< Fitowa 28 >
1 “Ka sa a kawo maka Haruna ɗan’uwanka, tare da’ya’yansa Nadab da Abihu, Eleyazar da Itamar daga cikin Isra’ilawa, domin su yi mini hidima a matsayin firistoci.
১পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।
2 Ka yi tufafi masu tsarki domin ɗan’uwanka Haruna, domin a girmama, a kuma ɗaukaka shi.
২তোমাৰ ককায়েৰা হাৰোণৰ বস্ত্র মোৰ উদ্দেশ্যে পবিত্ৰ কৰি সংৰক্ষিত কৰি ৰাখিবা।
3 Ka faɗa wa dukan gwanayen da na ba su hikima a irin abubuwan nan, cewa su yi tufafi saboda Haruna, don a tsarkakewarsa, domin yă yi mini hidima a matsayin firist.
৩মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
4 Waɗannan su ne tufafin da za su ɗinka, ƙyallen maƙalawa a ƙirji, da efod, da taguwa, da doguwar riga, da rawani, da abin ɗamara. Za su yi wa ɗan’uwanka, Haruna da’ya’yansa, waɗannan tsarkaka tufafi, don su zama firistoci masu yi mini hidima.
৪তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
5 Ka sa su yi amfani da zinariya, da zare mai ruwan shuɗi da shunayya da ja, da kuma lallausan lilin.
৫শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা ব্যৱহাৰ কৰিব লাগিব।
6 “Ka yi efod da zinariya, da shuɗi, da shunayya, da jan zare, da kuma lallausan lilin, aikin gwani mai sana’a.
৬তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।
7 Za a yi fele biyu, gaba da baya, sa’an nan a haɗa, a ɗinka a mahaɗinsu a kafaɗa.
৭এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
8 Za a yi mata abin ɗamara da irin kayan da aka yi efod da shi, wato, da zinariya, da shuɗi, da shunayya, da mulufi, da lallausan zaren lilin.
৮এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।
9 “Ka ɗauki duwatsu biyu masu daraja, ka rubuta sunayen’ya’yan Isra’ila a kai
৯তুমি দুটা গোমেদক বাখৰ ল’বা, আৰু তাৰ ওপৰত ইস্ৰায়েলৰ বাৰ জন পুত্ৰৰ নাম খোদিত কৰাবা।
10 bisa ga haihuwarsu, sunaye shida a kan dutse ɗaya, saura shida kuma a kan ɗaya dutsen.
১০তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে ছয় জনৰ নাম এটা বাখৰত আৰু বাকী ছয় জনৰ নাম আন এটা বাখৰৰ ওপৰত ক্ষোদিত কৰাবা।
11 A rubuta sunayen’ya’yan Isra’ila a kan duwatsu biyun, yadda mai yin aiki da dutse mai daraja yakan zāna hatimi. Sa’an nan a sa kowane dutse a cikin tsaiko na zinariya
১১পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
12 a ɗaura su a kan ƙyallen kafaɗa efod a matsayin duwatsun tuni ga’ya’yan Isra’ila. Haruna ne zai ɗauki sunayen a kafaɗarsa don tuni a gaban Ubangiji.
১২ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
13 Ka yi tsaiko na zinariya
১৩তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা।
14 da tuƙaƙƙun sarƙoƙi biyu kamar igiya, na zinariya zalla, ka kuma ɗaura wa tsaikunan nan biyu tuƙaƙƙun sarƙoƙi.
১৪দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
15 “Ka shirya ƙyallen da za a manna a ƙirji don neman nufin Allah. Sai a saƙa shi da gwaninta kamar yadda aka saƙa efod ɗin. A saƙa shi da zinariya, da shuɗi, da shunayya, da mulufi, da lallausan zaren lilin.
১৫তুমি সিদ্ধান্ত ল’বলৈ এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা।
16 Zai zama murabba’i, tsawonsa kamu ɗaya, fāɗinsa kuma kamu ɗaya, a naɗe shi biyu.
১৬তুমি বুকুপতাৰ চাৰিওদিশ সমানে দুতৰপীয়াকৈ ভাজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিয়েও এবেগেত হ’ব।
