< Fitowa 9 >

1 Sai Ubangiji ya ce wa Musa, “Ka je wurin Fir’auna ka ce masa, ‘Ga abin da Ubangiji Allah na Ibraniyawa ya ce, “Ka bar mutanena su tafi, domin su yi mini sujada.”
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
2 In ka ƙi ka bar su su tafi, kana ta riƙonsu,
কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে,
3 hannun Ubangiji zai kawo muguwar annoba a kan dabbobinka a gona, a kan dawakanka, da jakuna da raƙuma, da kuma a kan shanunka da tumaki da awaki.
তেনেহ’লে আপোনাৰ পথাৰত থকা পশুবোৰ, যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰ-ছাগ, আৰু ছাগলী জাকবোৰৰ ওপৰত যিহোৱাই হাত দিব; আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ’ব।
4 Amma Ubangiji zai raba tsakanin dabbobin Isra’ila da na Masar, saboda kada wata dabbar Isra’ilawa ta mutu.’”
কিন্তু যিহোৱাই ইস্ৰায়েলী লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব; তেতিয়া যিবোৰ পশু ইস্ৰায়েলী লোকসকলৰ নহয় সেইবোৰ মৰিব’।”
5 Sai Ubangiji ya sa lokaci ya ce, “Gobe Ubangiji zai yi wannan a ƙasar.”
যিহোৱাই সময় নিৰূপণ কৰি ক’লে, “কাইলৈ দেশত মই এই কাৰ্য কৰিম।”
6 Kashegari Ubangiji ya yi haka. Dukan dabbobin Masarawa suka mutu, amma babu dabba guda ta Isra’ilawan da ta mutu.
পাছদিনা যিহোৱাই সেই কাৰ্য কৰিলে। মিচৰৰ আটাইবোৰ পশু মৰিল; কিন্তু ইস্ৰায়েলী লোকসকলৰ পশুবোৰৰ এটাও নমৰিল।
7 Fir’auna ya aiki mutane su bincika, sai suka tarar babu dabba guda ta Isra’ilawan da ta mutu. Duk da haka zuciyar Fir’auna ta taurare, bai kuwa bar mutanen su tafi ba.
তেতিয়া ফৰৌণে বিচাৰ কৰি দেখিলে যে, ইস্ৰায়েলী লোকসকলৰ এটাও পশু মৰা নাই। তথাপিও ফৰৌণৰ মন কঠিন হল, আৰু তেওঁ লোক সকলক যাবলৈ এৰি নিদিলে।
8 Sa’an nan Ubangiji ya ce wa Musa da Haruna, “Ɗibi tokar matoya cike da tafin hannuwanku, Musa kuwa zai watsa tokar sama a gaban Fir’auna.
তাৰ পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা ছাঁই লোৱা, কিন্তু মোচি, তুমি ফৰৌণে চাই থকা সময়ত সেই ছাঁই ওপৰ ফাললৈ ছটিয়াই দিবা।
9 Za tă zama ƙura bisa dukan ƙasar Masar, sai marurai masu zafi su fiffito bisa mutane da dabbobi a dukan ƙasar.”
তাতে, সেই ছাঁই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোহাঁ উঠিব।”
10 Sai suka ɗibi tokar matoya, suka tsaya a gaban Fir’auna, Musa ya watsa ta a iska, sai marurai masu zafi suka fiffito bisa mutane da dabbobi.
১০সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা ছাঁই লৈ, ফৰৌণৰ আগত থিয় হ’ল। মোচিয়ে সেই ছাঁই ওপৰলৈ ছটিয়াই পঠিয়ালে, আৰু সেই ছাঁইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘা আৰু ফোঁহা উঠিল।
11 Bokaye suka kāsa tsayawa a gaban Musa saboda maruran da suke bisansu da a kan dukan Masarawa.
১১শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
12 Amma Ubangiji ya taurare zuciyar Fir’auna, bai kuwa saurare Musa da Haruna ba kamar yadda Ubangiji ya riga ya ce wa Musa.
