< 2 Sama’ila 23 >
1 Waɗannan su ne kalmomin Dawuda na ƙarshe. “Abubuwan da Dawuda ɗan Yesse ya yi magana a kai, abubuwan da mutumin da Mafi Ɗaukaka ya girmama. Mutumin da Allah na Yaƙub ya zaɓa yă zama sarki, wanda kuma yake mawaƙi waƙoƙin Isra’ila.
১এয়ে দায়ূদৰ শেহতীয়া কথা। যিচয়ৰ পুত্ৰ দায়ুদ, উচ্চ সন্মানীয় পুৰুষ, যাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন, এজন ইস্ৰায়েলৰ মধুৰ স্তুতি গীত গাওঁতা৷
2 “Ruhun Ubangiji ya yi magana ta wurina; maganarsa tana a harshena.
২“মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা ক’লে, তেওঁৰ বাক্য মোৰ জিভাত আছিল৷
3 Allah na Isra’ila ya yi magana, Dutsen Isra’ila ya ce mini, ‘Sa’ad da wani ya yi mulkin mutane da adalci, sa’ad da ya yi mulki da tsoron Allah,
৩ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
4 yana kama da hasken safiya a safiya marar girgije, kamar haske bayan ruwan sama da yakan sa ciyawa ta tsiro daga ƙasa.’
৪তেওঁ সূৰ্য উদয় হোৱা কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ, মেঘ নথকা প্ৰভাত সদৃশ, যেতিয়া পৃথিৱীত তৃণ গজে, বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই।
5 “Ashe, gidana bai daidaita da Allah ba? Ashe, Allah bai yi madawwamiyar yarjejjeniya da ni shiryayye da ɗaurarre a kowane sashi ba? Ba zai kawo ga cikar cetona yă kuma biya duk bukatuna ba?
৫স্বৰূপেই ঈশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয় নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃঙ্খলাযুক্ত আৰু সত্য? কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মঙ্গল তেওঁ বৃদ্ধি নকৰিব নে?
6 Amma za a jefar da masu mugunta duka kamar ƙayayyuwan da ba a tattara da hannu.
৬কিন্তু আটাই দুষ্ট লোক পেলাব লগা কাঁইট স্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি৷
7 Duk wanda ya taɓa ƙaya yakan yi amfani da wani ƙarfe ne ko sandar māshi; akan ƙone su inda suke a zube.”
৭কিন্তু যি মানুহে তেওঁলোকক চুব, তেওঁ লোহা আৰু বৰছাৰ কুৰা হাতত লব লাগিব৷ পাছত তেওঁলোক থকা ঠাইতে তেওঁলোকক জুইৰে নিচেইকৈ পুৰা যাব’।”
8 Waɗannan su ne sunayen jarumawan Dawuda. Yosheb-Basshebet, mutumin Takemon ɗaya daga cikin shugabanni Uku; ya ɗaga māshinsa ya kashe mutum ɗari takwas a lokaci guda.
৮দায়ূদৰ যি সকল বীৰ আছিল, তেওঁলোকৰ নাম এই। তথমোনীয়া যোচেব-বচেবৎ সেনাপতি সকলৰ অধ্যক্ষ৷ তেওঁ একে সময়তে আঠ শ লোকক বধ কৰিলে।
9 Na biye da shi a matsayi cikin jarumawa ukun nan, shi ne Eleyazar ɗan Dodo, mutumin Aho. Eleyazar ya kasance tare da Dawuda sa’ad da suka fuskanci Filistiyawa waɗanda suka taru a Fas Dammim don yaƙi. Mutanen Isra’ila suka gudu,
৯তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ; দায়ূদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন৷ যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টীয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইস্ৰায়েল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত দায়ূদৰ লগত আছিল৷
10 amma ya yi tsayi daka, ya bugi Filistiyawa sai da hannunsa ya gaji har ya liƙe wa māshinsa. Ubangiji kuwa ya sa aka yi babban nasara a ranar. Sauran sojoji suka komo wurin Eleyazar, don kawai su washe ganima.
১০ইলিয়াজে উঠি হাত শ্ৰান্ত নোহোৱামানলৈকে পলেষ্টীয়াসকলক প্ৰহাৰ কৰি আছিল। যিদিনালৈকে তৰোৱালখন তেওঁৰ হাতত লাগি ৰ’ল; সেই দিনাই যিহোৱাই মহানিস্তাৰ আনিলে, আৰু লোকসকলে কেৱল লুট কৰিবলৈ ইলিয়াজৰ পাছে পাছে গ’ল।
11 Na biye da Agiyi a matsayi, shi ne Shamma ɗan Agi, mutumin Harar. Sa’ad da Filistiyawa suka taru a wani wurin da take gona cike da waken barewa, sai rundunar Isra’ila suka gudu daga Filistiyawa.
