< Ezekiyel 36 >
1 “Ɗan mutum, ka yi annabci wa duwatsun Isra’ila ka ce, ‘Ya duwatsun Isra’ila, ku ji maganar Ubangiji.
১এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!
2 Ga abin da Ubangiji Mai Iko Duka yana cewa abokin gāba yana magana game da ku cewa, “Yauwa! Tsofaffin tuddai sun zama mallakarmu yanzu.”’
২প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।”
3 Saboda haka ka yi annabci ka ce, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa domin sun lalace ku suka kuma maishe ku kufai marar amfani a kowane gefe saboda ku zama mallakar sauran al’ummai da kuma abin magana da tsegumi ga mutane,
৩এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় থ’লো।
4 saboda haka, ya duwatsun Isra’ila, ku ji maganar Ubangiji Mai Iko Duka, ga abin da Ubangiji Mai Iko Duka yana faɗa wa duwatsu da tuddai, wa kwazazzabai da kwaruruka, wa kufai da garuruwan da suka zama kango waɗanda aka washe aka wulaƙanta suka zama ganimar sauran al’ummai da suke kewaye da ku,
৪এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে -
5 ga abin da Ubangiji Mai Iko Duka yana cewa cikin kishina mai ƙuna na yi magana gāba da sauran al’ummai, da kuma gāba da Edom, gama da farin ciki da reni a zukatansu suka mai da ƙasata mallakarsu don su washe wuraren kiwonta.’
৫সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
6 Saboda haka ka yi annabci game da ƙasar Isra’ila ka kuma ce wa duwatsu da tuddai, wa kwazazzabai da kwaruruka, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa ga shi, na yi magana da kishina da hasalata saboda sun sha zargi wurin al’ummai.
৬এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।
7 Ga abin da Ubangiji Mai Iko Duka yana cewa na ɗaga hannuna sama na rantse cewa al’ummai da suke kewaye da ku za su sha ba’a.
৭এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
8 “‘Amma ku, ya duwatsun Isra’ila, za ku miƙa rassanku ku ba da amfani ga mutanena Isra’ila, gama ba da daɗewa ba za su komo gida.
৮কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে।
9 Na damu da ku kuma zan dube ku da tausayi; za ku nome ku kuma shuka,
৯কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
10 zan kuma riɓaɓɓanya mutane a kanku, dukan gidan Isra’ila ke nan. Za a zauna a birane a kuma sāke gina rusassun wurare.
১০আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
11 Zan sa mutane da dabbobi su yi yawa a kanku, za su kuma ba da’ya’ya su kuma yi yawa. Zan zaunar da mutane a kanku kamar dā zan kuma sa ku wadaita fiye da dā. Sa’an nan za ku san cewa ni ne Ubangiji.
১১আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
12 Zan sa mutanena Isra’ila su yi tafiya a kanku. Za su mallake ku, za ku kuma zama gādonsu; ba za ku ƙara sa su rasa’ya’yansu ba.
১২এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।
13 “‘Ga abin da Ubangiji Mai Iko Duka yana cewa domin mutane suna magana game da ku cewa, “Kun cinye mutane kuka kuma sa al’ummarku ta rasa’ya’yanta,”
১৩প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়;
14 saboda haka ba za ku ƙara cinye mutane ko ku sa al’ummarku ta rasa’ya’ya ba, in ji Ubangiji Mai Iko Duka.
১৪এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা।
15 Ba zan ƙara bari ku ji maganar banza ta al’ummai ba, ba kuwa za ku ƙara shan ba’ar mutane ko in sa al’ummarku ta fāɗi ba, in ji Ubangiji Mai Iko Duka.’”
১৫আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।
16 Maganar Ubangiji ta sāke zuwa mini cewa,
১৬তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
17 “Ɗan mutum, sa’ad da mutanen Isra’ila suke zama a ƙasarsu, sun ƙazantar da ita ta wurin halinsu da kuma ayyukansu. Halinsu ya yi kamar rashin tsarkin mace a lokacin al’adarta a gabana.
