< Maimaitawar Shari’a 4 >
1 To, ku ji, ya Isra’ila, ku kasa kunne ga ƙa’idodi da dokokin da nake shirin koya muku. Ku bi su domin ku yi tsawon rai, ku kuma shiga ku mallaki ƙasar da Ubangiji, Allahn kakanninku yake ba ku.
১এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
2 Kada ku ƙara, kada ku rage daga cikin abin da nake umarce ku. Amma ku kiyaye umarnan nan na Ubangiji Allahnku, da na ba ku.
২মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
3 Da idanunku, kun ga abin da Ubangiji ya yi a Ba’al-Feyor. Yadda Ubangiji Allahnku ya hallaka waɗansu daga cikinku waɗanda suka yi wa Ba’al-Feyor sujada,
৩আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
4 Amma ku da kuka manne ga Ubangiji Allahnku, kuna da rai har wa yau.
৪কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
5 Ga shi, na koya muku ƙa’idodi da dokoki, yadda Ubangiji Allahna ya umarce ni, don ku bi su a ƙasar da za ku shiga ku mallaki.
৫শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
6 Ku kiyaye su, ku aikata su, gama yin haka zai tabbatar wa sauran al’ummai, kuna da hikima da ganewa. Sa’ad da al’ummai za su ji waɗannan dokoki, za su ce, “Ba shakka, wannan babbar al’umma tana da hikima da ganewa.”
৬আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
7 Wace al’umma ce mai girma haka wadda allolinta take kusa da su yadda Ubangiji Allahnmu yake kusa da mu a duk sa’ad da muka yi addu’a gare shi?
৭চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
8 Wace al’umma ce mai girma haka wadda take da ƙa’idodi da dokoki masu adalci kamar waɗannan ƙunshin dokokin da nake sa a gabanku a yau?
৮মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
9 Ku kula, ku kuma lura da kanku sosai, don kada ku manta da abubuwan da idanunku suka gani, ko kuwa ku bari su fita daga zuciyarku muddin ranku. Ku koyar da su ga’ya’yanku, da’ya’yan’ya’yanku.
৯যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
10 Ku tuna da ranar da kuka tsaya a gaban Ubangiji Allahnku a Horeb, sa’ad da ya ce mini, “Ka tara mutane a gabana, don su ji maganata, su koya yin mini bangirma muddin ransu a ƙasar, su kuma iya koyar da su ga’ya’yansu.”
১০যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
11 Sai kuka matso kusa, kuka tsaya a gindin dutse yayinda yana cin wuta har zuwa sararin sama, ga kuma baƙin gizagizai da kuma baƙin duhu.
১১সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
12 Sai Ubangiji ya yi magana daga wutar. Kuka ji furcin kalmomin, amma ba ku ga siffar kome ba, sai dai murya kaɗai kuka ji.
১২সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
13 Ya furta alkawarinsa gare ku, Dokoki Goma, waɗanda ya umarce ku ku bi, ya kuma rubuta su a alluna biyu.
১৩তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
14 Sa’an nan Ubangiji ya umarce ni a wannan lokaci, in koya muku ƙa’idodi da dokokin da za ku bi a ƙasar da kuke hayewa Urdun don mallake.
১৪সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
15 Ba ku ga wata siffa a ranar da Ubangiji ya yi magana da ku a Horeb daga wuta ba. Saboda haka ku lura da kanku sosai,
১৫যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
16 don kada ku lalace, ku kuma yi wa kanku gunki, siffa ta wani kama, ko a kamannin namiji, ko kuwa ta mace,
১৬সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
17 ko a kamannin wata dabba a duniya, ko na wani tsuntsun da yake tashi a sama,
১৭পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
18 ko kuwa a kamannin wata halittar da take rarrafe a ƙasa, ko na wani kifi a cikin ruwaye a ƙarƙashi.
১৮নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
19 Sa’ad da kuka ɗaga ido kuka kali sama, kuka ga rana da wata, da taurari, da dukan halittun sama, sai ku kula fa, kada ku jarrabtu, ku ce za ku yi musu sujada, ko ku bauta musu; abubuwan nan Ubangiji Allahnku ne ya rarraba wa dukan al’umman da suke ko’ina a ƙarƙashin sararin sama.
১৯আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
20 Amma ku, Ubangiji ya ɗauke ku, ya fid da ku daga matuya mai narken ƙarfe, wato, daga Masar, domin ku zama jama’arsa ta musamman kamar yadda kuke a yau.
২০যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
21 Ubangiji ya yi fushi da ni saboda ku, ya kuma yi rantsuwa cewa ba zan haye Urdun, in shiga ƙasan nan mai kyau da Ubangiji Allahnku yake ba ku gādo ba.
২১তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
22 Zan mutu a wannan ƙasa; ba zan haye Urdun ba; amma kuna gab da ƙetarewa, ku mallaki wannan ƙasa mai kyau.
২২মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
23 Ku yi hankali kada ku manta da alkawarin da Ubangiji Allahnku ya yi da ku; kada fa ku yi wa kanku gunki a kamannin wani abin da Ubangiji Allahnku ya hana.
২৩এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
24 Gama Ubangiji Allahnku wuta ne mai ƙuna, Allah ne mai kishi.
২৪কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
25 Bayan kun haifi’ya’ya da jikoki, kuka kuma zauna na dogon lokaci a ƙasar, in har kuka lalace, kuka kuma yi wani irin gunki, kuna aikata mugunta a gaban Ubangiji Allahnku, kuna kuma sa shi fushi.
