< Fitowa 24 >

1 Ana nan sai Ubangiji ya ce wa Musa, “Ku hauro zuwa wurina, kai da Haruna, Nadab da Abihu, da kuma dattawa saba’in a cikin Isra’ila. Za ku yi sujada da ɗan nisa,
যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
2 sai Musa kaɗai zai kusaci Ubangiji. Amma sauran kada su zo kusa, kada kuma jama’a su hau tare da shi.”
কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
3 Sa’ad da Musa ya tafi ya faɗa wa mutanen duk kalmomin Ubangiji da dokokinsa, sai suka amsa da murya ɗaya suna cewa, “Duk abin da Ubangiji ya faɗa, za mu yi.”
তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
4 Sai Musa ya rubuta duk abin da Ubangiji ya faɗa. Ya tashi kashegari da sassafe ya gina bagade kusa da dutsen, ya aza al’amudai goma sha biyu bisa ga kabilu goma sha biyu na Isra’ila.
তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
5 Sai ya aiki samarin Isra’ilawa, suka miƙa hadaya ta ƙonawa, suka kuma miƙa ƙananan bijimai don hadaya ta salama ga Ubangiji.
তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
6 Musa ya ɗauki rabin jinin ya zuba a cikin kwanoni, rabin kuma ya yayyafa a kan bagaden.
মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
7 Sa’an nan ya ɗauki Littafin Alkawari ya karanta wa mutane. Suka amsa suka ce, “Za mu yi duk abin da Ubangiji ya faɗa; za mu yi biyayya.”
তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
8 Musa ya kuma ɗauki jinin, ya yayyafa a kan mutanen ya ce, “Wannan shi ne jinin alkawarin da Ubangiji ya yi da ku, bisa ga dukan waɗannan kalmomi.”
তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
9 Musa da Haruna, Nadab da Abihu, da dattawa saba’in, Allah na Isra’ila suka haura
তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
10 suka kuma ga Allah na Isra’ila. A ƙarƙashin ƙafafunsa akwai wani abu wanda aka yi da saffaya, mai haske kuma kamar sararin sama kansa.
১০তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
11 Amma Allah bai yi wa shugabannin Isra’ila wani abu ba; suka ga Allah, suka ci suka kuma sha.
১১ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
12 Ubangiji ya ce wa Musa, “Hauro wurina a kan dutse, ka tsaya a nan, zan ba ka allunan dutsen, da doka da umarnan da na rubuta don koyonsu.”
১২যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
13 Sa’an nan Musa ya fita tare da Yoshuwa mataimakinsa, ya kuwa hau kan dutsen Allah.
১৩তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
14 Ya ce wa dattawan, “Ku jira mu a nan, sai mun dawo wurinku. Haruna da Hur suna tare da ku, in wani yana da wata damuwa, sai yă je wurinsu.”
১৪মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
15 Da Musa ya hau dutsen, sai girgije ya rufe dutsen,
১৫সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
16 sai ɗaukakar Ubangiji ta sauka a kan Dutsen Sinai, kwana shida girgije ya rufe dutsen, a rana ta bakwai, sai Ubangiji ya kira Musa daga cikin girgijen.
১৬সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
17 Ga Isra’ilawa dai, ɗaukakar Ubangiji ta yi kamar wuta mai ci a kan dutse.
১৭ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
18 Sa’an nan Musa ya shiga girgijen ya hau kan dutsen. Ya zauna a kan dutsen yini arba’in da dare arba’in.
১৮মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।

< Fitowa 24 >