< Ezra 10 >

1 Yayinda Ezra yake addu’a, yake kuma furta laifi, yana kuka, yana a durƙushe da kansa ƙasa a gaban gidan Allah, sai babban taron jama’ar Isra’ilawa, maza, mata da yara, suka taru a wurinsa. Su ma suka yi kuka mai zafi.
এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।
2 Sai Shekaniya ɗan Yehiyel, daga zuriyar Elam ya ce wa Ezra, “Mun yi wa Allah rashin aminci ta wurin yin auratayya da maƙwabtanmu, amma duk da haka bai yashe mutanen Isra’ila ba.
এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
3 Yanzu bari mu yi alkawari da Allahnmu, mu kori matan da yaransu bisa ga abin da ranka yă daɗe da sauran shugabannin da kuke girmama umarnin Allah kuka shawarce mu, bari mu yi haka bisa ga doka.
সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
4 Sai ka tashi, gama wannan hakkinka ne, za mu ba ka goyon baya. Saboda haka ka yi ƙarfin hali ka aikata shi.”
উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
5 Sai Ezra ya tashi ya sa firistoci da suke shugabanni, da Lawiyawa, da dukan mutanen Isra’ila su rantse, cewa za su yi abin da aka ce. Sai suka yi rantsuwar.
তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
6 Sa’an nan Ezra ya tashi daga gidan Allah ya tafi gidan Yehohanan ɗan Eliyashib, a can ma bai ci wani abu ba, bai sha ruwa ba domin ya ci gaba da yin baƙin cikin rashin aminci na waɗanda suka dawo daga bauta.
তাৰ পাছত ইজ্ৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচীবৰ পুত্ৰ যিহোহাননৰ কোঁঠালিলৈ গ’ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্ৱাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে শোক কৰিলে আৰু তেওঁ একো ভোজন-পান নকৰিলে।
7 Aka yi shela a duk fāɗin Yahuda da Urushalima cewa dukan waɗanda suka dawo daga bauta su tattaru a Urushalima.
সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক যিৰূচালেমত গোট খাবলৈ যিহূদা আৰু যিৰূচালেমলৈ তেওঁলোকে বাৰ্ত্তা পঠিয়ালে।
8 Duk wanda bai zo a cikin kwana uku ba, za a washe shi, a kuma ware shi daga jama’ar da suka dawo daga bauta. Haka shugabanni da dattawa suka zartar.
যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।
9 A cikin kwana uku duk mutanen Yahuda da na Benyamin suka taru a Urushalima. A ranar ashirin ga watan tara, dukan mutanen suka zauna a dandali a gaban gidan Allah cike da ɓacin rai saboda abin da ya faru da kuma ruwan da aka yi.
সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
10 Sai Ezra firist ya miƙe tsaye ya yi musu magana ya ce, “Kun yi rashin aminci; kun aure mata baƙi, ta haka kuka ƙara kan zunubin Isra’ila.
১০তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।
11 Yanzu sai ku furta zunubanku ga Ubangiji, Allahn kakanninku, ku kuma yi nufinsa. Ku raba kanku da mutanen da suke kewaye da ku, ku kuma rabu da baƙin mata.”
১১এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ-প্রশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা।
12 Mutanen kuwa suka tā da murya da ƙarfi suka ce, “Gaskiya ka faɗa, dole mu yi yadda ka ce,
১২গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক’লে, “আপুনি কোৱাৰ দৰেই আমি কৰিম।
13 Amma akwai mutane da yawa, kuma lokacin damina ne; saboda haka ba za mu iya tsayawa a waje ba. Ban da haka ma, aikin nan ba na kwana ɗaya ko biyu ba ne, domin ba ƙaramin laifi muka yi ba.
১৩যদিও তাত অনেক লোক আছিল, আৰু বাৰিষা কাল আছিল। বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়, আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ।
14 Bari shugabanninmu su yi wani abu a madadin mutane duka, sa’an nan sai duk wanda ya san ya auri baƙuwar mace a garuruwanmu, sai yă zo nan a lokacin da aka shirya tare da dattawa da alƙalan kowane gari, har sai Allah ya huce fushinsa mai zafi da yake kanmu.”
১৪সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
15 Yonatan ɗan Asahel, da Yazehiya ɗan Tikba su ne kaɗai ba su yarda da wannan shirin ba, sai Meshullam da Shabbetai Balawe kuma suka goyi bayansu.
১৫এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।
16 Sai waɗanda suka dawo daga bauta suka yi yadda aka zartar. Ezra firist ya zaɓi mutane waɗanda su ne shugabannin iyalai, ɗaya daga kowane sashe, aka rubuta sunan kowannensu. A ranar ɗaya ga watan goma kuwa suka zauna don su yi binciken waɗannan abubuwa.
১৬সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
17 A rana ta farko ga watan farko, suka gama da bincike duk waɗanda suka auri baƙin mata.
১৭প্ৰথম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে।
18 A cikin zuriyar firistoci, ga waɗanda suka auri mata baƙi. Daga zuriyar Yeshuwa ɗan Yozadak da’yan’uwansa, akwai Ma’asehiya, da Eliyezer, da Yarib, da Gedaliya.
