< 2 Tarihi 29 >

1 Hezekiya yana da shekara ashirin da biyar sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara ashirin da tara. Sunan mahaifiyarsa Abiya,’yar Zakariya.
হিষ্কিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ অবিয়া, জখৰিয়াৰ জীয়েক আছিল।
2 Ya yi abin da yake daidai a gaban Ubangiji, kamar dai yadda kakansa Dawuda ya yi.
তেওঁ ওপৰ পিতৃ দায়ূদে কৰা কৰ্মৰ দৰে সকলো কৰ্ম কৰিছিল, তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিল।
3 A wata na farkon a farkon shekarar mulkinsa, ya buɗe ƙofofin haikalin Ubangiji ya gyara su.
তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।
4 Ya kawo firistoci da Lawiyawa, ya tattara su a filin da yake a gefen gabas
তেওঁ পুৰোহিত আৰু লেবীয়াসকলক মাতি আনি, পূবফালে থকা চোতালত তেওঁলোকক এক গোট কৰিছিল৷
5 ya kuma ce musu, “Ku saurare ni, Lawiyawa! Ku tsarkake kanku yanzu, ku kuma tsarkake haikalin Ubangiji Allah na kakanninku. Ku fid da ƙazanta daga wuri mai tsarki.
তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।
6 Kakanninku ba su yi aminci ba; suka aikata abin da yake mugu a gaban Ubangiji Allahnmu, suka kuma yashe shi. Suka juya fuskokinsu daga mazaunin Ubangiji suka kuma juya masa baya.
কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
7 Suka kulle ƙofofin shirayi, suka kuma kashe fitilu. Ba su ƙone turare ko su miƙa hadayun ƙonawa a wuri mai tsarki ga Allah na Isra’ila ba.
তেওঁলোকে আনকি বাৰাণ্ডাৰ দুৱাৰবোৰ বন্ধ কৰিলে আৰু প্ৰদীপবোৰ নুমুৱাই ৰাখিলে; তেওঁলোকে পবিত্ৰ স্থানৰ মাজত ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে ধূপ নজ্বলালে আৰু হোম-বলি নিদিলে।
8 Saboda haka, fushin Ubangiji ya fāɗo a kan Yahuda da Urushalima; ya mai da su abin tsoro da abin banrazana da kuma abin ba’a, kamar yadda kuke gani da idanunku.
এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে।
9 Abin da ya sa ke nan kakanninmu suka fāɗi ta takobi, kuma shi ya sa aka kai’ya’yanmu maza da’ya’yanmu mata da matanmu bauta.
এই কাৰণে আমাৰ পিতৃসকল তৰোৱালৰ আঘাতত পতিত হ’ল, আৰু আমাৰ পো, জী আৰু ভাৰ্য্যাসকলক এই কাৰণেই বন্দী কৰি নিয়া হ’ল।
10 Yanzu ina niyya in yi alkawari da Ubangiji, Allah na Isra’ila, domin fushinsa yă kauce daga gare mu.
১০আমাৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যেন আতৰে, তাৰ বাবে তেৱেঁ সৈতে এটি নিয়ম-চুক্তি স্থাপন কৰিবলৈ এতিয়া মোৰ মনে স্থিৰ কৰিছে।
11 ’Ya’yana maza, kada ku yi sakaci yanzu, gama Ubangiji ya zaɓe ku don ku tsaya a gabansa ku kuma yi masa hidima, don ku yi hidima a gabansa ku kuma ƙone turare.”
১১হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”
12 Sai waɗannan Lawiyawa suka shiga aiki, daga Kohatawa Mahat ɗan Amasai da Yowel ɗan Azariya. Daga Kabilar Merari, Kish ɗan Abdi da Azariya ɗan Yahallelel. Daga Gershonawa, Yowa ɗan Zimma da Eden ɗan Yowa.
