< 2 Sarakuna 5 >
1 Na’aman babban hafsan hafsoshin rundunar sarkin Aram ne, kuma ƙasaitaccen mutum ne mai martaba a idon maigidansa, domin ta wurinsa Ubangiji ya ba Aram nasara. Na’aman jarumi ne ƙwarai, amma yana da kuturta.
১অৰামৰ ৰজাৰ সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী, পৰাক্ৰমী বীৰ আছিল আৰু তেওঁৰ যোগেদিয়েই যিহোৱাই অৰামীয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে, ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্রদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল।
2 To, daga cikin hare haren da mutanen Aram suke kaiwa, sai suka kama wata yarinya daga ƙasar Isra’ila, aka sa ta zama mai yi wa matar Na’aman aiki.
২এবাৰ অৰামীয়া সৈন্যৰ দলে ইস্রায়েলক আক্রমণ কৰিবলৈ ওলাই যাওঁতে, ইস্ৰায়েল দেশৰ পৰা এজনী সৰু ছোৱালী তুলি লৈ আহিছিল; তাই নামানৰ ভাৰ্য্যাৰ সেৱা কৰিছিল।
3 Sai ta ce wa uwargijiyarta, “Da dai shugabana zai ga annabin da yake Samariya, da annabin zai warkar da shi daga kuturtarsa.”
৩ছোৱালীজনীয়ে নামানৰ ভার্য্যাক ক’লে, “মোৰ ইচ্ছা, প্ৰভুৱে যদি চমৰিয়াত থকা ভাববাদীক সাক্ষাৎ কৰে, বৰ ভাল হয়! তেওঁ নিশ্চয়ে প্রভুক কুষ্ঠ ৰোগৰ পৰা সুস্থ কৰিব।”
4 Sai Na’aman ya je wurin maigidansa ya faɗa masa abin da yarinyan nan daga Isra’ila ta faɗa.
৪তেতিয়া ইস্ৰায়েল দেশৰ পৰা অনা ছোৱালীজনীয়ে কোৱা সকলো কথা নামানে গৈ ৰজাক জনালে।
5 Sarkin Aram ya ce, “Ko ta ƙaƙa, ka tafi, zan aika da wasiƙa ga sarkin Isra’ila.” Sai Na’aman ya tashi, ɗauke da talenti goma na azurfa, shekel dubu shida na zinariya, da tufafi kashi goma.
৫“তেন্তে তুমি এতিয়াই যোৱাগৈ, ইস্ৰায়েলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম,” অৰামৰ ৰজাই ক’লে। তেতিয়া নামানে নিজৰ লগত দহ কিক্কৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহ যোৰ পিন্ধা কাপোৰ লৈ ইস্রায়েললৈ যাত্ৰা কৰিলে।
6 Wasiƙar da ya kai wa sarkin Isra’ila ta ce, “Da wannan wasiƙa ina aika Na’aman gare ka don ka warkar da kuturtarsa.”
৬লগত ইস্ৰায়েলৰ ৰজালৈ লিখা পত্ৰখনো তেওঁ ল’লে; ৰজালৈ নিয়া পত্র খনত লিখা আছিল, “এই পত্রৰে সৈতে মই মোৰ সেৱক নামানৰ কুষ্ঠৰোগ সুস্থ হ’বৰ কাৰণে তেওঁক আপোনাৰ ওচৰলৈ পঠাইছো।”
7 Da sarkin Isra’ila ya karanta wasiƙar, sai ya yayyage tufafinsa, ya ce, “Ni Allah ne? Zan iya ɗauke rai ko in mai da shi? Me ya sa wannan mutum ya turo mini wannan mutum in warkar da kuturtarsa? Dubi fa yadda yake nemana da faɗa!”
৭ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”
8 Da Elisha mutumin Allah ya ji cewa sarkin Isra’ila ya yayyage tufafinsa, sai ya aika masa da wannan saƙo, “Don me za ka yayyage tufafinka? Ka sa mutumin yă zo wurina, zai kuwa san cewa akwai annabi a Isra’ila.”
৮যেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ কাপোৰ ফলা কথা ঈশ্বৰৰ লোক ইলীচাই শুনিলে, তেওঁ ৰজাৰ ওচৰলৈ এই বার্তা পঠালে, “আপুনি কিয় আপোনাৰ বস্ত্ৰ ফালিলে? সেই মানুহক মোৰ ওচৰলৈ আহিব দিয়ক; তাতে তেওঁ জানিব যে ইস্ৰায়েলৰ মাজত এজন ভাববাদী আছে।”
9 Saboda haka Na’aman ya tafi da dawakansa da keken yaƙinsa, ya tsaya a ƙofar gidan Elisha.
৯সেয়ে, নামানে নিজৰ ঘোঁৰা আৰু ৰথবোৰৰে সৈতে আহি, ইলীচাৰ ঘৰৰ দুৱাৰমুখত থিয় হ’ল।
10 Sai Elisha ya aika’yan saƙo su ce masa, “Je, ka nutse sau bakwai a Urdun, fatar jikinka za tă koma daidai, ka kuma tsarkaka.”
