< 2 Tarihi 9 >

1 Sa’ad da sarauniyar Sheba ta ji shahararr Solomon, sai ta zo Urushalima tă gwada shi da tambayoyi masu wuya. Ta iso tare da ayari mai girma, da raƙuma ɗauke da kayan yaji, zinariya mai yawa, da kuma duwatsu masu daraja, ta zo wurin Solomon ta kuma yi magana da shi game da dukan abin da yake zuciyarta.
পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।
2 Solomon ya amsa dukan tambayoyinta; babu wani abin da ya yi masa wuya yă bayyana mata.
তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে; চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল; তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল৷
3 Sa’ad da sarauniyar Sheba ta ga hikimar Solomon da kuma fadan da ya gina,
এইদৰে চিবাৰ ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্ম্মাণ কৰা গৃহ দেখিলে,
4 ta ga abincin da yake teburinsa, ta ga zaman fadawansa, bayi masu yin masa hidima cikin rigunansu, ta ga masu riƙe kwaf cikin rigunansu da kuma hadayun ƙonawar da ya yi a haikalin Ubangiji, sai mamaki ya kama ta.
আৰু তেওঁৰ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ-পোচাক, তেওঁৰ পান-পাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ-পোচাক আৰু যিহোৱাৰ গৃহলৈ তেওঁ উঠা খটখটী, এই সকলোকে দেখি, তেখেত বিচূৰ্ত্তি হ’ল।
5 Ta ce wa sarki, “Labarin da na ji a ƙasata game da nasarorinka da hikimarka, gaskiya ne.
তেখেতে ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ, সেয়ে সঁচা আছিল।
6 Amma ban gaskata abin da suka faɗa ba sai da na zo na kuma gani da idanuna. Tabbatacce, ko rabin girman hikimarka ba a faɗa mini ba, ka wuce labarin da na ji nesa ba kusa ba.
কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ৷ চাওঁক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্ত্বৰ আধাও মোক কোৱা নাছিল; মই যি কথা শুনিছিলোঁ, তাতকৈ আপোনাৰ গুণ আধিক আছে।
7 Abin farin ciki ne ga mutanenka! Abin farin ciki ne ga fadawanka, waɗanda suke cin gaba da tsayawa a gabanka suna kuma jin hikimarka!
আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।
8 Yabo ya tabbata ga Ubangiji Allahnka, wanda ya ji daɗi a cikinka ya sa ka a kan kujerar sarautarsa a matsayin sarki don ka yi mulkin domin Ubangiji Allahnka. Saboda ƙaunar Allahnka wa Isra’ila da kuma sha’awarsa na riƙe su har abada, ya naɗa ka sarki a bisansu, don ka yi adalci da kuma gaskiya.”
আপোনাৰ ঈশ্বৰ যিহোৱা ধন্য, আপোনাৰ ঈশ্বৰ যিহোৱাৰ বাবে ৰজা পাতিবলৈ, তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয়ে সন্তুষ্ট। কিয়নো আপোনাৰ ঈশ্বৰে ইস্ৰায়েলক প্ৰেম কৰে, তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিস্থিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে।”
9 Sa’an nan ta ba sarki talenti 120 na zinariya, kayan yaji masu yawa, da kuma duwatsu masu daraja. Ba a taɓa kasance da irin kayan yaji mai yawa kamar waɗanda sarauniyar Sheba ta ba wa sarki Solomon ba.
তেখেতে ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য, আৰু বহুমূল্য বাখৰ দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল।
10 (Mutanen Hiram da mutanen Solomon suka kawo zinariya daga Ofir, suka kuma kawo gungumen algum da duwatsu masu daraja.
১০হীৰম আৰু চলোমনৰ যি দাসবোৰে ওফীৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগূম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল।
11 Sarki ya yi amfani da gungumen algum don matakalan haikalin Ubangiji da kuma na fadan sarki, ya kuma yi garayu da molaye don mawaƙa. Ba a taɓa gani irinsu a Yahuda ba.)
১১ৰজাই সেই অলগূম কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে৷ তেনেকুৱা কাঠ আগেয়ে যিহূদা দেশত কোনেও কেতিয়াও দেখা নাছিল।
12 Sarki Solomon ya ba sarauniyar Sheba duk abin da take so da kuma ta nema; ya ba ta fiye da abin da ta kawo masa. Sa’an nan ta tashi ta koma ƙasarta tare da masu rufe mata baya.
