< 1 Sama’ila 23 >
1 Sa’ad da aka ce wa Dawuda, “Duba ga Filistiyawa suna yaƙi da mutanen Keyila, suna kwashe musu hatsi a masussukai.”
১তেওঁলোকে দায়ূদক ক’লে, “পলেষ্টীয়াসকলে কয়ীলাৰ বিৰুদ্ধে যুদ্ধ কৰি মৰণা মৰা শস্য লুট কৰিছে।”
2 Sai Dawuda ya nemi nufin Ubangiji, ya ce, “In tafi in fāɗa wa Filistiyawa da yaƙi?” Ubangiji kuwa ya ce masa, “Jeka ka yi yaƙi da Filistiyawa, ka ceci Keyila.”
২সেয়ে দায়ূদে যিহোৱাৰ আগত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু সুধিলে, “মই পলেষ্টীয়াসকলক আঘাত কৰিবলৈ যাম নে?” তাতে যিহোৱাই ক’লে, “যোৱা পলেষ্টীয়াসকলক আক্ৰমণ কৰি কয়ীলাক উদ্ধাৰ কৰা।”
3 Amma mutanen Dawuda suka ce masa, “Ga shi, a nan ma a Yahuda muna jin tsoro, balle mu tafi Keyila mu yi yaƙi da sojojin Filistiyawa!”
৩কিন্তু দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চোৱা, আমি যিহূদাত ভয়েৰে আছোঁ। যদি পলেষ্টীয়া সৈন্যসকলৰ বিৰুদ্ধে কয়ীলালৈ যাওঁ, তেনেহলে ইয়াতকৈ কিমান অধিক ভয়ৰ কথা হ’ব?”
4 Dawuda ya sāke nemi nufin Ubangiji, sai Ubangiji ya ce masa, “Tashi ka gangara zuwa Keyila, gama zan ba da Filistiyawa a hannunka.”
৪তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।”
5 Sa’an nan Dawuda da mutanensa suka tafi Keyila, suka yi yaƙi da Filistiyawa, suka kwashe musu shanunsu, suka jijji wa Filistiyawa ƙwarai, suka cece mutanen Keyila daga hannunsu.
৫তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে কয়ীলালৈ গৈ পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰিলে। তেওঁলোকৰ পশুবোৰ লৈ গ’ল, আৰু আক্ৰমণ কৰি তেওঁলোকৰ মাজত সংহাৰ কৰিলে। এইদৰে দায়ূদে কয়ীলা নিবাসীসকলক উদ্ধাৰ কৰিলে।
6 (Abiyatar ɗan Ahimelek ya zo da efod sa’ad da ya gudo zuwa wurin Dawuda a Keyila.)
৬অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল।
7 Shawulu ya sami labari cewa Dawuda ya tafi Keyila, sai ya ce, “Allah ya bashe shi a hannuna, domin Dawuda ya kulle kansa ke nan da ya shiga birnin da yake da ƙofofin da ake kulle da ƙarafa.”
৭চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।”
8 Shawulu ya kira dukan sojojinsa don yaƙi, su gangaro zuwa Keyila su mamaye Dawuda da mutanensa.
৮দায়ুদ আৰু তেওঁৰ লোকসকলক অৱৰোধ কৰিবলৈ চৌলে যুদ্ধৰ বাবে কয়ীলালৈ নামি যাবলৈ সকলো সৈন্য সামন্তক মাতিলে।
9 Da Dawuda ya ji labari Shawulu yana shirya hanyar da zai kashe shi, sai ya ce wa Abiyatar firist, “Kawo mini efod a nan.”
৯দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”
10 Dawuda ya ce, “Ya Ubangiji, Allah na Isra’ila, bawanka ya sami labari cewa tabbatacce Shawulu yana shirin zuwa Keyila yă hallaka garin saboda ni.
১০তাৰ পাছত দায়ূদে ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, চৌলে কয়ীলালৈ আহি মোৰ কাৰণে এই নগৰখন ধংস কৰিবলৈ চেষ্টা কৰিছে, মই এইকথা শুনিলোঁ।”
11 Mutanen Keyila za su bashe ni a gare shi? Shawulu zai gangaro nan kamar yadda bawanka ya sami labari? Ya Ubangiji, Allah na Isra’ila, ka gaya wa bawanka.” Ubangiji ya ce, “Zai zo.”
