< Mai Hadishi 9 >

1 Sai na yi tunani a kan wannan na kuma gane cewa masu adalci da masu hikima da kuma abubuwan da suke yi suna a hannun Allah ne, amma ba wanda ya san ko ƙauna ko ƙiyayya ce take jiransa.
সেয়ে মই এই সকলো বিষয়ে চিন্তা কৰিলোঁ আৰু দেখিলোঁ যে, ধাৰ্মিক আৰু জ্ঞানী লোকসকল তথা তেওঁলোকৰ সকলো কার্য ঈশ্বৰৰ হাতত। কোনেও নাজানে তেওঁক প্ৰেম কৰা হ’ব নে ঘৃণা কৰা হ’ব।
2 Dukansu makomarsu ɗaya ce, masu adalci da masu mugunta, masu kirki da marasa kirki, masu tsabta da marasa tsabta, masu miƙa hadaya da waɗanda ba sa yi. Kamar yadda yake ga mutumin kirki, haka yake ga mai zunubi. Kamar yadda yake ga masu yin rantsuwa, haka ma da masu tsoron yi.
সকলোৰে ক্ষেত্রত শেষ পৰিণতি একেই। ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ আৰু বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একে ঘটে; যেনেদৰে সৎ লোকৰ মৃত্যু হয়, তেনেদৰে পাপীৰো হয়; ঈশ্বৰৰ ওচৰত প্রতিশ্রুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয়, তেনেকৈ প্রতিশ্রুতি দিবলৈ ভয় কৰা জনৰো হয়।
3 Wannan ita ce muguntar da take faruwa a cikin dukan abubuwa a duniya. Ƙaddara ɗaya ce take a kan kowa. Amma zukatan mutane cike suke da mugunta, akwai kuma hauka a zukatansu yayinda suke a raye, bayan haka kuma sai su mutu.
সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।
4 Duk wanda yake da rai a wannan duniya ta rayayyu, yana sa zuciya, gara rayayyen kare da mataccen zaki!
সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’।
5 Gama rayayyu sun san za su mutu, amma matattu ba su san kome ba; ba su da wata lada nan gaba an manta da su ke nan gaba ɗaya.
কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
6 Ƙaunarsu, ƙiyayyarsu, da kuma kishinsu tuni sun ɓace; ba za su taɓa zama sashen wani abin da yake faruwa a duniya ba.
তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব।
7 Yi tafiyarka, ka ci abincinka da farin ciki, ka sha ruwan inabinka da farin zuciya, gama abin da ka yi duka daidai ne a wurin Allah.
সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।
8 Kullum ka kasance cikin farin riguna, ka kuma shafe kanka da mai kullum,
সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।
9 Ka more rayuwa da matarka, wadda kake ƙauna, dukan kwanakin nan marasa amfani da Allah ya ba ka a duniya. Gama wannan ne rabonka a rayuwa da kuma na faman aikinka a duniya.
সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
10 Duk abin da hannunka yake yi, ka yi shi da dukan ƙarfinka, gama a cikin kabari in da za ka, babu aiki ko shirye-shirye, ko sani, ko hikima. (Sheol h7585)
১০তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই। (Sheol h7585)
11 Na kuma ga wani abu a duniya. Ba kullum maguji ne yake nasara a tsere ba, ba kullum jarumi ne yake yin nasara ba, ba kullum mai hikima ne da abinci ba ba kullum mai basira ne yake da wadata ba ba kullum gwani ne yake samun tagomashi ba; amma sa’a, da tsautsayi, sukan sami kowannensu.
১১সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
12 Ban da haka ma, ba wanda ya san sa’ad da lokacin mutuwarsa zai yi. Kamar yadda akan kama kifi a muguwar raga, ko a kama tsuntsu a tarko, haka mugun lokaci yakan auko wa mutane, ba tsammani.
১২কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
13 Na kuma ga wani misali game da hikima a duniya wanda ya burge ni sosai.
১৩মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।
14 An yi wani ɗan ƙaramin birni mai mutane kaɗan a ciki. Sai wani babban sarki ya kawo masa yaƙi, ya kafa masa babban sansani.
১৪এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
15 A cikin birnin nan kuwa akwai wani mutum matalauci amma mai hikima, ya kuma ceci birnin ta wurin hikimarsa. Amma ba wanda ya tuna da matalaucin nan.
১৫সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
16 Sai na ce, “Hikima ta fi ƙarfe ƙarfi.” Amma aka rena hikimar matalaucin, ba a ma jin maganarsa.
১৬সেয়ে মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।”
17 Raɗar mai hikima da aka saurara cikin natsuwa ta fi ihun mai mulkin wawaye.
১৭অজ্ঞানীসকলৰ মাজত কৰা এজন শাসনকর্তাৰ গর্জনতকৈ বৰং জ্ঞানৱানৰ শান্ত-সৌম্য কথা শুনা ভাল।
18 Hikima ta fi kayan yaƙi, amma mai zunubi ɗaya yakan rushe alheri mai yawa.
১৮যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।

< Mai Hadishi 9 >