< Maimaitawar Shari’a 22 >
1 In kun ga saniya ko tunkiyar ɗan’uwanku wadda ta ɓace, kada ku ƙyale ta, amma ku tabbata kun komar da ita gare shi.
১আপোনালোকে ইস্রায়েলীয়া কোনো ভাইৰ গৰু বা মেৰ-ছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিব।
2 In ɗan’uwan ba ya zama kusa da ku, ko kuwa ba ku san shi ba, sai ku kai ta gida ku ajiye ta sai ya zo nemanta. Sa’an nan ku ba shi ita.
২যদি আপোনালোকৰ সেই ইস্রায়েলীয়া ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানে, তেন্তে সেই পশুক আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক আপোনালোকৰ ঘৰতে ৰাখি থ’ব; পাছত বিচাৰি আহিলে আপোনালোকে তাক ওলোটাই দিব।
3 Ku yi haka in kun sami jakin ɗan’uwanku, ko rigarsa, ko kowane abin da ya ɓace. Kada ku ƙyale shi.
৩আপোনালোকে তেওঁৰ গাধলৈকো একেদৰেই কৰিব; আৰু তেওঁলোকৰ কাপোৰ-কানিলৈকো সেইদৰেই কৰিব; আপোনালোকৰ ইস্রায়েলীয়া সকলৰ হেৰোৱা যিকোনো বস্তু আপোনালোকে পায়, সেই সকলো বিষয়তে আপোনালোকে সেই একেদৰেই কৰিব; আপোনালোকে নিজৰ মতে লুকুৱাই নাৰাখিব।
4 In kuka ga jakin ɗan’uwanku, ko saniyarsa ya fāɗi a kan hanya, kada ku ƙyale shi. Ku taimaka, ku tā da shi.
৪আপোনালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, আপোনালোকে সেইবোৰলৈ অৱহেলা নকৰিব; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিব।
5 Kada mace ta sa suturar maza, kada kuma namiji ya sa suturar mata, gama Ubangiji Allahnku yana ƙyamar duk mai yin haka.
৫পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।
6 In kuka ga gidan tsuntsu kusa da hanya, ko a kan itace, ko kuma a ƙasa, mahaifiyar tsuntsun kuwa tana kwance a kan’ya’yanta, ko kuwa a kan ƙwanta, kada ku kama mahaifiyar duk da’ya’yan.
৬আপোনালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে আপোনালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাব।
7 Za ku iya kwashe’ya’yan, amma ku tabbata kun bar mahaifiyar tă tafi. Yin haka zai sa ku sami zaman lafiya da tsawon rai.
৭আপোনালোকে পোৱালিবোৰক লৈ যাব পাৰে, কিন্তু মাকক অৱশ্যেই আপোনালোকে এৰি দিব লাগিব। তাতে আপোনালোকৰ উন্নতি হ’ব আৰু আপোনালোকৰ আয়ুস দীঘল হ’ব।
8 Sa’ad da kuka gina sabon gida, ku ja masa dakali kewaye da rufinku don kada ku jawo laifin zub da jini a kan gidanku in wani ya fāɗi daga kan rufin.
৮ঘৰ নির্ম্মাণ কৰাৰ সময়ত আপোনালোকে ছাদৰ চাৰিওঁফালে বেৰা দিব, যাতে কোনো ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ’লে, সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহ’ব।
9 Kada ku shuka iri biyu a gonar inabinku; in kuka yi haka, ba abin da kuka shuka ne kaɗai zai ƙazantu ba, amma har da inabinku ma.
৯দ্ৰাক্ষাবাৰীত আপোনালোকে দুই জাতৰ বীজ নলগাব; তেনে কৰিলে আপোনালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব।
10 Kada ku haɗa bijimi da jaki su yi noma tare.
১০গৰু আৰু গাধ দুয়োকে একজুঁট কৰি হাল নাবাব।
11 Kada ku sa rigar ulu da aka gauraye da lilin aka saƙa.
১১ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিব।
12 Ku yi tuntu a kusurwan huɗu na rigar da kuke sa.
১২আপোনালোকৰ গাত লোৱা চাদৰৰ চাৰি কোণা, পকোৱা সুতাৰে দহি বটিব।
13 In mutum ya auri mace, bayan ya kwana da ita, sa’an nan ya ƙi ta
১৩কোনোলোকে যদি বিয়া কৰি ভার্যাক লৈ শোৱাৰ পাছত তাইক পছন্দ নকৰে
14 ya kuma zarge ta, ya ba ta mummunan suna, yana cewa, “Na auri wannan mata, amma sa’ad da na kusace ta, ban sami tabbaci cewa ita budurwa ba ce,”
১৪আৰু তাইৰ অহিতে অনৰ্থক অপবাদ দি ক’য়, “মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাইৰ ওচৰত সেই প্রমাণ মই নাপালোঁ।”
15 sai mahaifin yarinyar da mahaifiyarta su kawo shaida cewa ita budurwa ce wa dattawan gari a ƙofar garin.