১০ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
11 Amma Na’aman ya tashi daga can da fushi yana cewa, “Na yi tsammani zai fito ne wurina yă tsaya, yă yi kira bisa ga sunan Ubangiji Allahnsa, yă kaɗa hannunsa inda kuturtar take, yă warkar da ni.
১১তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ’ল আৰু তেওঁ ক’লে, “চোৱাছোন, মই ভাবিছিলোঁ, তেওঁ অৱশ্যেই ওলাই আহি মোৰ ওচৰত থিয় হ’ব আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বুলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব।
12 Ashe, Amana da Farfa, kogunan da suke Damaskus, ba su fi dukan ruwan da suke Isra’ila ba? Me zai sa ba zan nutse cikinsu in tsarkaka ba?” Sai ya juya ya yi tafiyarsa da fushi.
১২ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।
13 Sai bayin Na’aman suka je kusa da shi suka ce, “Baba, da a ce annabin ya ce ka yi wani abu mai wuya, da ba za ka yi ba? Balle fa cewa kawai ya yi, ‘Ka yi wanka ka kuma tsarkaka’!”
১৩তেতিয়া দাসবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক’লে, “হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ’লে, আপুনি জানো তাক নকৰিলেহেঁতেন? তেন্তে কিনো ডাঙৰ কথা, তেওঁ কেৱল কৈছে যে, ‘জোবোৰা মাৰি শুচি হোৱা’; সেয়ে আপুনি তাক কৰা উচিত।”
14 Saboda haka Na’aman ya je ya nutse sau bakwai a Urdun, yadda mutumin Allah ya ce masa, sai fatarsa ta koma kamar ta ɗan yaro.
১৪তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।
15 Sai Na’aman da dukan masu hidimarsa suka koma wurin mutumin Allah. Na’aman ya tsaya a gaban mutumin Allah ya ce, “Yanzu na san cewa babu wani Allah a duk duniya sai a Isra’ila. Ina roƙonka ka karɓi kyauta daga hannun bawanka.”
১৫নামান আৰু তেওঁৰ সকলো সঙ্গী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভটি আহিল। ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “মই এতিয়া জানিলোঁ যে, ইস্রায়েলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক’তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্রহ কৰি, আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক।”
16 Annabin ya amsa ya ce, “Muddin Ubangiji wanda nake bauta masa yana a raye, ba zan karɓi kome ba.” Ko da yake Na’aman ya yi ta roƙonsa, amma ya ƙi.
১৬ইলীচাই ক’লে, “মই যি জনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই জীৱনময় যিহোৱাৰ শপত, মই একোকে গ্ৰহণ নকৰোঁ।” নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ’ল।
17 Sai Na’aman ya ce, “In ba za ka karɓa ba, ina roƙonka, bari a ba wa bawanka ƙasa gwargwadon abin da jakuna biyu za su iya ɗauka, gama bawanka ba zai sāke yin hadaya ta ƙonawa, ko wata hadaya ga wani allah ba, sai ga Ubangiji.
১৭নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্ততঃ মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।
18 Amma ina fata Ubangiji zai gafarta wa bawanka saboda abu guda. Bari yă gafarta mini sa’ad da na raka sarkina zuwa haikalin Rimmon domin yă yi sujada, bari Ubangiji yă yi wa bawanka gafara saboda wannan.”
১৮কিন্তু, এটা বিষয়ত যেন যিহোৱাই আপোনাৰ এই দাসক ক্ষমা কৰে; মোৰ ৰজাই যেতিয়া সেৱা কৰিবৰ অৰ্থে ৰিম্মোনৰ মন্দিৰলৈ যায় আৰু তেওঁ মোৰ হাতৰ সাহার্যত নির্ভৰ কৰে, সেই সময়ত মই নিজেও ৰিম্মোন দেৱতাৰ গৃহত মূৰ দোৱাঁব লগা হয়; তেতিয়া এই ক্ষেত্রত যিহোৱাই আপোনাৰ দাসক ক্ষমা কৰক।”
19 Sai Elisha ya ce, “Ka sauka lafiya.” Bayan Na’aman ya yi ɗan nisa,
১৯ইলীচাই তেওঁক ক’লে, “শান্তি মনেৰে যোৱা।” তেতিয়া তেওঁ ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল।
20 sai Gehazi, bawan Elisha mutumin Allah, ya yi tunani a ransa ya ce, “Maigidana ya yi wa Na’aman mutumin Aram nan ƙaramci da bai karɓi duk abin da ya kawo ba. Muddin Ubangiji yana a raye, zan bi shi a guje in karɓi wani abu daga gare shi.”