১৮পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
19 (Su ne suka miƙa hannuwansu suka nuna sun yarda su kori matansu baƙi, kowannensu kuma ya ba da rago daga cikin garkensa don a miƙa hadaya don zunubi.)
১৯সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।
20 Daga zuriyar Immer, akwai Hanani da Zebadiya.
২০ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানী আৰু জবদিয়া।
21 Daga zuriyar Harim, akwai Ma’asehiya, Iliya, Shemahiya, Yehiyel da Uzziya.
২১হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।
22 Daga zuriyar Fashhur, akwai Eliyohenai, Ma’asehiya, Ishmayel, Netanel, Yozabad da Eleyasa.
২২পচহুৰৰ বংশধৰসকলৰ মাজত ইলীয়োঐনয়, মাচেয়া, ইশ্মায়েল, নথনেল, যোজাবদ, আৰু ইলিয়াচা।
23 Cikin Lawiyawa, akwai Yozabad, Shimeyi, Kelaya (wato, Kelita), Fetahahiya, Yahuda, Eliyezer.
২৩লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।
24 Daga mawaƙa, akwai Eliyashib. Daga masu tsaron ƙofofin haikali, akwai Shallum, Telem da Uri.
২৪গায়ক সকলৰ মাজত ইলীয়াচিব। দুৱৰীসকলৰ মাজত চল্লুম, টেলম আৰু উৰী।
25 Ga sunayen sauran mutanen Isra’ilan da suke da wannan laifi. Daga zuriyar Farosh, akwai Ramiya, da Izziya, Malkiya, Miyamin, Eleyazar, Malkiya da Benahiya.
২৫ইস্ৰায়েলৰ অৱশিষ্ট লোক পৰিয়োচৰ বংশধৰসকলৰ মাজত ৰমিয়া, যিজ্জিয়া, মল্কিয়া, মিয়ামীন, ইলিয়াজৰ, মাল্কিয়া আৰু বনায়া।
26 Daga zuriyar Elam, akwai Mattaniya, Zakariya, Yehiyel, Abdi, Yeremot, da Iliya.
২৬এলমৰ বংশধৰসকলৰ মাজত মত্তনীয়া, জখৰিয়া, যিহীয়েল, অব্দী, যিৰেমোৎ, আৰু এলিয়া।
27 Daga iyalin Zattu, akwai Eliyohenai, Eliyashib, Mattaniya Yeremot da Zabad da Aziza.
২৭জত্তুৰ বংশধৰসকলৰ মাজত ইলিয়োঐনয়, ইলীয়াচিব, মত্তনীয়া, যিৰেমোৎ, জাবদ, আৰু অজীজা।
28 Daga zuriyar Bebai, akwai Yehohanan, Hananiya, Zabbai, da Atlai.
২৮বেবয়ৰ বংশধৰসকলৰ মাজত যিহোহানন, হননিয়া, জব্বয়, আৰু অথলয়।
29 Daga zuriyar Bani, akwai Meshullam, Malluk, Adahiya, Yashub, Sheyal, da Ramot.
২৯বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।
30 Daga zuriyar Fahat-Mowab, akwai Adna, Kelal, Benahiya, Ma’asehiya, Mattaniya, Bezalel, Binnuyi, da Manasse.
৩০পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।
31 Daga zuriyar Harim, akwai Eliyezer, Isshiya, Malkiya, Shemahiya, Simeyon,
৩১হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,
32 Benyamin, Malluk da Shemariya.
৩২বিন্যামীন, মল্লূক, আৰু চমৰিয়া।
33 Daga zuriyar Hashum, akwai Mattenai, da Mattatta, Zabad, Elifelet, Irmai, Manasse, da Shimeyi.
৩৩হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।
34 Daga zuriyar Bani, akwai Ma’adai, Amram, Yuwel,
৩৪বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্রম, ঊৱেল,
35 Benahiya, Bedeya, Keluhi,
৩৫বনায়া, বেদিয়া, কলূহী,
36 Baniya, Meremot, Eliyashib,
৩৬বনিয়া, মৰেমোৎ, ইলীয়াচিব,
37 Mattaniya, Mattenai da Ya’asu.
৩৭মত্তনীয়া, মত্তনয়, যাচু,
38 Daga zuriyar Binnuyi, akwai Shimeyi,
৩৮বাণী, বিন্নূই, চিমিয়ী,
39 Shelemiya, Natan, Adahiya,
৩৯চেলেমিয়া, নাথন, অদায়া,
40 Maknadebai, Shashai, Sharai,
৪০মকনদবয়, চাচয়, চাৰয়,
41 Azarel, Shelemiya, da Shemariya,
৪১অজৰেল, চেলেমিয়া, চমৰিয়া,
42 Shallum da Amariya da Yusuf.
৪২চল্লুম, অমৰিয়া, যোচেফ,
43 Daga zuriyar Nebo, akwai Yehiyel, Mattitiya, Zabad, Zebina, Yaddai, Yowel da Benahiya.
৪৩আৰু নবোৰ বংশধৰসকলৰ মাজত যিয়ীয়েল, মিত্তিথিয়া, জাবদ, জবীনা, ইদ্দো, যোৱেল, আৰু বনায়া।
44 Dukan waɗannan sun auri baƙin mata, waɗansunsu suna da’ya’ya.
৪৪এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।

< Ezra 10 >