< 2 Sarakuna 4 >

1 Matar wani daga ƙungiyar annabawa ta yi wa Elisha kuka ta ce, “Mijina, bawanka, ya mutu, ka kuma san yadda ya girmama Ubangiji. Amma ga shi yanzu mai binsa bashi ya zo yă kwashe’ya’yana maza biyu su zama bayinsa.”
এদিন শিষ্য ভাববাদী দ’লৰ এজনৰ ভার্য্যাই কান্দি কান্দি ইলীচাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ’ল আৰু আপুনি জানে যে, আপোনাৰ দাস এজন যিহোৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁৰ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে।”
2 Elisha ya amsa mata ya ce, “Me kike so in yi miki? Ki faɗa mini, me kike da shi a gidanki?” Sai ta ce, “Baiwarka ba ta da kome a can, sai ɗan tulun man zaitun.”
ইলীচাই তেওঁক সুধিলে, “মইনো তোমাক কিদৰে সহায় কৰিব পাৰোঁ? বাৰু, মোক কোৱাচোন, তোমাৰ ঘৰত কি আছে?” মহিলাগৰাকীয়ে ক’লে, “এবাটি তেলৰ বাহিৰে আপোনাৰ দাসীৰ ঘৰত একোৱেই নাই।”
3 Elisha ya ce, “Ki je wurin dukan maƙwabtanki, ki nemi tulunan da babu kome a ciki. Kada ki nemo kaɗan kawai.
তেতিয়া ইলীচাই ক’লে, “তুমি তোমাৰ সকলো প্রতিবেশীসকলৰ পৰা কিছুমান খালী পাত্র ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয়, সিমান বেছিকৈ আনিবা।
4 Sa’an nan ki shiga ciki, ki kulle ƙofar da ke da’ya’yanki kuke ciki. Ku ɗuɗɗura man a dukan tulunan, sa’ad da kowanne ya cika, sai ki ajiye a gefe.”
তাৰ পাছত তুমি তোমাৰ ল’ৰা দুজনৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰিয়াকৈ থবা।”
5 Ta tashi ta shiga tare da’ya’yanta maza, suka kulle ƙofa.’Ya’yanta suka kawo mata tuluna, ita kuma tana ɗurawa.
তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল।
6 Da dukan tulunan suka cika, sai ta ce wa ɗanta, “Kawo mini wani tulu.” Amma ya amsa ya ce, “Ai, ba saura.” Sa’an nan man ya daina zuba.
সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল।
7 Sai ta tafi ta faɗa wa mutumin Allah. Shi kuwa ya ce mata, “Tafi, ki sayar da man, ki biya bashinki. Ki biya bukatanki da na’ya’yanki da sauran da ya rage.”
তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”
8 Wata rana Elisha ya tafi Shunem. Akwai wata mai arziki a can wadda ta gayyace shi cin abinci. Sai ya zama duk lokacin da yake wucewa, yakan tsaya a can don cin abinci.
এদিন ইলীচাই খোজ কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।
9 Ta ce wa mijinta, “Na san cewa wannan mutum da kullum yake zuwa nan mai tsarki ne na Allah.
মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ক’লে, “এই যি লোকজন প্রায়ে আমাৰ বাটেদি অহা-যোৱা কৰে, মই এতিয়া বুজিব পাৰিছোঁ যে, তেওঁ ঈশ্বৰৰ এজন পবিত্ৰ লোক।
10 Bari mu yi ɗan ɗaki a rufin gida mu kuma sa masa gado da tebur da kujera da kuma fitila. Saboda a duk lokacin da ya zo wurinmu, sai yă sauka a can.”
১০আহঁক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঁঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিচনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ; তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে, সেই কোঁঠালিত থাকিব পাৰিব।”
11 Wata rana da Elisha ya zo, sai ya haura ɗakinsa ya kwanta.
১১এদিন ইলীচা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঁঠালিত গৈ বিশ্রাম লৈছিল।
12 Ya ce wa bawansa Gehazi, “Kira mutuniyar Shunam nan.” Sai ya kira ta, ta zo ta tsaya a gabansa.
১২তেওঁ তেওঁৰ দাস গেহজীক ক’লে, “তুমি সেই চূনেমীয়া মহিলাগৰাকীক মাতা।” তাতে দাসজনে মহিলাগৰাকীক মাতিলে আৰু মহিলাগৰাকী আহি তেওঁৰ আগত থিয় হ’ল।
13 Elisha ya ce masa, “Ka ce mata, ‘Kin yi duk wannan ɗawainiya saboda mu. Yanzu, me kike so a yi miki? Kina so mu yi magana a madadinki wa sarki ko babban hafsan mayaƙa?’” Sai ta ce, “A’a, ina da dukan abin da nake bukata a cikin jama’ata.”
