< 1 Sama’ila 28 >

1 Filistiyawa suka tattara sojojinsu domin su yaƙi Isra’ila. Akish ya ce wa Dawuda, “Sai ka sani fa, kai da mutanenka za ku tafi tare da ni da sojojina.”
সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”
2 Dawuda ya ce, “Kai da kanka za ka ga abin da bawanka zai yi.” Akish ya ce, “Da kyau, zan sa ka zama mai kāre ni.”
তেতিয়া দায়ূদে আখীচক ক’লে, “ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে, সেয়া আপুনি জানিব পাৰিব।” তেতিয়া আখীচে দায়ূদক ক’লে, “বাৰু, জীয়াই থকালৈকে মইও তোমাক মোৰ ৰখীয়া পাতিম।”
3 Sama’ila dai ya riga ya rasu, dukan Isra’ila suka yi makokinsa suka binne shi a garinsa a Rama. Shawulu kuma ya kori duk masu duba da masu maitanci daga ƙasar.
চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।
4 Filistiyawa suka tattaru suka yi sansani a Shunem. Shawulu ya tattara dukan Isra’ila suka yi sansani a Gilbowa.
পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে।
5 Da Shawulu ya ga sojojin Filistiyawa sai ya ji tsoro, ya firgita ƙwarai.
চৌলে যেতিয়া পলেষ্টীয়াসকলৰ সৈন্য-সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে, আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে।
6 Ya nemi nufin Ubangiji amma bai sami amsa daga wurin Ubangiji ko ta wurin mafarki, ko ta wurin Urim, ko ta wurin annabawa ba.
তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।
7 Shawulu ya ce wa fadawansa, “Ku nemo mini wata mace mai duba domin in tafi wurinta in yi tambaya.” Suka ce, “Akwai guda a En Dor.”
তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।”
8 Sai Shawulu ya sa waɗansu tufafi ya ɓad da kama, shi da waɗansu mutum biyu suka tafi wurin matar da dare, ya ce mata, “Ki yi mini duba ta hanyar sihiri, ki hawar mini duk wanda zan faɗa miki.”
তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।”
9 Amma matar ta ce masa, “Tabbatacce ka dai san abin da Shawulu ya yi, ya karkashe masu duba da masu maitanci a ƙasar. Me ya sa kake sa mini tarko, don ka sa a kashe ni?”
তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে?
10 Shawulu ya rantse mata da Ubangiji. Ya ce, “Muddin Ubangiji yana a raye, ba za a hukunta ki a kan wannan ba.”
১০তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।”
11 Sai matar ta ce, “Wa kake so in hauro maka?” Sai ya ce, “Ki hauro mini da Sama’ila.”
১১তেতিয়া সেই মহিলাই তেওঁক সুধিলে, “মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম?” তেতিয়া তেওঁ ক’লে, “চমূৱেলক তুলি আনা।”
12 Da matar ta ga Sama’ila sai ta yi ihu da ƙarfi ta ce wa Shawulu, “Me ya sa ka ruɗe ni? Kai ne Shawulu!”
১২তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।”
13 Sai sarki ya ce mata, “Kada ki ji tsoro. Me kika gani?” Matar ta ce, “Na ga wani kurwa tana fitowa daga ƙasa.”
১৩তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।”
14 Ya ce, “Yaya kamanninsa yake?” Ta ce, “Wani tsoho sanye da taguwa ne yake haurawa.” Shawulu ya gane cewa Sama’ila ne, sai ya rusuna da fuskarsa har ƙasa.
১৪চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
15 Sama’ila ya ce wa Shawulu, “Don me ka dame ni, ta wurin hauro da ni?” Shawulu ya ce, “Ina cikin babban damuwa ce, Filistiyawa sun fāɗa mini, Allah kuma ya juya mini baya. Bai amsa mini, ko ta mafarki, ko kuma ta annabawa ba, saboda haka na kira ka don ka gaya mini abin yi.”
১৫পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।”
16 Sama’ila ya ce, “Don me kake tambayata bayan Ubangiji ya rabu da kai? Ya zama maƙiyinka?
১৬তেতিয়া চমূৱেলে চৌলক ক’লে, “এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো যিহোৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ’ল।
17 Ubangiji ya cika abin da ya yi magana ta wurina. Ubangiji ya fizge mulki daga hannunka, ya ba maƙwabcinka Dawuda.
১৭যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে।
18 Gama ba ka yi biyayya ga Ubangiji ba, ba ka zartar da hukuncinsa mai zafi a kan Amalekawa ba. Saboda haka Ubangiji ya yi maka haka yau.
১৮কিয়নো তুমি যিহোৱাৰ বাক্য পালন কৰা নাই, আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড ক্রোধ সিদ্ধ কৰা নাই; এই কাৰণে যিহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে।
19 Ubangiji zai ba da Isra’ila da kuma kai ga Filistiyawa, gobe kuwa da kai da’ya’yanka za ku kasance tare da ni. Ubangiji kuma zai ba da sojojin Isra’ila a hannun Filistiyawa.”
১৯যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।”
20 Da jin maganar Sama’ila sai Shawulu ya faɗi ƙasa warwas. Tsoro ya kama shi ƙwarai. Ba shi kuma da ƙarfi domin bai ci kome ba dukan yini da kuma dukan dare.
২০তেতিয়া চৌলে চমূৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাহাৰে থকা বাবে তেওঁৰ গাত একো শক্তি নাছিল।
21 Da matar ta zo wurin Shawulu, ta ga shi a firgice, sai ta ce masa, “Duba baranyarka ta yi maka biyayya ta yi kasai da ranta, ta yi abin da ka ce ta yi.
২১পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁক অতিশয় ব্যাকুল হোৱা দেখিলে, তাতে তাই তেওঁক ক’লে, “চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোন প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ।
22 To, kai ma ka kasa kunne ga baranyarka, zan ba ka abinci ka ci don ka sami ƙarfin tafiya.”
২২এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।”
23 Sai ya ƙi. Ya ce, “Ba zan ci abinci ba.” Sai da bayinsa da matar suka roƙe shi, sa’an nan ya ji maganarsu, ya tashi daga ƙasa, ya zauna a bakin gado.
২৩কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।
24 Matar kuwa tana da maraƙin da take kiwo a gida, sai ta ɗauke shi nan da nan ta yanka. Ta ɗauki garin fulawa ta kwaɓa, ta yi waina marar yisti.
২৪সেই মহিলাৰ ঘৰত এটা দামুৰি আছিল। তাতে তাই সেই দামুৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটা লৈ খচি খমীৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে।
25 Sai ta kawo wa Shawulu da bayinsa suka kuwa ci. A daren nan suka tashi suka tafi.
২৫তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।

< 1 Sama’ila 28 >