< Fitowa 10 >

1 Sai Ubangiji ya ce wa Musa, “Je wurin Fir’auna, gama na riga na taurare zuciyarsa da kuma zukatan fadawansa domin in aikata waɗannan mu’ujizai nawa a tsakiyarsu,
যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ যোৱা। মিচৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰৌণ আৰু তেওঁৰ দাস সকলৰ মন কঠিন কৰিলোঁ।
2 don kuma ku gaya wa’ya’yanku da jikokinku yadda na tsananta wa Masarawa, da kuma yadda na aikata mu’ujizai a cikinsu, don ku sani ni ne Ubangiji.”
মই এইদৰে কৰাৰ কাৰণ এয়াও হয় যে, মই মিচৰীয়া লোক সকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ, আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালোঁ এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি-নাতিনীয়েক সকলক যাতে ক’ব পাৰিবা। ইয়াৰ যোগেদি তোমালোকে জানিবা যে, মই যিহোৱা।”
3 Sai Musa da Haruna suka tafi wurin Fir’auna suka ce masa, “Ga abin da Ubangiji, Allah na Ibraniyawa ya ce, ‘Har yaushe za ka ƙi ƙasƙantar da kanka a gabana? Ka bar mutanena su tafi domin su yi mini sujada.
তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া।
4 In ka ƙi ka bari su tafi, gobe zan aiko da fāra a ƙasarka.
কিন্তু তুমি যদি মোৰ লোক সকলক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে শুনা, কাইলৈ তোমাৰ দেশলৈ মই কাকতী ফৰিং আনিম।
5 Za su rufe fuskar ƙasar, har da ba za a iya ganin ƙasa ba. Za su cinye ɗan sauran abin da ya rage muku daga ɓarnar ƙanƙara, za su cinye dukan itatuwan da suke girma a gonakinku.
সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে, কোনো এজনে মাটিও দেখা নাপাব। শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব
6 Za su cika gidajenka, da na fadawanka, da na dukan Masarawa, abin da iyayenka da kakanninka ba su taɓa gani ba, tun daga ranar da suka sami kansu a duniya, har yă zuwa yau.’” Sa’an nan Musa ya juya, ya rabu da Fir’auna.
আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল।
7 Fadawan Fir’auna suka ce masa, “Har yaushe mutumin nan zai zama mana tarko? Ka bar mutanen su tafi domin su yi wa Ubangiji Allahnsu sujada. Har yanzu ba ka san cewa Masar ta lalace ba?”
তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”
8 Sa’an nan aka dawo da Musa da Haruna wurin Fir’auna. Sai ya ce, “Ku tafi, ku yi wa Ubangiji Allahnku sujada. Amma wa da wa za su tafi?”
তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?”
9 Musa ya amsa, “Za mu tafi tare da ƙanananmu, da tsofaffinmu, da’ya’yanmu maza da mata, da kuma garkunanmu na shanu da tumaki, gama dole ne mu yi bikin ga Ubangiji.”
মোচিয়ে ক’লে, “আমি আমাৰ ডেকা, বুঢ়া, নিজৰ নিজৰ লৰা-ছোৱালী, আৰু মেৰ-ছাগ, ছাগলী, গৰুৰ জাকবোৰকো লগত লৈ যাম। কাৰণ যিহোৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব।”
10 Fir’auna ya ce, “Ubangiji ya taimaka bisa ga niyyarku, amma matanku da ƙanananku ba za su tafi ba! A fili yake kuna da niyyar mugunta.
১০ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ।
11 Sam! Wannan ba zai taɓa yiwu ba, sai ko maza kaɗai su tafi su yi wa Ubangiji sujada, gama abin da kuke so ke nan.” Sa’an nan aka kori Musa da Haruna daga gaban Fir’auna.
১১সেয়ে নহব; কেৱল তোমালোকৰ মাজৰ পুৰুষসকল যাওক, আৰু যিহোৱাৰ সেৱা কৰক; কিয়নো এইদৰে কৰাটোৱেই তোমালোকে বিচাৰিছে।” পাছত ফৰৌণৰ আগৰ পৰা মোচি আৰু হাৰোনক পঠিয়াই দিয়া হ’ল।
12 Sai Ubangiji ya ce wa Musa, “Miƙa hannunka a bisa Masar domin fāra su sauko bisa ƙasar, su ci duk abin da yake girma a gonaki, duk abin da ƙanƙara ta rage.”
১২তাৰ পাছত যিহোৱাই মোচিক ক’লে, “কাকতী ফৰিংবোৰ মিচৰ দেশলৈ আহি, শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা তৃণ আদি সকলোকে খাবলৈ তুমি কাকতী ফৰিঙৰ বাবে মিচৰ দেশৰ ওপৰলৈ হাত মেলা।”
13 Saboda haka Musa ya miƙa sandansa bisa Masar, Ubangiji kuwa ya sa iskar gabas ta hura a kan ƙasar dukan dare da kuma dukan yini. Da safe kuwa iskar ta kawo fāra;
১৩তেতিয়া মোচিয়ে মিচৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে, আৰু যিহোৱাই সেই দিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূব ফালৰ পৰা বায়ু বোৱালে। যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া পূব ফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰোৱাই আনিলে।
14 suka mamaye ƙasar duka, suka sauka a ko’ina a ƙasar. Ba a taɓa ganin annobar fāra haka ba, ba kuwa za a ƙara ganin fāra kamar haka ba.
