< Fitowa 32 >

1 Sa’ad da mutane suka ga Musa ya daɗe bai sauko daga dutse ba, sai suka taru kewaye da Haruna suka ce, “Zo, ka yi mana alloli waɗanda za su yi mana jagora. Game da wannan Musa wanda ya fitar da mu daga Masar dai, ba mu san abin da ya faru da shi ba.”
পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
2 Haruna ya amsa musu ya ce, “Ku tuttuɓe zoban zinariya waɗanda suke kunnuwan matanku, da na’ya’yanku maza da mata, ku kawo mini.”
তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”
3 Saboda haka dukan mutane suka tuttuɓe’yan kunnensu suka kawo wa Haruna.
সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।
4 Sai ya karɓi abubuwan da suka ba shi, ya yi gunki na siffar ɗan maraƙi, ya sassaƙa shi da kayan aiki. Sa’ad da mutane suka gani, sai suka tā da murya suka ce, “Waɗannan su ne allolinku, ya Isra’ila, waɗanda suka fitar da ku daga Masar.”
হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
5 Da Haruna ya ga haka, sai ya gina bagade a gaban ɗan maraƙi, ya yi shela ya ce, “Gobe akwai biki ga Ubangiji.”
হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।
6 Saboda haka kashegari, mutane suka tashi da sassafe suka miƙa hadaya ta ƙonawa, da hadaya ta salama. Bayan haka suka zauna suka ci, suka sha, suka kuma tashi suka yi rawa.
লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
7 Sai Ubangiji ya ce wa Musa, “Sauka, gama mutanenka, waɗanda ka fitar da su daga Masar sun ƙazantu.
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
8 Sun yi saurin juyawa daga abin da na umarce su, sun kuma yi wa kansu gunki na siffar ɗan maraƙi. Sun yi sujada ga ɗan maraƙi, suka yi hadaya gare shi, suka kuma ce, waɗannan su ne allolinka ya Isra’ila, waɗanda suka fito da kai daga Masar.”
তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
9 Ubangiji ya ce wa Musa, “Na ga waɗannan mutane, mutane ne masu taurinkai.”
যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।
10 Yanzu ka bar ni kurum fushina yă yi ƙuna a kansu, in hallaka su. Sa’an nan in maishe ka al’umma mai girma.
১০সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
11 Amma Musa ya nemi tagomashin Ubangiji, Allahnsa ya ce, “Ya Ubangiji don me fushinka zai yi ƙuna a kan mutanenka, waɗanda ka fisshe su daga Masar da ikon hannunka mai girma?
১১কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
12 Don me za ka sa Masarawa su ce, ‘Ai, da mugun nufi ne ya fito da su don yă shafe su daga fuskar duniya’? Ka juya daga fushinka mai zafi, ka ji tausayi, kada ka kawo masifa a kan mutanenka.
১২মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
13 Ka tuna da bayinka Ibrahim, Ishaku da Isra’ila, waɗanda ka rantse da kanka cewa, ‘Zan mai da zuriyarka kamar taurarin sama kuma zan ba wa zuriyarka wannan ƙasa wadda na yi musu alkawari, za tă kuma zama abin gādonsu har abada.’”
১৩আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”
14 Sai Ubangiji ya yi juyayi, bai kuwa kawo wa mutanensa bala’in da ya yi niyya ba.
১৪তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
15 Musa ya juya, ya sauka daga kan dutsen da alluna biyu na Alkawari a hannuwansa. An yi rubutun a kowane gefe, gaba da baya.
১৫তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।
16 Allunan aikin Allah ne; rubutun kuma rubutun Allah ne, da ya zāna a kan alluna.
১৬সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
17 Sa’ad da Yoshuwa ya ji surutun mutane suna ihu, sai ya ce wa Musa, “Kamar akwai ƙarar yaƙi a sansani.”
১৭যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”
18 Musa ya amsa ya ce, “Ba ƙarar nasara ba ce, ba ƙarar wanda yaƙi ya ci ba ne; ƙarar waƙa ce nake ji.”
১৮কিন্তু মোচিয়ে তেওঁক ক’লে, “এয়ে জয় ধ্বনিৰ শব্দ নহয়; আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”
19 Da Musa ya kusato sansanin, sai ya ga ɗan maraƙin da kuma mutane suna rawa. Sai fushinsa ya yi ƙuna, ya kuwa jefar da allunan da suke hannuwansa, allunan kuwa suka farfashe a gindin dutsen.