১৩তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”
14 Sai Elisha ya tambayi Gehazi ya ce, “Me za mu yi mata?” Sai ya amsa ya ce, “Ba ta da ɗa, ga shi kuma mijinta ya tsufa.”
১৪ইলীচাই ক’লে, “তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ?” গেহজীয়ে উত্তৰ দিলে, “অৱশ্যে, তেওঁৰ কোনো পুত্র নাই আৰু তেওঁৰ স্বামীও বৃদ্ধ হ’ল।”
15 Sai Elisha ya ce, “Ka kira ta.” Sai ya kira ta, ta zo ta tsaya a bakin ƙofa.
১৫ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল।
16 Elisha ya ce mata, “War haka baɗi, za ki riƙe ɗa na kanki.” Sai ta ce masa, “A’a, ranka yă daɗe, mutumin Allah, kada ka ruɗi baiwarka!”
১৬ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”
17 Amma matan ta yi ciki, a shekara ta biye kuwa a daidai lokacin, sai ta haifi ɗa kamar yadda Elisha ya faɗa mata.
১৭পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।
18 Yaron ya yi girma, wata rana sai ya tafi wurin mahaifinsa, wanda yake tare da masu girbi.
১৮ল’ৰাটি ডাঙৰ হ’বলৈ ধৰিলে। এদিন তেওঁৰ পিতৃ যেতিয়া শস্য দোৱা লোকসকলৰ লগত আছিল, তেতিয়া সি তাৰ বাপেকৰ ওচৰলৈ গ’ল।
19 Ba zato sai ya ce wa mahaifinsa, “Wayyo! Kaina yana mini ciwo! Kaina yana mini ciwo!” Sai mahaifinsa ya ce wa bawansa, “Kai shi wurin mahaifiyarsa.”
১৯ল’ৰাটিয়ে বাপেকক ক’লে, “ওহ! মোৰ মূৰটো, মোৰ মূৰটো।” বাপেকে এজন দাসক ক’লে, “ইয়াক দাঙি মাকৰ ওচৰলৈ লৈ ব’লা।”
20 Bayan bawan ya ɗaga shi ya kai wurin mahaifiyarsa, sai yaron ya zauna a cinyarta har tsakar rana, sa’an nan ya mutu.
২০সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পর্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ’ল।
21 Sai ta haura ta shimfiɗa shi a gadon mutumin Allah, ta rufe ƙofar, ta fita.
২১তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল।
22 Ta kira mijinta ta ce, “Ina roƙonka ka aika mini da ɗaya daga cikin bayi da kuma jaka, don in yi sauri in je wurin mutumin Allah in dawo.”
২২তেওঁ গিৰীয়েকক মাতি ক’লে, “আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠাই দিয়ক। মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম।”
23 Sai ya ce, “Me zai kai ki wurinsa, ai, yau ba Sabon Wata ba ne ko ranar Asabbaci?” Sai ta ce, “Ba kome.”
২৩তেওঁৰ গিৰিয়েকে ক’লে, “তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিটো ন-জোন নহয়, বিশ্ৰামবাৰও নহয়।” তেওঁ উত্তৰ দি’লে, “তাতে ভালেই হ’ব।”
24 Sai ta sa wa jakar sirdi ta ce wa bawanta, “Yi ta kora mini jakar, kada ka sassauta, sai na faɗa maka.”
২৪তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”
25 Ta haka ta kama hanya ta tafi wurin mutumin Allah a Dutsen Karmel. Da ya hange ta daga nesa, sai mutumin Allah ya ce wa bawansa Gehazi, “Duba! Ga mutuniyar Shunam nan can!
