< Amos 1 >

1 Kalmomin Amos, ɗaya daga cikin makiyayan Tekowa, abubuwan da ya gani game da Isra’ila shekaru biyu kafin a yi girgizar ƙasa, a lokacin da Uzziya yake sarkin Yahuda, Yerobowam ɗan Yowash kuma yake sarkin Isra’ila.
আমোচ তকোৱাৰ মেৰ-ছাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহূদাৰ ৰজা আছিল উজ্জিয়া আৰু ইস্রায়েলৰ ৰজা আছিল যোৱাচৰ পুত্র যাৰবিয়াম। ভূমিকম্পৰ দুবছৰৰ আগেয়ে ইস্ৰায়েলৰ বিষয়ে আমোচে এই সকলো দৰ্শন পায়।
2 Ya ce, “Ubangiji ya yi ruri daga Sihiyona ya kuma yi tsawa daga Urushalima; wuraren kiwo duk sun bushe, dutsen Karmel kuma ya yi yaushi.”
আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। মেৰ-ছাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”
3 Ga abin da Ubangiji ya ce, “Saboda zunubai uku na Damaskus, har guda huɗu ma, ba zan fasa hukunta su ba. Domin sun ci zalunci Gileyad zalunci mai tsanani,
যিহোৱাই এই কথা কৈছে: “দম্মেচকৰ তিনিটা এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো শস্যৰ মৰণা মৰা লোহাৰ যন্ত্রৰে তেওঁলোকে গিলিয়দক মাৰিলে।
4 zan sa wuta a gidan Hazayel, da za tă ƙona kagarun Ben-Hadad.
সেইবাবে মই হজায়েলৰ ৰাজপ্রাসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে বিন-হদদৰ দুর্গবোৰ গ্ৰাস কৰিব।
5 Zan kakkarye ƙofofin Bet-Damaskus; zan hallaka sarkin da yake cikin Kwarin Awen da kuma mai riƙe da sandar mulkin Bet-Eden. Mutanen Aram za su je bauta a ƙasar Kir,” in ji Ubangiji.
মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।”
6 Ga abin da Ubangiji ya ce, “Saboda zunubai uku na Gaza, har guda huɗu ma, ba zan fasa hukunta su ba. Don sun kwashe al’umma gaba ɗaya sun sayar wa Edom,
যিহোৱাই এই কথা কৈছে: “গাজাৰ তিনিটা, এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ইদোমৰ হাতত শোধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল।
7 Zan aika da wuta a katangar Gaza ta ƙone duk kagarunta.
সেইবাবে মই গাজাৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।
8 Zan hallaka sarkin Ashdod da kuma mai riƙe da sandar mulki na Ashkelon. Zan hukunta Ekron, har sai dukan Filistiyawa sun mutu,” in ji Ubangiji Mai Iko Duka.
মই অচ্‌দোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।”
9 Ga abin da Ubangiji ya ce, “Saboda zunubai uku na Taya, har guda huɗu ma, ba zan fasa hukunta su ba. Don sun kwashe al’umma gaba ɗaya sun kai su bauta a Edom, ba su kula da yarjejjeniyar da aka yi ta zama kamar’yan’uwa ba,
যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে।
10 zan aika da wuta a Taya, da za tă ƙone kagarunta.”
১০সেইবাবে মই তূৰৰ প্রাচীৰৰ ওপৰত অগ্নি নিক্ষেপ কৰিম; সেই জুইয়ে তাৰ দুর্গবোৰ গ্ৰাস কৰি পেলাব।”
11 Ga abin da Ubangiji ya ce, “Saboda zunubai uku na Edom, har guda huɗu ma, ba zan fasa hukunta shi ba. Don ya fafari ɗan’uwansa da takobi, babu tausayi, domin ya ci gaba da fusata bai yarda yă huce daga fushinsa ba.
১১যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল।
12 Zan aika wuta a Teman da za tă ƙone kagarun Bozra.”
১২সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নি নিক্ষেপ কৰিম; সেই অগ্নিয়ে বস্ৰাৰ ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।”
13 Ga abin da Ubangiji ya ce, “Saboda zunubai uku na Ammon, har guda huɗu ma, ba zan fasa hukunta shi ba. Don ya tsaga cikin matan Gileyad masu juna biyu don kawai yă ƙwace ƙasar.
১৩যিহোৱাই এই কথা কৈছে: “অম্মোনৰ লোকসকলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে।
14 Zan sa wuta a katangar Rabba da za tă ƙone kagarunta za a yi kururuwa a ranar yaƙi, faɗan kuwa zai yi rugugi kamar hadiri.
১৪সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ঙ্কৰ বা’মৰলী বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰব্বাৰ প্রাচীৰবোৰত জুই লগাই দিম; সেয়ে ৰাজঅট্টালিকাবোৰ গ্ৰাস কৰি পেলাব।
15 Sarkinta zai je bauta, shi da ma’aikatansa,” in ji Ubangiji.
১৫তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ’ব।”

< Amos 1 >