17 Sa’an nan ka yi jeri huɗu na duwatsu masu daraja a kansa. A jeri na fari, a sa yakutu, da tofaz, da zumurrudu.
১৭বুকুপতাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱাবা। তাৰ প্ৰথম শাৰীত এটা ৰুবী, এটা পোখৰাজ, আৰু এটা ৰক্তমণি।
18 A jeri na biyu, a sa turkuwoyis, da saffaya, da emeral.
১৮দ্বিতীয় শাৰীত এটা মৰকত, এটা নীলকান্ত, আৰু এটা হীৰা।
19 A jeri na uku, a sa yakin, da idon mage da ametis.
১৯তৃতীয় শাৰীত এটা নীলকান্তমণি, এটা আকীক, আৰু এটা নীলা।
20 A jeri na huɗu, a sa kirisolit, da onis, da yasfa. Ka sa su a tsaiko na zinariya.
২০আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু জ্যাসপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
21 A bisa duwatsun nan goma sha biyu, sai a zāna sunayen’ya’yan Isra’ila bisa ga kabilansu goma sha biyu. Za a zāna sunayen kamar hatimi.
২১এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
22 “Ka yi wa ƙyallen maƙalawa a ƙirjin tuƙaƙƙun sarƙoƙin zinariya zalla.
২২বুকুপটাত লগাবলৈ, তুমি পকোৱা ৰচীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰিবা।
23 Ka yi zobe biyu na zinariya saboda ƙyallen maƙalawa a ƙirjin, ka kuma ɗaura su a kusurwoyin ƙyallen maƙalawa a ƙirji.
২৩তুমি বুকুপটাৰ বাবে সোণৰ দুটা আঙঠি গঢ়াই, সেই দুটা আঙঠি বুকুপটাৰ দুই মুৰত লগাবা।
24 Ka ɗaura sarƙoƙin zinariyan nan biyu a zoban a kusurwan ƙyallen maƙalawa a ƙirji.
২৪সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা।
25 Ka kuma sa sauran bakunan sarƙoƙin nan biyu a kan tsaikon nan biyu, kana haɗa su da ƙyallen kafaɗa na efod a gaba.
২৫শিকলি দুডালৰ দুই মুৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।
26 Ka yi zobai biyu na zinariya ka ɗaura su ga sauran kusurwoyi ƙyallen maƙalawa a ƙirji, a gefen ciki kusa da efod.
২৬তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মুৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
27 Ka ƙara zobai biyu, ka kuma ɗaura su a bakin ƙyallen da ya sauka daga kafaɗa ta gaban efod, kusa da mahaɗin ƙyallaye biyu a bisa ɗamara na efod.
২৭তুমি আৰু দুটা সোণৰ আঙঠি গঢ়াবা, আৰু এফোদৰ আগফালে থকা দুপাত স্কন্ধপটিৰ তল ভাগত লগাবা। অৱশেষত এফোদৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা।
28 Za a ɗaura zoban ƙyallen maƙalawa a ƙirji a zoban efod da shuɗiyar igiya, domin ƙyallen maƙalawa a ƙirji yă zauna a bisa abin ɗamarar efod, don kada yă kunce.
২৮বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
29 “Duk sa’ad da Haruna zai shiga Wuri Mai Tsarki, zai shiga riƙe da sunayen’ya’yan Isra’ila a zuciyarsa a kan ƙyallen maƙalawa a ƙirji na neman nufin Allah, domin yă zama abin tunawa a gaban Ubangiji.
২৯হাৰোণ যেতিয়া পবিত্ৰ স্থানলৈ যাব, তেতিয়া তেওঁ হৃদয়ত সিদ্ধান্ত ল’বলৈ, ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম নিজৰ বুকুপটাত কঢ়িয়াব।
30 Ka kuma sa Urim da Tummim a ƙyallen maƙalawa a ƙirji, don su kasance a zuciyar Haruna, a duk sa’ad da zai shiga gaban Ubangiji. Haka kuwa kullum Haruna zai riƙa kai koke-koken Isra’ilawa a gaban Ubangiji.
৩০সেই সিদ্ধান্ত লোৱা বুকুপটাত ঊৰীম আৰু তুম্মীম লগাবা। হাৰোণে যি সময়ত যিহোৱাৰ আগলৈ যাব, সেই সময়ত হাৰোণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। যিহোৱাৰ আগত হাৰোণে ইস্ৰায়েলীসকলৰ বাবে সিদ্ধান্ত ল’বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব।
31 “Ka yi taguwar efod da shuɗi duka,
৩১তুমি এফোদৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা।
32 ka yanke wuya a tsakiyarta don sawa. A kuma naɗe wuyan rigar yă yi kauri domin kada yă yage.
