< Mai Hadishi 2 >
1 Na ce wa kaina, “Zo, zan gwada ka da jin daɗi don in ga abin da yake da kyau.” Amma wannan ma ya zama ba amfani.
১মই মোৰ হৃদয়ক ক’লোঁ, “আহাঁ, মই আমোদ-প্রমোদেৰে তোমাক পৰীক্ষা কৰি চাম; সেয়ে, এতিয়া সুখ উপভোগ কৰা।” কিন্তু দেখিলোঁ, ইও কেৱল এক অস্থায়ী বতাহৰ দৰে অসাৰ আছিল।
2 Sai na ce, “Dariya hauka ce. Kuma me jin daɗi yake kawowa?”
২মই হাঁহিৰ বিষয়ে ক’লো, “ই বলিয়ালি,” আনন্দৰ বিষয়ত “ই কি কৰিব পাৰে?
3 Na yi ƙoƙari in sa raina yă yi farin ciki da ruwan inabi, in kuma rungumi wauta, hankalina kuma yana yin mini jagora da hikima. Na so in ga abin da yake da daraja ga mutane a duniya a’yan kwanakinsu.
৩আকাশৰ তলত, মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দ্রাক্ষাৰসেৰে মোৰ শৰীৰক আনন্দিত কৰিম; কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্রজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ’ম, মই মনতে অন্বেষণ কৰি চালোঁ।
4 Na yi ayyuka masu girma. Na gina gidaje wa kaina na kuma shuka gonakin inabi.
৪মই কিছুমান মহৎ কাৰ্য কৰিলোঁ; মই নিজৰ কাৰণে অনেক ঘৰ সাজিলোঁ আৰু দ্ৰাক্ষাবাৰী পাতিলো;
5 Na yi lambuna da wuraren shaƙatawa, na shuka itatuwa masu’ya’ya iri-iri a cikinsu.
৫মই ঠায়ে ঠায়ে অনেক বাগিছা আৰু উদ্যান তৈয়াৰ কৰি তাত সকলো ধৰণৰ ফল ধৰা গছ ৰুলোঁ;
6 Na yi tankuna don in yi banruwan kurmin itatuwa.
৬গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ;
7 Na sayi bayi mata da maza, ina kuma da waɗansu bayin da aka haifa a gidana. Ina da garkunan shanu da na tumaki da na awaki fiye da duk wanda ya taɓa zama a Urushalima kafin ni.
৭মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ ৰাজপ্রাসাদতো অনেক দাস-দাসীৰ জন্ম হৈছিল; মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু-ছাগলী আৰু মেৰ-ছাগ আদি পশুধনৰ জাক আছিল;
8 Na tara wa kaina azurfa da zinariya, ina da ma’ajin sarakuna da yankuna. Na samo wa kaina mawaƙa mata da maza, da dukan irin matan da kowane namiji zai so.
৮মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল।
9 Na ƙasaita fiye da kowane mutumin da ya riga ni zama a Urushalima. Cikin dukan wannan, hikimata ba tă rabu da ni ba.
৯মোৰ আগেয়ে যিৰূচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু ঐশ্বর্যশালী হ’লো। তেতিয়াও প্রজ্ঞা মোৰ লগত আছিল।
10 Ban hana kaina duk wani abin da idona ya yi sha’awarsa ba; ban hana zuciyata wani jin daɗi ba. Zuciyata ta yi murna da dukan aikina, wannan kuwa shi ne ladan dukan famata.
১০মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল।
11 Duk da haka sa’ad da na duba dukan aikin hannuwana, da abin da na yi fama don in samu, sai kome ya zama ba shi da amfani, naushin iska ne kawai; babu wata riba a duniya.
১১তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
12 Sai na juya ga tunanina don in lura da hikima, da kuma hauka da wauta. Me ya rage wa magājin sarki yă yi fiye da abin da aka riga aka yi?
১২পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।
13 Na ga cewa hikima ta fi wauta, kamar yadda haske ya fi duhu.
১৩মই দেখিলোঁ, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্রজ্ঞা উত্তম।
14 Mai hikima ya san inda ya nufa, wawa kuwa yana tafiya a cikin duhu; amma sai na gane cewa ƙaddara ɗaya ce take samunsu.
