< 2 Tarihi 26 >

1 Sai dukan mutanen Yahuda suka ɗauki Uzziya wanda yake da shekara goma sha shida da haihuwa, suka naɗa shi sarki a madadin mahaifinsa Amaziya.
পাছত যিহূদাৰ সকলো লোকে ষোল্ল বছৰ বয়সীয়া উজ্জিয়াক, তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিছিল।
2 Shi ne wanda ya sāke gina Elot ya kuma mai da shi ga Yahuda bayan Amaziya ya huta tare da kakanninsa.
তেৱেঁই এলত নগৰ পুনৰ সাজিছিল আৰু পুনৰায় তাক যিহূদাৰ অধীনত ৰাখিছিল। তাৰ পাছত ৰজাই তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল।
3 Uzziya yana da shekara goma sha shida sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara hamsin da biyu. Sunan mahaifiyarsa Yekoliya ce; ita daga Urushalima ce.
উজ্জিয়াই ষোল্ল বছৰ বয়সত তেওঁৰ ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত বাৱন্ন বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাতৃ যিখলিয়া, যিৰূচালেম নিবাসিনী আছিল।
4 Ya yi abin da yake daidai a gaban Ubangiji, kamar dai yadda mahaifinsa Amaziya ya yi.
তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য অনুসৰণ কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল।
5 Ya nemi Allah a kwanakin Zakariya, wanda ya koyar da shi a tsoron Allah. Muddin ya nemi Ubangiji, Allah ya ba shi nasara.
তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল।
6 Ya yi yaƙi da Filistiyawa ya kuma rushe katangar Gat, Yabne da kuma Ashdod. Sa’an nan ya sāke gina garuruwa kusa da Ashdod da sauran wurare a cikin Filistiyawa.
পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্‌দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।
7 Allah ya taimake shi a kan Filistiyawa da kuma a kan Larabawa waɗanda suke zama a Gur-Ba’al da kuma a kan Meyunawa.
ঈশ্বৰে পলেষ্টীয়াসকল, গূৰ-বালত থকা আৰবীয়াসকল আৰু মায়োনীয়াসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল।
8 Ammonawa suka kawo haraji wa Uzziya, sunan da ya yi kuwa ya bazu har iyakar Masar, domin ya zama mai iko sosai.
তেতিয়া অম্মোনীয়াসকলে উজ্জিয়াক উপহাৰ দিছিল; আৰু তেওঁৰ যশস্যা মিচৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল।
9 Uzziya ya gina hasumiyoyi a Urushalima a Ƙofar Kusurwa, a Ƙofar Kwari da kuma a kusurwar katanga, ya kuma yi musu katanga.
উজ্জিয়াই যিৰূচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুর্গ বোৰ সাজিছিল, আৰু সেইবোৰ সুৰক্ষিত কৰিছিল।
10 Ya gina hasumiyoyi a hamada ya kuma haƙa rijiyoyi masu yawa, gama yana da dabbobi masu yawa a gindin duwatsu da kuma a kwari. Yana da mutane masu yin masa aiki a gonakinsa da gonakin inabinsa a tuddai da kuma a ƙasashe masu dausayi, gama yana son noma.
১০তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাদ খান্দিছিল; কাৰণ তেওঁৰ নিম্ন ভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল৷ পৰ্বতত আৰু পথাৰবোৰত তেওঁৰ খেতিয়কসকল আৰু দ্ৰাক্ষাখেতি কৰোঁতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম ভাল পাইছিল।
11 Uzziya ya kasance da gogaggun mayaƙa, a shirye su fito ɓangarori-ɓangarori bisa ga yawansu yadda Yehiyel magatakarda, da Ma’asehiya jarumi, suka karkasa su bisa ga umarnin Hananiya, ɗaya daga cikin fadawa.
১১উজ্জিয়াৰ যুদ্ধ কৰোঁতা সৈন্যসামন্তও আছিল। তেওঁলোকে ৰজাৰ সেনাপতি হননিয়াৰ অধীনত আছিল। যিয়ীয়েল লিখক আৰু মাচেয়া শাসনকৰ্ত্তাৰ হতুৱাই লিখা সংখ্যা অনুসাৰে তেওঁলোকে দল বান্ধি যুদ্ধ যাত্ৰা কৰিছিল।
12 Yawan shugabannin iyali a bisa jarumawa sun kai 2,600.
১২পিতৃ-বংশৰ প্ৰধান পৰাক্ৰমী বীৰসকলৰ সংখ্যা সৰ্বমুঠ দুই হাজাৰ ছশ লোক আছিল।
13 A ƙarƙashin shugabancinsu akwai mayaƙa 307,500 horarru don yaƙi, mayaƙa masu ƙarfi don su taimaki sarki a kan abokan gābansa.