১২তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।
13 Sa’an nan Ubangiji ya ce wa Musa, “Tashi da sassafe, ka sadu da Fir’auna, ka ce masa, ‘Ga abin da Ubangiji, Allah na Ibraniyawa ya ce, Ka bar mutanena su tafi don su yi mini sujada,
১৩তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক।
14 ko kuwa a wannan lokaci zan aika da cikakkiyar annoba mai ƙarfi a kanka da a kan fadawanka da mutanenka, domin ka san cewa ba kama da ni a dukan duniya.
১৪কিয়নো গোটেই পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক আপুনি জানিবৰ বাবে, মই এইবাৰ তোমাৰ, তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম।”
15 Gama da ni kaina na miƙa hannuna na buge ka da jama’arka da annoba, ai, da an hallaka ku a duniya ƙaƙaf.
১৫মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি, তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীৰে প্ৰহাৰ কৰা হ’লে, তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হ’লাহেঁতেন।
16 Amma na bar ka ka rayu domin in nuna maka ikona, domin kuma sunana yă zama abin darajantawa a dukan duniya.
১৬অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেই কাৰণে মই তোমাক জীয়াই থাকিব দিছোঁ।
17 Har yanzu kana gāba da mutanena, ba ka kuma bar su su tafi ba.
১৭এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
18 Saboda haka, gobe war haka, zan sa a yi ƙanƙara mai tsananin gaske, irin wadda Masar ba tă taɓa gani ba tun kahuwarta, har yă zuwa yanzu.
১৮শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম।
19 Yanzu, ka ba da umarni a dawo da shanunku da kuma kome da kuke da shi wanda yake a gona zuwa gida, gama ƙanƙarar za tă kashe kowane mutum ko dabba wadda take a gona wadda ba a kawo cikin gida ba, sa’ad da ta fāɗo.’”
১৯সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে, সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত, সেইবিলাক মৰিব’।”
20 Waɗansu daga cikin dattawan Fir’auna suka cika da tsoro saboda abin da Ubangiji ya faɗa, nan da nan suka shigo da dabbobinsu da bayinsu da sauri daga gona zuwa cikin gida.
২০তেতিয়া ফৰৌণৰ যি সকল দাসে যিহোৱাৰ বাক্য বিশ্বাস কৰিছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে।
21 Amma waɗanda ba su kula da maganar Ubangiji ba, suka bar bayinsu da dabbobi a gona.
২১কিন্তু যি সকল লোকে যিহোৱাৰ বাক্য গুৰুত্বৰ ভাবে লোৱা নাছিল, তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে।
22 Sa’an nan Ubangiji ya ce wa Musa, “Miƙa hannunka sama don a yi ƙanƙara a bisa dukan Masar, a bisa mutane da dabbobi, da bisa dukan abubuwan da suke girma a gonakin Masar.”
২২তাৰ পাছত যিহোৱাই মোচিক ক’লে, “গোটেই মিচৰ দেশৰ মানুহ, পশু, আৰু পথাৰত থকা সকলো গছ-গছনিৰ ওপৰত শিলাবৃষ্টি হবলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা।”
23 Da Musa ya miƙa sandansa sama, sai Ubangiji ya aiko da tsawa da ƙanƙara, da walƙiya har ƙasa. Ta haka Ubangiji ya yi ruwan ƙanƙara a bisa ƙasar Masar;
২৩মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
24 ƙanƙara ta fāɗo, walƙiya kuma tana ta wulƙawa. Wannan ce ƙanƙara mafi munin da aka taɓa yi, a dukan ƙasar Masar, tun tarihin kahuwarta na zaman al’umma.
