< Ezekiyel 20 >

1 A shekara ta bakwai, a wata na biyar a rana ta goma, waɗansu dattawan Isra’ila suka zo don su nemi nufin Ubangiji, suka kuwa zauna a ƙasa a gabana.
আমাৰ নিৰ্বাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইস্ৰায়েলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে যিহোৱাক সুধিবলৈ আহি মোৰ আগত বহিল।
2 Sai maganar Ubangiji ta zo mini cewa,
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
3 “Ɗan mutum, ka yi magana da dattawan Isra’ila ka ce musu, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa kun zo ne ku nemi shawarata? Muddin ina raye, ba zan bari ku nemi shawarata ba, in ji Ubangiji Mai Iko Duka.’
“হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মোক সুধিবলৈ আহিছা নে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ’!” এইদৰে প্ৰভু যিহোৱাই কৈছে।
4 “Za ka hukunta su? Za ka hukunta su, ɗan mutum? To, sai ka kalubalance su da ayyukan banƙyamar kakanninsu
“হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা!
5 ka ce musu, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa a ranar da na zaɓi Isra’ila, na ɗaga hannuna, na rantse wa zuriyar gidan Yaƙub na kuma bayyana kaina gare su a Masar da hannun da na ɗaga na ce musu, “Ni ne Ubangiji Allahnku.”
তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “মই যিদিনা ইস্ৰায়েলক মনোনীত কৰিছিলোঁ আৰু যাকোবৰ বংশৰ সন্তান সকলৰ পক্ষে হাত দাঙি শপত গ্রহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিচৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ। মই কৈছিলোঁ ‘ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’ -
6 A ranar na yi musu rantsuwa cewa zan fitar da su daga Masar zuwa ƙasar da na samo musu, ƙasa mai zub da madara da zuma, ƙasa mafi kyau cikin dukan ƙasashe.
সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
7 Na kuma ce musu, “Kowannenku ya zubar da mugayen siffofin da kuka kafa idanunku a kai, kuma kada ku ƙazantar da kanku da gumakan Masar. Ni ne Ubangiji Allahnku.”
মই তেওঁলোকক কৈছিলোঁ, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
8 “‘Amma sai suka yi tawaye a kaina ba su kuwa saurare ni ba; ba su zubar da mugayen siffofin da suka kafa idanunsu a kai ba, balle su ƙi gumakan Masar. Saboda haka zan zubo hasalata a kansu in kuma aukar musu da fushina a Masar.
কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
9 Amma saboda sunana na yi abin da zai kiyaye shi daga ƙazantuwa a idanun al’umman da suka zauna a ciki da kuma a idanun al’ummai da na bayyana kaina ga Isra’ilawa ta wurin fitar da su daga Masar.
কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য কৰিলোঁ।
10 Saboda haka na fisshe su daga Masar na kawo su cikin hamada.
১০মই তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ।
11 Na ba su ƙa’idodina na kuma sanar musu da dokokina, gama mutumin da ya yi biyayya da su zai rayu ta wurinsu.
১১তেতিয়া যি বিধি ও শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন-প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ।
12 Na kuma ba su Asabbataina kamar alama tsakaninmu, domin su san cewa Ni Ubangiji ne yake tsarkake su.
১২ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
13 “‘Duk da haka mutanen Isra’ila suka yi mini tawaye a cikin hamada. Ba su bi ƙa’idodina ba amma suka ki dokokina, ko da yake mutumin da ya yi biyayya da su zai rayu ta wurinsu, suka ɓata Asabbataina ƙwarai. Saboda haka na ce zan zuba hasalata a kansu in kuma hallaka su a hamada.
১৩কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
14 Amma saboda sunana na yi abin da zai kiyaye shi daga ƙazantuwa a idanun al’umman da a idonsu na fisshe su.
১৪কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ।
15 Na kuma ɗaga hannu na rantse musu a hamada cewa ba zan kawo su ƙasar da na ba su ba, ƙasa mai zub da madara da zuma, ƙasa mafi kyau cikin dukan ƙasashe,
১৫ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।
16 domin sun ƙi dokokina ba su kuwa bi ƙa’idodina ba suka kuma ƙazantar da Asabbataina. Gama zukatansu sun fi so su bauta wa gumakansu.
১৬কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
17 Duk da haka na dube su ta tausayi ba zan hallaka su ko in kawo ƙarshensu a hamada ba.
১৭তথাপি মই তেওঁলোকলৈ কৃপাদৃষ্টি কৰি তেওঁলোকক বিনষ্ট নকৰিলোঁ আৰু অৰণ্যত তেওঁলোকক নিঃশেষে সংহাৰ নকৰিলোঁ।
18 Na faɗa wa’ya’yansu a hamada, “Kada ku bi farillai kakanninku ko ku kiyaye dokokinsu ko ku ƙazantar da kanku da gumakansu.
১৮আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক কলোঁ, ‘তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন-প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্রতিমাবোৰেৰে তোমালোকে নিজক অশুচি নকৰিবা।
19 Ni ne Ubangiji Allahnku; ku bi ƙa’idodina ku kuma kula ku kiyaye dokokina.
১৯ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা! মোৰ বিধিমতে চলা, মোৰ শাসন-প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য কৰা!
20 Ku kiyaye Asabbataina da tsarki, don su zama alama tsakaninmu. Ta haka za ku san cewa ni ne Ubangiji Allahnku.”
২০আৰু তোমালোকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰা; তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ’ব।
21 “‘Amma’ya’yan suka yi mini tawaye. Ba su bi ƙa’idodina ba, ba su kula su kiyaye dokokina ba, ko da yake mutumin da ya kiyaye su zai rayu ta wurinsu, suka kuma ƙazantar da Asabbataina. Saboda haka na ce zan zuba hasalata a kansu in kuma aukar musu da fushina a hamada.
২১তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
22 Amma na janye hannuna, kuma saboda sunana na yi abin da zai kiyaye shi daga ƙazantuwa a idanun al’umman da a idonsu na fisshe su.
২২তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ।
23 Na kuma ɗaga hannu na rantse musu cewa zan watsar da su cikin al’ummai in kuma warwatsa su cikin ƙasashe,
২৩ইয়াৰ উপৰিও, জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ।
24 domin ba su kiyaye dokokina ba amma suka ƙi ƙa’idodina suka kuma ƙazantar da Asabbataina, idanunsu suka yi sha’awar gumakan kakanninsu.
২৪কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্রতিমাবোৰত আসক্ত থাকিল।
25 Na kuma ba da su ga farillan da ba su da kyau da dokokin da ba za su rayu ta wurinsu ba;
২৫ইয়াৰ উপৰিও, যি বিধি ভাল নহয় আৰু যি শাসন-প্ৰণালীৰ দ্বাৰাই তেওঁলোকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন-প্ৰণালী মই তেওঁলোকক দিলোঁ।
26 na bari suka ƙazantu ta wurin kyautai, hadayar kowane ɗan fari don in cika su da abin tsoro domin su san cewa ni ne Ubangiji.’
২৬মই যে যিহোৱা, ইয়াক যেন তেওঁলোকে জানিব, এই কাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ, প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোঁৱাৰ দ্বাৰাই, তেওঁলোকক, তেওঁলোকৰ উপহাৰেৰে অশুচি কৰিলোঁ।
27 “Saboda haka, ɗan mutum, ka yi magana da mutanen Isra’ila ka faɗa musu cewa, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa a wannan kuma kakanninku suka saɓe ni ta wurin yashe ni.
২৭এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে;
28 Sa’ad da na kawo su cikin ƙasar da na rantse zan ba su suka kuma ga tudu mai tsawo ko itace mai ganye, a can suka miƙa hadayunsu, suka yi sadakokin da suka tsokane ni na yi fushi, suka miƙa turaren ƙanshinsu suka kuma zuba sadakokinsu na sha.
২৮কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
29 Sai na ce musu, Wane ɗakin tsafi kuke tafiya?’” (Ana ce da shi Bama har wa yau.)
২৯তেতিয়া মই তেওঁলোকক কলোঁ, ‘যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” নামেৰে প্ৰসিদ্ধ”।’
30 “Domin haka ka faɗa wa gidan Isra’ila, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa za ku ƙazantar da kanku yadda kakanninku suka yi ne ku yi sha’awar mugayen siffofinsu?
৩০এই হেতুকে তুমি ইস্ৰায়েল-বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অশুচি কৰা নাই নে? আৰু তেওঁলোকৰ ঘিণলগীয়া বস্তুৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা নাই নে?
31 Sa’ad da kuka miƙa kyautai naku, hadayar’ya’yanku maza a wuta, kuna cin gaba da ƙazantar da kanku da duka gumakanku har wa yau. Zan bari ku nemi shawarata, ya gidan Isra’ila? Muddin ina raye, in ji Ubangiji Mai Iko Duka, ba zan bari ku nemi shawarata ba.
৩১আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি, নিজৰ সন্তান সকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্রতিমাৰে সৈতে নিজকে অশুচি কৰা নাই নে? তেন্তে হে ইস্ৰায়েল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম? “‘“প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ।”’”
32 “‘Kukan ce, “Kuna so ku zama kamar sauran al’ummai, kamar sauran mutanen duniya, waɗanda suke bauta wa itace da dutse.” Amma abin da kuke tunani ba zai taɓa faruwa ba.
৩২আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’
33 Muddin ina raye, in ji Ubangiji Mai Iko Duka, zan yi mulki a kanku da hannu mai iko da kuma hannu mai ƙarfi da kuma fushi.
৩৩“প্ৰভু যিহোৱাই কৈছে”, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।
34 Zan fitar da ku daga al’ummai in tattara ku daga ƙasashe inda aka warwatsa ku, da hannu mai iko da kuma hannu mai ƙarfi da kuma fushi.
