< Ezekiyel 23 >

1 Maganar Ubangiji ta zo mini cewa,
যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Ɗan mutum, an yi mata biyu,’yan matan mahaifiya guda.
“হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক।
3 Suka zama karuwai a Masar, suka yi karuwanci tun daga ƙuruciyarsu. A wancan ƙasar an rungumi mamansu da ƙirjinsu na budurwanci.
তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
4 Sunan babbar Ohola, ƙanuwarta kuwa Oholiba. Sun zama nawa suka kuma haifi’ya’ya maza da mata. Ohola ita ce Samariya, Oholiba kuwa ita ce Urushalima.
তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম।
5 “Ohola ta shiga karuwanci yayinda take zamana; ta kuwa yi ta kai da kawowa da kwartayenta, Assuriyawa, mayaƙa
কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী,
6 waɗanda suke saye da shunayya, gwamnoni da manyan sojoji, dukansu samari ne masu bansha’awa, suna bisa kan dawakai.
নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল!
7 Ta ba da kanta ga duk waɗanda suke masu ilimin Assuriya ta kuma ƙazantar da kanta da dukan gumaka na kowa da take kai da kawowa a cikinsu.
সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।
8 Ba ta bar karuwancin da ta fara a Masar ba, sa’ad da take budurwa maza sun kwana da ita, suka rungumi ƙirjinta suka kuma biya kwaɗayinsu a kanta.
কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল।
9 “Saboda haka na bashe ta ga kwartayenta, Assuriyawa, waɗanda ta yi ta kai da kawowa a cikinsu.
এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ!
10 Suka tuɓe ta tsirara, suka kwashe’ya’yanta maza da mata suka kuma kashe ta da takobi. Ta kuwa zama abin karin magana a cikin mata, aka kuma yi mata hukunci.
১০তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে।
11 “Ƙanuwarta Oholiba kuwa ta ga wannan, duk da haka cikin kai da kawowarta da karuwancinta ta fi’yar’uwar lalacewa.
১১তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল!
12 Ita ma ta yi ta kai da kawowa cikin Assuriyawa, gwamnoni da manyan sojoji; mayaƙa masu saye da kayan yaƙi, suna bisa dawakai, dukansu samari ne masu bansha’awa.
১২অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল।
13 Na ga cewa ita ma ta ƙazantar da kanta; dukansu biyu sun bi hanya guda.
১৩আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে।
14 “Amma karuwancinta ya zarce. Ta ga an zāna mutane a kan bango, siffofin sojojin Kaldiyawa suna cikin jajjayen riguna,
১৪তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে,
15 da ɗamara a gindinsu da rawuna a kansu suna kaɗawa falfal; dukansu sun yi kamar jarumawan kekunan yaƙin Babiloniyawa’yan Kaldiya.
১৫তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়।
16 Nan da nan da ta gan su, sai ta yi sha’awarsu ta aika da’yan aika zuwa wurinsu a Kaldiya.
১৬যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে।
17 Sai Babiloniyawan suka zo wurinta, zuwa gadon soyayya, cikin kai da kawowarsu suka ƙazantar da ita. Bayan sun ƙazantar da ita, sai ta ji ƙyamarsu, ta rabu da su.
১৭তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল।
18 Sa’ad da ta ci gaba da yin karuwancinta a fili ta kuma nuna tsiraicinta, sai na ji ƙyamarta, na rabu da ita, kamar dai yadda na rabu da’yar’uwarta.
১৮এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল!
19 Duk da haka sai ta yi ta ƙara fasikanci tana tuna da kwanakin budurcinta, sa’ad da take karuwa a Masar.
১৯তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল!
20 A can ta yi ta kai da kawowa da kwartayenta, waɗanda al’auransu kamar na jakuna ne waɗanda maniyyinsu kuwa kamar na dawakai ne.
২০সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য।
21 Haka kika yi ta lalacin budurcinki, sa’ad da a Masar aka rungumi ƙirjinta aka tattaɓa nononta.
২১তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ!
22 “Saboda haka, Oholiba, ga abin da Ubangiji Mai Iko Duka yana cewa zan zuga kwartayenki su yi gāba da ke, su waɗanda kika ji ƙyamarsu, zan kuma kawo su su yi gāba da ke daga kowane gefe,
২২এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম!
23 Babiloniyawa da dukan Kaldiyawa, mutanen Fekod da Showa da Kowa, da dukan Assuriyawa, samari masu bansha’awa, dukan gwamnoni da manyan sojoji, hafsoshin keken yaƙin da mutane masu manyan matsayi, dukansu a bisa dawakai.
২৩বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী।
24 Za su yi gāba da ke da kayan yaƙi, kekunan yaƙi da kekunan doki da mutane masu yawa; za su ja dāgā a kanki a kowane gefe da garkuwoyi manya da ƙanana da kuma hulunan kwano. Zan miƙa ke gare su don hukunci, za su kuma hukunta ki bisa ga shari’arsu.
২৪তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব!