১১আৰু তেওঁৰ পাছত হৰাৰীয়া আগিৰ পুত্ৰ চম্পা আছিল। যি ঠাইত মচুৰ মাহৰ খেতি আছিল, সেই ঠাইতে পলেষ্টীয়াসকলে গোট খাই দল পাতিছিল আৰু সৈন্যসকল ফিলিষ্টীয়াসকলৰ আগৰ পৰা পলাইছিল৷
12 Amma Shamma ya yi tsayi daka a tsakiyar gonar. Ya kāre ta, ya kuma bugi Filistiyawa, Ubangiji kuwa ya sa aka yi babban nasara.
১২কিন্তু চম্পা খেতিৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক বধ কৰিলে; এইদৰে যিহোৱাই মহা-নিস্তাৰ আনিলে।
13 A lokacin girbi, uku daga cikin shugabanni talatin suka gangaro zuwa wurin Dawuda a kogon Adullam. A lokacin kuwa sojojin Filistiyawa sun kafa sansani a Kwarin Refayim.
১৩ত্রিশজন সৈন্যৰ মাজৰ তিনি জন লোক শস্য দোৱা সময়ত অদুল্লম গুহাত থকা দায়ূদৰ ওচৰলৈ গ’ল৷ তেতিয়া পলেষ্টীয়াসকলৰ দলে ৰফায়ীম উপত্যকাত ছাউনি পাতি আছিল।
14 Dawuda kuwa yana a mafaka. Wata ƙungiyar sojojin Filistiyawa kuma suna Betlehem.
১৪সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।
15 Dawuda ya ji ƙishirwa, sai ya ce, “Kash, da a ce wani yă samo mini ruwa daga rijiyar da take kusa da bakin ƙofar Betlehem mana!”
১৫পাছত দায়ূদে পানীৰ বাবে বৰ হাবিয়াহ কৰি ক’লে, “অহ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পৰা পানী খাবলৈ আনি দিয়া হ’লে, মই কেনে ভাল পালোঁহেঁতেন!”
16 Sai jarumawa ukun nan suka yi kukan ƙura, suka sheƙa a guje suka ratsa cikin sansanin Filistiyawa, suka ɗebo ruwa daga rijiyar da take kusa da bakin ƙofar Betlehem, suka kawo wa Dawuda. Amma Dawuda ya ƙi yă sha; a maimako sai ya zuba shi a gaban Ubangiji.
১৬তাতে সেই তিনিজন বীৰ পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ, বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে৷ তেওঁলোকে সেই পানী দায়ূদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে৷ বৰং তাক যিহোৱাৰ উদ্দেশে ঢালি দিলে।
17 Sai ya ce, “Ubangiji yă sawwaƙe, in yi sha! Ba jinin mutanen da suka tafi a bakin ransu ba ne?” Dawuda kuwa bai sha ruwan ba. Irin abubuwan da jarumawa ukun nan suka yi ke nan.
১৭তেতিয়া তেওঁ ক’লে, “হে যিহোৱা, এনে কার্য মোৰ পৰা দূৰ হওঁক, যে ইয়াক মই পান কৰিম, এয়ে জানো আচলতে নিজ প্ৰাণ লৈ যোৱা লোকসকলৰ তেজ নহয়?” এই কাৰণে তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে। সেই বীৰ তিনিজনেই এই ক্ষমতাশালী কৰ্ম কৰিছিল।
18 Abishai, ɗan’uwan Yowab, ɗan Zeruhiya shi shugaban Ukun nan. Ya ɗauki māshinsa ya kashe mutane ɗari uku, ta haka ya zama sananne kamar Ukun nan.
১৮আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়, এই তিনিজনৰ ওপৰত সেনাধ্যক্ষ আছিল৷ এবাৰ তেওঁ তিনি শ লোকৰ বিৰুদ্ধে নিজৰ বৰছা চলাই সিহঁতক বধ কৰিছিল৷ আৰু তিনি জনৰ মাজত প্ৰায়েই তেওঁৰ নাম হৈছিল।
19 Ashe, ba a girmama shi fiye da Ukun ba? Ya zama komandansu, ko da yake ba a haɗa shi a cikinsu ba.
১৯তেওঁ জানো সেই তিনি জনৰ মাজত অধিক মৰ্য্যদা পোৱা লোক নহয়? এই হেতুকে তেওঁ তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ’ল৷ তথাপিও তেওঁ এই প্ৰথম তিনি জনৰ সমানে প্ৰখ্যাত হোৱা নাছিল।
20 Benahiya, ɗan Yehohiyada mutumin Kabzeyel shi ma jarumi ne sosai, ya yi nasarori masu yawa. Ya bugi ƙwararrun jarumawan Mowab guda biyu. Ya kuma shiga rami wata ranar da ake ƙanƙara, ya kashe zaki.
২০এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।
21 Ya kuma buge wani jibgaggen mutumin Masar. Duk da māshin da mutumin Masar yana riƙe a hannunsa, Benahiya ya kai masa hari da kulki. Ya ƙwace māshin daga hannunsa, ya kuma kashe shi da māshin.
