< 2 Tarihi 31 >
1 Sa’ad da aka gama dukan wannan, sai Isra’ilawan da suke can suka fita zuwa garuruwan Yahuda, suka rurrushe keɓaɓɓun duwatsu suka kuma farfashe ginshiƙan Ashera. Suka rurrushe masujadan kan tudu da bagadai, ko’ina a Yahuda da Benyamin da kuma cikin Efraim da Manasse. Bayan sun rurrushe dukansu, sai Isra’ilawa suka koma garuruwansu, kowanne zuwa mahallinsa.
১এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
2 Hezekiya kuma ya raba firistoci da Lawiyawa kashi-kashi, kowanne da hidimarsa, firistoci da Lawiyawa, don hadayu na ƙonawa da na salama, su yi hidima, su yi godiya, su kuma rera yabai a ƙofofin mazaunin Ubangiji.
২আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।
3 Sarki ya ba da taimako daga mallakarsa domin hadayun ƙonawa, safe da yamma da kuma don hadayun ƙonawa a Asabbatai, Sabon Wata da kuma ƙayyadaddun bukukkuwa kamar yadda yake a rubuce a cikin Dokar Ubangiji.
৩আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।
4 Ya umarci mutanen da suke zama a Urushalima su ba da rabon da yake na firistoci da Lawiyawa, don su ƙwallafa ransu ga Dokar Ubangiji.
৪আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।
5 Nan da nan aka baza umarnin, sai Isra’ilawa suka bayar’ya’yan farin hatsinsu, sabon ruwan inabi, mai da kuma zuma da dukan abin da gona ta bayar, hannu sake. Suka kawo zakan kowane abu da yawa.
৫এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
6 Mutanen Isra’ila da Yahuda waɗanda suke zama a garuruwan Yahuda, su ma suka kawo zakan shanu da na tumaki da kuma zakan abubuwa masu tsarki da aka keɓe ga Ubangiji Allahnsu, suka jibge su tsibi-tsibi.
৬আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
7 Sun fara yin haka a wata na uku, suka kuma gama a wata na bakwai.
৭তৃতীয় মাহত তেওঁলোকে দ’মৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে।
8 Sa’ad da Hezekiya da fadawansa suka zo suka ga tsibin, sai suka yabi Ubangiji, suka kuma albarkace mutanensa Isra’ila.
৮যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।
9 Hezekiya ya tambayi firistoci da Lawiyawa game da tsibin;
৯তেতিয়া হিষ্কিয়াই সেই বোৰ দ’মৰ বিষয়ে পুৰোহিত আৰু লেবীয়াসকলক সুধিলে।
10 sai Azariya babban firist, daga iyalin Zadok ya amsa, “Tun daga lokacin da mutane suka fara kawo taimakonsu ga haikalin Ubangiji, muna da isashe don abinci da kuma da yawa da za mu rage, domin Ubangiji ya albarkaci mutanensa, saboda haka abin da ya ragu a rumbu yana da yawa.”
১০তাতে চাদোকৰ বংশৰ অজৰিয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, “যেতিয়াৰে পৰা লোকসকলে যিহোৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেপাহ পলুৱাই খাইছোঁ আৰু অনেক বাকি থাকিও গ’ল; কিয়নো যিহোৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্ব্বাদ কৰিলে৷ এই হেতুকে এই বৰ বৰ দ’মবোৰ বাকী থাকিল।”
11 Hezekiya ya ba da umarni a shirya ɗakunan ajiya a haikalin Ubangiji, aka kuwa yi haka.
১১তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।
12 Sa’an nan cikin aminci suka kawo taimako, zakka da keɓaɓɓun kyautai. Konaniya, wani Balawe, shi ne ke lura da waɗannan abubuwa, kuma ɗan’uwansa Shimeyi shi ne na biye da shi.
১২তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।
13 Yehiyel, Azaziya, Nahat, Asahel, Yerimot, Yozabad, Eliyel, Ismakiya, Mahat da Benahiya su ne shugabanni, mataimakan Konaniya da Shimeyi ɗan’uwansa, waɗanda sarki Hezekiya da Azariya babban shugaban haikalin Allah suka naɗa.
১৩আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।
14 Kore ɗan Imna Balawe, mai tsaron Ƙofar Gabas, shi ne yake lura da baikon yardan ran da aka yi wa Allah, don ya karkasa bayarwar da aka keɓe domin Ubangiji da hadayu mafi tsarki.
১৪আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।
15 Eden, Miniyamin, Yeshuwa, Shemahiya, Amariya da Shekaniya sun taimake shi da aminci a cikin garuruwan firistoci, suna ba da rabo wa’yan’uwansu firistoci bisa ga sassansu, tsofaffi da yara.
১৫তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।
16 Bugu da ƙari, suka ba da rabo ga maza’yan shekaru uku ko fiye waɗanda sunayensu suna a tarihin zuriya, dukan waɗanda ba za su iya shiga haikalin Ubangiji su yi ayyukansu na kullum ba, bisa ga nawayarsu da kuma sassansu.
১৬যিসকলে বিভাগীয় পাল ক্ৰমে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে যিহোৱাৰ গৃহত সোমায় - আনকি বংশাৱলী তালিকাত নাম লিখা তিনি বছৰ আৰু তাতোকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়।
17 Suka kuma ba da rabo ga firistocin da aka rubuta ta iyalansu cikin tarihin zuriya, haka kuma ga Lawiyawa masu shekara ashirin ko fiye, bisa ga nawayarsu da kuma sassansu.
১৭আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।
18 Suka haɗa da dukan ƙanana’ya’yansu, mata, da kuma’ya’ya maza da’ya’ya mata, al’umma gaba ɗaya da aka jera a waɗannan tarihin zuriya. Gama sun yi aminci cikin tsarkake kansu.
১৮আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।
19 Akwai mutane a garuruwa da yawa waɗanda aka sa don su rarraba wa’ya’yan Haruna, firist, maza, waɗanda suke zaune a gonaki na ƙasar garuruwansu su ba kowane namijin da aka rubuta na Lawiyawa, rabonsa.
১৯আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।
20 Abin da Hezekiya ya yi ke nan ko’ina a Yahuda, yana yin abin da yake da kyau, daidai da kuma mai aminci a gaban Ubangiji Allahnsa.
২০হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
21 Cikin kome da ya yi cikin hidimar haikalin Allah, cikin biyayya kuma ga doka da umarnai, ya nemi Allahnsa, ya kuma yi aiki gabagadi. Ta haka kuwa ya yi nasara.
২১আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।