< 1 Sama’ila 13 >

1 Shawulu yana da shekara talatin sa’ad da ya zama sarki, ya kuma yi sarautar Isra’ila shekara arba’in da biyu.
চৌলে ত্ৰিশ বছৰ বয়সত ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে, আৰু তেওঁ ইস্ৰায়েলৰ লোকসকলক দুবছৰ শাসন কৰে।
2 Sai ya zaɓi sojoji dubu uku daga jama’ar Isra’ila. Ya keɓe dubu biyu su kasance tare da shi a Mikmash da kuma a tuddan yankin Betel. Ya kuma bar dubu ɗaya tare da ɗansa Yonatan a Gibeya a yankin zuriyar Benyamin. Sauran sojojin kuwa Shawulu ya sallame su su koma gidajensu.
চৌলে ইস্ৰায়েলৰ মাজৰ পৰা তিনি হাজাৰ সৈন্য মনোনীত কৰিলে; তাৰে দুই হাজাৰ সৈন্য মিকমচত আৰু বৈৎএল পৰ্বতত চৌলৰ লগত থাকিল, একহাজাৰ বিন্যামীন প্ৰদেশৰ গিবিয়াত যোনাথনৰ লগত থাকিল, আৰু আনসকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে।
3 Yonatan ya kai wa Filistiyawa hari a Geba, sai Filistiyawa suka sami labarin. Sai Shawulu ya sa aka busa ƙaho ko’ina a ƙasar ya ce, “Bari Ibraniyawa su ji!”
যোনাথনে গেবাত থকা ফিলিষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক পৰাস্ত কৰিলে আৰু পলেষ্টীয়াসকলে এই সকলো কথা শুনিলে। তাৰ পাছত চৌলে দেশৰ সকলোফালে শিঙা বজাই ক’লে, “ইব্ৰীয়াসকলে শুনক।”
4 Haka kuwa dukan Isra’ila suka ji labari cewa, “Shawulu ya kai hari a ƙasar Filistiyawa, yanzu Isra’ila ta zama abin ƙi ga Filistiyawa.” Aka kira mutane su haɗu da Shawulu a Gilgal.
এইদৰে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক চৌলে পৰাস্ত কৰা কথা ইস্ৰায়েলৰ সকলো লোকে শুনিলে, আৰু ইস্ৰায়েল সকল ফিলিষ্টীয়া সকলৰ কাৰণে ঘৃণাৰ পাত্ৰ হ’ল, তাৰ পাছত গিলগলত চৌলক লগ ধৰিবলৈ সৈন্যসকল একগোট হ’ল।
5 Sai Filistiyawa suka taru don su yi yaƙi da Isra’ilawa. Suka fito da kekunan-dawakan yaƙi dubu talatin, da masu hawan dawakai dubu shida, da sojoji masu yawa kamar yashi a bakin teku. Suka tafi Mikmash a gabashin Bet-Awen, suka kafa sansani a can.
এইদৰে পলেষ্টীয়াসকলে ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে; তেওঁলোকৰ ত্ৰিশ হাজাৰ ৰথ, ছয় হাজাৰ অশ্বাৰোহী আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে অসংখ্য পদাতিক সৈন্য আছিল; তেওঁলোকে আহি মিকমচত বৈৎ-আবনৰ পূবদিশে ছাউনি পাতিলে।
6 Sa’ad da Filistiyawa suka fāɗa wa Isra’ilawa da yaƙi mai tsanani, suka sa su cikin wani hali mai wuya, sai Isra’ilawa suka ɓuya a kogwanni, da ciyayi, da duwatsu, da ramummuka, da rijiyoyi.
যেতিয়া ইস্ৰায়েল লোকসকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল, সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খোৰোঙত দুৰ্গম ঠাইত আৰু গাতত নিজকে লুকুৱালে।
7 Waɗansunsu ma suka haye Urdun zuwa ƙasar Gad da Gileyad. Shawulu ya zauna Gilgal, dukan ƙungiyoyi sojojin da suke tare da shi suka yi rawan jiki don tsoro.
