka.”
২১পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।”
22 Amma Abram ya ce, wa sarkin Sodom, “Na ɗaga hannu ga Ubangiji Allah Mafi Ɗaukaka, Mahaliccin sama da ƙasa, na riga na rantse
২২অব্ৰামে চদোমৰ ৰজাক ক’লে, “মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছোঁ যে,
23 cewa ba zan karɓi kome da yake naka ba, ko zare ko maɗaurin takalma, don kada ka ce, ‘Na azurta Abram.’
২৩আপোনাৰ একো বস্তুৱেই, এনে কি এগছি সূতা কি জোতাৰ ফিটাও নলওঁ; যাতে আপুনি কেতিয়াও ক’ব নোৱাৰে ‘মইহে অব্ৰামক ধনৱান কৰিলোঁ’ বুলি।
24 Ba zan karɓi kome ba, sai dai abin da mutanena suka ci da kuma rabon mutanen da suka tafi tare da ni, ga Aner, Eshkol, da Mamre. Bari su ɗauki rabonsu.”
২৪কেৱল মোৰ যুবকসকলে ইতিমধ্যে যি খালে, তাৰ বাহিৰে মই ইয়াৰ পৰা একো নিনিও; কিন্তু আনেৰ, ইষ্কোল আৰু মম্ৰি মোৰ লগত গৈছিল; তেওঁলোকক নিজৰ ভাগ ল’ব দিয়ক।”

< Farawa 14 >