৩৪পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।
35 Zan kawo ku cikin hamadar al’ummai a can kuwa, fuska da fuska, zan hukunta ku.
৩৫মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি, তাত তোমালোকে সৈতে সন্মূখা-সন্মূখি হৈ প্ৰতিবাদ কৰিম।
36 Yadda na hukunta kakanninku a hamadar ƙasar Masar, haka zan hukunta ku, in ji Ubangiji Mai Iko Duka.
৩৬প্ৰভু যিহোৱাই কৈছে, “মিচৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম।
37 Zan lura da ku yayinda kuke wucewa ƙarƙashin sanda, zan kuma kawo ku cikin daurin alkawari.
৩৭আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
38 Zan fitar da waɗanda suke mini tayarwa da kuma’yan tawaye. Ko da yake zan fitar da su daga ƙasar da suke zama, duk da haka ba za su shiga ƙasar Isra’ila ba. Sa’an nan za ku san cewa ni ne Ubangiji.
৩৮আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
39 “‘Game da ku, ya gidan Isra’ila, ga abin da Ubangiji Mai Iko Duka yana cewa ku tafi ku bauta wa gumakanku, kowannenku! Amma daga baya tabbatacce za ku saurare ni ba kuwa za ku ƙara ɓata sunana mai tsarki da hadayunku da gumakanku ba.
৩৯হে ইস্ৰায়েল-বংশ, প্ৰভু যিহোৱাই এইদৰে কৈছে: “তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্রতিমাবোৰক সেৱা পূজা কৰাগৈ; কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱেশ্য কাণ দিবা আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্রতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা।
40 Gama a kan dutsena mai tsarki, dutse mai tsayi na Isra’ila, in ji Ubangiji Mai Iko Duka, a can a ƙasar gidan Isra’ila gaba ɗaya za su bauta mini, a can kuwa zan karɓe su. A can zan bukaci hadayunku da sadake sadakenku mafi kyau, tare da dukan tsarkakan hadayunku.
৪০কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
41 Zan karɓe ku kamar turare mai ƙanshi sa’ad da na fitar da ku daga al’ummai na kuma tattara ku daga ƙasashe inda aka warwatsa ku, zan kuma nuna kaina mai tsarki a cikinku a idon al’ummai.
৪১যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
42 Sa’an nan za ku san cewa ni ne Ubangiji sa’ad da na kawo ku cikin ƙasar Isra’ila, ƙasar da na ɗaga hannu na rantse zan ba wa kakanninku.
৪২তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
43 A can za ku tuna da halinku da kuma dukan ayyukanku waɗanda kuka ɓata kanku da su, za ku kuwa ji ƙyamar kanku saboda mugayen abubuwan da kuka aikata.
৪৩আৰু যি যি আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তোমালোকে নিজকে অশুচি কৰিলা, সেই সেই আচাৰ-ব্যৱহাৰ আৰু কাৰ্য তাত তোমালোকে মনত কৰিবা আৰু তোমালোকে কৰা সকলো কুকৰ্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘিণ কৰিবা।
44 Za ku san cewa ni ne Ubangiji, sa’ad da na yi muku haka saboda sunana ba bisa ga mugayen hanyoyinku da ayyukanku marasa kyau ba, ya gidan Isra’ila, in ji Ubangiji Mai Iko Duka.’”
৪৪আৰু প্ৰভু যিহোৱাই কৈছে, হে ইস্ৰায়েল বংশ তোমালোকৰ কু-আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।
45 Maganar Ubangiji ta zo mini cewa,
৪৫তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
46 “Ɗan mutum, ka kafa fuskarka wajen kudu; ka yi wa’azi a kan kudu ka kuma yi annabci a kan kurmin ƙasar kudu.
৪৬“হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
47 Ka faɗa wa kurmin kudanci, ‘Ji maganar Ubangiji. Ga abin da Ubangiji Mai Iko Duka yana cewa ina gab da sa maka wuta, za tă kuwa cinye dukan itatuwanki sarai, da ɗanye da busasshe. Ba za a kashe wutar da take ci ba, kuma kowace fuska a kudu zuwa arewa za tă ƙone.
৪৭আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, ‘যিহোৱাৰ বাক্য শুনা, প্ৰভু যিহোৱাই এই কথা কৈছে! চোৱা, মই তোমাৰ মাজত একুৰা জুই জ্বলাম আৰু সেই জুইয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভষ্ম কৰিব; সেই প্ৰজ্বলিত অগ্নি নুমুৱা নহ’ব আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ’ব।
48 Kowa zai san cewa Ni Ubangiji ne ya ƙuna ta; ba za a kashe ta ba.’”
৪৮তেতিয়া মই যিহোৱায়েই যে, তাক জ্বলালোঁ, সকলো মানুহে তাক জানিব; তাক নুমৱা নহ’ব।”
49 Sai na ce, “Kash, Ubangiji Mai Iko Duka! Suna zance a kaina cewa, ‘Ba misalai kawai yake yi ba?’”
৪৯তেতিয়া মই ক’লোঁ, “হায় হায়! প্ৰভু যিহোৱা, লোকে মোৰ বিষয়ে কয়, এইজনে নিগূঢ় বাক্যৰে কথা নকয় নে’?”

< Ezekiyel 20 >