১২তেতিয়া সেই লেবীয়াসকল উঠিল: কহাতৰ সন্তান সকলৰ মাজৰ অমাচয়ৰ পুত্ৰ মহৎ আৰু অজৰিয়াৰ পুত্ৰ যোৱেল, মৰাৰীৰ সন্তান সকলৰ মাজৰ অব্দীৰ পুত্ৰ কীচ আৰু যিহল্লেলৰ পুত্ৰ অজৰিয়া; গেৰ্চোনীয়াসকলৰ মাজৰ জিম্মাৰ পুত্ৰ যোৱাহ আৰু যোৱাহৰ পুত্ৰ এদন;
13 Daga zuriyar Elizafan, Shimri da Yehiyel. Daga zuriyar Asaf, Zakariya da Mattaniya.
১৩ইলিচাফনৰ সন্তান সকলৰ মাজৰ চিম্ৰী আৰু যুৱেল; আচফৰ সন্তান সকলৰ মাজৰ জখৰিয়া আৰু মত্তনিয়া;
14 Daga iyalin Heman, Yehiyel da Shimeyi. Daga zuriyar Yedutun, Shemahiya da Uzziyel.
১৪হেমনৰ সন্তান সকলৰ মাজৰ যিহীয়েল আৰু চিমিয়ী আৰু যিদূথূনৰ সন্তান সকলৰ মাজৰ চময়িয়া আৰু উজ্জীয়েল৷
15 Da suka tattara’yan’uwansu suka kuma tsarkake kansu, sai suka shiga ciki suka tsarkake haikalin Ubangiji, kamar yadda sarki ya umarta, suna bin maganar Ubangiji.
১৫তেওঁলোকে নিজৰ ভাইসকলক গোটাই নিজক পবিত্ৰ কৰিলে আৰু যিহোৱাৰ বাক্য অনুসাৰে অহা ৰজাৰ আজ্ঞা পালন কৰি যিহোৱাৰ গৃহ শুচি কৰিবলৈ সোমাল।
16 Firistoci suka shiga cikin wuri mai tsarki na Ubangiji suka tsarkake shi. Suka fitar da dukan abin da yake marar tsabta da suka samu a haikalin Ubangiji zuwa filin haikalin Ubangiji. Lawiyawa suka ɗauke su suka kai su Kwarin Kidron.
১৬পুৰোহিতসকলে শুচি কৰিবৰ অৰ্থে যিহোৱাৰ গৃহৰ ভিতৰলৈ গ’ল৷ যিহোৱাৰ মন্দিৰৰ ভিতৰত যি যি অশুচি বস্তু তেওঁলোকে পালে, সেই সকলোকে উলিয়াই আনি যিহোৱাৰ গৃহৰ চোতালত ৰাখিলে৷ পাছত লেবীয়াসকলে সেইবোৰ বাহিৰলৈ উলিয়াই আনিলে আৰু কিদ্ৰোণ জুৰিত পেলাই দিবৰ কাৰণে সেইবোৰ কঢ়িয়াই লৈ গ’ল।
17 Suka fara tsarkakewar a rana ta farko na farkon wata, a rana ta takwas na watan kuwa suka kai shirayin Ubangiji. Karin kwana takwas kuma suka tsarkake haikalin Ubangiji kansa, suka gama a rana ta goma sha shida na farkon wata.
১৭এইদৰে তেওঁলোকে প্ৰথম মাহৰ প্ৰথম দিনা সেই গৃহ পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাহৰ অষ্টম দিনত যিহোৱাৰ গৃহৰ বাৰাণ্ডা পাইছিল৷ তেওঁলোকে আঠ দিনৰ ভিতৰত যিহোৱাৰ গৃহ পবিত্ৰ কৰিছিল; আৰু প্ৰথম মাহৰ ষোল্ল দিনৰ দিনা তেওঁলোকে কাম শেষ কৰিছিল।
18 Sa’an nan suka tafi wurin Sarki Hezekiya suka faɗa masa, “Mun tsarkake haikalin Ubangiji gaba ɗaya, bagaden ƙone hadaya tare da dukan kayayyakinsa, da tebur don shirya tsarkaken burodi, tare da dukan kayayyakinsa.
১৮পাছত তেওঁলোকে ৰজা হিষ্কিয়াৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “আমি যিহোৱাৰ গৃহৰ আটাইবোৰ বস্তু, হোম-বেদি আৰু তাৰ সকলো সঁজুলি আৰু দৰ্শন-পিঠাৰ মেজ আৰু তাৰ সকলো পাত্ৰ শুচি কৰিলোঁ।
19 Mun shirya muka kuma tsarkake dukan kayayyakin da Sarki Ahaz ya cire cikin rashin amincinsa yayinda yake sarki. Yanzu suna a gaban bagaden Ubangiji.”
