< 2 Sarakuna 9 >

1 Sai Elisha ya kira wani daga cikin ƙungiyar annabawa, ya ce masa, “Ka sha ɗamara, ka ɗauki wannan kwalabar mai ka je Ramot Gileyad.
ইলীচা ভাৱবাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
2 Da ka isa can, ka nemi Yehu ɗan Yehoshafat, ɗan Nimshi. Ka je wurinsa, ka ja shi gefe daga abokansa, ka shiga da shi ɗaki na ciki.
সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
3 Sa’an nan ka ɗauki kwalabar man ka zuba a kansa, ka ce, ‘Ga abin da Ubangiji ya faɗa, na naɗa ka sarkin Isra’ila.’ Sa’an nan ka buɗe ƙofa ka ruga a guje; kada ka ɓata lokaci!”
তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
4 Sai saurayin nan, annabi, ya tafi Ramot Gileyad.
সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
5 Da ya isa can, sai ya tarar da hafsoshin soji zaune a wuri guda. Sai ya ce, “Ina da saƙo dominka komanda.” Sai Yehu ya ce, “Wanne a cikinmu?” Sai ce, “Dominka, komanda.”
সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
6 Sai Yehu ya tashi ya shiga cikin gida. Sa’an nan annabin ya zuba wa Yehu mai a kā, ya ce, “Ga abin da Ubangiji, Allah na Isra’ila ya ce, ‘Na naɗa ka sarki a bisa jama’ar Ubangiji, wato, Isra’ila.
তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
7 Za aka hallaka gidan Ahab maigidanka, zan kuma ɗauki fansar jinin bayina annabawa da kuma jinin dukan bayin Ubangiji da Yezebel ta zub da.
তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
8 Dukan gidan Ahab zai hallaka. Zan kashe dukan’ya’yan Ahab maza a Isra’ila, bayi ko’yantattu.
আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
9 Zan mai da gidan Ahab kamar gidan Yerobowam ɗan Nebat da kuma kamar gidan Ba’asha ɗan Ahiya.
মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
10 Game da Yezebel kuwa, karnuka za su cinye ta a fili a Yezireyel, ba kuwa wanda zai binne ta.’” Sa’an nan ya buɗe ƙofa ya ruga a guje.
১০কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
11 Da Yehu ya koma wurin sauran hafsoshin sai ɗaya daga cikinsu ya tambaye shi, “Lafiya? Me ya kawo wannan mahaukaci a wurinka?” Sai Yehu ya ce, “Ka san mahaukacin nan da irin maganganunsa.”
১১যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
12 Suka ce masa, “Ba gaskiya ba ne, ka dai faɗa mana.” Yehu ya ce, “Ga abin da ya ce mini, ‘Ga abin da Ubangiji ya ce, na naɗa ka sarki a bisa Isra’ila.’”
১২তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
13 Sai suka yi sauri suka ɗauki rigunansu suka shimfiɗa a ƙasa, suka busa kakaki, suka yi ihu, suka ce, “Yehu ne sarki.”
১৩তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
14 Saboda haka, Yehu ɗan Yehoshafat, ɗan Nimshi, ya ƙulla wa Yoram maƙarƙashiya (To, Yoram da dukan Isra’ila suna kāre Ramot Gileyad daga Hazayel sarkin Aram,
১৪এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
15 amma Sarki Yoram ya koma Yezireyel don yă farfaɗo daga raunukan da Arameyawa suka ji masa a wata gabzawar da ya yi da Hazayel sarkin Aram.) Yehu ya ce, “In haka kuke ji, kada ku bar wani yă sulluɓe daga birnin yă kai labarin Yezireyel.”
১৫কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
16 Sai ya tashi ya ɗauki keken yaƙinsa ya tafi Yezireyel gama Yoram yana hutawa a can. Ga kuma Ahaziya sarkin Yahuda ya je don yă gan shi.
১৬তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
17 Mai tsaro kuwa yana tsaye a kan hasumiya a Yezireyel, sai ya hangi rundunar Yehu sa’ad da yake zuwa. Ya ce, “Na ga wata runduna.” Sai Yoram ya umarta, “Nemi mahayin doki a aike shi yă tarye su, yă kuma tambaye su, ‘Lafiya?’”
১৭যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
18 Sai mahayin dokin ya hau, ya ruga, ya taryi Yehu, ya ce, “Ga abin da sarki ya ce, ‘Lafiya?’” Sai Yehu ya ce masa, “Ina ruwanka da zancen lafiya? Ka shiga layi.” Sai mai tsaron ya ce wa sarki, “Ɗan saƙon ya kai wurinsu, amma ba ya dawowa.”
