< Esta 4 >

1 Sa’ad da Mordekai ya sami labari game da dukan abin da aka yi, sai ya yayyage rigunansa, ya sanya tsummokin makoki, ya zuba toka a kā, ya kuma shiga ciki birni yana kuka mai zafi da ƙarfi.
মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পাই নিজৰ কাপোৰ ফালিলে, আৰু চট কাপোৰ পিন্ধি ছাঁই সানি নগৰৰ মাজলৈ গৈ বেদনাৰে চিঞৰি চিঞৰি কান্দিব ধৰিলে।
2 Amma ya kai bakin ƙofar sarki ne kawai, gama ba a yarda wani sanye da tsummokin makoki yă shiga cikin birni ba.
তেওঁ কেৱল ৰাজ দুৱাৰলৈকেহে গ’ল; কাৰণ চট কাপোৰ পিন্ধি কোনো এজনকো ৰাজদুৱাৰত সোমাব দিয়া হোৱা নাছিল।
3 Aka yi makoki sosai da azumi, da kuka mai zafi a cikin Yahudawa a kowane lardin da aka kai doka da kuma umarnin sarki. Mutane da yawa suka kwanta a cikin tsummokin makoki da kuma toka.
প্ৰত্যেক প্ৰদেশৰ যিবোৰ ঠাইত ৰজাৰ সেই আদেশ আৰু আজ্ঞা পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত মহাশোক, লঘোন, ক্ৰন্দন আৰু বিলাপ হ’ল। তেওঁলোকৰ মাজৰ অনেক লোকে চট কাপোৰ পিন্ধি ছাঁইৰ ওপৰত শুই পৰিল।
4 Sa’ad da bayi da bābānnin Esta suka zo suka faɗa mata game da Mordekai, sai ta damu ƙwarai. Ta aika masa da riguna domin yă sa a maimakon tsummokin makoki, amma ya ƙi.
ইষ্টেৰৰ আলপৈচান ধৰা যুৱতী আৰু তেওঁৰ নপুংসক দাস সকলে যেতিয়া তেওঁৰ ওচৰলৈ আহি সেই কথা ক’লে, তেতিয়া ৰাণীয়ে মনত অতিশয় বেজাৰ পালে। তেওঁ মৰ্দখয়ৰ বাবে কাপোৰ দি পঠিয়ালে (যাতে মৰ্দখয়ে চট কাপোৰ খুলি সেই কাপোৰ পিন্ধিব পাৰে) কিন্তু তেওঁ সেইবোৰ গ্রহণ নকৰিলে।
5 Sai Esta ta kira Hatak, ɗaya daga cikin bābānnin sarkin da aka ba shi aikin lura da ita, ta umarce shi yă yi tambaya me ke damun Mordekai da kuma me ya jawo haka.
তেতিয়া ইষ্টেৰ তেওঁক পৰিচৰ্যা কৰিবলৈ ৰজাই নিযুক্ত কৰা হথাক নামৰ এজন ৰাজ-নপুংসকক মাতি পঠিয়ালে। তেওঁক মৰ্দখয়ৰ লগত কি ঘটিছিল আৰু তাৰ মানে কি সেই বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ যাবলৈ আজ্ঞা দিলে।
6 Saboda haka Hatak ya tafi wurin Mordekai a dandalin birni, a gaban ƙofar sarki.
সেয়ে হথাকে ৰাজদুৱাৰৰ সন্মুখৰ নগৰৰ চকলৈ গৈ মৰ্দখয়ক ল’গ ধৰিলে।
7 Mordekai ya faɗa masa duk abin da ya faru da shi, haɗe da yawan kuɗin da Haman ya yi alkawari zai zuba a ma’ajin fada don a hallaka Yahudawa.
তেতিয়া মৰ্দখয়ে নিজৰ লগত যি ঘটিছিল, আৰু যিহুদী লোকসকলক বধ কৰিবলৈ হামনে যি পৰিমাণৰ ৰূপ ৰাজভঁৰালত দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই সকলো বিষয় তেওঁক ক’লে।
8 Ya kuma ba shi kofi na rubutaccen doka na kakkaɓe su, wanda aka wallafa a Shusha don yă nuna wa Esta, yă bayyana mata. Mordekai ya faɗa wa Hatak yă iza ta tă tafi gaban sarki domin tă yi roƙo don jinƙai, tă kuma roƙe shi saboda mutanenta.
