< Maimaitawar Shari’a 16 >

1 Ku kiyaye watan Abib, ku kuma yi shagalin Bikin Ƙetarewar Ubangiji Allahnku, domin a watan Abib ne ya fitar da ku daga Masar da dad dare.
আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল।
2 Ku miƙa’yar dabba daga cikin garkenku na tumaki, ko na shanu a matsayin Bikin Ƙetarewa ga Ubangiji Allahnku a wurin da Ubangiji zai zaɓa a matsayin mazauni don Sunansa.
ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ মেৰ-ছাগ, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
3 Kada ku ci shi da burodin da aka yi da yisti, kwana bakwai za ku ci burodi marar yisti, burodi ne na wahala, gama kun bar Masar da gaggawa, saboda haka dukan kwanakin rayuwarku za ku tuna da lokacin da kuka fita daga Masar.
মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
4 Kada a iske yisti a cikin mallakarku a dukan ƙasarku har kwana bakwai. Kada ku bar wani nama na hadayar da kuka yi a yammancin ranar farko, yă kwana har safe.
সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক।
5 Kada ku miƙa hadayar Bikin Ƙetarewa a wani garin da Ubangiji Allahnku yake ba ku,
ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব।
6 sai dai a wurin da ya zaɓa yă zama mazauni don Sunansa. A can za ku miƙa hadayar Bikin Ƙetarewa da yamma, sa’ad da rana tana fāɗuwa, a ranar tunawa da fitowarku daga Masar.
কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
7 Ku gasa shi, ku kuma ci a wurin da Ubangiji Allahnku ya zaɓa. Sa’an nan da safe, ku dawo cikin tentunanku.
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব।
8 Kwana shida za ku ci burodi marar yisti, a rana ta bakwai kuma sai ku yi taro ga Ubangiji Allahnku, a cikin wannan rana ba za ku yi kowane irin aiki ba.
আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব।
9 Ku ƙirga makoni bakwai, wato, ku fara ƙirga mako bakwai ɗin daga lokacin da kuka sa lauje don ku yanke hatsinku da suke tsaye.
তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব।
10 Sa’an nan ku yi shagalin Bikin Makoni ga Ubangiji Allahnku, ta wurin ba da hadaya ta yardar rai daidai da albarkun da Ubangiji Allahnku ya yi muku.
১০আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।
11 Ku kuma yi farin ciki a gaban Ubangiji Allahnku a wurin da ya zaɓa a matsayin mazauni don Sunansa, da ku da’ya’yanku maza da mata, da bayinku maza da mata, da Lawiyawan cikin biranenku, har ma da baƙi, da marayu, da kuma gwaurayen da suke zama a cikinku.
১১আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
12 Ku tuna fa, dā ku bayi ne a Masar, sai ku lura, ku bi waɗannan ƙa’idodi.
১২আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিব।
13 Ku yi shagalin Bikin Tabanakul har kwana bakwai, bayan kuka gama tattara amfanin gona daga masussukarku da kuma daga wuraren matsin inabinku.
১৩পাছত আপোনালোকৰ শস্যমৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
14 Ku yi farin ciki a Bikinku, da ku da’ya’yanku maza da mata, da bayinku maza da mata, da Lawiyawa, da baƙi, da marayu, da kuma gwaurayen da suke zama a cikin biranenku.
১৪আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
15 Kwana bakwai za ku yi shagalin Bikin ga Ubangiji Allahnku a wurin da ya zaɓa. Gama Ubangiji Allahnku zai albarkace ku a cikin dukan girbinku da kuma cikin dukan aikin hannuwanku, farin cikinku kuwa zai cika.
১৫যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব।
16 Sau uku a shekara dukan maza su bayyana a gaban Ubangiji Allahnku a wurin da ya zaɓa; a Bikin Burodi Marar Yisti, da a Bikin Makoni, da kuma a Bikin Tabanakul. Babu wani da zai bayyana a gaban Ubangiji hannu wofi.
১৬ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
17 Dole kowannenku yă kawo kyauta daidai yadda Ubangiji Allahnku ya albarkace shi.
১৭ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
18 Ku naɗa alƙalai da shugabanni don kowace kabila, a kowane birnin da Ubangiji Allahnku yake ba ku, za su kuma shari’anta mutane ba nuna bambanci.
১৮ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
19 Kada ku ɓata shari’a, ko ku nuna bambanci. Kada ku karɓi cin hanci, gama cin hanci yakan makanta idanu mai hikima, yă murɗe maganar mai gaskiya.
১৯আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই।
20 Gaskiya ce kaɗai za ku bi don ku rayu, ku kuma mallaki ƙasar da Ubangiji Allahnku yake ba ku.
২০তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব।
21 Kada ku kafa wani ginshiƙin itacen Ashera kusa da bagaden da kuka gina wa Ubangiji Allahnku,
২১তাত আপুনি আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিব, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিব।
22 kada kuma ku tayar da dutse mai tsarki, gama waɗannan ne Ubangiji Allahnku yana ƙi.
২২আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব।

< Maimaitawar Shari’a 16 >