< Esta 8 >

1 A wannan rana, Sarki Zerzes ya ba wa Esta mallakar Haman, abokin gāban Yahudawa. Mordekai kuma ya zo gaban sarki, gama Esta ta faɗa yadda ta haɗa dangi da shi.
সেই দিনা ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক যিহুদী সকলৰ শত্ৰু হামনৰ সা-সম্পত্তি দিলে। যিহেতু ইষ্টেৰে মৰ্দখয়ৰ লগত তেওঁৰ সম্পৰ্ক কি, সেই বিষয়ে ৰজাক জনাইছিল। সেয়ে মৰ্দখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে।
2 Sarki ya cire zobensa na hatimi, wanda ya karɓo daga Haman ya ba Mordekai. Esta kuma ta naɗa shi a kan mallakar Haman.
তেতিয়া ৰজাই হামনৰ পৰা ঘূৰাই লোৱা নিজৰ মোহৰ মৰা আঙঠি সোলোকাই মৰ্দখয়ক দিলে। ইষ্টেৰে হামনৰ আস্থাবৰ সম্পত্তিৰ দায়িত্বত মৰ্দখয়ক নিযুক্ত কৰিলে।
3 Esta ta sāke roƙon sarki, ta fāɗi a ƙafafunsa tana kuka. Ta roƙe shi yă kawo ƙarshen mugun shirin nan na Haman, mutumin Agag; wanda ya shirya a kan Yahudawa.
পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
4 Sai sarki ya miƙa wa Esta sandan sarauta na zinariya, ta kuwa tashi ta tsaya a gabansa.
তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ড ডাল মেলি দিলে, আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ’ল।
5 Ta ce, “In sarki ya yarda, in kuma na sami tagomashi daga gare shi, idan kuma ya gamshe shi yă yi abin da yake daidai, idan yana jin daɗina, bari a rubuta umarni a soke hukuncin saƙonin da Haman ɗan Hammedata, mutumin Agag, ya shirya ya kuma rubuta domin a hallaka Yahudawa a dukan lardunan sarki.
ইষ্টেৰে ক’লে, “যদি ৰজাই ভাল দেখে; আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ। মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছোঁ; আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহলে অগাগীয়া হম্মদাথাৰ পুত্র হামনে, ৰজাৰ আটাই প্ৰদেশত থকা যিহুদী লোক সকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক।
6 Gama yaya zan jure da ganin masifa ta faɗa a kan mutanena? Yaya zan jure in ga an hallaka iyalina?”
কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”
7 Sarki Zerzes ya amsa wa Esta da Mordekai mutumin Yahuda, “Domin Haman ya kai wa Yahudawa hari, na ba da mallakarsa ga Esta, an kuma rataye shi a wurin rataye mai laifi.
তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ক ক’লে, “চোৱা, মই ইষ্টেৰক হামনৰ সা-সম্পত্তি দিলোঁ, আৰু হামনক ফাঁচি কাঠত ফাঁচিও দিয়া হ’ল, কাৰণ সি ইহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল।
8 Yanzu ku rubuta wata doka, a sunan sarki, a madadin Yahudawa, yadda kuka ga ya fi kyau ku kuma hatimce ta da zoben hatimin sarki, gama babu takardar da aka rubuta da sunan sarki, aka kuma hatimce da zobensa da za a iya sokewa.”
এতিয়া যিহুদী লোকসকলৰ অৰ্থে ৰজাৰ নামেৰে আন এটা আজ্ঞা পত্র লিখা হওক; আৰু ৰজাৰ আঙঠিৰে তাত মোহৰ মৰা হওক। কাৰণ ৰজাৰ নামেৰে ইতিমধ্যে লিখা, আৰু ৰজাৰ আঙঠিৰে মোহৰ মৰা পত্ৰ কেতিয়াও বাতিল হ’ব নোৱাৰে।”
9 Nan da nan aka kira magatakardun fada, a ranar ashirin da uku ga watan uku, wato, watan Siban. Suka rubuta dukan umarnan Mordekai ga Yahudawa, da kuma ga shugabanni, da gwamnoni, da hakiman larduna 127 tun daga Indiya har zuwa Kush. Aka rubuta waɗannan umarnan a rubutun kowane lardi, da kuma cikin harshen kowane mutane. Aka kuma rubuta ga Yahudawa a rubutunsu da harshensu.
তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।
10 Mordekai ya yi rubutu da sunan Sarki Zerzes, ya hatimce saƙonin da zoben hatimin sarki, ya kuma aika da su ta hannun masu’yan aika a kan dawakai, waɗanda sukan hau dawakai masu gudu sosai, da aka yi kiwonsu musamman saboda sarki.
১০মৰ্দখয়ে এই পত্র ৰজা অহচবেৰোচৰ নামেৰে লিখি তাত ৰজাৰ আঙঠিৰে মোহৰ মাৰিছিল। ৰাজ অশ্ৱপালনৰ প্রতিষ্ঠানৰ পৰা ৰাজ-কাৰ্য্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত সংবাদবাহক সকলৰ দ্বাৰাই সেই কাগজ পত্ৰবোৰ পঠিয়াই দিয়া হ’ল।
11 Dokar sarki ta ba wa Yahudawa a kowace birni izini su taru, su kuma kāre kansu, domin su hallaka, su kashe, su kuma hallaka kowace ƙungiyar mayaƙa, na kowace ƙasa, ko lardi, da wataƙila za su kai musu, da matansu, da yaransu hari; su kuma washe mallakar abokan gābansu.
১১এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
12 Ranar da aka shirya domin Yahudawa su yi wannan a dukan lardunan Sarki Zerzes, ita ce ranar goma sha uku ga watan goma sha biyu, wato, watan Adar.
১২ৰজা অহচবেৰোচৰ অধীনত থকা সকলো প্রদেশলৈ ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হ’ল, সেয়া আছিল দ্বাদশ মাহৰ তেৰ তাৰিখ, অৰ্থাৎ অদৰ মাহৰ তেৰ তাৰিখ।
13 Za a ba da kofi na rubutacciyar dokar a matsayin ƙa’ida a kowane lardi, a kuma sanar wa mutanen kowace ƙasa, domin Yahudawa su zauna da shiri a ranar, domin su ɗau fansa a kan maƙiyansu.
১৩সকলো লোকলৈ এই আজ্ঞা, বিধান স্বৰূপে জাৰি কৰি জনসাধাৰণৰ মাজত প্রকাশ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হৈছিল; যাতে সেই দিনা যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুক প্রতিশোধ লবলৈ যুগুত হৈ থাকে।
14 ’Yan aikan, a kan dawakan fada, suka fita a guje, umarnin sarki yana iza su. Aka kuma ba da dokar a mazaunin masarauta wadda take Shusha.
১৪তাতে ৰাজ-কাৰ্য্যত ব্যৱহাৰ হোৱা বেগী ঘোঁৰাত সংবাদবাহক সকলে উঠি বেগাই ৰজাৰ সেই পত্র বিলাবলৈ গৈছিল; আৰু সেই আজ্ঞা পত্র চুচন ৰাজপ্রসাদতো জাৰি কৰা হৈছিল।
15 Mordekai kuwa ya fita a gaban sarki da rigunan sarauta, masu ruwan shuɗi, da fari, da babban kambi na zinariya, da alkyabba ta lilin mai ruwan shunayya. Aka yi sowa don murna a birnin Shusha.
১৫তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
16 Ga Yahudawa kuwa, lokaci ne na murna da farin ciki, da jin daɗi da bangirma.
১৬যিহুদী লোকসকলে লঘু অনুভৱ কৰিলে; আৰু তেওঁলোকে আনন্দ, উল্লাস আৰু গৌৰৱ কৰিলে।
17 A kowane lardi da kowace birni, ko’ina da dokar sarki ta kai, aka yi farin ciki a cikin Yahudawa, cike da bukukkuwa. Yawan mutane da waɗansu ƙasashe suka zama Yahudawa, don tsoron Yahudawa ya kama su.
১৭প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।

< Esta 8 >