< Fitowa 40 >
1 Sa’an nan Ubangiji ya ce wa Musa,
১তাৰ পাছত যিহোৱাই মোচিক কলে,
2 “Ka kafa tabanakul, da Tentin Sujada, a kan rana ta fari ga watan fari.
২“তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা।
3 Ka sa akwatin Alkawari a cikinsa, sa’an nan ka rufe shi da labule.
৩তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা।
4 Ka shigar da teburin ka shirya kayayyakin a kansa. Sa’an nan ka shigar da wurin ajiye fitilan ka kuma sa fitilunsa.
৪মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা।
5 Ka sa bagaden zinariya na ƙona turare a gaban akwatin Alkawari, ka kuma sa labule a ƙofar shiga tabanakul.
৫ধূপ জ্বলাবৰ বাবে সোণৰ বেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা।
6 “Ka ajiye bagade na yin hadaya ta ƙonawa a gaban ƙofar tabanakul, da Tentin Sujada;
৬সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোমবেদি ৰাখিবা।
7 ka ajiye daron tsakanin Tentin Sujada da bagaden, ka kuma zuba ruwa a cikinsa.
৭সাক্ষাৎ কৰা তম্বু আৰু হোম-বেদিৰ মাজত প্ৰক্ষালন-পাত্ৰ থৈ, তাত পানী ভৰাবা।
8 Ka yi fili kewaye da shi, ka kuma sa labule a ƙofar shiga filin.
৮চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা।
9 “Ka ɗauki man shafewa ka shafe tabanakul da duka abin da yake cikinsa; ka keɓe shi da dukan kayayyakinsa, zai zama tsarkake.
৯তুমি অভিষেক কৰা তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি, তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা; তাতে সেয়ে পবিত্ৰ হ’ব।
10 Sa’an nan ka shafe bagaden hadaya ta ƙonawa da kayansa; ka keɓe bagaden, zai zama mai tsarki.
১০তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব।
11 Ka shafe daron da wurin ajiyarsa, ka kuma keɓe su.
১১তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা।
12 “Ka kawo Haruna da’ya’yansa a ƙofar Tentin Sujada ka wanke su da ruwa.
১২তুমি হাৰোণক আৰু তেওঁৰ পুত্রসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি, তেওঁলোকক পানীৰে গা ধুৱাবা।
13 Sa’an nan ka sa wa Haruna tsarkakun riguna, ka shafe shi, ka kuma keɓe shi don yă yi mini hidima a matsayin firist.
১৩হাৰোণক পবিত্ৰ বস্ত্ৰ পিন্ধাই, মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা।
14 Ka kawo’ya’yansa maza ka sa musu taguwoyi.
১৪তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা।
15 Ka shafe su yadda ka shafe mahaifinsu, don su yi mini hidima a matsayin firistoci. Shafe musu man, zai sa su zama firistoci na ɗinɗinɗin, dukan zamanansu.”
১৫তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।”
16 Musa ya aikata dukan kome yadda Ubangiji ya umarce shi.
১৬মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
17 Da haka aka kafa tabanakul, a rana ta fari ga wata na fari a shekara ta biyu.
১৭পাছে দ্বিতীয় বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ’ল।
18 Sa’ad da Musa ya kafa tabanakul, ya sa rammuka a wurinsu, ya sa katakan, ya kuma sa sandunan, ya kakkafa dogayen sandunan.
১৮যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি,
19 Sa’an nan ya shimfiɗa tentin a bisa tabanakul, ya kuma sa murfi a bisa tentin, yadda Ubangiji ya umarce shi.
১৯সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে।
20 Ya ɗauki dokokin Alkawari ya sa a cikin akwatin, ya kuma zura sandunan a zoban akwatin, sa’an nan ya sa murfin kafara a bisansa.
২০পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ,
21 Sai ya kawo akwatin a cikin tabanakul, ya kuma rataye labulen rufewa ya tsare akwatin Alkawarin, yadda Ubangiji ya umarce shi.
২১আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে।
22 Musa ya sa teburin a Tentin Sujada, a gefen arewa na tabanakul waje da labulen.
২২যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ উত্তৰফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে,
23 Ya shirya burodin a kai a gaban Ubangiji, yadda Ubangiji ya umarce shi.
২৩তাৰ ওপৰত যিহোৱাৰ সন্মুখত পিঠা সজাই থলে।
24 Ya sa wurin ajiye fitilan a Tentin Sujada ɗaura da teburin a gefen kudu na tabanakul
২৪পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে।
25 ya kuma shirya fitilun a gaban Ubangiji, yadda Ubangiji ya umarce shi.
২৫যিহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে।
26 Musa ya sa bagaden zinariya a cikin Tentin Sujada a gaban labulen
২৬পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদি ৰাখিলে।
27 ya ƙone turare mai ƙanshi a kai, yadda Ubangiji ya umarce shi.
২৭তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে।
28 Sa’an nan ya sa labule a ƙofar shiga na tabanakul.
২৮পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে,
29 Ya sa bagaden hadaya ta ƙonawa kusa da ƙofar tabanakul, Tentin Sujada, sa’an nan ya miƙa hadaya ta ƙonawa da hadaya ta gari a kansa, yadda Ubangiji ya umarce shi.
২৯আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদি ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে।
30 Ya sa daro tsakanin Tentin Sujada da bagade, ya kuma zuba ruwa a cikinsa don wanki,
৩০পাছে যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম-বেদিৰ মাজত, প্ৰক্ষালন-পাত্ৰ ৰাখি ধুবলৈ তাত পানী ভৰাই থলে।
31 a cikin kuwa Musa da Haruna da’ya’yansa maza sukan wanke hannunsa da ƙafafunsu.
৩১তাৰ পৰাই মোচি, হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধোৱে।
32 Sukan yi wanka a duk sa’ad da suka shiga Tentin Sujada, ko in suka kusaci bagade, yadda Ubangiji ya umarci Musa.
৩২যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমায়, বা বেদিৰ ওচৰলৈ আহে, তেতিয়া ধোৱে।
33 Sa’an nan Musa ya yi fili kewaye da tabanakul da kuma bagaden, ya rataye labule a ƙofar shiga filin. Da haka Musa ya gama aikin.
৩৩পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে।
34 Sa’an nan girgije ya rufe Tentin Sujada sai ɗaukakar Ubangiji ta cika tabanakul.
৩৪তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।
35 Musa bai iya shiga Tentin Sujada ba domin girgije ya riga ya sauka a kansa, ɗaukakar Ubangiji kuwa ta cika tabanakul.
৩৫মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল।
36 Cikin tafiyar Isra’ilawa duka, sukan kama tafiyarsu ne a duk sa’ad da girgijen ya tashi daga kan tabanakul.
৩৬পাছে আবাসৰ ওপৰৰ পৰা মেঘ উঠিলে, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে।
37 Idan girgijen bai tashi ba, ba za su tashi ba, sai a ranar da ya tashi.
৩৭কিন্তু আবাসৰ ওপৰৰ পৰা যদি মেঘ আঁতৰি নাযায়, তেতিয়ালৈকে তেওঁলোকে যাত্ৰা নকৰে।
38 Gama a cikin tafiyarsu duka, girgijen Ubangiji yana kan tabanakul da rana, da dare kuwa wuta yake cikinsa domin dukan Isra’ilawa su gani.
৩৮কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল।