< Fitowa 23 >
1 “Kada ku baza rahoton ƙarya. Kada kuma ku haɗa baki da mugayen mutane har da ku zama munafukai ta wurin ba da shaidar ƙarya.
১তোমালোকে কোনো লোকৰ অহিতে মিছা কথা নকবা। অন্যায় সাক্ষী দিবলৈ তোমালোকে দুৰ্জন লোকৰ লগত সহযোগ নকৰিবা।
2 “Kada ku yi abin da ba daidai ba, don galibin mutane suna yin haka. Sa’ad da kuke ba da shaida a gaban shari’a, kada ku ba da shaidar ƙarya a kauce wa gaskiya don ku faranta wa taron jama’a rai.
২তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
3 Kada ku yi wa matalauci sonkai a gaban shari’a.
৩তোমালোকে কোনো দৰিদ্র লোকৰ বিচাৰত তেওঁৰ পক্ষ নল’বা।
4 “In ka ga saniyar abokin gābanka, ko jakinsa ya ɓace, ka yi ƙoƙari ka mai da shi wurinsa.
৪তোমালোকৰ শত্ৰুৰ গৰু বা গাধ বাট হেৰুওৱা দেখিলে, তোমালোকে অৱশ্যে তাক তেওঁৰ ওচৰলৈ উভতাই লৈ যাবা।
5 In ka ga jakin wani maƙiyinka ya fāɗi a ƙarƙashin kayan da ya ɗauka, kada ka bar shi can, ka yi ƙoƙari ka taimake shi.
৫তোমালোকে যদি তোমালোকক ঘৃণা কৰা কোনো লোকৰ মালবাহী গাধক বস্তুৰ ভৰত মাটিত পৰা দেখা, তেনেহ’লে সেই লোকজনক তোমালোকে এৰি থৈ নাযাবা। তেওঁৰ গাধ, লগতে তেওঁকো নিশ্চয় সহায় কৰিবা।
6 “Kada ku kāsa yin adalci ga matalauci a wurin shari’a.
৬তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
7 Ku yi nesa da ƙage. Kada ku kashe marar laifi tare da mai adalci, gama ba zan bar mugun yă tafi haka kawai ba.
৭মিছা অভিযোগ দিওঁতে আনলোকৰ সৈতে সহযোগ নকৰিবা, নিৰ্দ্দোষী বা ধাৰ্মিক লোকক হত্যা নকৰিবা; কাৰণ মই দুষ্টলোকক নিৰ্দ্দোষী নকৰিম।
8 “Kada ka karɓi cin hanci, gama cin hanci yakan makanta waɗanda suke gani, yakan kuma karkatar da maganar masu adalci.
৮তোমালোকে ভেটী নলবা; কাৰণ ভেঁটীয়ে, ভেঁটীলোৱা সকলক অন্ধ কৰে, আৰু ধাৰ্মিক সকলৰ কথা বিপথগামী কৰে।
9 “Kada ka zalunci baƙo, ku kanku kun san halin baƙunci, gama dā ku baƙi ne a Masar.
৯তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে।
10 “Shekara shida za ku nome gonakinku ku girbe amfanin gonar,
১০তোমালোকে তোমালোকৰ মাটিত ছয় বছৰৰ বাবে গুটি সিঁচিবা, আৰু তাত উৎপন্ন হোৱা শস্য চপাবা।
11 amma a shekara ta bakwai za ku bar ƙasa tă huta. Sa’an nan matalautan da suke cikinku za su sami abinci daga cikinta, namun jeji kuma za su ci abin da aka bari. Ku yi haka da gonakinku na inabi, da na itatuwan zaitun.
১১কিন্তু সপ্তম বছৰত, সেই মাটি ছন পৰি থাকিবলৈ দিবা; সেয়ে তোমালোকৰ মাজৰ দৰিদ্ৰ লোকসকলে খাবলৈ পাব। তেওঁলোকে যি এৰিব, তাক বনৰীয়া পশুবোৰে খাব। এইদৰেই তোমালোকৰ দ্ৰাক্ষাবাৰী আৰু জিতগছৰ বাৰীৰ ক্ষেত্রতো কৰিবা।
12 “Kwana shida za ku yi aikinku, amma a rana ta bakwai, kada ku yi aiki, saboda saniyarku da jakinku su huta, haka kuma bawan da aka haifa a gidanku, da kuma baƙon da yake a cikinku yă wartsake.
১২তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
13 “Ku mai da hankali, ku yi biyayya da duk abin da na faɗa muku. Kada ku kira sunaye waɗansu alloli; kada a ji su a bakinku.