ইহুদী সকলৰ বিনাশৰ বাবে যি আজ্ঞা পত্ৰ চুচনত বিলোৱা হৈছিল, তাৰ এখন নকলো তেওঁক দিলে; যাতে সেই পত্রৰ নকল ইষ্টেৰক দেখুৱাব পাৰে আৰু সেই বিষয়ে তেওঁক জনাব পাৰে, যাতে ইষ্টেৰে এই বিষয়ে ৰজাৰ ওচৰলৈ গৈ তেওঁৰ আগত স্বজাতীয় লোকসকলৰ বাবে তেওঁলোকৰ হৈ মিনতি আৰু প্ৰাৰ্থনা কৰিব পাৰে, সেই বাবে তেওঁক ওপৰত দ্বায়ীত্ব দিবলৈ ক’লে।
9 Hatak ya koma ya ba wa Esta rahoton abin da Mordekai ya faɗa.
সেয়ে হথাকে গৈ মৰ্দখয়ে তেওঁক যিবোৰ কথা ক’লে, সেই সকলো কথা ইষ্টেৰক জনালে।
10 Sa’an nan Esta ta umarce Hatak yă ce wa Mordekai,
১০তেতিয়া ইষ্টেৰে হথাকৰ লগত কথা পাতিলে। তেওঁক মৰ্দখয়ৰ ওচৰলৈ উভতি যাবলৈ কৈ,
11 “Dukan hafsoshin sarki da mutanen lardunan sarki sun san cewa duk wanda ya tafi wurin sarki a shirayi na ciki, mace ko namiji, ba tare da an kira shi ba, doka ɗaya ce take kan mutum, wato, kisa. Abu guda kawai da ya sha bamban shi ne sai wanda sarki ya miƙa wa sandan sarauta na zinariya don yă rayu. Kwana talatin ke nan ba a kira ni in tafi wurin sarki ba.”
১১ইষ্টেৰে হথাক ক’লে, “ৰজাৰ দাস সকল আৰু ৰজাৰ প্ৰদেশৰ সকলো লোকেই জানে যে, পুৰুষ বা মহিলাই হওক, ৰজাই নমতালৈকে যি কোনোৱে ৰজাক ল’গ ধৰিবলৈ ভিতৰৰ চোতাললৈ যায়, তেওঁৰ কাৰণে কেৱল এটাই বিধান আছে যে, তেওঁৰ অৱশ্যেই মৃত্যু দণ্ড হ’ব, কেৱল যি জনলৈ ৰজাই সোণাময় ৰাজদণ্ড ডালি মেলি দিয়ে, সেই জনেহে জীয়াই থাকিব পাৰে। আজি ত্ৰিশ দিন হ’ল, মই ৰজাৰ ওচৰলৈ যাবলৈ আদেশ পোৱা নাই।”
12 Sa’ad da aka kai wa Mordekai rahoton maganan Esta,
১২সেয়ে ইষ্টেৰৰ এই কথা হাথকে মৰ্দখয়ক জনালে।
13 sai ya mayar da wannan amsa wa Esta cewa, “Kada ki yi tsammani cewa don kina a cikin gidan sarki, ke kaɗai cikin dukan Yahudawa za ki tsira.
১৩তেতিয়া মৰ্দখয়ে ইষ্টেৰলৈ সেই বাৰ্তা পুনৰ ঘূৰাই পঠালে: “যিহুদী লোকসকলৰ মাজৰ তুমি ৰাজপ্রসাদত থকাৰ বাবে তুমি যে ৰক্ষা পাবা, তেনে নাভাবিবা।
14 Gama in kin yi shiru a wannan lokaci, taimako da ceto zai zo daga wani wuri saboda Yahudawa, amma ke da gidanki za ku hallaka. Wa ya san ko saboda irin wannan lokaci ne kika sami wannan muƙami?”
১৪যদি তুমি এই সময়ত নিজম দি থকা, তেনেহলে যিহুদী লোকসকলক সহায় আৰু উদ্ধাৰ কৰিবলৈ আন কোনো ঠাইৰ পৰা কোনো এজন আহিব; কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশ বিনষ্ট হ’ব। কোনে জানে এই বিপদৰ সময়ৰ বাবেই হয়তু তুমি ৰাণী পদ পাইছা?”
15 Sai Esta ta aika da wannan amsa ga Mordekai cewa,
১৫তেতিয়া ইষ্টেৰে মৰ্দখয়লৈ এই উত্তৰ দি পঠালে,
16 “Ka tafi, ka tattara dukan Yahudawan da suke Shusha, ku yi azumi saboda ni. Kada ku ci ko ku sha, dare da rana har kwana uku. Ni kuwa da bayina za mu yi azumi yadda kuke yi. Idan aka yi haka, zan tafi wurin sarki, ko da yake wannan karya doka ce. Idan na hallaka, to, na hallaka.”
১৬“আপুনি যাওক; আৰু চুচনত বাস কৰা সকলো যিহুদী লোকসকলক একগোট কৰক। অাপোনালোক মোৰ কাৰণে লঘোন দিয়ক। তিনি দিন তিনি ৰাতি একো পান নকৰিব নাইবা ভোজন নকৰিব। মই আৰু মোৰ যুৱতী দাস সকলেও সেই একেদৰে লঘোন দিম। তাৰ পাছত যদিও এই কাৰ্য নিয়মৰ বিৰুদ্ধে হয়, তথাপি মই ৰজাৰ ওচৰলৈ যাম। যদি বিনষ্ট হ’ব লাগে তেনেহ’লে মই হ’ম।”
17 Saboda haka, Mordekai ya tafi, ya aikata dukan umarnan Esta.
১৭মৰ্দখয়ে ইষ্টেৰে তেওঁক কোৱাৰ দৰে কৰিবলৈ গ’ল।

< Esta 4 >