২০নামান তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলীচাৰ দাস গেহজীয়ে নিজৰ মনতে ক’লে, “সেই অৰামীয়া নামানে অনা উপহাৰবোৰ গ্রহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেয়ে এৰি দিলে! জীৱিত যিহোৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ!”
21 Saboda haka Gehazi ya bi Na’aman a guje. Da Na’aman ya hango shi yana zuwa a guje, sai ya sauka daga keken yaƙinsa ya tarye shi ya ce, “Lafiya?”
২১এইবুলি গেহজীয়ে নামানৰ পাছে পাছে ল’ৰি গ’ল। নামানে গেহজীক তেওঁৰ ফালে লৰি অহা দেখি তেওঁৰ লগত সাক্ষাৎ হ’বলৈ ৰথৰ পৰা নামি সুধিলে, “কি, সকলোবোৰ ঠিকে আছেনে?”
22 Gehazi ya amsa ya ce, “Lafiya ƙalau. Maigidana ne ya aiko ni cewa, ‘Samari biyu daga ƙungiyar annabawa sun ziyarce ni daga ƙasa mai duwatsu na yankin Efraim. Ina roƙonka ka ba su talenti na azurfa da tufafi kashi biyu.’”
২২গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’”
23 Na’aman ya ce, “Ba damuwa, karɓi talenti biyu.” Ya roƙi Gehazi yă karɓa, sa’an nan ya ƙunsa masa talentin biyu na azurfa ya sa masa a kan jakankuna biyu, ya haɗa da tufafi kashi biyu, ya ba bayinsa biyu suka ɗauka, ya ce su sha gaban Gehazi.
২৩তাতে নামানে ক’লে, “আপুনি যদি দুই কিক্কৰ লয়, তাতো মই অতি সুখী হ’ম।” এই বুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিক্কৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে; তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ’ল।
24 Da Gehazi ya isa wani tudu, sai ya karɓi kayan daga wurin bayin ya shiga da su a ɓoye a cikin gida. Sa’an nan ya sallami mutanen suka tafi.
২৪পাছত পাহাৰৰ কাষ গৈ পোৱাত, তেওঁ দাসবোৰৰ পৰা সেই ৰূপৰ বস্তাবোৰ ল’লে আৰু ঘৰৰ ভিতৰত লুকুৱাই থৈ দাস দুজনক বিদায় দিলে। তেতিয়া তেওঁলোক গুচি গ’ল।
25 Sa’an nan ya shiga ya tsaya a gaban maigidansa Elisha. Sai Elisha ya tambaye shi ya ce, “Ina ka je, Gehazi?” Sai Gehazi ya amsa ya ce, “Bawanka bai je ko’ina ba.”
২৫তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ’ল। তেতিয়া ইলীচাই তেওঁক সুধিলে, “গেহজী, তুমি ক’ৰ পৰা আহিলা?” তেওঁ উত্তৰ দিলে, “আপোনাৰ দাস ক’লৈকো যোৱা নাই।”
26 Amma Elisha ya ce masa, “Ashe, ba ina tare da kai a ruhu ba sa’ad da mutumin ya sauko daga keken yaƙinsa ya tarye ka. Kana gani wannan lokaci ne da za a karɓi kuɗi, da riguna, da gonar inabi, da tumaki, da bijimai, da bayi maza da mata?
২৬কিন্তু ইলীচাই তেওঁক ক’লে, “সেই মানুহজনে যেতিয়া তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজৰ ৰথৰ পৰা নামিছিল, তেতিয়া মোৰ অন্তৰ জানো তোমাৰ লগত যোৱা নাছিল? ধন, কাপোৰ-কানি, জিত গছৰ বাৰী, দ্ৰাক্ষাবাৰী, মেৰ-ছাগ, গৰু আৰু দাস-দাসী লোৱাৰ এইটো জানো সময়?
27 Kuturtar Na’aman zai manne maka da zuriyarka har abada.” Sai Gehazi ya fita daga gaban Elisha a kuturce, fari fat kamar dusar ƙanƙara.
২৭এই হেতুকে নামানৰ কুষ্ঠৰোগ তোমাৰ আৰু তোমাৰ বংশধৰ সকলৰ মাজত চিৰকাল লাগি থাকিব।” তেতিয়া গেহজী ইলীচাৰ সন্মুখৰ পৰা গুছি গ’ল আৰু তেওঁৰ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠৰোগ হ’ল।