১৩মই তোমালোকক যি সকলো কথা কলোঁ, সেই সকলো কথাত মনোযোগ দিবা। তোমালোকে আন দেৱতাবোৰৰ নাম উল্লেখ নকৰিবা, নাইবা তোমালোকৰ মুখৰ পৰা সেইবোৰৰ নাম শুনা নাযাওক।
14 “Sau uku a shekara za ku yi mini biki.
১৪তোমালোকে প্রতি বছৰত তিনিবাৰ মোৰ অৰ্থে উৎসৱ পালন কৰিবলৈ নিৰ্দ্দিষ্ট স্থানলৈ আহিব লাগিব।
15 “Ku yi Bikin Burodi Marar Yisti, kwana bakwai za ku ci burodi marar yisti, kamar yadda na umarce ku. Ku yi wannan a lokacin da aka ayana a watan Abib, gama a watan ne kuka fito daga Masar. “Kada wani yă zo a gabana hannu wofi.
১৫তোমালোকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিবা। মই দিয়া আজ্ঞা অনুসাৰে, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। সেই সময়তে এই উদ্দেশ্যৰ কাৰণে নিৰ্দ্দিষ্ট কৰা আবীব মাহত মোৰ সন্মুখত উপস্থিত হ’বা। কাৰণ এই মাহতে তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা। কিন্তু তোমালোকে শুদা হাতে মোৰ ওচৰত উপস্থিত হ’ব নালাগে।
16 “Ku yi Bikin Girbi da nunan fari na amfanin shuke-shuken gonarku. “Ku yi Bikin Tattarawa a ƙarshen shekara, sa’ad da kuka tattara amfani daga gonarku.
১৬তোমালোকে শস্য দোৱাৰ উৎসৱ, অৰ্থাৎ পথাৰত যি গুটি সিঁচিলা, সেই পৰিশ্রমৰ প্ৰথম ফলৰ উৎসৱ পালন কৰিব লাগিব; আৰু বছৰৰ শেষত তোমালোকে উৎপন্ন কৰা খেতিৰ ফল চপোৱা সময়ত, ফল চপোৱা উৎসৱ পালন কৰিব লাগিব।
17 “Sau uku a shekara, maza duka za su bayyana a gaban Ubangiji Mai Iko Duka.
১৭তোমালোকৰ পুৰুষসকলে প্রতি বছৰে তিনি বাৰ, যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব।
18 “Kada ku miƙa mini hadayar jini tare da wani abu mai yisti. “Ba za a bar kitsen bikin hadayata yă kwana ba.
১৮তোমালোকে খমীৰ দিয়া পিঠাৰে সৈতে বলিৰ তেজ মোলৈ উৎসৰ্গ নকৰিবা। মোৰ উৎসৱৰ সময়ত বলিদান কৰা পশুৰ চৰ্বি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে অৱশিষ্ট থাকিব নালাগে।
19 “Dole ne ku kawo mafi kyau daga nunan fari na gonakinku a gidan Ubangiji Allahnku. “Kada ku dafa ɗan akuya a cikin madarar mahaifiyarsa.
১৯তোমালোকৰ মাটিৰ প্ৰথম ফলৰ উত্তম ভাগ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰৰ লগত নিসিজাবা।
20 “Ga shi, zan aika mala’ika a gabanku, yă tsare ku a tafiyarku, yă kuma kawo ku wurin da na shirya.
২০যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।
21 Ku saurare shi, ku kuma kasa kunne ga abin da yake faɗa. Kada ku yi masa tawaye; ba zai gafarta tawayenku ba, gama shi wakilina ne.
২১তেওঁলৈ মনোযোগী হ’বা আৰু তেওঁক মানি চলিবা। তেওঁক উত্তেজিত নকৰিবা, কাৰণ তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। মোৰ নাম তেওঁত আছে।
22 In kun kasa kunne sosai ga abin da yake faɗi, kuka kuma yi abin da na faɗa, zan zama magabci ga abokan gābanku, zan kuma yi hamayya da abokan hamayyanku.
২২তোমালোকে যদি নিশ্চয়ে তেওঁৰ কথা শুনা, আৰু মই যি কলোঁ সেই সকলোকে কৰা, তেনেহ’লে মই তোমালোকৰ শত্ৰুবোৰৰ শত্ৰু আৰু প্রতিদ্বন্দীৰ প্রতিদ্বন্দী হম।
23 Mala’ikana zai sha gabanku, yă kawo ku cikin ƙasar Amoriyawa, da Hittiyawa, da Ferizziyawa, da Kan’aniyawa, da Hiwiyawa, da kuma Yebusiyawa, zan kuma kawar da su.