২৫এইদৰে তেওঁ ওলাই গ’ল আৰু কৰ্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকৰ ওচৰলৈ আহিল। ঈশ্বৰৰ লোকে মহিলাগৰাকীক দূৰৈতে দেখি, নিজৰ দাস গেহজীক ক’লে, “সৌৱা, চোৱা, চূনেমীয়া মহিলাগৰাকী;
26 Ka yi gudu ka tarye ta ka tambaye ta, ‘Lafiyarki? Mijinki yana nan lafiya? Yaronki yana nan lafiya?’” Ta amsa ta ce, “Kome lafiya yake.”
২৬তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।”
27 Da ta isa wurin mutumin Allah a dutsen, sai ta kama ƙafafunsa. Sai Gehazi ya zo don yă ture ta, amma mutumin Allah ya ce, “Ka bar ta! Tana cikin baƙin ciki ƙwarai, amma Ubangiji ya ɓoye mini, bai kuma faɗa mini me ya sa ba.”
২৭পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।”
28 Sai ta tambaya shi ta ce, “Na roƙe ka ɗa ne, ranka yă daɗe? Ba na ce maka, ‘Kada ka sa in fara bege ba’?”
২৮মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল’ৰা খুজিছিলোঁ? মই জানো আপোনাক কোৱা নাছিলো, ‘মোক মিছা আশা নিদিব’?”
29 Elisha ya ce wa Gehazi, “Ka yi ɗamara, ka ɗauki sandana ka ruga a guje. Idan ka sadu da wani, kada ka gaishe shi, idan kuma wani ya gaishe ka, kada ka amsa. Ka shimfiɗa sandana a fuskar yaron.”
২৯তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”
30 Amma mahaifiyar yaron ta ce, “Muddin Ubangiji yana raye, kai kuma kana a raye, ba zan bar ka ba.” Saboda haka ya tashi ya bi ta.
৩০কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে।
31 Gehazi ya yi gaba, ya shimfiɗa sandan a fuskar yaron, amma babu motsi, babu alamar rai. Saboda haka Gehazi ya koma ya taryi Elisha, ya faɗa masa, “Yaron bai tashi ba.”
৩১গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল’ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো সাৰ-সুৰৰ লক্ষণ পোৱা নগ’ল। সেয়ে, গেহজীয়ে ইলীচাক লগ ধৰিবৰ বাবে উভটি গ’ল আৰু তেওঁক ক’লে, “ল’ৰাটি সাৰ পোৱা নাই।”
32 Da Elisha ya isa gidan, sai ga gawar yaron kwance a kan gadonsa.
৩২পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে।
33 Sai ya shiga, ya rufe ƙofa, daga shi sai yaron, ya kuma yi addu’a ga Ubangiji.
৩৩তেতিয়া তেওঁ অকলেই ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
34 Sa’an nan ya hau gadon yă kwanta a bisa yaron, ya miƙe a kansa, baki da baki, ido da ido, hannu da hannu. Yayinda ya miƙe kansa a kan yaron, sai jikin yaron ya ɗau ɗumi.
৩৪তাৰ পাছত তেওঁ বিচনাৰ ওপৰত উঠি ল’ৰাটিৰ মুখৰ ওপৰত নিজৰ মুখ, চকুৰ ওপৰত নিজৰ চকু আৰু হাতৰ তলুৱাৰ ওপৰত হাত ৰাখি শুই দিলে; তেওঁ ল’ৰাটিৰ ওপৰত যেতিয়া দীঘল দি পৰিল, তেতিয়া ল’ৰাটিৰ গা গৰম হৈ উঠিল।
35 Elisha ya tashi, ya yi ta kai komo a cikin ɗakin. Sa’an nan ya sāke koma kan gadon yă miƙe a kan yaron, sai yaron ya yi atishawa sau bakwai, ya kuma buɗe idanunsa.
৩৫তাৰ পাছত ইলীচাই নামি আহি ঘৰৰ ভিতৰতে অহা যোৱা কৰি ফুৰিলে; পাছত পুনৰায় বিচনাত উঠি গৈ ল’ৰাটিৰ ওপৰত দীঘল হৈ পৰিল। তাতে ল’ৰাটিয়ে সাতবাৰ হাঁচি মাৰি চকু মেলি চালে!
36 Elisha ya kira Gehazi ya ce, “Kirawo mutuniyar Shunam.” Ya kuwa kira ta. Sa’ad da ta zo, sai Elisha ya ce mata, “Ɗauki ɗanki.”