৩২তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফালিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।
33 Za a yi wa bakin rigar ado da fasalin’ya’yan rumman masu launin shuɗi, da shunayya, da mulufi. A sa ƙararrawa ta zinariya a tsakankaninsu.
৩৩তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকী তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব।
34 Za ka jera su bi da bi, wato,’ya’yan rumman na biye da ƙararrawar zinariya kewaye da bakin rigar.
৩৪সেই এফোদৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা এটা ডালিম, আৰু এটা সোণৰ জুনুকা এটা ডালিম এইদৰে থাকিব।
35 Dole Haruna yă sa shi sa’ad da yake hidima. Za a ji ƙarar ƙararrawar sa’ad da zai shiga Wuri Mai Tsarki a gaban Ubangiji, da sa’ad da ya fita, don kada yă mutu.
৩৫হাৰোণে যেতিয়া পৰিচৰ্যা কৰিব, তেতিয়া সেই বস্ত্র পিন্ধিব। তেওঁ যেতিয়া যিহোৱাৰ পবিত্র-স্থানত যিহোৱাৰ আগলৈ যাব, আৰু ওলাই আহিব, তেতিয়া সেই জুনুকাৰ শব্দ শুনা যাব। এইদৰে কৰাত তেওঁৰ মৃত্যু নহ’ব।
36 “Ka yi allo na zinariya zalla, ka kuma yi rubutu a kansa kamar na hatimi, haka, Mai tsarki ga Ubangiji.
৩৬তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত খোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।
37 Ka ɗaura shi da igiyar ruwa bula domin a haɗa shi da rawani; zai kasance a gaban rawanin.
৩৭তুমি সেই পতা নীলা বৰণীয়া ফিতাৰে পাগুৰিৰ আগফালে লগাবা।
38 Zai kasance a goshin Haruna, ta haka zai ɗauki kurakuran da ya yiwu Isra’ilawa sun yi cikin miƙa baye-bayensu masu tsarki. Zai kasance a goshin Haruna kullayaumin, domin su zama abin karɓa ga Ubangiji.
৩৮সেয়ে হাৰোণৰ কপালত থাকিব। ইস্ৰায়েলীসকলে পবিত্র কৰি উৎসৰ্গ কৰা পবিত্ৰ দানত থকা যিকোনো দোষ হাৰোণে বব। তেওঁলোক যেন যিহোৱাৰ আগত গ্ৰহণীয় হোৱা, সেইবাবে পাগুৰি সদায় তেওঁৰ কপালৰ ওপৰত থাকিব।
39 “Ka saƙa doguwar riga da lallausan lilin ka kuma yi hula da lallausan zaren lilin, ka kuma saƙa abin ɗamara mai ado.
৩৯তুমি মিহি শণ সূতাৰে কোট চোলা আৰু পাগুৰি তৈয়াৰ কৰিবা, আৰু এটা ফুল বছা টঙালিও তৈয়াৰ কৰিবা।
40 “Ka saƙa doguwar riga, abin ɗamara da kuma huluna domin’ya’yan Haruna, don yă ba su girma da ɗaukaka.
৪০হাৰোণৰ পুত্ৰসকলৰ বাবে কোট চোলা, টঙালি, আৰু পাগুৰি তেওঁলোকৰ মৰ্য্যদা আৰু শোভাৰ বাবে তৈয়াৰ কৰিবা।
41 Bayan ka sa waɗannan riguna wa ɗan’uwanka Haruna da’ya’yansa, ka shafe su da mai, ka kuma naɗa su. Ka keɓe su domin su yi mini hidima a matsayin firistoci.
৪১তোমাৰ ককায়েক হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।
42 “Ka yi’yan wandunan ciki na lilin don su rufe tsiraicinsu, tsayinsu zai kama daga kwankwaso zuwa cinya.
৪২তেওঁলোকৰ গোপনীয় অংশ ঢাকিবলৈ, কঁকালৰ পৰা কৰঙণলৈকে তুমি তেওঁলোকলৈ শণ সূতাৰ বস্ত্র তৈয়াৰ কৰিবা।
43 Dole Haruna da’ya’yansa su sa su sa’ad da za su shiga Tentin Sujada, ko sa’ad da suka kusace bagade domin hidima a Wuri Mai Tsarki, don kada su yi laifi, su kuma mutu. “Wannan za tă zama dawwammamiyar farilla wa Haruna da zuriyarsa har abada.
৪৩যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেইবস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।