১৪তাতে ফৰিংবোৰ সমগ্র মিচৰ দেশলৈ আহিল, আৰু মিচৰৰ আটাই অঞ্চলত উপদ্রৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই, আৰু পুনৰ কেতিয়াও নহ’ব।
15 Suka rufe ƙasar har ta zama baƙi. Suka cinye abin da ƙanƙara ta rage, kowane tsiron da yake girma a gonaki, da dukan’ya’yan itatuwa. Babu ɗanyen abin da ya ragu a kan itatuwa ko tsire-tsire a dukan ƙasar Masar.
১৫সেই ফৰিংবোৰে সমগ্র দেশ ছানি ধৰিলে, তাতে দেশখন অন্ধকাৰময় হ’ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ-গছনি আৰু শিলাবৃষ্টিৰ পৰা অবশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্র মিচৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল, আৰু পথাৰত এজোপাও গছ-গছনি নাথাকিল।
16 Fir’auna ya kira Musa da Haruna da gaggawa ya ce, “Na yi wa Ubangiji Allahnku zunubi, na kuma yi muku.
১৬তেতিয়া ফৰৌণে মোচি আৰু হাৰোণক বেগাই মাতি আনি কলে, “মই তোমালোকৰ ঈশ্বৰ যিহোৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ।
17 Yanzu ku gafarta mini zunubina a wannan karo, ku kuma yi addu’a ga Ubangiji Allahnku yă ɗauke wannan muguwar annoba daga gare ni.”
১৭এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্রাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়।”
18 Sai Musa ya bar Fir’auna ya kuma yi addu’a ga Ubangiji.
১৮তেতিয়া মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল; আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
19 Sai Ubangiji ya canja iska zuwa iska mai ƙarfi ta yamma wadda ta ɗibi fārar zuwa Jan Teku. Babu fāran da suka rage a wani wuri a Masar.
১৯যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে; তাতে সেই বতাহে ফৰিংবোৰ উৰোৱাই নি চূফ সাগৰত পেলাই দিলে। সমগ্র মিচৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল।
20 Amma Ubangiji ya taurare zuciyar Fir’auna, bai kuwa bar Isra’ilawa suka tafi ba.
২০কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে।
21 Sa’an nan Ubangiji ya ce wa Musa, “Miƙa hannunka sama domin a yi duhu a bisa Masar, duhun da za a iya taɓawa.”
২১তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।”
22 Sai Musa ya miƙa hannunsa sama, aka kuma yi duhu baƙi ƙirin bisa dukan ƙasar Masar na kwana uku.
২২তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল।
23 Ba wanda ya iya gani wani ko yă bar wurinsa na kwana uku. Amma dukan Isra’ilawa sun kasance da haske a inda suke zama.
২৩কোনেও ইজনে সিজনক দেখা নাপালে, আৰু তিনি দিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইস্ৰায়েলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল।
24 Sai Fir’auna ya aika aka kira Musa, ya kuma ce, “Ku tafi, ku yi wa Ubangiji sujada. Matanku da yaranku ma za su iya tafiya tare da ku; sai dai ku bar garkunanku na shanu da tumaki.”
২৪তেতিয়া ফৰৌণে মোচিক মাতি আনি ক’লে, “তোমালোক যোৱা, যিহোৱাৰ আৰধনা কৰা গৈ। এনেকি তোমালোকৰ পৰিয়াল বৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰ-ছাগ, ছাগলী, আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব।”
25 Amma Musa ya ce, “Dole ka bari mu kasance da hadayu, da kuma hadayu na ƙonawa waɗanda za mu miƙa wa Ubangiji Allahnmu.
২৫কিন্তু মোচিয়ে ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব।”
26 Dole dabbobinmu ma su tafi tare da mu; ko kofato ma, ba za a bari a baya ba. A cikinsu ne za mu ɗibi abin da za mu yi wa Ubangiji Allahnmu sujada. Ba mu kuma san irin abin da za mu miƙa wa Ubangiji ba, sai mun kai can.”
২৬আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব; আমাৰ ঈশ্বৰ যিহোৱাৰ আৰধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব। কাৰণ আমি কিহেৰে যিহোৱাৰ আৰাধনা কৰিম, সেই বিষয়ে আমি সেই ঠাই নোপোৱালৈকে নাজানো।”
27 Amma Ubangiji ya taurare zuciyar Fir’auna, har bai yarda yă sake su ba.
২৭কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ তেওঁলোকক যাবলৈ নিদিলে।
28 Fir’auna ya ce wa Musa, “Fita, ka ba ni wuri! Ka mai da hankali, kada ka ƙara bayyana a gabana, gama ran da ka sāke ganin fuskata, a ran nan za ka mutu.”
২৮তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।”
29 Musa ya amsa, “Madalla, kamar yadda ka faɗa, ba zan ƙara bayyana a gabanka ba.”
২৯তেতিয়া মোচিয়ে ক’লে, “আপুনি নিজেই কৈছে; মই আপোনাৰ মুখ পুনৰ নাচাও।”

< Fitowa 10 >