< 2 Sama’ila 12 >

1 Ubangiji ya aiki Natan wurin Dawuda. Da ya tafi wajensa, sai ya ce, “An yi waɗansu mutum biyu a wani gari, ɗaya mai arziki, ɗayan kuma matalauci.
তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ।
2 Mai arzikin yana da babban garken tumaki, da kuma shanu,
সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল;
3 amma matalauci ba shi da kome sai’yar tunkiyar da ya sayo. Ya yi kiwonta, ta kuwa yi girma tare shi da yaransa. Takan ci tare da shi ta sha ruwa a kwaf nasa, har ma ta kwanta a ƙirjinsa. Ta ma zama kamar’ya a gare shi.
কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
4 “To, sai ga wani baƙo ya zo wurin mai arzikin nan, amma mai arzikin ya ƙi yă kama tunkiyarsa, ko saniyarsa yă yanka don yă shirya wa baƙon da ya zo abinci. A maimako, sai ya je ya kama’yar tunkiyan nan ta matalaucin ya yanka ya shirya wa mutumin da ya zo masa.”
এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে।
5 Dawuda ya husata ƙwarai da mutumin, ya ce wa Natan, “Muddin Ubangiji yana a raye, mutumin da ya yi wannan ya cancanci yă mutu!
তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷
6 Dole yă biya diyyar tunkiyan nan sau huɗu, domin ya aikata haka ba tausayi.”
কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷”
7 Sai Natan ya ce wa Dawuda, “Kai ne mutumin! Ga abin da Ubangiji, Allah ya ce, ‘Na naɗa ka sarki bisa Isra’ila, na kuma cece ka daga hannun Shawulu.
তেতিয়া নাথনে দায়ূদক ক’লে, “তুমিয়েই সেই মানুহজন! ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘ময়েই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ।
8 Na ba ka gidan maigidanka, da matan maigidanka duka. Na ba ka gidan Isra’ila da Yahuda. Da a ce dukan waɗannan sun kāsa maka, ai, da na ƙara maka.
মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ আৰু ইস্ৰায়েল ও যিহূদাৰ বংশ তোমাক দিলোঁ৷ যদি সেয়ে অলপ হোৱা হ’লে, মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন।
9 Me ya sa ka rena maganar Ubangiji ta wurin yin mugunta haka a idonsa? Ka kashe Uriya mutumin Hitti da takobi, ka kuma ɗauki matarsa tă zama matarka. Ka kashe shi da takobin Ammonawa.
তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা।
10 To, fa, takobi ba zai taɓa rabu da gidanka ba, domin ka rena ni, ka kuma ƙwace matar Uriya mutumin Hitti ta zama matarka.’
১০এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’
11 “Ga abin da Ubangiji yana cewa, ‘Daga cikin iyalinka zan kawo masifa a kanka. A idanunka zan ɗauki matanka in ba wa wani da yake kusa da kai, zai kuwa kwana da su da rana tsaka.
১১যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব।
12 Ka aikata wannan a ɓoye, amma zan aikata wannan da rana tsaka, a gaban dukan Isra’ila.’”
১২কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।”
13 Sai Dawuda ya ce wa Natan, “Na yi wa Ubangiji zunubi.” Natan ya ce, “Ubangiji ya yafe maka zunubin. Ba za ka mutu ba.
১৩তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
14 Amma saboda ka yi haka ka sa abokan gāba suka rena Ubangiji, yaron da aka haifa maka zai mutu.”
১৪কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
15 Bayan Natan ya tafi gida, sai Ubangiji ya bugi yaron da matar Uriya ta haifa wa Dawuda, ya kuwa kamu da ciwo.
১৫তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ’ল। পাছত যিহোৱাই ঊৰিয়াৰ ভাৰ্য্যাই জন্ম দিয়া দায়ূদৰ পুত্ৰটিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল।
16 Dawuda ya roƙi Allah saboda yaron. Ya yi azumi, ya kuma shiga gidansa ya kwana kwance a ƙasa.
১৬তেতিয়া দায়ূদে ল’ৰাৰ বাবে যিহোৱাৰ আগত কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা কৰিলে৷ লঘোন দিলে আৰু ভিতৰত সোমাই ওৰে ৰাতি মাটিত পৰি থাকিল।
17 Dattawan iyalinsa suka tsaya kusa da shi don su ɗaga shi daga ƙasa, amma ya ƙi, bai kuwa ci wani abu tare da su ba.
১৭তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।
18 A rana ta bakwai sai yaron ya rasu. Barorin Dawuda suka ji tsoro su gaya masa cewa yaron ya mutu, gama sun yi tunani cewa, “Yayinda yaron yake da rai, mun yi magana da Dawuda bai ji mu ba. Yaya za mu gaya masa yaron ya mutu? Ai, zai yi wa kansa ɓarna.”
১৮পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?”
19 Dawuda ya gane bayinsa suna wa juna raɗan wani abu, sai ya gane yaron ya mutu. Sai ya ce, “Yaron ya rasu ko?” Suka ce, “I, ya rasu.”
