< 2 Sarakuna 24 >
1 A zamani Yehohiyakim, Nebukadnezzar sarkin Babilon ya kawo wa ƙasar farmaki, Yehohiyakim dai ya zama abokin tarayyarsa na tsawon shekara uku. Daga baya kuma sai ya canja ra’ayi ya yi wa Nebukadnezzar tawaye.
১যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
2 Ubangiji ya aiki maharan Babiloniyawa, da na Arameyawa, da na Mowabawa, da na Ammonawa. Ya aike su su hallaka Yahuda bisa ga maganar Ubangiji wadda ya furta ta bakin bayinsa annabawa.
২যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
3 Ba shakka waɗannan abubuwa sun faru da Yahuda bisa ga umarnin Ubangiji domin yă kawar da su daga gabansa saboda zunuban Manasse da dukan abin da ya yi,
৩যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে;
4 haɗe da zub da jinin marasa laifi. Gama ya ƙazantar da Urushalima da jinin marasa laifi. Ubangiji kuwa bai yi niyyar yafewa ba.
৪আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
5 Game da sauran ayyukan mulkin Yehohiyakim da abubuwan da ya aikata, duk a rubuce suke a cikin littafin tarihin sarakunan Yahuda.
৫যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
6 Yehohiyakim ya huta da kakanninsa. Yehohiyacin ɗansa ya gāje shi.
৬পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল।
7 Sarkin Masar bai sāke fita daga ƙasarsa don yaƙi ba domin sarkin Babilon ya mamaye yankin, daga Rafin Masar har zuwa Kogin Yuferites.
৭মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।
8 Yehohiyacin yana da shekara goma sha takwas da ya zama sarki, ya kuma yi mulki wata uku a Urushalima. Sunan mahaifiyarsa Nehushta’yar Elnatan, mutuniyar Urushalima.
৮ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল।
9 Ya aikata mugunta a gaban Ubangiji yadda mahaifinsa ya yi.
৯যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
10 A wannan lokaci, hafsoshin Nebukadnezzar sarkin Babilon suka kawo wa Urushalima yaƙi, suka kuma kewaye ta.
১০সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে।
11 Nebukadnezzar na Babilon da kansa kuwa ya zo birnin yayinda hafsoshinsa suka kewaye ta.
১১তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল।
12 Yehohiyacin sarkin Yahuda, da mahaifiyarsa, da masu yi masa hidima, da hakimansa, da kuma fadawansa duk suka miƙa kansu ga Nebukadnezzar. A shekara ta takwas ta mulkin sarkin Babilon, sarkin Babilon ya mai da Yehohiyacin ɗan kurkuku.
১২যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।
13 Yadda Ubangiji ya faɗa, Nebukadnezzar ya kwashe dukan dukiyar haikalin Ubangiji, da ta fadan sarki, ya kuma kwashe dukan kayan zinariyar da Solomon sarkin Isra’ila ya ƙera domin haikalin Ubangiji.
১৩যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
14 Ya kwashi dukan mutanen Urushalima zuwa bauta, ya kwashi dukan fadawa, da mayaƙa, da masu sana’a, da maƙera, yawansu ya kai dubu goma. Ba wanda ya ragu, sai matalautan ƙasar.
১৪তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।
15 Nebukadnezzar ya ɗauki Yehohiyacin ya kai bauta a Babilon. Ya kuma kwashe mahaifiyar sarki, da matansa, da fadawansa, da manyan mutanen ƙasar daga Urushalima ya kai Babilon.
১৫নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল।
16 Sarkin Babilon kuma ya kwashe dukan mayaƙa dubu bakwai, ƙarfafu, shiryayyu don yaƙi, da masu sana’a, da maƙera dubu ɗaya, ya kai Babilon.
১৬বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।
17 Sarkin Babilon ya sa Mattaniya, ɗan’uwan mahaifin Yehohiyacin, ya zama sarki a madadinsa, ya canja masa suna zuwa Zedekiya.
১৭বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে।
18 Zedekiya yana da shekara ashirin da ɗaya da ya zama sarki, ya kuma yi mulki shekara goma sha ɗaya a Urushalima. Sunan mahaifiyarsa Hamutal’yar Irmiya; mutuniyar Libna.
১৮একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
19 Ya aikata mugunta a gaban Ubangiji yadda Yehohiyakim ya yi.
১৯যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
20 Saboda fushin Ubangiji ne dukan waɗannan abubuwa suka faru da Urushalima, da kuma Yahuda, a ƙarshe kuma ya kawar da su daga fuskarsa. To, sai Zedekiya ya yi wa sarkin Babilon tawaye.
২০যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।