১১কয়ীলাৰ লোকসকলে তেওঁৰ হাতত মোক সমৰ্পণ কৰিব নে? তোমাৰ দাসে শুনাৰ দৰে চৌল সঁচাকৈ নামি আহিব নে? হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ দাসক কওক।” যিহোৱাই ক’লে, “তেওঁ নামি আহিব।”
12 Dawuda ya sāke cewa, “Mutanen Keyila za su bashe ni da mutanena ga Shawulu?” Ubangiji ya ce, “Za su yi.”
১২তাতে দায়ূদে সুধিলে, “কয়ীলাৰ লোকসকলে মোক আৰু মোৰ লোকসকলক চৌলৰ হাতত শোধাই দিব নে?” যিহোৱাই ক’লে, “তেওঁলোকে তোমাক শোধাই দিব।”
13 Saboda haka Dawuda da mutanensa wajen mutum ɗari shida suka bar Keyila, suka yi ta tafiya daga wannan wuri zuwa wancan. Sa’ad da aka gaya wa Shawulu cewa Dawuda ya tsere daga Keyila, sai ya fasa tafiya can.
১৩তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগৰ প্ৰায় ছশ লোক উঠি কয়ীলাৰ পৰা বাহিৰ ওলাই, এঠাইৰ পৰা আন ঠাইলৈ গ’ল। চৌলক কোৱা হ’ল, যে দায়ুদ কয়ীলাৰ পৰা সাৰি গ’ল, সেয়ে চৌলে তেওঁক অনুসৰণ কৰিবলৈ বাদ দিলে।
14 Dawuda ya zauna a jeji cikin kogunan duwatsu da kuma tuddan jejin Zif. Kowace rana Shawulu ya yi ta neman Dawuda amma Allah bai bashe Dawuda a hannunsa ba.
১৪দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে।
15 A lokacin da Dawuda yana zaune a Horesh cikin jejin Zif, ya sami labari cewa Shawulu ya fito don yă kashe shi.
১৫দায়ুদ জীফ মৰুপ্ৰান্তৰ অৰণ্যত থকা সময়ত, তেওঁ দেখিলে যে, চৌলে তেওঁৰ প্ৰাণনাশৰ চেষ্ঠাৰে ওলাই আহিছে।
16 Yonatan ɗan Shawulu kuwa ya tafi wurin Dawuda a Horesh, ya ƙarfafa shi yă dogara ga Allah.
১৬চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।
17 Ya ce, “Kada ka ji tsoro, mahaifina Shawulu ba zai taɓa sa hannu a kanka ba. Za ka zama sarki a Isra’ila, ni kuma in zama na biyu gare ka. Kai, ko mahaifina Shawulu ma ya san da haka.”
১৭তেওঁ দায়ূদক ক’লে, “ভয় নকৰিব। কাৰণ মোৰ পিতৃ চৌলৰ হাতে আপোনাক ধৰিবলৈ নাপাব; আপুনি ইস্ৰায়েলৰ ৰজা হ’ব, আৰু মই আপোনাৰ পিছতহে হ’ম। মোৰ পিতৃ চৌলেও ইয়াক জানে।”
18 Su biyunsu kuwa suka ɗaura yarjejjeniya a gaban Ubangiji. Sai Yonatan ya koma gida amma Dawuda ya zauna Horesh.
১৮তাৰ পাছত তেওঁলোকে দুয়ো জনে যিহোৱাৰ সন্মুখত এটি নিয়ম বান্ধিলে; দায়ুদ অৰণ্যতে থাকিলে আৰু যোনাথন ঘৰলৈ গ’ল।
19 Zifawa suka tafi wurin Shawulu a Gibeya suka ce masa, “Ashe, ba Dawuda ne yake ɓuya a cikinmu a kogwannin duwatsu a Horesh a bisan tudun Hakila, kudu da Yeshimon ba?
১৯তাৰ পাছত জীফীয়া লোকসকলে গিবিয়াৰ চৌলৰ ওচৰলৈ আহি ক’লে, “দায়ুদ আমাৰ ওচৰত যিচীনোনৰ দক্ষিণফালে থকা হখীলা পৰ্ব্বতৰ অৰণ্যৰ দুৰ্গম ঠাইত জানো লুকাই থকা নাই?
20 Yanzu, ya sarki, ka gangaro, ka zo a duk lokacin da ka ga ya yi maka, ka zo mu kuma hakkinmu ne mu bashe shi a hannun sarki.”