১২পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
13 Nauyin zinariyar da Solomon yake karɓa shekara-shekara talenti 666 ne,
১৩এবছৰৰ ভিতৰত ছশ ছয়ষষ্ঠি কিক্কৰ সোণ চলোমনলৈ আহিল,
14 ban da harajin da fatakai da’yan kasuwa suke biya. Haka kuma dukan sarakunan Arabiya da gwamnonin ƙasar suka kawo zinariya da azurfa wa Solomon.
১৪সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
15 Sarki Solomon ya yi manyan garkuwoyi ɗari biyu da zinariya; an yi kowane garkuwa da bekas ɗari shida na zinariya.
১৫আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷
16 Ya kuma yi ƙanana garkuwoyi zinariya ɗari uku, da bekas ɗari uku na zinariya a kowanne. Sarki ya sa su a cikin Fadan da ake kira Kurmin Lebanon.
১৬আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।
17 Sai sarki ya yi wata kujerar sarauta mai girma da aka shafe ta da hauren giwa, aka kuma dalaye ta da zinariya zalla.
১৭ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।
18 Kujerar tana da matakalai shida, da wurin sa ƙafa na zinariya haɗe da ita. A kowane gefen wurin zama, akwai wurin ajiye hannu, da zaki tsaye kusa da kowannensu.
১৮সেই সিংহাসনৰ ছখপিয়া খটখটি আছিল আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি-পীৰা আছিল আৰু বহা ঠাইৰ দুয়োফালে দুখন হাত আছিল৷ সেই হাতৰ ওচৰত দুটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল।
19 Zakoki goma sha biyu sun tsaya a kan matakalai shida, ɗaya a ƙarshen matakala guda. Ba a taɓa yin irin wannan abu don wata masarauta ba.
১৯আৰু সেই ছয় খাপৰ ওপৰত দুই মুৰে বাৰটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল। এনেকুৱা সিংহাসন আন কোনো ৰাজ্যত সজা নাছিল।
20 Dukan kwaf na Sarki Solomon zinariya ne, kuma dukan kayayyakin gida a Fadan da ake kira Kurmin Lebanon zinariya ne zalla. Ba a yi wani abu da azurfa ba, domin ba a ɗauki azurfa a zamanin Solomon a bakin kome ba.
২০চলোমন ৰজাৰ সকলো পান-পাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল; চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল।
21 Sarki yana da jerin jiragen ruwa na kasuwanci waɗanda mutanen Hiram ne suke kula da su. Sau ɗaya kowace shekara uku sukan dawo ɗauke da zinariya, azurfa, hauren giwa, gogo da kuma birai.
২১কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
22 Sarki Solomon ya fi arziki da hikima in aka kwatanta da dukan sauran sarakunan duniya.
২২এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ’ল।
23 Dukan sarakunan duniya sun nemi su sadu da Solomon don su ji hikimar da Allah ya sa a zuciyarsa.
২৩ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল।
24 Shekara, shekara, duk wanda ya zo wurinsa yakan kawo kyauta, kayayyakin azurfa da na zinariya, da riguna, makamai da kayan yaji, da dawakai da kuma alfadarai.
২৪আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
25 Solomon ya kasance da wuraren ajiye dawakai dubu huɗu don dawakai da kekunan yaƙi, yana da dawakai dubu goma sha biyu waɗanda ya ajiye a biranen kekunan yaƙi da kuma tare da shi a Urushalima.
২৫ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
26 Ya yi mulki bisa dukan sarakuna daga Kogi Yuferites zuwa ƙasar Filistiyawa, har zuwa iyakar Masar.
২৬আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
27 Sarki ya sa azurfa ta zama barkatai a Urushalima kamar duwatsu, al’ul kuma da yawa kamar itatuwan fir a gindin tsaunuka.
২৭ৰজাই যিৰূচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
28 An sayo dawakan Solomon daga Masar da kuma daga dukan sauran ƙasashe.
২৮মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
29 Game da sauran ayyukan mulkin Solomon, daga farko har zuwa ƙarshe, an rubuta su a cikin tarihin annabi Natan, cikin annabcin Ahiya mutumin Shilo da kuma cikin wahayin Iddo mai gani game da Yerobowam ɗan Nebat.
২৯চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
30 Solomon ya yi mulki a Urushalima a bisa dukan Isra’ila shekaru arba’in.
৩০এইদৰে চলোমনে যিৰূচালেমত থাকি সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিলে।
31 Sa’an nan ya huta tare da kakanninsa, aka kuma binne shi cikin birnin Dawuda mahaifinsa. Rehobowam ɗansa kuwa ya gāje shi a matsayin sarki.
৩১পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।

< 2 Tarihi 9 >