< Fitowa 39 >
1 Daga zare mai ruwan shuɗi, da shuɗayya da kuma jan zare suka yi tsarkaken rigunan domin hidima a wuri mai tsarki. Suka kuma yi tsarkaken riguna don Haruna, yadda Ubangiji ya umarci Musa.
১তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে।
2 Suka yi efod na zinariya, da shuɗi, da shunayya, da jan zare, da kuma lallausan lilin.
২তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে।
3 Suka bubbuga zinariya ta zama falle, suka yayyanka ta zare-zare don su yi saƙa da ita, tare da zane na shuɗi, da na shunayya, da na jan zare, da na lallausan lilin, aikin gwani mai fasaha.
৩তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুনা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে।
4 Suka yi wa efod kafaɗu, sa’an nan suka haɗa su a gefenta biyu na sama, don a iya ɗaurawa.
৪তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।
5 Gwanin mai saƙa ya saƙa abin ɗamarar efod. Da irin kayan da aka saƙa efod ne aka saƙa abin ɗamarar, wato, da zinariya, da shuɗi, da shunayya, da jan zare, da zaren lallausan lilin, yadda Ubangiji ya umarci Musa.
৫এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে।
6 Suka shimfiɗa duwatsun onis, suka jera su cikin tsaiko na zinariya, suka kuma zāna sunayen’ya’yan Isra’ila a kan duwatsun kamar yadda akan yi hatimi.
৬তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।
7 Sa’an nan suka ɗaura su a ƙyallen kafaɗun efod a matsayin duwatsun tuni wa’ya’yan Isra’ila, yadda Ubangiji ya umarci Musa.
৭সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে।
8 Suka yi ƙyallen maƙalawa a ƙirji, aikin gwani. Suka yi shi kamar efod, na zinariya, da na shuɗi, da na shunayya, da na jan zare, da kuma na lallausan lilin.
৮এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে।
9 Ƙyallen maƙalawa a ƙirjin murabba’i ne, aka ninka shi biyu, tsawonsa da fāɗinsa kamu ɗaya-ɗaya ne.
৯এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।
10 Sa’an nan suka sa jeri huɗu na duwatsu masu daraja a bisansa. A jeri na farko akwai yakutu, da tofaz, da zumurrudu;
১০তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
11 a jeri na biyu akwai turkuwoyis, da saffaya, da daimon;
১১দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
12 a jeri na uku akwai yakinta, da idon mage, da ametis;
১২তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা;
13 a jeri na huɗu akwai beril, da onis, da yasfa. Aka sa su cikin tsaiko na zinariya.
১৩আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
14 Aka zāna duwatsu goma sha biyu, ɗaya don kowane sunan’ya’yan Isra’ila goma sha biyu, kamar yadda akan yi hatimi.
১৪এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰৎ খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল।
15 Sai suka yi tuƙaƙƙun sarƙoƙi na zinariya zalla a kan ƙyallen maƙalawa a ƙirji.
১৫তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
16 Suka yi tsaiko biyu na zinariya da zoban zinariya biyu, suka kuma ɗaura zoban a kusurwoyi biyu na ƙyallen maƙalawa a ƙirji.
১৬তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।
17 Suka ɗaura sarƙoƙi biyu na zinariya da kusurwoyi na ƙyallen maƙalawa a ƙirji.
১৭মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে।
18 Suka maƙala waɗancan bakin sarƙoƙin zinariya a tsaikon nan biyu, sa’an nan suka rataya su a kafaɗun efod daga gaba.
১৮মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
19 Suka yi zobai biyu na zinariya suka haɗa, suka sa su a gefe biyu na ƙyallen maƙalawa a ƙirji daga ciki kusa da efod.
১৯সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
20 Sa’an nan suka yi waɗansu ƙarin zobai biyu na zinariya, suka maƙale su daga ƙasa a gaban kafaɗu biyu na efod kusa da mahaɗin a bisa abin ɗamarar efod.
