< Fitowa 35 >

1 Musa ya tara dukan jama’ar Isra’ilawa ya ce musu, “Waɗannan su ne abubuwan da Ubangiji ya umarce ku, ku yi.
মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “আপোনালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ।
2 Kwana shida za ku yi aiki, amma rana ta bakwai za tă zama rana mai tsarki, Asabbaci ne na hutu ga Ubangiji. Duk wanda ya yi aiki a wannan rana dole a kashe shi.
ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব।
3 Kada ku hura wuta a cikin duk mazauninku a ranar Asabbaci.”
বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব।”
4 Musa ya ce wa dukan jama’ar Isra’ilawa, “Ga abin da Ubangiji ya umarta.
মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ;
5 Daga cikin abin da kuke da shi, ku ɗauki kyauta domin Ubangiji, duk wanda yana niyya, sai yă kawo wa Ubangiji kyauta ta, “zinariya, azurfa da tagulla;
যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল;
6 shuɗi, shunayya da jan zare, lallausan lilin, da gashin akuya;
নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম।
7 fatun rago da aka rina ja, da fatun shanun teku; da itacen ƙirya
ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ।
8 da man zaitun don fitila; da kayan yaji don man shafewa, da kuma turare mai ƙanshi;
প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য।
9 duwatsun onis, da sauran duwatsu masu daraja waɗanda za a mammanne a efod da ƙyallen maƙalawa a ƙirji.
এফোদ আৰু বুকুপতাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ।
10 “Duk waɗanda suke da fasaha a cikinku, su zo su yi dukan abin da Ubangiji ya umarta,
১০আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক।
11 “wato, aikin tabanakul da tentinsa tare da murfinsa, maɗauransa, katakansa, sandunansa da tussansa;
১১আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
12 akwatin alkawari da sandunansa, murfin kafara da labulen da ya rufe shi;
১২চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা।
13 tebur da sandunansa, da dukan kayansa da kuma burodin kasancewa;
১৩তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা;
14 wurin ajiye fitila da yake don fitilu da kayayyakinsa, fitilu da mai don fitila;
১৪দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল;
15 bagaden turare da sandunansa, man shafewa da turare mai ƙanshi; da labulen ƙofar shiga tabanakul;
১৫ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা।
16 bagaden hadaya ta ƙonawa da rigarsa ta tagulla da sandunansa da duk kayayyakinsa, daron tagulla da wurin ajiye shi.
১৬হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ ভিত্তি আনিব।
17 Labulen filin tenti da sandunansa da tussansa, da kuma labulen ƙofar shiga fili;
১৭তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ,
18 turakun tenti don tabanakul da kuma don filin, da igiyoyinsu;
১৮আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি।
19 saƙaƙƙun riguna na sawa don hidima cikin wuri mai tsarki da tsarkakakkun riguna na Haruna firist, da riguna don’ya’yansa maza lokacin da suke aiki a matsayin firistoci.”
১৯তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
20 Sai dukan jama’ar Isra’ilawa suka janye daga fuskar Musa,
২০তাৰ পাছত ইস্ৰায়েলৰ জাতিৰ সকলো লোক মোচিৰ আগৰ পৰা আঁতৰি গ’ল।
21 duk waɗanda suke da niyya, waɗanda kuma zukatansu suka motsa su, suka kawo kyautai wa Ubangiji, don aikin Tentin Sujada, don duk aikinsa, da don tsarkakakkun riguna.
২১যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে।
22 Duk waɗanda suke da niyya, maza da mata, gaba ɗaya, suka kawo kayan ado na zinariya na kowane iri.’Yan kunne, da ƙawane, da mundaye, da kayayyakin zinariya iri-iri. Dukansu suka miƙa zinariyarsu a matsayin hadaya ga Ubangiji.
২২পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।
23 Kowane mutumin da yake da shuɗi, shunayya ko jan zare, ko lallausan lilin, ko gashin akuya, ko fatun rago da aka rina ja, ko fatun shanun teku, suka kawo.
২৩যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে।
24 Masu miƙa kyautar azurfa, ko tagulla suka kawo su a matsayin kyautai ga Ubangiji, kuma kowane mutumin da yake da itacen ƙirya don kowane sashin aikin, ya kawo.
২৪প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
25 Kowace mace mai fasaha ta kaɗa zare da hannuwanta, ta kuma kawo abin da ta kaɗa na shuɗi, shunayya, ko jan zare, ko lallausan lilin.
২৫প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে।
26 Kuma dukan matan da suke da niyya, suke kuma da fasaha, suka kaɗa gashin akuya.
২৬সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে।
27 Shugabannin suka kawo duwatsun Onis. Da duwatsu masu daraja don a jera a kan efod da ƙyallen maƙalawa a ƙirji.
২৭মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে।
28 Suka kawo kayan yaji da man zaitun don fitila da don man shafewa da kuma don turare mai ƙanshi.
২৮তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে।
29 Dukan mazan Isra’ilawa da matan da suke da niyya suka kawo wa Ubangiji kyautai na yardar rai, domin dukan aikin da Ubangiji ya umarce su ta bakin Musa.
২৯ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে।
30 Sa’an nan ya ce wa Isra’ilawa, “Duba Ubangiji ya zaɓi Bezalel ɗan Uri, ɗan Hur, daga kabilar Yahuda,
৩০তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে।
31 ya kuma cika shi da Ruhun Allah, da fasaha, azanci da kuma sani cikin dukan sana’ar hannu,
৩১যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে।
32 don yă ƙirƙiro zāne-zāne na gwaninta waɗanda za yi da zinariya, da azurfa da kuma tagulla.
৩২তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব।
33 Haka kuma wajen sassaƙar duwatsu na jerawa, da sassaƙar itace, da kowane irin aiki na gwaninta.
৩৩পাথৰ কাটি খটাব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে।
34 Ya kuma ba Bezalel da Oholiyab ɗan Ahisamak, daga kabilar Dan, iyawa don koya wa waɗansu.
৩৪যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ।
35 Ya cika su da fasaha don yin kowane irin aikin sana’a, zāne-zāne, ɗinke-ɗinke shuɗi, shunayya da jan zare, da lallausan lilin, da kuma masu yin saƙa, sun gwaninta ƙwarai cikin kowane irin aikin hannu da kuma zāne-zāne.
৩৫যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।

< Fitowa 35 >