< Ezekiyel 10 >

1 Na duba, sai na ga kamannin kursiyin saffaya a kan sararin da yake a bisa kawunan kerubobi.
তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
2 Sai Ubangiji ya ce wa mutumin da yake saye da lilin, “Ka shiga cikin da’irorin da suke ƙarƙashin kerubobi. Ka cika hannuwanka da garwashin wuta wanda yake tsakanin kerubobin ka kuma watsar da su a kan birnin.” Yayinda nake dubawa, sai ya shiga.
আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।
3 Kerubobin kuwa suna tsaye a gefen kudu na haikali sa’ad da mutumin ya shiga, sai girgije ya cika filin da yake can ciki.
সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল।
4 Sai ɗaukakar Ubangiji ya tashi daga bisa kerubobi ya tafi zuwa madogarar ƙofar haikali. Girgijen ya cika haikali, filin kuwa ya cika da hasken ɗaukakar Ubangiji.
তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
5 Sai aka ji ƙarar fikafikan kerubobin har a filin waje, kamar muryar Allah Maɗaukaki sa’ad da ya yi magana.
আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
6 Sa’ad da Ubangiji ya umarci mutumin da yake saye da lilin cewa, “Ka ɗibi wuta daga cikin tsakanin da’irorin, daga tsakanin kerubobin,” sai mutumin ya shiga ya tsaya kusa da da’irar.
“তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল।
7 Sa’an nan ɗaya daga cikin kerubobin ya miƙa hannu zuwa wurin wutar da take tsakaninsu. Ya ɗebo wutar daga ciki ya zuba a hannuwan mutumin da yake saye da lilin, shi kuwa ya karɓa ya fita.
তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
8 (A ƙarƙashin fikafikan kerubobin ana iya ganin abin da ya yi kamar hannuwan mutum.)
আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
9 Na duba, sai na ga kusa da kerubobin akwai da’irori huɗu, kowanne kusa da kerub guda; da’irorin suna ƙyalli kamar wani dutse mai daraja.
পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
10 Game da kamanninsu kuwa, huɗu a cikinsu sun yi kama da juna; kowanne ya yi kamar da da’ira a cikin da’ira.
১০আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে।
11 Yayinda suke tafiya, sukan tafi kowane gefe huɗun da kerubobin suka nufa; da’irorin ba sa juyawa yayinda kerubobin suke tafiya. Kerubobin suka tafi kowane gefen da kan ya nufa, ba tare da juyawa ba sa’ad da suke tafiya.
১১যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।
12 Jikunansu gaba ɗaya, har da bayansu, hannuwansu da fikafikansu, sun cika gaba ɗaya da idanu, kamar yadda suke a da’irori huɗun.
১২আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।
13 Na ji ana kiran da’irorin “da’irorin guguwa.”
১৩সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।
14 Kowane daga kerubobin yana da fuskoki huɗu. Fuska ɗaya na kerub ne, na biyun fuskar mutum ne, na ukun fuskar zaki ne, na huɗun kuwa fuskar gaggafa ce.
১৪প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।
15 Sai kerubobin suka tashi sama. Waɗannan ne halittu masu ran da na gani kusa da Kogin Kebar.
১৫পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ।
16 Sa’ad da kerubobin suka motsa, sai da’irorin da suke kusa da su su motsa; kuma sa’ad da kerubobin suka buɗe fikafikansu don su tashi daga ƙasa, da’irorin ba sa barin wurarensu.
১৬কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।
17 Sa’ad da kerubobin suka tsaya cik, su ma sukan tsaya cik; kuma sa’ad da kerubobin suka tashi, sai su ma su tashi tare da su, domin ruhun rayayyun halittun yana a cikinsu.
১৭তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
18 Sai ɗaukakar Ubangiji ya tashi daga bisa madogarar ƙofar haikali ya kuma tsaya a bisa kerubobi.
১৮পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।
19 Yayinda nake duba, kerubobin suka buɗe fikafikansu suka kuma tashi daga ƙasa, yayinda suka tafi kuwa, da’irorin suka tafi tare da su. Suka tsaya a mashigin ƙofar gabas na gidan Ubangiji, ɗaukakar Allah na Isra’ila kuwa yana a kansu.
১৯কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।
20 Waɗannan ne rayayyun halittun da na gani a ƙarƙashin Allah na Isra’ila kusa da Kogin Kebar, na kuma gane cewa su kerubobi ne.
২০তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল।
21 Kowanne yana da fuskoki huɗu da fikafikai huɗu, a ƙarƙashin kuwa akwai wani abin da ya yi kamar hannuwan mutum.
২১প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।
22 Fuskokinsu suna da kamanni ɗaya da waɗanda na gani kusa da Kogin Kebar. Kowanne ya tafi kai tsaye sosai.
২২তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।

< Ezekiyel 10 >