২০তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
21 Suka ɗaura zoban ƙyallen maƙalawa a ƙirjin a zoban efod da shuɗiyar igiya don ƙyallen maƙalawa a ƙirji, ya kwanta lif a bisa kan abin ɗamarar efod don kada yă kunce daga efod, sun yi yadda Ubangiji ya umarci Musa.
২১বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
22 Suka kuma saƙa taguwa ta efod da shuɗi duka, aikin gwani mai saƙa,
২২বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে।
23 an yi wa taguwar wuyan wundi a tsakiya kamar sulke, aka daje wuyan don kada yă kece.
২৩সেই চোলাত মুৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফালিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল।
24 Suka yi fasalin’ya’yan rumman da shuɗi, da shunayya, da jan zare, da lallausan lilin kewaye da gefe-gefen taguwar.
২৪তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে।
25 Suka yi ƙararrawa da zinariya zalla, suka sa su a tsakanin fasalin’ya’yan rumman kewaye da gefe-gefen taguwa.
২৫তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে।
26 Aka jera ƙararrawan da’ya’yan rumman bi da bi. Haka aka jera su kewaye da gefe-gefen taguwar aiki, yadda Ubangiji ya umarci Musa.
২৬পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা এটা ডালিম, এটা জুণুকা এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
27 Suka saƙa doguwar riga da lallausan lilin don Haruna da’ya’yansa, aikin gwani mai saƙa,
২৭তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে।
28 suka yi rawanin da lallausan lilin, da hulan lilin da rigunan ciki na lallausan lilin.
২৮মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে।
29 Suka yi abin ɗamara da lallausan lilin da shuɗi, shunayya da jan zare, aikin gwanin mai ɗinki, yadda Ubangiji ya umarci Musa.
২৯পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে।
30 Suka yi allo tsattsarka da zinariya tsantsa, suka zāna rubutu irin na hatimi a kansa haka, Mai tsarki ga Ubangiji.
৩০যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিতকৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে।
31 Sa’an nan suka ɗaura shi da shuɗiyar igiya a gaban rawanin, yadda Ubangiji ya umarci Musa.
৩১তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে।
32 Ta haka aka gama dukan aikin tabanakul da Tentin Sujada. Isra’ilawa suka yi kome yadda Ubangiji ya umarci Musa.
৩২এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
33 Sa’an nan suka kawo wa Musa tabanakul, tentin da dukan kayayyakinsa, ƙugiyoyinsa, katakansa, da sandunansa, da dogayen sandunansa da rammukansa;
৩৩তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
34 murfi na fatun rago wanda aka rina ja, da murfi na fatun shanun teku; da kuma laɓulen
৩৪ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা,
35 akwatin Alkawari da sandunansa da murfin kafara;
৩৫সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ।
36 tebur da dukan kayayyakinsa, da burodin Kasancewa;
৩৬মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা;
37 wurin ajiye fitilu na zinariya zalla, da jerin fitilunsa da dukan kayayyakinsa, da man fitila,
৩৭শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল;
38 bagade na zinariya, da man shafewa, da turare mai ƙanshi, da labulen ƙofar shiga tenti,
৩৮সোণৰ বেদি, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা।
39 bagade na tagulla na raga, da sandunansa da kayan aikinsa; da daro da wurin ajiyarsa,
৩৯পিতলৰ বেদি তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি। প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা।
40 labulen filin, sandunansa da rammukansa, labulen ƙofar shiga filin; igiyoyi da ƙarafan kafa filin; dukan kayan aikin tabanakul da Tentin Sujada;
৪০চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি।
41 da kuma saƙaƙƙun rigunan da ake sawa don hidima a wuri mai tsarki, duk da tsarkakan riguna na Haruna firist da rigunan’ya’yansa maza, sa’ad da suke hidima a matsayin firistoci.
৪১পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ।
42 Isra’ilawa suka yi dukan aikin nan yadda Ubangiji ya umarci Musa.
৪২যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে।
43 Musa ya duba aikin, sai ya ga cewa sun yi shi daidai yadda Ubangiji ya umarta. Sai Musa ya sa musu albarka.
৪৩তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।