২৩মোৰ দূত তোমালোকৰ আগে আগে যাব, আৰু ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, কনানীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ দেশলৈ তোমালোকক লৈ যাব। মই তেওঁলোকক ধ্বংস কৰিম।
24 Kada ku durƙusa wa allolinsu, ko ku yi musu sujada, ko kuma ku bi al’adunsu. Za ku hallaka dukan allolinsu, ku kuma farfasa keɓaɓɓun duwatsunsu.
২৪তোমালোকে তেওঁলোকৰ দেৱতাবোৰৰ আগত প্ৰণিপাত নকৰিবা, সেৱা পূজাও নকৰিবা বা তেওঁলোকে কৰা কাৰ্যৰ দৰে কোনো কাৰ্য নকৰিবা। তাৰ পৰিৱৰ্তে সেইবোৰক সম্পূৰ্ণকৈ বিনষ্ট কৰিবা, আৰু তেওঁলোকৰ শিলৰ স্তম্ভবোৰ একেবাৰে ভাঙি গুড়ি কৰি পেলাবা।
25 Ku bauta wa Ubangiji Allahnku, albarkansa kuwa za tă kasance a kan abincinku da ruwan shanku. Zan ɗauke cuta daga cikinku.
২৫তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
26 A ƙasarku, mace ba za tă yi ɓari ba, ba kuma za a sami marar haihuwa ba. Zan ba ku tsawon rai.
২৬তোমালোকৰ দেশত কোনো মহিলাৰ গৰ্ভপাত নহ’ব, আৰু কোনো বাঁজী হৈ নাথাকিব। মই তোমালোকক দীর্ঘায়ু দিম।
27 “Zan aiki razanata a gabanku, in kuma sa ruɗami a cikin kowace al’ummar da za ku sadu da ita. Zan sa duk abokan gābanku su juye da baya, su gudu.
২৭তোমালোক যি দেশলৈ যাবা সেই দেশৰ লোকসকলৰ মনত মই মোৰ ভয় জন্মাম। তোমালোকে যি লোকসকলক ল’গ পাবা, সেই লোকসকলক মই বধ কৰিম। মই তোমালোকৰ সকলো শত্ৰুবোৰক তোমালোকৰ ভয়ত তোমালোকৰ পৰা দূৰ কৰিম।
28 Zan aiki rina a gabanku, su kori Hiwiyawa, Kan’aniyawa da kuma Hittiyawa.
২৮মই তোমালোকৰ আগেয়ে কোদো পঠাম; সেয়ে সেইবোৰে হিব্বীয়া, কনানীয়া, আৰু হিত্তীয়া সকলক তোমালোকৰ আগৰ পৰা খেদি পঠিয়াব।
29 Amma ba a shekara guda zan kore muku su ba, don kada ƙasar tă zama kufai har namun jeji su fi ƙarfinku.
২৯দেশ যেন পৰিত্যক্ত নহয়, আৰু তোমালোকৰ বিৰুদ্ধে বনৰীয়া জন্তুবোৰ যেন বৃদ্ধি নাপায়, সেই বাবে মই একে বছৰতে তেওঁলোকক তোমালোকৰ আগৰ পৰা খেদি নপঠিয়াম।
30 Da kaɗan da kaɗan zan kore muku su, har yawanku yă kai yadda za ku mallaki ƙasar.
৩০তাৰ পৰিৱৰ্তে তোমালোক বৃদ্ধি পাই দেশ অধিকাৰ নকৰা মানে, মই তেওঁলোকক তোমালোকৰ আগৰ পৰা অলপ অলপকৈ বাহিৰলৈ খেদি থাকিম।
31 “Zan kafa iyakokinku daga Jan Teku zuwa Bahar Rum, daga hamada kuma zuwa Kogi. Zan ba da mazaunan ƙasar a hannunku, za ku kuwa kore su daga gabanku.
৩১মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।
32 Kada ku ƙulla yarjejjeniya da su, ko da allolinsu.
৩২তোমালোকে তেওঁলোকৰ সৈতে, বা তেওঁলোকৰ দেৱতাবোৰৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা।
33 Kada ku bari su zauna a cikin ƙasarku, in har kuka bar su, za su ɓata ku da zunubinsu na bautar allolinsu, har zai yă zama muku tarko.”
৩৩তেওঁলোকে তোমালোকৰ দেশত বাস কৰিব নোৱাৰিব; বাস কৰিলে, তেওঁলোকে তোমালোকক মোৰ বিৰুদ্ধে পাপ কৰাব। কিয়নো তুমি যদি তেওঁলোকৰ দেৱতাবোৰক পূজা কৰা, তেনেহ’লে নিশ্চয়ে তোমালোকলৈ সেয়ে ফান্দস্বৰূপ হ’ব।