৩৬তেতিয়া ইলীচাই গেহজীক মাতি ক’লে, “চূনেমীয়ানীক মাতা!” তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঁঠালিটোলৈ অহাত ইলীচাই ক’লে, “তোমাৰ ল’ৰাটিক লোৱা।”
37 Sai ta shiga, ta fāɗi a ƙafafunsa ta rusuna har ƙasa. Sa’an nan ta ɗauki ɗanta ta fita.
৩৭তেতিয়া মহিলাগৰকী সোমাই আহি তেওঁৰ ভৰিত পৰিল আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ’ল।
38 Sai Elisha ya koma Gilgal, a can kuwa ana yunwa a yankin. Yayinda ƙungiyar annabawa suke tattaunawa da shi, sai ya ce wa Gehazi bawansa, “Ka sa babban tukunya a wuta, ka yi wa mutanen nan fate.”
৩৮তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”
39 Ɗaya daga cikin mutanen ya shiga gona don neman ganyaye, ya kuwa sami kabewar jeji. Ya tsinko’ya’yanta cike da shafin rigarsa. Da ya dawo, sai ya yayyanka su ya zuba a cikin tukunyar faten, ko da yake ba wanda ya san ko mene ne.
৩৯তেতিয়া তেওঁলোকৰ মাজৰ এজনে শাক তুলি আনিবৰ কাৰণে পথাৰলৈ গ’ল। তেওঁ ফলেৰে ভৰা বনৰীয়া লতা দেখা পাই তাৰ ফল ছিঙি কোঁচত ভৰাই আনিলে; তাৰ পাছত সেইবোৰ কাটি চুৰুহাত দিলে; কিন্তু সেইবোৰ কি আছিল, তাক তেওঁলোকে নাজানিলে।
40 Sai aka zuba wa mutanen faten, amma da suka fara ci, sai suka yi ihu suna cewa, “Ya mutumin Allah, akwai dafi a cikin tukunyan nan!” Suka kuwa kāsa ci.
৪০পাছত তেওঁলোকে সেই আঞ্জা লোক সমূহক খাবলৈ বাকি দিলে; কিন্তু লোক সকলে সেই আঞ্জা মুখত দিয়া মাত্ৰকে চিঞৰি উঠিল, “হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে!” তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে।
41 Elisha ya ce, “Samo mini ɗan gari.” Aka kawo masa ya kuma sa a cikin tukunyan ya ce, “Raba wa mutanen su ci.” Ya kasance kuwa babu wani abin damuwa a tukunyar.
৪১তেতিয়া ইলীচাই ক’লে, “অলপমান ময়দা লৈ আনা।” তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক’লে, “এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকি দিয়া।” তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল।
42 Sai ga wani mutum ya zo daga Ba’al-Shalisha, ya kawo wa Elisha dunƙulen burodi guda ashirin na sha’ir da aka gasa daga nunan fari na hatsi, tare da kawunan sababbin hatsi. Sai Elisha ya ce, “Ka ba mutanen su ci.”
৪২এবাৰ বাল-চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা যৱ ধানৰ বিশটা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলীচাই ক’লে, “এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া।”
43 Sai bawansa ya ce, “Yaya zan raba wa mutane ɗari wannan?” Amma Elisha ya amsa ya ce, “Ka raba wa mutane su ci, gama haka Ubangiji ya ce, ‘Za su ci har su bar saura.’”
৪৩তেওঁৰ দাসে ক’লে, “কি! মই ইয়াক এশজন লোকৰ আগত থম নে?” ইলীচাই উত্তৰত ক’লে, “তুমি লোকসকলক ইয়াকে খাবলৈ দিয়া; কিয়নো যিহোৱাই কৈছে, ‘তেওঁলোকে খাব আৰু কিছু বাকীও থাকিব।’”
44 Sa’an nan ya ajiye a gabansu, suka kuwa ci har suka bar saura, bisa ga maganar Ubangiji.
৪৪সেই দাসে তেতিয়া তাক নি লোকসকলৰ আগত ৰাখিলে। যিহোৱাই যিদৰে কৈছিল, সেইদৰেই তেওঁলোকে তাক খালে আৰু কিছু বাকীও থাকিল।

< 2 Sarakuna 4 >