25 Zan nuna fushin kishina a kanki, za su kuwa wulaƙanta ki da fushi. Za su yanke hancinki da kunnuwanki, waɗanda suka rage miki kuma za a kashe su da takobi. Za su kama’ya’yanki maza da mata, waɗanda suka rage miki kuwa za a ƙone su da wuta.
২৫আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব।
26 Za su tuɓe tufafinki su kuma kwashe kayan adonki masu kyau.
২৬তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
27 Ta haka zan tsai da marmari da kuma karuwancin da kika fara a Masar. Ba za ki dubi waɗannan abubuwa da marmari ko ki ƙara tuna da Masar ba.
২৭এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’
28 “Gama ga abin da Ubangiji Mai Iko Duka yana cewa ina shirin miƙa ki ga waɗanda suke ƙinki, ga waɗanda kika ji ƙyamarsu kika rabu da su.
২৮কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম।
29 Za su hukunta ki da ƙiyayya su kuma kwashe kome da kika yi wahalarsa. Za su bar ki tsirara tik, kunyan karuwancinki kuma zai tonu. Marmarinki da fasikancinki
২৯তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব!
30 sun jawo miki wannan, domin ki yi ta kai da kawowa cikin ƙasashe kina ƙazantar da kanki da gumakansu.
৩০তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব।
31 Kin bi hanyar’yar’uwarki; saboda haka zan sa kwaf nata a hannunki.
৩১তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’
32 “Ga abin da Ubangiji Mai Iko Duka yana cewa, “Za ki sha kwaf na’yar’uwarki, kwaf wanda yake da girma da kuma zurfi; zai jawo dariya da kuma reni gama yana ɗauke da abubuwa da yawa.
৩২প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে!
33 Za ki cika da buguwa da baƙin ciki, kwaf lalaci da kaɗaici, kwaf na’yar’uwarki Samariya.
৩৩তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা; সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ!
34 Za ki sha shi ki kuma lashe shi ƙaf; za ki buga shi da ƙasa ya yi rugu-rugu ki tsattsage nononki. Ni Ubangiji Mai Iko Duka na faɗa.
৩৪তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!।
35 “Saboda haka ga abin da Ubangiji Mai Iko Duka yana cewa da yake kin manta da ni kika tura ni bayanki, dole ki sha sakamakon marmarinki da karuwancinki.”
৩৫এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।”
36 Ubangiji ya ce mini, “Ɗan mutum, za ka shari’anta Ohola da Oholiba? To, sai ka kalubalance su da ayyukansu masu banƙyama,
৩৬যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা।
37 gama sun yi zina kuma jinin yana a hannuwansu. Sun yi zina da gumakansu; har suka miƙa’ya’yansu da suka haifa mini, su zama musu abinci.
৩৭কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে!
38 Sun kuma yi mini wannan. A lokaci guda sun ƙazantar da wuri mai tsarkina suka ɓata Asabbataina.
৩৮তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে।
39 A ranar da suka miƙa’ya’yansu ga gumakansu, sai suka shiga wuri mai tsarkina suka kuma ƙazantar da shi. Abin da suka yi a gidana ke nan.
৩৯কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে!
40 “Sun ma aiki manzanni wa mutanen da suka zo daga nesa, kuma da suka iso kun yi wanka dominsu, kuka yi shafe-shafen idanunku, kuka kuma sa kayan adonku.
৪০তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা।
41 Kuka zauna a gado mai daraja, da tebur a shirye a gabanku wanda kun ajiye turare da maina.
৪১আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা।
42 “Surutun taron mutane marasa kula suna kewaye da ita; aka kawo Sabenawa daga hamada tare da mutane daga mashaya, suka sa mundaye a hannuwan macen da kuma’yar’uwarta suka kuma sa rawani masu kyau a kawunansu.
৪২আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে।
43 Sai na yi magana a kan wadda ta ƙare ƙarfi ta wurin karuwanci na ce, ‘Yanzu bari su yi amfani da ita kamar karuwa, gama abin da take ke nan.’
৪৩তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’
44 Suka kuwa kwana da ita. Kamar yadda maza suke kwana ta karuwa, haka suka kwana da waɗannan lalatattun mata, Ohola da Oholiba.
৪৪পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে!
45 Amma masu adalci za su hukunta su irin da akan yi wa matan da suka yi zina suka kuma yi kisa, domin su mazinata ne kuma jini yana a hannuwansu.
৪৫কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে।
46 “Ga abin da Ubangiji Mai Iko Duka yana cewa kawo taron mutane a kansu a kuma miƙa su don a firgitar da su a kuma washe su.
৪৬সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম;
47 Taron mutanen za su jajjefe su, su kuma sassare su da takuba; za su kashe’ya’yansu maza da mata su kuma ƙone gidajensu.
৪৭তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব।
48 “Ta haka zan kawo ƙarshe ga lalaci a ƙasar, don dukan mata su ji gargaɗi kada kuma su kwaikwaye ku
৪৮এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব।
49 Za ku sha hukuncin lalacinku ku kuma ɗauki hakkin zunuban bautar gumaka. Sa’an nan za ku san cewa Ni ne Ubangiji Mai Iko Duka.”
৪৯তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।

< Ezekiyel 23 >