১৭“হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল।
18 Saboda haka na husata da su domin sun yi kisankai a ƙasar kuma domin sun ƙazantar da ita da gumakansu.
১৮এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।
19 Na warwatsa su cikin al’ummai, suka kuwa warwatsu cikin dukan ƙasashe; na hukunta su gwargwadon halinsu da ayyukansu.
১৯আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।
20 Kuma ko’ina da suka tafi a cikin al’ummai sun ɓata sunana mai tsarki, gama an yi magana a kansu cewa, ‘Waɗannan mutanen Ubangiji ne, duk da haka dole su bar ƙasarsa.’
২০তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
21 Na damu saboda sunana mai tsarki, wanda gidan Isra’ila ya ɓata a cikin al’ummai inda suka tafi.
২১কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।
22 “Saboda haka ka faɗa musu cewa, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa ba dominku ba ne, ya gidan Isra’ila da nake yin waɗannan abubuwa, amma saboda sunana ne mai tsarki, wanda kuka ɓata a cikin al’ummai inda kuka tafi.
২২এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।
23 Zan nuna tsarkin girman sunana, wanda aka ɓata a cikin al’umma, sunana da kuka ɓata a cikinsu. Sa’an nan al’ummai za su san cewa ni ne Ubangiji, in ji Ubangiji Mai Iko Duka, sa’ad da na nuna kaina mai tsarki ta wurinku a idanunsu.
২৩আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।
24 “‘Gama zan fitar da ku daga al’ummai; zan tattara ku daga dukan ƙasashe in komo da ku zuwa ƙasarku.
২৪কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম।
25 Zan yayyafa muku ruwa mai tsabta, zan kuwa tsarkake ku daga dukan ƙazantarku daga kuma dukan gumakanku.
২৫তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
26 Zan ba ku sabuwa zuciya in kuma sa sabon ruhu a cikinku; zan fid da zuciyar dutse in kuma ba ku zuciyar nama.
২৬মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।
27 Zan kuma sa Ruhuna a cikinku in kuma motsa ku ku bi ƙa’idodina ku kuma kiyaye dokokina.
২৭আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।
28 Za ku zauna a ƙasar da na ba wa kakanninku; za ku zama mutanena, ni kuwa zan zama Allahnku.
২৮আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
29 Zan cece ku daga dukan rashin tsabtarku. Zan sa hatsi ya yi yalwa ba zan kawo yunwa a kanku ba.
২৯মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।
30 Zan ƙara’ya’yan itatuwa da amfanin gona, saboda kada ku ƙara shan kunya a cikin al’ummai saboda yunwa.
৩০তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।
31 Sa’an nan za ku tuna mugayen hanyoyinku da mugayen ayyukanku, za ku kuwa ji ƙyamar kanku saboda zunubanku da kuma ayyukanku na banƙyama.
৩১তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
32 Ina so ku san cewa ba na yi wannan saboda ku, in ji Ubangiji Mai Iko Duka. Ku ji kunya ku kuma giggita saboda halinku, ya gidan Isra’ila!
৩২প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’
33 “‘Ga abin da Ubangiji Mai Iko Duka yana cewa a ranar da na tsarkake ku daga dukan zunubanku, zan sāke zaunar da ku a garuruwanku, a kuma sāke gina kufai.
৩৩প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।
34 Ƙasar da take kango a dā za ku nome ta a maimakon zama kango a idon dukan masu ratsawa a cikinta.
৩৪আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।
35 Za su ce, “Wannan ƙasar da take kango a dā ta zama kamar lambu Eden; biranen da dā suke kufai, kango da kuma aka lalata, yanzu suna da katanga ana kuma zama a ciki.”
৩৫আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”
36 Sa’an nan al’ummai kewaye da ku da suka rage za su san cewa Ni Ubangiji na sāke gina abin da aka lalace na kuma sāke shuka abin da yake kango. Ni Ubangiji na faɗa, kuma zan aikata.’
৩৬তেতিয়া মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।’
37 “Ga abin da Ubangiji Mai Iko Duka yana cewa har yanzu zan ji roƙon gidan Isra’ila in kuma yi musu wannan. Zan sa mutanensu su yi yawa kamar tumaki,
৩৭প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
38 yawansu ya yi kamar garken tumaki don hadaya a Urushalima a ƙayyadaddun lokuta bukukkuwarta. Haka biranen da suke kufai za su cika da ɗumbun mutane. Sa’an nan za su san cewa ni ne Ubangiji.”
৩৮পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”