১৯মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্রোধাম্বিত হ’ল। তেওঁৰ হাতৰ পৰা সেই ফলি দুখন পৰি গ’ল; আৰু পৰ্ব্বতৰ তলত পৰি ভাঙি গ’ল।
20 Sai ya ɗauki ɗan maraƙin da suka yi, ya ƙone a wuta; sa’an nan ya niƙa shi ya zama gari, ya barbaɗa garin a ruwa, ya sa Isra’ilawa suka sha.
২০লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।
21 Ya ce wa Haruna, “Mene ne waɗannan mutane suka yi maka da ka kai su ga wannan zunubi mai girma?”
২১তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
22 Haruna ya amsa ya ce, “Kada ka yi fushi da ni ranka yă daɗe, ka san yadda mutanen nan suke da saurin yin mugunta.
২২হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।
23 Sun ce mini, ‘Ka yi mana alloli waɗanda za su yi mana jagora, game da wannan Musa dai, wanda ya fito da mu daga Masar, ba mu san abin da ya faru da shi ba.’
২৩তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
24 Sai na gaya musu, ‘Duk wanda yana da kayan ado na zinariya, ya cire?’ Sa’an nan suka ba ni zinariya, sai na jefa cikin wuta, wannan ɗan maraƙi ya fito.”
২৪সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
25 Musa ya duba ya ga mutane sun kauce gaba ɗaya domin Haruna ya sa suka kauce, har suka zama abin dariya ga abokan gābansu.
২৫মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।
26 Saboda haka sai ya tsaya a ƙofar sansani ya ce, “Duk wanda yake na Ubangiji yă zo wurina.” Sai dukan Lawiyawa suka taru wurinsa.
২৬তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।
27 Sa’an nan ya ce musu, “Ga abin da Ubangiji, Allah na Isra’ila ya ce, ‘Kowane mutum yă rataya takobinsa, yă kai yă kawo daga wannan gefe zuwa wancan cikin sansani, kowa yă kashe ɗan’uwansa, da abokinsa, da kuma maƙwabcinsa.’”
২৭তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”
28 Lawiyawa suka yi yadda Musa ya umarta, a ranar, mutane wajen dubu uku suka mutu.
২৮তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।
29 Sa’an nan Musa ya ce, “An keɓe ku ga Ubangiji a yau, gama kun yi gāba da’ya’yanku da’yan’uwanku, ya kuma albarkace ku a wannan rana.”
২৯মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”
30 Kashegari Musa ya ce wa mutane, “Kun yi zunubi mai girma. Amma yanzu zan hau wurin Ubangiji; wataƙila zan iya yin kafara domin zunubinku.”
৩০তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহাপাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰোঁ তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
31 Don haka Musa ya koma wurin Ubangiji ya ce, “Kaito, mutanen nan sun yi zunubi mai girma! Sun yi wa kansu allolin zinariya.
৩১মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
32 Amma yanzu, ina roƙonka ka gafarta zunubinsu, in ba haka ba, to, ka shafe ni daga littafin da ka rubuta.”
৩২তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”
33 Ubangiji ya amsa wa Musa, “Duk wanda ya yi mini zunubi, shi zan shafe daga littafina.
৩৩যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
34 Yanzu tafi, ka jagoranci mutanen zuwa inda na yi zance, mala’ikana kuma zai sha gabanku. Duk da haka sa’ad da lokaci ya yi da zan yi horo, zan hore su domin zunubinsu.”
৩৪এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
35 Ubangiji kuwa ya bugi mutanen da annoba, saboda abin da suka yi da ɗan maraƙin da Haruna ya yi.
৩৫তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।

< Fitowa 32 >