২৫যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
26 Yau, na kira sama da duniya, su zama shaidata a kanku. Idan kuka yi rashin biyayya, lalle za ku hallaka nan da nan daga ƙasar da kuke ƙetare Urdun ku gāda. Ba za ku daɗe a cikinta ba, amma za a kawar da ku ƙaƙaf.
২৬মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
27 Ubangiji zai watsar da ku a cikin mutane, ɗan kaɗan ne kaɗai za su ragu a cikin al’umman da Ubangiji zai kai ku.
২৭যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
28 A can za ku bauta wa allolin da mutum ya yi, na itace da dutse da ba sa gani, ba sa ji, ba sa ci, ba kuma iya sansanawa.
২৮সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
29 Amma daga can in kuka nemi Ubangiji Allahnku, da dukan zuciyarku da kuma dukan ranku, za ku same shi.
২৯কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
30 Sa’ad da kuke cikin wahala saboda waɗannan abubuwan da suka same ku nan gaba, to, sai ku juyo ga Ubangiji Allahnku, ku kuma yi masa biyayya.
৩০যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
31 Gama Ubangiji Allahnku, Allah ne mai jinƙai; ba zai yashe ku ko yă hallaka, ko kuma yă manta da alkawarin da ya yi da kakanninku, wanda ya tabbatar da su da rantsuwa ba.
৩১কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
32 Ku bincika dukan tarihi mana, tun daga lokacin da Allah ya halicci mutane a cikin duniya har yă zuwa yanzu; ku tantambaya daga wannan kusurwa ta samaniya zuwa waccan, ko wani babban abu irin wannan ya taɓa faruwa, ko kuma an taɓa jin labarin irinsa?
৩২এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
33 Akwai waɗansu mutanen da suka taɓa jin muryar Allah yana magana daga wuta, kamar yadda kuka ji har suka rayu?
৩৩আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
34 Akwai wani allahn da ya taɓa yin ƙoƙari yă ɗauko wa kansa wata al’umma daga wata al’umma, ta wurin gwaje-gwaje, ta wurin alamu masu banmamaki da al’ajabai, ta wurin yaƙi, ta wurin hannu mai iko, da kuma hannu mai ƙarfi, ko kuwa ta wurin ayyuka masu bangirma da na banmamaki, kamar dukan abubuwan da Ubangiji Allahnku ya yi saboda ku a Masar, a kan idanunku?
৩৪ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
35 An nuna muku dukan waɗannan abubuwa saboda ku san cewa Ubangiji, shi ne Allah; ban da shi, babu wani.
৩৫যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
36 Daga sama ya sa kuka ji muryarsa, don yă hore ku. A duniya ya nuna muku wutarsa mai girma, kuka kuma ji kalmominsa daga wuta.
৩৬তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
37 Domin ya ƙaunaci kakanninku, ya kuma zaɓi zuriyarsu a bayansu, ya fitar da ku daga Masar ta wurin kasancewarsa da kuma ƙarfinsa mai girma,
৩৭কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
38 don yă fitar da ku a gaban al’ummai da suka fi ku girma da kuma ƙarfi, ya kawo ku cikin ƙasarsu, don yă ba ku ita ta zama gādonku, kamar yadda yake a yau.
৩৮আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
39 Ku sani, ku kuma riƙe a zuciya a wannan rana, cewa Ubangiji shi ne Allah a sama da kuma a ƙasa. Babu wani kuma.
৩৯এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
40 Ku kiyaye ƙa’idodi da umarnai, waɗanda nake ba ku a yau, domin zaman lafiyarku da kuma na zuriyarku bayan ba ku, domin kuma ku yi tsawon rai a ƙasa wadda Ubangiji Allahnku yake ba ku har abada.
৪০সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
41 Sa’an nan Musa ya keɓe birane uku gabas da Urdun,
৪১ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
42 waɗanda duk wanda ya yi kisankai, in ba da gangan ba ne ya kashe maƙwabcinsa, wanda babu ƙiyayya tsakaninsu a dā, zai iya gudu zuwa. Zai iya gudu zuwa cikin ɗaya daga waɗannan birane, yă tsira da ransa.
৪২সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
43 Biranen kuwa su ne, Bezer a dutsen hamada, don mutanen Ruben; Ramot Gileyad, don mutanen Gad; da kuma Golan a Bashan, don mutanen Manasse.
৪৩সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
44 Wannan ita ce dokar da Musa ya sa a gaban Isra’ilawa.
৪৪এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
45 Waɗannan su ne farillai, ƙa’idodi da kuma dokokin da Musa ya ba su, sa’ad da suka fito daga Masar.
৪৫এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
46 Sa’ad da suke a kwari kusa da Bet-Feyor, gabas da Urdun, a ƙasar Sihon sarkin Amoriyawa, wanda ya yi mulki a Heshbon, da Musa da Isra’ilawa suka ci da yaƙi sa’ad da suka fito daga Masar.
৪৬যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
47 Suka mallaki ƙasarsa da kuma ƙasar Og sarkin Bashan, sarakuna biyu na Amoriyawa, gabas da Urdun.
৪৭তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
48 Wannan ƙasa ta tashi daga Arower a kewayen Kwarin Arnon zuwa Dutsen Siyon (wato, Hermon),
৪৮এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
49 ya kuma haɗa da dukan Araba gabas da Urdun, har zuwa tekun Araba a gindin gangaren Fisga.
৪৯এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।