< 2 Tarihi 36 >

1 Sai mutanen ƙasar suka ɗauki Yehoyahaz ɗan Yosiya suka naɗa shi sarki a Urushalima yă gāji mahaifinsa.
পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
2 Yehoyahaz yana da shekara ashirin da uku sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima wata uku.
যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে।
3 Sarkin Masar ya tumɓuke shi a Urushalima, ya tilasta Yahuda su biya haraji talenti ɗari na azurfa da kuma talentin zinariya.
মিচৰৰ ৰজাই যিৰূচালেমত তেওঁক ৰজাৰ পদৰ পৰা আতৰাই, দেশৰ ওপৰত এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ দণ্ড কৰিলে।
4 Sarkin Masar ya naɗa Eliyakim, ɗan’uwan Yehoyahaz, sarki a bisa Yahuda da kuma Urushalima, ya kuma canja sunan Eliyakim zuwa Yehohiyakim. Amma Neko ya ɗauki Yehoyahaz ɗan’uwan Eliyakim ya kai Masar.
তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল।
5 Yehohiyakim yana da shekara ashirin da biyar sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara goma sha ɗaya. Ya yi abin da yake mugu a gaban Ubangiji Allahnsa.
যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
6 Nebukadnezzar sarkin Babilon ya hauro ya kara da shi. Ya kama shi, ya daure da sarƙoƙin tagulla, ya kuma kai shi Babilon.
তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।
7 Nebukadnezzar sarkin Babilon ya kuma kwaso kayayyaki daga haikalin Ubangiji ya sa su a haikalinsa a can.
আৰু নবূখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে।
8 Sauran ayyukan mulkin Yehohiyakim, ayyukan banƙyamar da ya aikata da dukan abubuwan da aka same shi da su, suna a rubuce cikin littafin sarakunan Isra’ila da na Yahuda. Sai Yehohiyacin ɗansa ya gāje shi a matsayin sarki.
চোৱা, যিহোয়াকীমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণলগা কাৰ্যবোৰ আৰু তেওঁত পোৱা দোষৰ কথা ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ যিহোয়াখীন তেওঁৰ পদত ৰজা হ’ল।
9 Yehohiyacin yana da shekara goma sha takwas sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima wata uku da kwana goma. Ya yi abin da yake mugu a gaban Ubangiji.
যিহোয়াখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে।
10 Da bazara, Sarki Nebukadnezzar ya aika a kawo Yehohiyacin, aka kuma kawo shi Babilon, tare da kayayyaki masu daraja daga haikalin Ubangiji, sai Sarki Nebukadnezzar ya naɗa kawunsa Zedekiya, sarki a bisa Yahuda da Urushalima.
১০পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
11 Zedekiya yana da shekara ashirin da ɗaya sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara goma sha ɗaya.
১১চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে।
12 Ya yi abin da yake mugu a gaban Ubangiji Allahnsa kuma bai ƙasƙantar da kansa a gaban Irmiya annabi, wanda ya yi magana kalmar Ubangiji ba.
১২তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে।
13 Ya tayar wa Sarki Nebukadnezzar, wanda ya sa ya yi rantsuwa da sunan Allah. Ya zama mai kunnen ƙashi da kuma taurin zuciya, bai kuwa juye ga Ubangiji, Allah na Isra’ila ba.
১৩আৰু যি ৰজা নবূখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল।
14 Bugu da ƙari, dukan shugabannin firistoci da mutane suka ƙara zama marasa aminci, suna bin dukan abubuwan banƙyama na al’ummai, suka ƙazantar da haikalin Ubangiji, wanda ya tsarkake a Urushalima.
১৪বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
15 Sai Ubangiji Allah na kakanninsu, ya yi ta aika da magana gare su ta wurin’yan saƙonsa sau da sau, domin ya ji tausayi mutanensa da mazauninsa.
১৫তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
16 Amma suka yi wa’yan saƙon Allah ba’a, suka rena maganarsa, suka yi wa annabawansa dariyar reni, har sai da fushin Ubangiji ya tasar a kan mutanensa babu makawa.
১৬কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
17 Ya bashe su ga sarkin Babiloniyawa wanda ya karkashe samarinsu da takobi a wuri mai tsarki, bai yi juyayin saurayi, ko budurwa, ko tsoho, ko gajiyayye ba. Allah ya bashe su duka ga Nebukadnezzar.
১৭এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
18 Nebukadnezzar ya kwashe dukan kayayyaki daga haikalin Allah, babba da ƙarami, da ma’ajin haikalin Ubangiji da kuma ma’ajin sarki da na fadawansa zuwa Babilon.
১৮আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
19 Suka cinna wa haikalin Allah wuta, suka rurrushe katangar Urushalima; suka ƙone dukan fada, suka kuma lalace kome mai amfani da yake can.
১৯আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।
20 Waɗanda ba a kashe ba kuwa Nebukadnezzar ya kwashe su, ya kai Babilon, suka zama bayinsa da na’ya’yansa maza har zuwa kahuwar mulkin Farisa.
২০আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷
21 Ƙasar ta more hutun Asabbacinta; a dukan lokacin zamanta kango ta huta, har sai da shekaru saba’in nan suka cika bisa ga maganar Ubangiji da Irmiya ya faɗi.
২১যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তান সকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে।
22 Don a cika maganar da Ubangiji ya yi ta wurin Irmiya, a shekara farko ta Sairus sarkin Farisa, sai Ubangiji ya motsa zuciyar Sairus na Farisa don yă yi shela a dukan masarautarsa, ya kuma sa shi a rubuce cewa,
২২পাছত পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিৰিমিয়াৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যৰ সিদ্ধিৰ বাবে, যিহোৱাই পাৰস্যৰ কোৰচ ৰজাৰ মন উদগালে৷ তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননী লিখি, এই আজ্ঞা প্ৰচাৰ কৰিলে৷ তেওঁ ক’লে,
23 “Ga abin da Sairus sarkin Farisa ya ce, “‘Ubangiji Allah na sama, ya ba ni dukan mulkokin duniya, ya kuma naɗa ni in gina masa haikali a Urushalima a Yahuda. Duk wani na mutanensa a cikinku, bari yă haura yă tafi, bari kuma Ubangiji Allahnsa yă kasance tare da shi.’”
২৩“পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।”

< 2 Tarihi 36 >