২০সেয়ে, হে মহাৰাজ, নামি আহক; আপোনাৰ সকলো মনৰ বাঞ্ছা অনুসাৰে নামি আহক। মহাৰাজৰ হাতত তাক সমৰ্পণ কৰি দিয়াৰ দায়িত্ব আমাৰ।”
21 Shawulu ya ce, “Ubangiji ya yi muku albarka, gama kun damu da ni.
২১চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা।
22 Ku tafi ku ƙara shiri. Ku san inda yakan tafi, wane ne kuma ya gan shi a can. An gaya mini cewa shi mai wayo ne sosai.
২২যোৱা, আৰু সঠিককৈ বিচাৰ কৰা; আৰু সেই ঠাইত তাক কোনে দেখিলে, তাক চাই তাৰ বুজ-বিচাৰ লোৱা, কিয়নো মানুহে মোক কয়, সি বৰ চতুৰালীৰে ফুৰে।
23 Ku binciko duk wuraren da yakan ɓuya, sai ku dawo ku gaya mini tabbataccen labari. Sa’an nan zan tafi tare da ku in yana can. Zan nemi shi ko’ina cikin dukan kabilar Yahuda.”
২৩সেয়ে চোৱা, আটাই গোপন ঠাইৰ মাজৰ কোন ঠাইত সি নিজকে লুকুৱাইছে, তাৰ বুজ লৈ মোৰ আগলৈ সঠিক বাতৰি লৈ আহিবা, আৰু তাৰ পাছত মই তোমালোকৰ লগত যাম, সি যদি দেশত থাকে, তেনেহলে মই যিহূদাৰ সকলো সহস্ৰৰ মাজত তাক বিচাৰি উলিয়াম।”
24 Sai suka tashi suka koma Zif, suka sha gaban Shawulu. Dawuda da mutanensa kuwa suna jejin Mawon cikin Araba, kudu da Yeshimon.
২৪তাতে তেওঁলোক উঠি চৌলৰ আগতে জীফলৈ গ’ল। তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে যে যিচীমোনৰ দক্ষিণ ফালে অৰাবাত থকা মায়োন অৰণ্যত আছিল।
25 Shawulu da mutanensa suka tafi neman Dawuda. Da Dawuda ya ji labari, sai ya gangara cikin duwatsu ya zauna a cikin jejin Mawon. Sa’ad da Shawulu ya ji haka, sai ya tafi jejin Mawon yana fafaran Dawuda.
২৫চৌল আৰু তেওঁৰ লোকসকলে তেওঁক বিচাৰিবলৈ গৈছে সেই কথা দায়ূদক কোৱা হ’ল, তাতে তেওঁ শিলাময় পৰ্বতেদি নামি আহি মায়োন অৰণ্যত থাকিবলৈ ল’লে। যেতিয়া চৌলে এই কথা শুনিলে, তেতিয়া মায়োন অৰণ্যলৈ দায়ূদৰ পাছে পাছে খেদি গ’ল।
26 Shawulu yana tafiya a gefe ɗaya na dutsen, Dawuda da mutanensa kuma suna a wancan gefe, suna hanzari su ɓace wa Shawulu. Sa’ad da Shawulu da sojojinsa suka kusa cimma Dawuda da mutanensa don su kama su,
২৬চৌল পৰ্বতৰ একাষে গ’ল, দায়ুদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে,
27 sai wani manzo ya zo wurin Shawulu yana cewa, “Ka koma da sauri, Filistiyawa sun kawo wa ƙasar hari.”
২৭এজন বাৰ্তাবাহক চৌলৰ ওচৰলৈ আহি ক’লে, “আপুনি বেগাই আহক; কিয়নো পলেষ্টীয়াসকলে দেশ আক্ৰমণ কৰিছে।”
28 Shawulu kuwa ya janye daga fafaran Dawuda, ya tafi yă ƙara da Filistiyawa. Dalilin ke nan da ake kiran wannan wuri Sela Hammalekot, wato, dutsen tserewa.
২৮তেতিয়া চৌলে দায়ূদৰ পাছত খেদি যোৱাৰ পৰা ঘূৰি পলেষ্টীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে। এই কাৰণে সেই ঠাইৰ নাম চেলা-হম্মহলকোথ হ’ল।
29 Dawuda kuwa ya haura daga can ya zauna a kogwannin duwatsun En Gedi.
২৯পাছত দায়ূদে তাৰ পৰা ওলাই গৈ অয়িন-গদীৰ নানা দুৰ্গম ঠাইত বাস কৰিলে।