১৪জ্ঞানী মানুহৰ মূৰত চকু থাকে; কিন্তু অজ্ঞান লোকে হ’লে অন্ধকাৰত ভ্ৰমণ কৰে; তথাপি মই এটাই বুজিলো যে, সকলোৰে শেষ দশা একে হয়।
15 Sai na yi tunani a zuciyata, “Ƙaddarar wawa za tă same ni ni ma. Wace riba ce hikimata za tă jawo mini?” Na ce a zuciyata, “Wannan ma ba shi da amfani.”
১৫তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”
16 Gama ba za a ƙara tunawa da mai hikima ko wawa ba; nan gaba za a manta da su. Yadda wawa zai mutu, haka ma mai hikima!
১৬মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।
17 Don haka na ƙi jinin rayuwa, gama aikin da ake yi a duniya yana ɓata mini rai. Dukan abin da yake cikinta kuwa ba shi da amfani, naushin iska ne kawai.
১৭এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18 Na ƙi jinin dukan abubuwan da na yi wahala ina yi a duniya, gama dole in bar su wa na bayana.
১৮সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
19 Wa ya sani ko zai zama mai hikima ko kuma wawa? Duk da haka zai mallaki dukan aikin da na yi da ƙoƙarina da kuma dabarata a duniya. Wannan ma ba shi da amfani.
১৯সেই লোক জ্ঞানী নে অজ্ঞানী হ’ব, তাক কোনে জানে? তথাপি তেৱেঁই মোৰ সকলো কার্যৰ ফল ভোগ কৰিব, কিয়নো তেওঁৰ বাবেই মই সূৰ্যৰ তলত পৰিশ্ৰম কৰিছোঁ আৰু জ্ঞানৰ পৰিচয় দিলোঁ। ইও অসাৰ।
20 Saboda haka zuciyata ta fara karaya a kan dukan faman aikina a duniya.
২০এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, তাৰ বাবে মোৰ মন নিৰাশ হবলৈ ধৰিলে।
21 Gama mutum zai yi aikinsa da dukan hikimarsa, da saninsa, da gwanintarsa, sa’an nan dole yă bar dukan abin da ya mallaka ga wani wanda bai yi wahalar kome a ciki ba. Wannan ma ba shi da amfani, hasara ce mai yawa.
২১কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে; কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়, যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।
22 Me mutum zai samu daga aikin da ya yi duka, da irin ɗawainiyar da ya sha a kan yin aikin a duniya?
২২সূৰ্যৰ তলত মানুহে যি যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপ লয়, তাৰ ফলত তেওঁৰ কি লাভ হয়?
23 Dukan kwanakinsa aikinsa damuwa ce da ɓacin zuciya; ko da dare ma hankalinsa ba a kwance yake ba. Wannan ma ba shi da amfani.
২৩প্রত্যেক দিনা তেওঁৰ কামত দুখ আৰু বিৰক্তি থকে; এনেকি ৰাতিও তেওঁৰ মনে বিশ্রাম নাপায়। ইও অসাৰ।
24 Ba abin da mutum zai yi da ya fi yă ci, yă sha, yă ji wa ransa daɗi daga aikinsa. Na lura cewa wannan ma, ya fito daga hannun Allah ne,
২৪তেন্তে মানুহৰ পক্ষে ভোজন-পান কৰা আৰু নিজ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোকে নাই। মই দেখিলোঁ যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে।
25 gama in ba tare da shi ba, wa zai iya ci yă sha yă kuma ji daɗi?
২৫কাৰণ ঈশ্বৰে নিদিলে কোনে মোক বাদ দি খাব পাৰে অথবা কোনে যি কোনো ধৰণৰ আনন্দ ভোগ কৰিব পাৰে?
26 Ga wanda ya gamshe shi, Allah yakan ba da hikima da sani da farin ciki, amma ga mai zunubi yakan ba shi aikin tarawa da ajiyar dukiya domin yă miƙa wa wanda ya gamshi Allah. Wannan ma ba shi da amfani, naushin iska ne kawai.
২৬যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।