< Fitowa 13 >
1 Ubangiji ya ce wa Musa,
১যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
2 “Keɓe mini kowane ɗan fari. Ɗan fari wanda ya fara buɗe mahaifa a cikin Isra’ilawa nawa ne, ko na mutum ko na dabba.”
২“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”
3 Sai Musa ya ce wa mutane, “Ku tuna da wannan rana, ranar da kuka fito daga Masar, daga ƙasar bauta, gama Ubangiji ya fito da ku da hannu mai iko. Kada ku ci wani abin da yake da yisti.
৩মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
4 A wannan rana kuka fita, wato, a watan Abib.
৪আবীব মাহৰ এই দিনাই তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা।
5 Sa’ad da Ubangiji ya kawo ku cikin ƙasar Kan’aniyawa, Hittiyawa, Amoriyawa, Hiwiyawa da Yebusiyawa, ƙasar da ya rantse wa kakanninku cewa zai ba ku, ƙasar da take zub da madara da zuma, za ku kiyaye wannan biki a wannan wata.
৫কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা।
6 Kwana bakwai za ku ci burodi marar yisti, a kan rana ta bakwai kuma za ku yi biki ga Ubangiji.
৬সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব।
7 Ku ci burodi marar yisti cikin kwana bakwai; kada a sami wani abu mai yisti a cikinku, ko a sami yisti a ko’ina a wurinku.
৭সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; তোমালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি তোমালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক।
8 A ranan nan kowa zai faɗa wa ɗanka, ‘Ina yin haka saboda abin da Ubangiji ya yi mini, sa’ad da na fita daga Masar.’
৮সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
9 Wannan abin tunawa zai zama muku alama a hannunku, da kuma a goshinku cewa dokar Ubangiji tana a bakinku. Gama Ubangiji ya fitar da ku daga Masar da hannu mai iko.
৯এয়ে উদ্ধাৰ সোঁৱৰণৰ বাবে তোমালোকৰ হাত আৰু কপালত থাকক। যিহোৱাৰ ব্যৱস্থা তোমালোকৰ কথাত থাকক, কিয়নো তোমালোকৰ হাত, আৰু কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে।
10 Dole ku kiyaye wannan farilla kowace shekara a lokacinta.
১০এই হেতুকে তোমালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিবা।
11 “Bayan Ubangiji ya kawo ku cikin ƙasar Kan’aniyawa, ya kuma ba da ita yadda ya alkawarta muku da rantsuwa, ku da kakanninku,
১১যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব,
12 sai ku miƙa kowane ɗan fari ga Ubangiji. Duk ɗan farin dabbobinku na Ubangiji ne.
১২তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।
13 Amma a fanshi kowane ɗan farin jakinku da ɗan rago. In kuwa ba za ku fanshe shi ba, sai ku karye wuyansa. Sai ku fanshe kowane ɗan farin daga cikin’ya’yanku.
১৩প্রত্যেক প্রথমে জন্মা গাধ এটা মেৰ-ছাগ পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু তোমালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰ তোমালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।”
14 “A kwanaki masu zuwa, in ɗanka ya tambaye ka, ‘Mene ne manufar wannan?’ Ka faɗa masa cewa, ‘Da hannu mai iko Ubangiji ya fito da mu daga Masar, daga ƙasar bauta.
১৪পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
15 Sa’ad da Fir’auna ya taurare zuciyarsa, bai yarda ya sallame mu ba, sai Ubangiji ya kashe dukan’ya’yan farin ƙasar Masar, na mutum da na dabba, gaba ɗaya. Domin haka nake yin hadaya ga Ubangiji da’ya’yan fari, maza, da suka fara buɗe mahaifa, amma nakan fanshi dukan’ya’yan farina maza.’
১৫যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’
16 Za tă kuma zama alama a hannunku da kuma shaida a goshinku cewa Ubangiji ya fito da mu daga Masar da hannunsa mai iko.”
১৬এয়ে তোমালোকৰ হাত, আৰু কপালত সোঁৱৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।”
17 Sa’ad da Fir’auna ya bar mutane su tafi, Allah bai bi da su a hanyar da ta bi ta iyakar Filistiyawa ba, ko da yake wannan hanya ce ta fi kusa. Gama Allah ya ce, “In suka fuskanci yaƙi, wataƙila su canja ra’ayinsu su koma Masar.”
১৭ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।”
18 Saboda haka Allah ya kewaye da mutanen ta hamada zuwa Jan Teku. Isra’ilawa kuwa suka fita daga Masar da shirin yaƙi.
১৮সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
19 Musa ya ɗauki ƙasusuwan Yusuf tare da shi, gama Yusuf ya sa Isra’ilawa su rantse masa. Ya ce, “Tabbatacce Allah zai taimake ku, sai ku ɗibi ƙasusuwana tare da ku daga wannan wuri.”
১৯মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।”
20 Bayan sun bar Sukkot sai suka kafa sansani a Etam a bakin hamada.
২০ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে।
21 Da rana Ubangiji yakan ja gabansu a cikin al’amudin girgije domin yă bishe su a kan hanyarsu, da dare kuma a cikin al’amudin wuta domin yă ba su haske, domin su iya tafiya dare da rana.
২১তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
22 Al’amudan nan biyu, na girgije da na wuta, ba su daina yi wa jama’a jagora ba.
২২যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।