আৰু কিছুমান ইব্ৰীয়ালোক যৰ্দ্দন পাৰহৈ, গাদ আৰু গিলিয়দ দেশলৈ গ’ল; কিন্তু চৌল গিলগলতে থাকিল, আৰু তেওঁক অনুসৰণ কৰা লোক সকলে কঁপিবলৈ ধৰিলে।
8 Ya jira har kwana bakwai bisa ga lokacin da Sama’ila ya bayar. Amma Sama’ila bai zo Gilgal ba, mutanen Shawulu suka fara watsewa.
চমূৱেলে নিৰূপন কৰাৰ দৰে চৌলে সাতদিন অপেক্ষা কৰিলে; কিন্তু চমূৱেল হ’লে গিলগললৈ নাহিল আৰু লোকসকল চৌলৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
9 Sai ya ce, “Ku kawo mini hadaya ta ƙonawa da hadaya ta salama.” Sai Shawulu ya miƙa hadaya ta ƙonawa.
চৌলে ক’লে, “মোৰ ওচৰলৈ হোম-বলি আৰু মঙ্গলাৰ্থক বলিবোৰ আনা।” তাৰ পাছত তেওঁ হোমবলি উৎসৰ্গ কৰিলে।
10 Daidai yana gama miƙa hadaya ke nan sai Sama’ila ya iso. Shawulu kuma ya fito domin yă yi masa maraba.
১০হোমবলি উৎসৰ্গ কৰাৰ পাছত চমূৱেল আহি পালেহি; তাতে চৌলে তেওঁক মঙ্গলবাদ কৰিবলৈ আগবাঢ়ি গ’ল।
11 Sama’ila ya ce, “Me ke nan ka yi?” Shawulu ya ce, “Sa’ad da na ga mutane suna watsewa, kai kuwa ba ka zo cikin lokaci ba, ga Filistiyawa kuma suna taruwa a Mikmash,
১১চমূৱেলে ক’লে, “তুমি কি কৰিলা?” চৌলে ক’লে, “মই যেতিয়া দেখিলোঁ লোকসকল মোৰ পৰা ছিন্ন-ভিন্ন হৈ গৈছে আৰু আপুনি নিৰূপিত সময়ত আহি পোৱা নাই, আনফালে পলেষ্টীয়াসকল আহি মিকমচত গোট খাই আছে;
12 sai na yi tunani cewa, ‘Yanzu Filistiyawa za su gangaro su fāɗa mini a Gilgal, ga ni kuma ban riga na nemi nufin Ubangiji ba.’ Shi ya sa ya zama mini tilas in miƙa hadaya ta ƙonawa.”
১২তেতিয়া মই কলোঁ, পলেষ্টীয়াসকল এতিয়া মোৰ বিৰুদ্ধে গিলগললৈ নামি আহিছে, আৰু মই যিহোৱাৰ দয়া নিবিছাৰিলোঁ। সেই কাৰণে মই সাহস কৰি হোম-বলি উৎসৰ্গ কৰিলোঁ।”
13 Sama’ila ya ce, “Ka yi wauta da ba ka bi umarnin da Ubangiji Allahnka ya ba ka ba. Da ka yi haka da Ubangiji ya tabbatar maka da sarautar Isra’ila har abada.
১৩সেয়ে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন।
14 Amma yanzu, masarautarka ba za tă dawwama ba, Ubangiji ya riga ya sami wani wanda zuciyarsa ke ƙauna, ya naɗa shi shugaban mutanensa gama ba ka bi umarnin Ubangiji ba.”
১৪কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”
15 Sama’ila ya tashi daga Gilgal ya tafi Gibeya a ƙasar Benyamin. Shawulu kuma ya ƙidaya mutanen da suke tare da shi, yawansu ya kai wajen mutum ɗari shida.