২১আৰু তেওঁ এজন বৰ সুন্দৰ মিচৰীয়াক বধ কৰিছিল৷ সেই মিচৰীয়াৰ হাতত এপাত বৰছা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ সৈতে যুঁজিছিল৷ তেওঁ মিচৰীয়াজনৰ হাতৰ পৰা বৰছাপাত কাঢ়ি লৈ, তেওঁৰ বৰছাৰেই তেওঁক বধ কৰিলে।
22 Irin nasarorin da Benahiya ɗan Yehohiyada ya yi ke nan; shi ma jarumi ne sosai kamar jarumawan nan uku.
২২যিহোয়াদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে আৰু তেওঁ সেই তিনি জন বীৰৰ লগে লগে তেওঁৰো নাম হ’ল।
23 Aka fi ba shi girma fiye da talatin ɗin nan, amma ba ya cikin ukun. Dawuda ya sa shi yă zama ɗaya daga cikin masu tsaron lafiyarsa.
২৩তেওঁ ত্ৰিশ জনকৈ অধিক মৰ্য্যদা পোৱা হ’ল যদিও তেওঁ প্ৰথম তিনি জনৰ সমান হোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ গা-ৰক্ষীয়া সৈন্যদলৰ ওপৰত অধ্যক্ষ পাতিলে।
24 Cikin talatin ɗin kuwa akwai, Asahel, ɗan’uwan Yowab, Elhanan, ɗan Dodo mutumin Betlehem,
২৪যোৱাবৰ ভায়েক অচাহেল ত্ৰিশ জনৰ মাজৰ এজন আছিল; বৈৎলেহেমীয়া দোদৰ পুত্ৰ ইলহানন,
25 Shamma, mutumin Harod, Elika, mutumin Harod,
২৫হৰোদীয়া চম্মা, হৰাদীয়া ইলীকা,
26 Helez, mutumin Falti, Ira, ɗan Ikkesh mutumin Tekowa,
২৬পলটীয়া হেলচ, তাকোইয়া ইক্কেচৰ পুত্ৰ ঈৰা,
27 Abiyezer, mutumin Anatot, da Mebunnai, mutumin Husha,
২৭অনাথোতীয়া অবীয়েজৰ, হূচাতীয়া মবুন্নয়,
28 Zalmon, mutumin Aho, da Maharai, mutumin Netofa,
২৮অহোহীয়া চলমোন, নটোফাতীয়া মহৰয়;
29 Heleb, ɗan Ba’ana daga Netofa, Ittai, ɗan Ribai mutumin Gibeya a Benyamin,
২৯নটোফাতীয়া বানাৰ পুত্ৰ হেলেব, বিন্যামীনৰ সন্তান সকলৰ গিবিয়া-নিবাসী ৰীবয়ৰ পুত্ৰ ইত্তয়,
30 Benahiya, mutumin Firaton, da Hiddai, daga rafuffukan Ga’ash,
৩০পিৰাথোনীয়া বনায়া, গাচ উপত্যকা-নিবাসী হিদ্দয়৷
31 Abi-Albon, mutumin Arba, da Azmawet, mutumin Bahurim,
৩১অৰ্বাতীয়া অবীঅলবোন, বৰ্হূমীয়া অজমাবৎ,
32 Eliyaba, mutumin Sha’albo,’Ya’yan Yashen, Yonatan,
৩২চালবোনীয়া ইলিয়হবা, বনে-যাচনেৰ পুত্ৰসকল যোনাথন;
33 ɗan Shamma mutumin Harar, da Ahiyam, ɗan Sharar mutumin Harod.
৩৩হৰাৰীয়া চম্মা, অৰাৰীয়া চাৰৰৰ পুত্ৰ অহীয়াম,
34 Elifelet, ɗan Ahasbai mutumin Ma’aka, Eliyam, ɗan Ahitofel mutumin Gilo,
৩৪মাখাথীয়া অহচবয়ৰ পুত্ৰ ইলীফেলট, গিলোনীয়া অহীথোফলৰ পুত্ৰ ইলীয়াম,
35 Hezro, mutumin Karmel, Fa’arai, mutumin Arbi,
৩৫কৰ্মিলীয়া হিষো, অৰ্বীয়া পাৰয়,
36 Igal, ɗan Natan mutumin Zoba, ɗan Hagiri,
৩৬চোবা নিবাসী নাথনৰ পুত্ৰ ঈগাল, গাদীয়া গোষ্ঠীৰ বানী,
37 Zelek, mutumin Ammon Naharai, mutumin Beyerot mai ɗaukan wa Yowab, ɗan Zeruhiya makamai,
৩৭অম্মোনীয়া চেলক, আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহন বেৰোতীয়া নহৰয়,
38 Ira, mutumin Itra. Gareb, mutumin Itra,
৩৮যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
39 da kuma Uriya, mutumin Hitti. Su talatin da bakwai ne duka.
৩৯আৰু হিত্তীয়া ঊৰিয়া; সৰ্ব্বমুঠ সাতত্ৰিশ জন।