১৯তাৰ উপৰিও ৰজা আহজে ৰাজত্ব কৰা কালত সত্যলঙ্ঘন কৰি যি যি পাত্ৰ পেলাই দিছিল, সেই সকলোকে আমি যুগুত কৰি পবিত্ৰ কৰিলোঁ। চাওঁক, সেইবোৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত আছে।”
20 Da sassafe kashegari Sarki Hezekiya ya tattara manyan birni wuri ɗaya, suka haura zuwa haikalin Ubangiji.
২০তেতিয়া হিষ্কিয়া ৰজাই অতি পুৱাই উঠি নগৰৰ অধ্যক্ষসকলক গোট খুৱালে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গ’ল।
21 Suka kawo bijimai bakwai, raguna bakwai, bunsurai bakwai da kuma awaki mata bakwai a matsayin hadaya don zunubi domin masarauta, domin wuri mai tsarki da kuma domin Yahuda. Sarki ya umarce firistoci, zuriyar Haruna, su miƙa waɗannan a bagaden Ubangiji.
২১তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।
22 Saboda haka suka yayyanka bijiman, firistoci suka karɓi jinin suka yayyafa a kan bagade. Suka kuma yanka ragunan suka yayyafa jinin a bagaden. Haka kuma suka yanka’yan ragunan suka yayyafa jinin a bagaden.
২২এই হেতুকে, তেওঁলোকে ভতৰাবোৰ মাৰিলে আৰু পুৰোহিতসকলে সেইবোৰৰ তেজ লৈ বেদীত ছটিয়ালে; আৰু মতা ভেড়াবোৰ মাৰি সেই তেজবোৰ বেদীত ছটিয়ালে; আৰু ভেড়া পোৱালিবোৰ মাৰি, সেইবোৰৰ তেজ বেদীত ছটিয়ালে।
23 Aka kawo awaki domin hadaya don zunubi a gaban sarki da taron, suka kuwa ɗibiya hannuwansu a kansu.
২৩পাছত তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে সেই ছাগলীবোৰ ৰজা আৰু সমাজৰ আগলৈ আনিলে৷ তাৰ পাছত তেওঁলোকে সেইবোৰৰ ওপৰত হাত ৰাখিলে।
24 Sa’an nan firistoci suka yayyanka awakin suka miƙa jininsu a bagade domin hadaya don zunubi don kafara saboda dukan Isra’ila, domin sarki ya umarta a yi hadaya ta ƙonawa da hadaya don zunubi domin dukan Isra’ila.
২৪তাতে পুৰোহিতসকলে সেইবোৰ মাৰি গোটেই ইস্ৰায়েলক প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে, বেদীত পাপনাশক নৈবেদ্ৰস্বৰূপে সেইবোৰৰ তেজ চতিয়াই দিলে; কিয়নো গোটেই ইস্ৰায়েলৰ কাৰণে হোমবলি আৰু পাপাৰ্থক বলি দান কৰিবলৈ ৰজাই আজ্ঞা দিছিল।
25 Sarki Hezekiya ya ajiye Lawiyawa a cikin haikalin Ubangiji tare da ganguna, garayu da molaye, yadda Dawuda da Gad mai duba na sarki da kuma annabi Natan suka tsara. Ubangiji ne ya umarta wannan ta wurin annabawansa.
২৫হিষ্কিয়াই ৰজা দায়ূদৰ দৰ্শক গাদ আৰু নাথন ভাববাদীৰ আজ্ঞা অনুসাৰে তাল, নেবল আৰু বীণা লোৱা লেবীয়াসকলক যিহোৱাৰ গৃহত উপস্থিত কৰালে; কিয়নো যিহোৱাই তেওঁৰ ভাববাদীসকলৰ দ্বাৰাই ইয়াকে কৰিবলৈ আজ্ঞা দিছিল।
26 Saboda haka Lawiyawa suka tsaya a shirye tare da kayan kiɗin Dawuda, firistoci kuma tare da ƙahoninsu.
২৬এই হেতুকে লেবীয়াসকলে দায়ূদৰ বাদ্যযন্ত্ৰ আৰু পুৰোহিতসকলে তুৰী হাতত লৈ থিয় হ’ল।
27 Hezekiya ya ba da umarni a miƙa hadaya ta ƙonawa a kan bagade. Yayinda aka fara miƙawa, ana rerawa ga Ubangiji, tare da bushe-bushe da kiɗe-kiɗen kayan waƙa na Dawuda sarkin Isra’ila.