১৫তাৰ পাছত চমূৱেলে তাৰ পৰা উঠিল আৰু গিলগলৰ পৰা বিন্যামীনৰ গেবালৈ গ’ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকসকলক গণনা কৰি প্ৰায় ছশ লোক পালে।
16 Shawulu da ɗansa Yonatan da mutanen da suke tare da shi suka zauna a Geba ta Benyamin. Sa’an nan Filistiyawa suka yi sansani a Mikmash.
১৬চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ লগৰ লোকসকল বিন্যামীনৰ গেবাত থাকিল। কিন্তু পলেষ্টীয়াসকলে মিকমচত ছাউনি পাতিলে।
17 Rundunar mayaƙa uku suka fito daga sansani Filistiyawa. Ɗaya ta nufi Ofra, zuwa ƙasar Shuwal.
১৭পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা হঠাতে আক্ৰমণ কৰা তিনিটা দল ওলাই আহিল। তেওঁলোকৰ এটা দল অফ্ৰাৰ বাটেদি চুৱাল প্ৰদেশৰ ফাললৈ গ’ল;
18 Runduna guda kuma ta nufi Bet-Horon, ɗayan kuwa ta nufi iyakar da take fuskantar Kwarin Ziboyim wajen jeji.
১৮আন এটা দল বিপৰীত মুখে বৈৎ-হোৰোণলৈ গ’ল, আৰু আনটো দল চবোয়ীম উপত্যকাৰ সীমাৰে মৰুপ্ৰান্তৰ অভিমুখ কৰা ওপৰ অঞ্চলৰ বাটেদি গ’ল।
19 Ba a sami maƙeri ɗaya a dukan ƙasar Isra’ila ba domin Filistiyawa sun ce, “In ba haka ba Ibraniyawa za su ƙera wa kansu takuba ko māsu.”
১৯সেই সময়ত গোটেই ইস্ৰায়েল দেশত কোনো কমাৰ পোৱা নগৈছিল; কাৰণ পলেষ্টীয়াসকলে কয় “কমাৰ থাকিলে ইব্ৰীয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই লব।”
20 Saboda haka dukan Isra’ila sukan gangara zuwa wajen Filistiyawa domin su gyara bakin garemaninsu, da fartanansu, da gaturansu, da kuma laujunansu.
২০সেই কাৰণে নিজৰ নিজৰ অস্ত্ৰ, বা কুঠাৰ, বা কোৰ বা নাঙল শানেৰে ধাৰ দিবলৈ, ইস্ৰায়েল লোকসকল পলেষ্টীয়াসকলৰ ওচৰলৈ নামি যাব লগা হয়।
21 Duk lokacin da za su gyara bakin garmansu da fartanyarsu sai sun biya tsabar azurfa biyu. Haka ma idan za su gyara gatari ko bakunan abin korar shanun noma sai sun biya tsabar azurfa ɗaya.
২১নাঙল আৰু চিপ্ৰাং ধাৰ কৰিবলৈ এক চেকলৰ তিনি ভাগৰ দুভাগ, আৰু কুঠাৰ ধাৰ আৰু পোন কৰিবলৈ এক চেকলৰ তিনি ভাগৰ এভাগ লাগিছিল।
22 A ranar da yaƙi ya tashi, ba a sami wanda yake da takobi ko māshi ba a cikin mutanen da suke tare da Shawulu da Yonatan. Sai dai Shawulu da ɗansa Yonatan kaɗai.
২২সেয়ে যুদ্ধৰ সময়ত চৌল আৰু যোনাথনৰ সৈন্যসকলৰ হাতত তৰোৱাল বা যাঠী নাছিল; কেৱল চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাততহে আছিল।
23 Ana nan sai sojojin Filistiyawa suka fita zuwa mashigin Mikmash.
২৩পলেষ্টীয়াসকল নগৰ ৰক্ষী সৈন্যসকল মিকমচলৈ ওলাই গ’ল।

< 1 Sama’ila 13 >