১৫তেতিয়া সেই ছোৱালীৰ বাপেক-মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতাসকলৰ ওচৰলৈ তাইৰ সতীত্বৰ প্রমাণ লৈ যাব।
16 Mahaifin yarinyar zai ce wa dattawa, “Na ba da’yata aure ga wannan mutum, amma ya ƙi ta.
১৬ছোৱালীজনীৰ বাপেকে বৃদ্ধ নেতাসকলক ক’ব, “মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ কিন্তু তেওঁ তাইক পচন্দ নকৰে।
17 Yanzu ya zage ta cewa, ‘Ban sami’yarku budurwa ba.’ Amma ga shaidar budurcin’yata.” Sa’an nan iyayenta za su shimfiɗa zanen a gaban dattawan garin,
১৭এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলী কৈ তেওঁলোকে বৃদ্ধ নেতাসকলৰ আগত কাপোৰখন মেলি দেখুৱাব।
18 dattawan kuwa za su ɗauki mutumin su hukunta shi.
১৮পাছত নগৰৰ বৃদ্ধ নেতাসকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব।
19 Za su ci masa tara shekel azurfa ɗari, su ba mahaifin yarinyar, domin wannan mutum ya ba wa budurwa mutuniyar Isra’ila mummunan suna. Za tă ci gaba da zama matarsa; ba kuwa zai sake ta ba muddin ransa.
১৯সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েলীয়া কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
20 Amma fa in zarge gaskiya ne, ba a kuwa sami shaidar budurcin yarinyar ba,
২০কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়,
21 sai a kawo ta a ƙofar gidan mahaifinta, a can mazan gari za su jajjefe ta da dutse har tă mutu. Ta yi abin kunya a Isra’ila ta wurin lalaci a yayinda take a gidan mahaifinta. Dole ku fid da mugu daga cikinku.
২১তেন্তে তেওঁলোকে ছোৱালীজনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েলীয়া সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এইদৰেই ইস্ৰায়েলীয়া সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
22 In aka kama wani yana kwance da matar wani, dole a kashe dukansu biyu, wato, mutumin da ya kwana da matar da kuma matar. Dole a fid da mugu daga Isra’ila.
২২যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলাগৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
23 In mutum ya sadu da budurwa a gari wadda aka yi alkawarin aure, ya kuma kwana da ita
২৩যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে,
24 sai ku ɗauki su biyu zuwa ƙofar wannan gari, ku jajjefe su da dutse har su mutum, za a kashe yarinyar domin tana a cikin gari ba ta kuwa yi ihu neman taimako ba, za a kashe mutumin domin ya yi lalata da matar wani. Dole ku fi da mugu daga cikinku.
২৪তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
25 Amma in a bayan gari ne mutumin ya sadu da yarinyar da aka yi alkawari aure, ya kuma yi mata fyaɗe, mutumin da ya yi wannan ne kaɗai zai mutu.
২৫কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, বলেৰে ধৰি কোনো পুৰুষে তাইৰ লগত শয়ন কৰে, তেন্তে যি পুৰুষে শয়ন কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব;
26 Kada ku yi wa yarinyar kome, ba tă yi zunubin da ya cancanci mutuwa ba. Wannan batu ya yi kamar da na mutumin da ya fāɗa wa maƙwabcinsa ya kuma kashe shi.
২৬কিন্তু ছোৱালীজনীক হ’লে আপোনালোকে একো নকৰিব। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো, ই এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়।
27 Tun da ya same ta a jeji ne, wataƙila yarinyar ta yi kukan neman taimako, amma babu wani da zai cece ta.
২৭পুৰুষজনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালীজনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
28 In mutum ya sadu da yarinyar da ba a yi alkawarin aurenta ba, ya kuma yi mata fyaɗe, aka kuma kama su,
২৮বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইৰ লগত শয়ন কৰে আৰু যদি তেওঁলোক ধৰা পৰে,
29 sai yă biya mahaifin yarinyar shekel hamsin na azurfa. Dole yă auri yarinyar, gama ya yi lalata da ita. Ba zai taɓa sake ta ba muddin ransa.
২৯তেন্তে তাইৰ লগত শয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
30 Kada mutum yă auri matar mahaifinsa, kada yă ƙasƙantar gādon mahaifinsa.
৩০পুৰুষে বাপেকৰ কোনো ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।