১৩তেওঁলোকৰ অধীনত শত্ৰুৰ বিৰুদ্ধে ৰজাৰ সহায় কৰিবৰ অৰ্থে, পৰাক্ৰমেৰে যুদ্ধ কৰোঁতা তিনি লাখ সাত হাজাৰ পাঁচশ লোক আছিল।
14 Uzziya ya tanada garkuwoyi, māsu, hulunan kwano, kayan sulke, baka da majajjawa don mayaƙan gaba ɗaya.
১৪উজ্জিয়াই সেই আটাই সৈন্যসামন্তৰ কাৰণে ঢাল, যাঠী, শিৰোৰক্ষক টুপি, কৱচ, ধনু আৰু ফিঙ্গাৰ শিল যুগুত কৰি ৰাখিছিল।
15 A Urushalima ya yi na’urori da gwanaye suka sarrafa don amfani a hasumiyoyi da kuma a kusurwar kāriya don harbin kibiyoyi da jefan manyan duwatsu. Sunansa ya bazu ko’ina, gama ya sami taimako sosai har ya zama mai iko.
১৫তেওঁ নিপুণ লোকসকলৰ বুদ্ধিৰে সজা যন্ত্ৰ যিৰূচালেমত যুগুত কৰাই, সেইবোৰেৰে কাঁড় আৰু ডাঙৰ শিলবোৰ মাৰি পঠিয়াবৰ বাবে দূর্গবোৰৰ ওপৰত আৰু চিদ্ৰ থকা স্তম্ভবোৰত সেই যন্ত্ৰবোৰ ৰাখিছিল। পাছত তেওঁ বৰকৈ সহায় পাই অতি শক্তিমান হৈ উঠিছিল। এইদৰে তেওঁৰ যশস্যা দূৰ দেশলৈকে বিয়পি গৈছিল।
16 Amma bayan Uzziya ya zama mai iko, sai ɗaga kai ya kai shi ga fāɗuwa. Bai yi aminci ga Ubangiji Allahnsa ba, ya kuma shiga haikalin Ubangiji don yă ƙone turare a bagaden turare.
১৬কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
17 Azariya firist tare da waɗansu firistoci tamanin na Ubangiji masu ƙarfin hali suka bi shi ciki.
১৭তাতে অজৰিয়া পুৰোহিত আৰু তেওঁৰ লগত যিহোৱাৰ আশীজন সাহসিয়াল পুৰুষ পুৰোহিত তেওঁৰ পাছত সোমাল।
18 Suka kalubalance shi suka ce, “Ba daidai ba ne, Uzziya, ka ƙone turare ga Ubangiji. Wannan aikin firistoci zuriyar Haruna ne, waɗanda aka tsarkake don ƙone turare. Ka bar wuri mai tsarki, gama ka kasance marar aminci; kuma Ubangiji Allah ba zai girmama ka ba.”
১৮তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।”
19 Uzziya wanda yake da farantin wuta a hannunsa a shirye don ƙone turare, ya husata. Yayinda yake fushi da firistocin a gabansu a gaban bagaden turare a haikalin Ubangiji, sai kuturta ta faso a goshinsa.
১৯তাতে উজ্জিয়াৰ বৰ খং উঠিল৷ সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল৷ পুৰোহিতসকললৈ তেওঁৰ খং উঠাৰ সময়ত, মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল।
20 Sa’ad da Azariya babban firist da dukan sauran firistoci suka dube shi, sai suka ga cewa yana da kuturta a goshinsa, saboda haka suka gaggauta tunkuɗa shi waje nan da nan. Tabbatacce, shi kansa ma ya yi marmari yă bar wurin domin Ubangiji ya buge shi.
২০তেতিয়া অজৰিয়া, প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে; তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে; কিয়নো যিহোৱাই তেওঁক আঘাত কৰিছিল৷
21 Sarki Uzziya ya kasance da kuturta har ranar mutuwarsa. Ya zauna a gidan da aka ware, da kuturci, aka kuma ware shi daga haikalin Ubangiji. Yotam ɗansa ya lura da fadan ya kuma yi mulkin mutanen ƙasar.
২১তেতিয়াৰে পৰা ৰজা উজ্জিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল৷ তেওঁ বেলেগ ঘৰত বাস কৰিছিল; কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক যিহোৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল; তাতে তেওঁৰ পুত্ৰ যোথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
22 Sauran ayyukan mulkin Uzziya daga farko zuwa ƙarshe, suna a rubuce ta hannun annabi Ishaya ɗan Amoz.
২২উজ্জিয়াৰ বিশেষ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে সকলো কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে লিখা পুস্তকত আছে।
23 Uzziya ya huta da kakanninsa aka kuma binne shi kusa da su a fili don binnewar da take ta sarakuna, domin mutane sun ce, “Yana da kuturta.” Sai Yotam ɗansa ya gāje shi a matsayin sarki.
২৩পাছত উজ্জিয়া তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল; তেওঁলোকে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত, ৰজাসকলৰ মৈদামনীত তেওঁক মৈদাম দিলে৷ কাৰণ তেওঁলোকে কৈছিল, “তেওঁ কুষ্ঠৰোগী।” তাৰ পাছত তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।

< 2 Tarihi 26 >