১৯কিন্তু দাসবোৰে ইটোৱে সিটোৱে ফুচ-ফুচাই কথা পাতি থকা দেখি, ল’ৰাটিৰ মৃত্যু হ’ল বুলি দায়ূদে বুজি পালে৷ তেওঁ দাসবোৰক সুধিলে, “ল’ৰাটিৰ মৃত্যু হ’ল নেকি?” তাতে তেওঁলোকে ক’লে, “হয়, ল’ৰাটি ঢুকাল।”
20 Sa’an nan Dawuda ya tashi daga ƙasa. Bayan ya yi wanka, ya shafa mai, ya kuma canja rigunarsa, sa’an nan ya shiga gidan Ubangiji ya yi sujada. Sai ya tafi gidansa, ya nemi a ba shi abinci, aka ba shi, ya kuwa ci.
২০তেতিয়া দায়ূদে মাটিৰ পৰা উঠি গা ধুলে, গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই যিহোৱাৰ গৃহলৈ গ’ল অাৰু তাতে তেওঁৰ আৰাধনা কৰিলে, তাৰ পাছত তেওঁ নিজৰ গৃহলৈ গ’ল৷ যেতিয়া তেওঁ আজ্ঞা দিলে, তেওঁলোকে তেওঁৰ আগত আহাৰ দিলে আৰু তেওঁ ভোজন কৰিলে।
21 Barorinsa suka ce masa, “Me ya sa kake yin haka? Yayinda yaron yake da rai, ka yi azumi, ka kuma yi kuka, amma yanzu da yaron ya mutu, ka tashi, ka kuma ci abinci!”
২১তেতিয়া তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আপুনি এনে ব্যৱহাৰ কিয় কৰিছে? ল’ৰাটি জীয়াই থাকোঁতে আপুনি তাৰ বাবে লঘোন দি ক্ৰন্দন কৰিছিল, কিন্তু এতিয়া ল’ৰাটিৰ মৃত্যু হোৱাত আপুনি উঠি ভোজন কৰিলে?”
22 Ya ce musu, “Yayinda yaron yake da rai, na yi azumi, na kuma yi kuka. Na yi tunani na ce, ‘Wa ya sani? Ko Ubangiji zai yi mini alheri yă bar yaron yă rayu.’
২২তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব!
23 Amma yanzu da ya mutu, me zai sa in yi azumi? Zan iya dawo da shi ne? Ni zan je wajensa, ba shi zai dawo wurina ba.”
২৩কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”
24 Sai Dawuda ya yi wa matarsa Batsheba ta’aziyya, ya kuma tafi wurinta ya kwana da ita. Ta kuma haifi ɗa, suka ba shi suna Solomon. Ubangiji ya ƙaunace shi;
২৪পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
25 kuma saboda Ubangiji ya ƙaunace shi, sai ya aika da saƙo ta wurin annabi Natan yă ba shi suna Yedidiya.
২৫গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।
26 Ana cikin haka, sai Yowab ya yi yaƙi da Rabba na Ammonawa, ya kuma ƙwace babban birnin.
২৬তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।
27 Sa’an nan Yowab ya aika manzanni wurin Dawuda yana cewa, “Na yaƙi Rabba na kuma ƙwace hanyar samun ruwanta.
২৭তেতিয়া যোৱাবে দায়ূদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, “মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ;
28 Yanzu fa ka tattara saura rundunoni ka fāɗa wa birnin ka ci shi. In ba haka ba zan karɓe birnin, a kuma kira shi da sunana.”
২৮এতিয়া আপুনি অৱশিষ্ট সৈন্যসকলক গোটাই লৈ নগৰৰ বিৰুদ্ধে ছাউনি পাতি তাক লওঁকহি, নহ’লে মই হাত কৰি ল’লে, নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ’ব।”
29 Saboda haka Dawuda ya tattara sauran rundunar sojojin suka tafi Rabba suka fāɗa masa suka kuma ci shi.
২৯তাতে দায়ূদে আটাই সৈন্যক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল’লে।
30 Ya ɗauke rawanin daga kan sarkinsu, nauyinsa ya kai talenti, na zinariya, an kuma yi masa ado da duwatsu masu daraja, aka aza shi a kan Dawuda. Ya kuma kwashe ganima mai yawa daga garin.
৩০আৰু তেওঁ তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটটি ল’লে; তাৰ সোণৰ পৰিমান এক কিক্কৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল৷ ৰাজমুকুটটি দায়ূদৰ মুৰত দিয়া হ’ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে।
31 Ya fito da mutanen da suke a can, ya sa su su yi aiki da zarto, da diga, da kuma gatari, ya kuma sa su bugan bulok. Haka ya yi wa dukan garuruwan Ammonawa. Sa’an nan Dawuda da dukan sojoji suka koma Urushalima.
৩১দায়ূদে সেই নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনি তেওঁলোকক কৰত, লোহাৰ মৈ ও কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰালে; আৰু তেওঁ তেওঁলোকক ইটা পোৰা ভাতীৰ কামতো লগুৱালে৷ তেওঁ অম্মোনৰ আটাই নগৰত থকা লোকসকলক এইদৰে কামত লগালে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ উভটি আহিল।

< 2 Sama’ila 12 >