১৮পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
19 Saboda haka sarki ya sāke aika mahayin doki na biyu. Sa’ad da ya isa wurinsu sai ya ce, “Ga abin da sarki ya ce, ‘Lafiya?’” Yehu ya ce, “Ina ruwanka da zancen lafiya? Ka shiga layi.”
১৯তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
20 Mai tsaro ya sāke cewa, “Ya kai wurinsu, amma shi ma ba ya dawowa. Ina ganin sukuwar kamar irin ta Yehu, jikan Nimshi, gama yakan yi sukuwa kamar mahaukaci.”
২০সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
21 Yoram ya umarta, “Haɗa mini keken yaƙi!” Da aka haɗa, sai Yoram sarkin Isra’ila, da Ahaziya sarkin Yahuda, suka hau suka tafi, kowa a keken yaƙinsa, don su taryi Yehu. Suka sadu da shi a filin da yake na Nabot mutumin Yezireyel.
২১তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
22 Sa’ad da Yoram ya ga Yehu sai ya tambaye shi, “Lafiya kuwa ka zo, Yehu?” Yehu ya ce, “Ina kuwa lafiya, da yake dukan bautar gumaka da bokancin mahaifiyarka Yezebel sun bazu ko’ina?”
২২যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
23 Yoram ya juya, ya gudu, yana ce wa Ahaziya, “Cin amana, Ahaziya!”
২৩এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
24 Sai Yehu ya ja bakansa ya harbi Yoram a tsakanin kafaɗunsa. Kibiyar ta same shi a zuciyarsa sai ya fāɗi a cikin keken yaƙinsa.
২৪তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
25 Yehu ya ce wa Bidkar, hafsan keken yaƙinsa, “Ka ɗauke shi ka jefar a filin da yake na Nabot mutumin Yezireyel. Ka tuna yadda ni da kai muke a kekunan yaƙi a bayan Ahab mahaifinsa sa’ad da Ubangiji ya yi wannan annabci game da shi,
২৫তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
26 ‘Jiya na ga jinin Nabot da jinin’ya’yansa, in ji Ubangiji, kuma ba shakka zan ɗauki fansa a wannan fili, in ji Ubangiji.’ Saboda haka, ka ɗauke shi ka jefar da shi a bisa wannan fegi, bisa ga faɗin Ubangiji. Saboda haka, ka ɗauke shi ka jefar a filin, in ji Ubangiji.”
২৬‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
27 Sa’ad da Ahaziya sarkin Yahuda ya ga abin da ya faru, sai ya haura hanyar Bet Haggan a guje. Yehu ya bi shi yana ihu, “A kashe shi, shi ma!” Suka ji masa rauni a keken yaƙinsa a hanya zuwa Gur, kusa da Ibileyam amma ya tsere zuwa Megiddo ya mutu a can.
২৭যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
28 Barorinsa suka ɗauke shi cikin keken yaƙi zuwa Urushalima suka binne shi a kabarinsa tare da kakanninsa a birnin Dawuda.
২৮তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
29 (A shekara ta goma sha ɗaya ta Yoram ɗan Ahab, Ahaziya ya zama sarkin Yahuda.)
২৯আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
30 Sa’an nan Yehu ya je Yezireyel. Sa’ad da Yezebel ta sami labari, sai ta sha kwalliya ta gyara gashin kanta, ta zauna tana kallo daga taga.
৩০তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
31 Yayinda Yehu ya shiga ƙofa, sai ta ce, “Lafiya, kai Zimri, mai kashe maigidansa?”
৩১যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
32 Sai ya ɗaga ido ya dubi tagan ya ce, “Wa yake gefena? Wane ne?” Sai bābānni biyu ko uku suka leƙo suka dube shi.
৩২তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
33 Yehu ya ce musu, “Ku jefa ta ƙasa!” Sai suka jefar da ita, jininta ya fantsama a jikin bango da kuma a jikin dawakai yayinda suke tattaka ta.
৩৩যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
34 Yehu ya shiga ya ci, ya kuma sha. Ya ce, “Ku san yadda za ku yi da la’ananniyan nan, ku binne ta, gama’yar sarki ce.”
৩৪তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
35 Amma sa’ad da suka je don su binne ta, ba su sami kome ba sai ƙoƙon kanta, ƙafafunta da kuma hannuwanta.
৩৫লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
36 Suka komo suka faɗa wa Yehu, wanda ya ce, “Wannan ita ce maganar da Ubangiji ya faɗa ta bakin bawansa Iliya mutumin Tishbe. A fili, a Yezireyel, karnuka za su cinye naman Yezebel.
৩৬সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
37 Gawar Yezebel zai zama kamar juji a ƙasa, a fili, a Yezireyel, har ba wanda zai iya cewa, ‘Wannan Yezebel ce.’”
৩৭আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”

< 2 Sarakuna 9 >