< 2 Tarihi 19 >
1 Sa’ad da Yehoshafat sarkin Yahuda ya dawo zuwa fadansa a Urushalima lafiya,
১তাৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে শান্তিৰে যিৰূচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল৷
2 Yehu mai duba, ɗan Hanani, ya fita don yă tarye shi, ya kuma ce wa sarki, “Ya yi kyau ke nan da ka taimaki mugu ka kuma ƙaunaci waɗanda suke ƙin Ubangiji? Da yake ka yi haka fushin Ubangiji yana a kanka
২তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
3 Duk da haka an sami wani abin kirki a wurinka, gama ka kawar da ginshiƙan Ashera a ƙasar, ka kuma sa zuciyarka a kan neman Allah.”
৩তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
4 Yehoshafat ya zauna a Urushalima, ya kuma fita yana shiga cikin mutane daga Beyersheba zuwa ƙasar tudun Efraim ya kuma juyar da su ga Ubangiji Allah na kakanninsu.
৪তাৰ পাছত যিহোচাফটে যিৰূচালেমত বসতি কৰিলে; আৰু তেওঁ পুনৰাই ওলায় বেৰ-চেবাৰ পৰা ইফ্ৰয়িম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি, তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে।
5 Ya naɗa alƙalai a kowanne daga cikin biranen katanga na Yahuda a ƙasar.
৫আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
6 Ya faɗa musu, “Ku lura da abin da kuke yi, gama shari’ar da kuke yi ba ta mutum ba ce, amma ta Ubangiji ce, yana tare da ku sa’ad da kuke yanke shari’a.
৬তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
7 Yanzu fa ku ji tsoron Ubangiji. Ku yi hankali a kan abin da kuke yi, gama Ubangiji Allahnmu ba ya sonkai ko nuna wariya ko cin hanci.”
৭এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
8 A Urushalima kuma, Yehoshafat ya naɗa waɗansu Lawiyawa, firistoci da kawunan iyalan Isra’ilawa don su tabbatar da an bi dokar Ubangiji, su kuma sasanta tsakanin mutane. A Urushalima za su zauna.
৮ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷
9 Ya ba su waɗannan umarnai, “Ku yi aikinku da aminci da tsoron Ubangiji da dukan zuciyarku.
৯তেওঁ তেখেতসকলক এই আজ্ঞা দিলে, বোলে, “তোমালোকে যিহোৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা:
10 Cikin kowane batun da ya zo gabanku daga’yan’uwanku waɗanda suke zama a birane, ko batun na kisa ne ko kuwa waɗansu batuttuwan da suka shafi doka, umarnai, ƙa’idodi ko farillai, dole ku ja musu kunne kada su yi wa Ubangiji zunubi; in ba haka ba fushinsa zai sauko a kanku da’yan’uwanku. Ku yi wannan, ta haka ba za ku kuwa yi zunubi ba.
১০ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
11 “Amariya, babban firist, shi ne zai shugabance ku a kan dukan al’amuran da suke na wajen Ubangiji, Zebadiya ɗan Ishmayel kuwa, shugabanku a kan dukan al’amuran da suka shafi sarki, Lawiyawa kuma za su zama a matsayin manya a gabanku. Ku yi abubuwa da ƙarfin hali, bari kuma Ubangiji yă kasance tare da masu yin gaskiya.”
১১চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”