২৭পাছত হিষ্কিয়াই যজ্ঞবেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে৷ যেতিয়া হোমৰ আৰম্ভ হ’ল, তেতিয়া তুৰীৰ লগতে ইস্ৰায়েলৰ ৰজা দায়ূদৰ বাদ্যযন্ত্ৰৰে সৈতে যিহোৱাৰ গান আৰম্ভ হ’ল।
28 Dukan taron suka durƙusa suka yi sujada, yayinda mawaƙa suke rerawa, ana kuma busa ƙahoni, dukan wannan ya ci gaba sai da aka gama miƙa hadaya ta ƙonawa.
২৮তাতে গোটেই সমাজে প্ৰণিপাত কৰিলে৷ গায়কসকলে গীত গালে আৰু তুৰী বজোৱাসকলে তুৰী বজালে; হোম-বলি শেষ নোহোৱালৈকে এনেদৰেই চলি থাকিল।
29 Sa’ad da aka gama miƙawa, sai sarki da mutanen da suke tare da shi suka durƙusa suka yi sujada.
২৯হোম-বলি শেষ হোৱাৰ পাছত, ৰজা আৰু তেওঁৰ লগৰ সকলো মানুহে আঁঠুকাঢ়ি প্ৰণিপাত কৰিলে।
30 Sarki Hezekiya da fadawansa suka umarci Lawiyawa su yabi Ubangiji da kalmomin Dawuda da na Asaf mai duba. Saboda haka suka rera yabai da murna, suka sunkuyar da kawunansu suka yi sujada.
৩০ইয়াৰ বাহিৰেও হিষ্কিয়া আৰু অধ্যক্ষসকলে, দায়ুদ আৰু আচফ দৰ্শকে লিখা বাক্যেৰে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিবলৈ লেবীয়াসকলক আজ্ঞা দিলে৷ তেওঁলোকে আনন্দেৰে প্ৰশংশাৰ গান কৰিলে আৰু মূৰ দোঁৱাই প্ৰণিপাত কৰিলে।
31 Sa’an nan Hezekiya ya ce, “Yanzu kun keɓe kanku ga Ubangiji. Ku zo ku kuma kawo hadayu da hadayun godiya zuwa ga haikalin Ubangiji.” Saboda haka taron suka kawo hadayu da hadayun godiya, da kuma dukan waɗanda suke da niyya suka kawo hadayun ƙonawa.
৩১তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।
32 Yawan hadayun ƙonawan da taron suka kawo, bijimai saba’in ne, raguna ɗari da kuma bunsurai ɗari biyu, dukansu kuwa domin hadayun ƙonawa ga Ubangiji ne.
৩২সমাজে অনা হোম-বলিৰ সংখ্যা এনে; সত্তৰটা ষাঁড়, এশ মতা মেৰ-ছাগ আৰু দুশ মেৰ-ছাগ পোৱালি৷ এই সকলো যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি আছিল।
33 Dabbobin da aka tsarkake a matsayi hadayu sun kai bijimai ɗari shida da tumaki da kuma awaki dubu uku.
৩৩আৰু ছশ ষাঁড়, তিনি হাজাৰ মেৰ-ছাগ আৰু ছাগলী পবিত্ৰ কৰা হ’ল।
34 Firistoci fa, suka kāsa sosai don fiɗan dukan dabbobin da za a miƙa don hadayun ƙonawa; saboda haka’yan’uwansu Lawiyawa suka taimake su har aka gama aiki kafin sauran firistoci su sami damar tsarkake kansu. Gama Lawiyawa sun fi firistoci himma wajen tsarkakewar kansu.
৩৪কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।
35 Aka kasance da hadayun ƙonawa a yalwace, tare da kitsen hadayun salama da hadayun sha da suke tafe da hadayun ƙonawa. Saboda haka aka sāke kafa hidimar haikalin Ubangiji.
৩৫তাৰ ওপৰিও মঙ্গলাৰ্থক বলিবোৰৰ তেলেৰে আৰু হোম-বলিবোৰৰ উপযুক্ত পেয় নৈবেদ্যেৰে সৈতে সেই হোম-বলি অধিক আছিল। এইদৰে যিহোৱাৰ গৃহৰ সম্বন্ধীয় কাৰ্য পৰিপাটিকৈ চলিছিল।
36 Hezekiya da dukan mutane suka yi farin ciki game da abin da Allah ya yi wa mutanensa, domin ya faru farat ɗaya.
৩৬ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।

< 2 Tarihi 29 >