২৪এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ঙ্কৰ ৰূপ ল’লে। এনে শিলাবৃষ্টি মিচৰ দেশ স্থাপন হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল।
25 Ko’ina a Masar ƙanƙara ta bugi duk abin da yake a gonaki, mutane da dabbobi, ta bugi duk ganyaye da suke a gonaki, ta kuma ragargaza kowane itace.
২৫গোটেই মিচৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ-গছনি আৰু দেশৰ সকলো গছ ভাঙিলে।
26 Wuri guda kaɗai da ba a yi ruwan ƙanƙara ba, shi ne yankin Goshen, inda Isra’ilawa suke.
২৬কেৱল ইস্ৰায়েলী লোকসকল বাস কৰা গোচন দেশতহে শিলাবৃষ্টি হোৱা নাছিল।
27 Sai Fir’auna ya aika a kira Musa da Haruna. Ya ce musu, “A wannan karo na yi zunubi. Ubangiji, shi ne da gaskiya, ni da mutane mu ke da kuskure.
২৭তেতিয়া ফৰৌণে মানুহ পঠিয়াই মোচি আৰু হাৰোণক মাতি অনালে। ফৰৌণে তেওঁলোকক ক’লে, “মই এইবাৰ পাপ কৰিলোঁ। যিহোৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোক সকল হ’লে দুৰ্নীতিপৰায়ণ।
28 Ku roƙi Ubangiji, yă tsai da tsawar da ƙanƙarar. Ni kuwa na yi alkawari zan bar ku ku tafi, ba za ku ƙara tsayawa a nan ba.”
২৮মহা-গৰ্জ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে, সেয়ে তোমালোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা। মই তোমালোকক যাবলৈ দিম; তোমালোক আৰু ইয়াত থাকিব নালাগে।”
29 Musa ya amsa, “To, da kyau, da zarar na fita daga birnin, zan yi addu’a ga Ubangiji, tsawar za tă tsaya, ƙanƙarar kuma za tă daina, don ku sani cewa duniya ta Ubangiji ce.
২৯মোচিয়ে তেওঁক ক’লে, “নগৰ ত্যাগ কৰাৰ পাছতেই মই যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহোৱাৰহে হয়, এই কথা আপুনি জানিবলৈ মেঘ-গৰ্জ্জন বন্ধ হ’ব, আৰু শিলাবৃষ্টিও নহ’ব।
30 Amma na san cewa kai da fadawanka, har wa yau ba ku ji tsoron Ubangiji Allah ba tukuna.”
৩০কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
31 (Rama da sha’ir suka lalace, gama sha’ir ya riga ya nuna, rama kuwa tana fid da kai.
৩১সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল।
32 Alkama da gero kam, ba a hallaka su ba, gama lokacin nunansu bai yi ba tukuna.)
৩২কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ’ল কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য।
33 Sai Musa ya tashi daga gaban Fir’auna, ya fita daga birni. Da ya miƙa hannuwansa ta wajen Ubangiji, sai tsawa da ƙanƙara suka tsaya, kwararowar ruwa kuma ta ɗauke.
৩৩মোচিয়ে যেতিয়া ফৰৌণ আৰু তেওঁৰ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহোৱালৈ হাত মেলি প্রাৰ্থনা কৰিলে, তেতিয়া মেঘ-গৰ্জ্জন আৰু শিলাবৃষ্টি হ’বলৈ বন্ধ হ’ল।
34 Da Fir’auna ya ga cewa ruwa da ƙanƙara da tsawa sun daina, sai ya sāke yin zunubi. Shi da fadawansa, suka taurare zukatansu.
৩৪ফৰৌণে যেতিয়া বৰষুণ, শিলাবৃষ্টি, আৰু মেঘ-গৰ্জ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে।
35 Ta haka zuciyar Fir’auna ta taurare, bai kuwa bar Isra’ilawa suka tafi ba, kamar yadda Ubangiji ya riga ya faɗa ta wurin Musa.
৩৫এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।

< Fitowa 9 >