< 2 Tarihi 30 >

1 Sai Hezekiya ya aika wa dukan Isra’ila da Yahuda, ya kuma rubuta wasiƙu zuwa Efraim da Manasse, yana gayyatarsu su zo haikalin Ubangiji a Urushalima, su kuma yi Bikin Ƙetarewa ga Ubangiji, Allah na Isra’ila.
পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।
2 Sarki da fadawansa da dukan taro a Urushalima suka yanke shawara su yi Bikin Ƙetarewa a wata na biyu.
কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।
3 Ba su iya yinsa a daidai lokacinsa ba domin babu isashen firistocin da suka tsarkake kansu, mutane kuma ba su taru a Urushalima ba.
প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।
4 Shirin ya yi kyau ga sarki da kuma dukan taron.
এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।
5 Suka yanke shawara su yi shelar a ko’ina a Isra’ila, daga Beyersheba zuwa Dan, suna kiran mutane su zo Urushalima, suka kuma yi Bikin Ƙetarewa ga Ubangiji Allah na Isra’ila. Ba a yi bikin da mutane masu yawa bisa ga abin da aka rubuta ba.
এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।
6 Bisa ga umarnin sarki, sai’yan aika suka tafi ko’ina a Isra’ila da Yahuda da wasiƙu daga sarki da kuma daga fadawansa, wasiƙar tana cewa, “Mutanen Isra’ila, ku dawo ga Ubangiji Allah na Ibrahim, Ishaku da Isra’ila, domin yă dawo gare ku, ku da kuka tafi, ku da kuka kuɓuce daga hannun sarakuna Assuriya.
পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।
7 Kada ku zama kamar iyayenku da’yan’uwanku, waɗanda suka yi rashin aminci ga Ubangiji Allah na kakanninsu, har ya mai da su abin tsoro, yadda kuke gani.
তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।
8 Kada ku yi taurinkai, yadda iyayenku suka yi; ku miƙa kai ga Ubangiji. Ku zo wuri mai tsarki, wanda ya tsarkake har abada. Ku bauta wa Ubangiji Allahnku, domin fushi mai zafi yă juye daga gare ku.
তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।
9 In kuka dawo wurin Ubangiji, sa’an nan waɗanda suka kama’yan’uwanku da’ya’yanku za su nuna musu tausayi, su kuma dawo wannan ƙasa, gama Ubangiji Allahnku mai alheri ne mai jinƙai kuma. Ba zai kau da fuskarsa daga gare ku ba, in kuka dawo gare shi.”
কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”
10 ’Yan aika suka tafi gari-gari a cikin Efraim da Manasse, har zuwa Zebulun, amma mutane suka yi musu dariyar reni, suka kuma yi musu ba’a.
১০পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।
11 Duk da haka, waɗansu mutanen Asher, Manasse da Zebulun suka ƙasƙantar da kansu suka tafi Urushalima.
১১তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।
12 Haka ma a Yahuda, hannun Allah yana a kan mutane don yă ba su zuciya ɗaya su yi abin da sarki da fadawansa suka umarta, suna bin maganar Ubangiji.
১২তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
13 Taron mutane mai girma ya haɗu a Urushalima don Bikin Burodi Marar Yisti a wata na biyu.
১৩পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।
14 Suka kawar da bagadai a Urushalima suka fid da bagadan turare suka zubar da su a Kwarin Kidron.
১৪আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।
15 Suka yanka ɗan ragon Bikin Ƙetarewa a rana ta goma sha huɗu na wata na biyu. Firistoci da Lawiyawa suka ji kunya suka tsarkake kansu, suka kawo hadayun ƙonawa a haikalin Ubangiji.
১৫পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।
16 Sa’an nan suka ɗauki matsayinsu na kullum yadda yake a Dokar Musa mutumin Allah. Firistoci suka yayyafa jinin da Lawiyawa suka ba su.
১৬তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।
17 Da yake da yawa cikin taron ba su tsarkake kansu ba, dole Lawiyawa su yanka’yan ragunan Bikin Ƙetarewa domin dukan waɗanda ba su da tsarki, ba su kuma iya tsarkake ragunansu ga Ubangiji ba.
১৭কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
18 Ko da yake yawancin mutanen da suka zo daga Efraim, Manasse, Issakar da Zebulun ba su tsarkake kansu ba, duk da haka suka ci Bikin Ƙetarewa, ba tare da bin abin da yake a rubuce ba. Amma Hezekiya ya yi addu’a dominsu cewa, “Bari Ubangiji, wanda yake nagari, yă gafarta wa kowa
১৮কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক
19 wanda ya sa zuciyarsa ga neman Allah, Ubangiji Allah na kakanninsa, ko da shi marar tsarki ne bisa ga dokokin wuri mai tsarki.”
১৯যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
20 Ubangiji kuwa ya ji Hezekiya ya kuma warkar da mutane.
২০সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।
21 Isra’ilawan da suka kasance a Urushalima suka yi Bikin Burodi Marar Yisti kwana bakwai da farin ciki mai girma, yayinda Lawiyawa da firistoci suke rera ga Ubangiji kowace rana, haɗe da kayan kiɗin yabon Ubangiji.
২১এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।
22 Hezekiya ya yi magana mai ƙarfafawa ga dukan Lawiyawa waɗanda suka nuna ganewar fasaha a hidimar Ubangiji. Kwana bakwai suka ci rabonsu da aka tsara, suka miƙa hadayun salama, suka kuma yabi Ubangiji Allah na kakanninsu.
২২আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
23 Dukan mutanen suka yarda su ƙara kwana bakwai kuma, sai suka ci gaba da bikin cikin farin ciki har waɗansu kwana bakwai kuma.
২৩পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।
24 Hezekiya sarkin Yahuda ya tanada bijimai dubu ɗaya da tumaki da kuma awaki dubu bakwai wa taron, fadawa kuma suka tanada musu bijimai dubu da kuma tumaki da awaki dubu goma. Firistoci masu yawa suka tsarkake kansu.
২৪কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।
25 Taron gaba ɗaya na Yahuda suka yi farin ciki, tare da firistoci da kuma Lawiyawa da dukan waɗanda suka taru daga Isra’ila, har ma da baƙi waɗanda suka zo daga Isra’ila da waɗanda suke zama a Yahuda.
২৫আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।
26 Aka yi farin ciki mai girma a Urushalima, gama tun zamanin Solomon ɗan Dawuda sarkin Isra’ila, ba a taɓa yin wani abu kamar haka a Urushalima ba.
২৬এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।
27 Firistoci da Lawiyawa suka tsaya suka albarkace mutane, Allah kuma ya ji su, gama addu’arsu ya kai sama, mazauninsa mai tsarki.
২৭পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।

< 2 Tarihi 30 >