< Fitowa 19 >

1 A rana ta farko a cikin watan uku bayan da Isra’ilawa suka bar Masar, a wannan rana, suka iso Hamadar Sinai.
ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে।
2 Bayan da suka tashi daga Refidim, suka shiga Hamadar Sinai, sai Isra’ilawa suka yi sansani a gaban dutsen.
তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে।
3 Sai Musa ya hau kan dutsen don yă sadu da Allah, Ubangiji kuwa ya kira shi daga dutsen ya ce, “Wannan shi ne abin da za ka faɗa wa gidan Yaƙub, da kuma abin da za ka faɗa wa mutanen Isra’ila.
মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা:
4 ‘Ku da kanku kun ga abin da na yi wa Masar, da yadda na ɗauko ku a kan fikafikan gaggafa na kawo ku wurina.
মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
5 Yanzu, in kuka yi mini cikakken biyayya, kuka kuma kiyaye yarjejjeniyata, to, za ku zama keɓeɓɓiyar taska a gare ni a cikin dukan al’ummai. Ko da yake duk duniya tawa ce,
এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
6 za ku zama firistoci masu tsarki da kuma al’umma keɓaɓɓiya a gare ni.’ Waɗannan su ne kalmomin da za ka faɗa wa Isra’ilawa.”
মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”
7 Sai Musa ya koma ya aika a kira dukan dattawan mutane, ya bayyana dukan kalmomin da Ubangiji ya umarta, ya faɗa.
সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।
8 Dukan mutane suka amsa gaba ɗaya suka ce, “Za mu yi duk abin da Ubangiji ya faɗa.” Sai Musa ya mayar wa Ubangiji amsar da mutane suka bayar.
সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
9 Ubangiji kuwa ya ce wa Musa, “Ina zuwa wurinka a cikin baƙin hadari, domin mutane su ji ni ina maganar da kai, domin su amince da kai koyaushe.” Sa’an nan Musa ya faɗa wa Ubangiji abin da mutane suka ce.
যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
10 Sai Ubangiji ya ce wa Musa, “Tafi wurin mutanen, ka tsarkake su yau da gobe, ka sa su wanke tufafinsu.
১০যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
11 Su zama da shiri a rana ta uku, gama a ranar ce Ubangiji zai sauko a kan Dutsen Sinai a idon dukan mutane.
১১তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
12 Sai ka yi wa jama’a iyaka kewaye da dutsen, ka kuma faɗa musu cewa, ‘Ku mai da hankali, kada ku hau dutsen ko ku taɓa gefensa. Duk wanda ya taɓa dutsen, lalle za a kashe shi.
১২তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
13 Za a jajjefe shi da duwatsu, ko a harbe shi da kibiyoyi, ba hannun da zai taɓa shi. Mutum ko dabbar da ya taɓa, ba za a bar shi da rai ba.’ Lokacin da aka ji muryar ƙaho ne kawai za su iya taru a gindin dutsen.”
১৩সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”
14 Bayan da Musa ya gangara wurin mutane, ya tsarkake su, sai suka wanke tufafinsu.
১৪তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
15 Sa’an nan ya ce wa mutane, “Ku shirya kanku domin rana ta uku. Ku ƙame kanku daga yin jima’i.”
১৫তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
16 A safiyar rana ta uku, aka yi tsawa, da walƙiyoyi, sai ga girgije mai duhu a bisa dutsen, aka tsananta busar ƙaho, sai dukan jama’ar da suke cikin sansani suka yi rawar jiki.
১৬তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
17 Sa’an nan Musa ya jagoranci mutane daga sansani domin su sadu da Allah, sai suka tsaya a gefen dutsen.
১৭মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল।
18 Dutsen Sinai kuwa ya tunnuƙe duka da hayaƙi, gama Ubangiji ya sauko a bisan dutsen cikin wuta. Hayaƙin ya hau kamar hayaƙin da yake fitowa daga matoya, duk dutsen ya yi rawa da ƙarfi,
১৮যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
19 sai karar ƙaho ya yi ta ƙaruwa. Sa’an nan Musa ya yi magana, murya Allah kuwa ta amsa masa.
১৯শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।
20 Ubangiji ya sauko a kan ƙwanƙolin Dutsen Sinai, ya kira Musa zuwa ƙwanƙolin dutsen. Musa kuwa ya haura
২০এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
21 sai Ubangiji ya ce masa, “Ka sauka ka faɗa wa jama’a, kada su kuskura su ƙetare layin iyakan nan, garin son zuwa don ganin Ubangiji, gama duk waɗanda suka yi haka za su mutu.
২১যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
22 Ko firistocin da za su kusato Ubangiji sai su tsarkake kansu, don kada in hallaka su.”
২২যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
23 Musa ya ce wa Ubangiji, “Mutanen ba za su hau Dutsen Sinai ba, gama kai da kanka ka gargaɗe mu, ‘Ku sa iyaka kewaye da dutsen ku kuma tsarkake shi.’”
২৩মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।”
24 Ubangiji ya amsa, “Sauka ka kawo Haruna tare da kai. Amma kada firistoci da mutane su zarce iyakan nan, a kan za su zo wurin Ubangiji, don kada in hallaka su.”
২৪তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।”
25 Saboda haka Musa ya sauka wurin mutane ya kuma faɗa musu.
২৫সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে।

< Fitowa 19 >