< 1 Sarakuna 7 >

1 Ya ɗauki Solomon shekaru goma sha uku kafin yă gama gina fadarsa.
নিজৰ বাবে ৰাজগৃহ নির্মাণ কৰিবলৈ চলোমনৰ তেৰ বছৰ লাগিছিল।
2 Ya gina fadarsa mai suna Kurmin Lebanon, tsawonsa kamu ɗari, fāɗinsa kamu hamsin, tsayinsa kuma kamu talatin, a bisa jeri huɗu na ginshiƙan itacen al’ul, aka shimfiɗa katakan itacen al’ul a bisa ginshiƙan.
তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।
3 Aka yi rufin da al’ul bisa ginshiƙan da suke bisa ginshiƙai arba’in da biyar, goma sha biya a kowane jeri.
সেই গৃহৰ চালখন এৰচ কাঠেৰে সজা হৈছিল; আৰু চালখন ধৰি ৰাখিবলৈ শাৰীকৈ ৰখা পোন্ধৰ টা খুটাৰ ওপৰত পঞ্চল্লিশ টা চৌকাঠ আছিল;
4 Aka kuma yi tagogi masu sandunan ƙarfe, jeri uku, kowace taga tana ɗaura da’yar’uwarta, har jeri uku.
কাষৰ দেৱাল দুটাত তিনিযোৰকৈ খুঁটা আছিল আৰু সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
5 Dukan ƙofofin da madogaransu murabba’i ne, taga kuma tana ɗaura da’yar’uwarta har jeri uku.
খিড়িকিয়ে সৈতে সকলো দুৱাৰ আৰু চৌকাঠবোৰ চাৰিচুকীয়া আৰু তিনিযোৰকৈ সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
6 Ya yi babban zaure mai ginshiƙai, tsawonsa kamu hamsin, fāɗinsa kuwa kamu talatin. A gabansa kuwa akwai shirayi, kuma a gaban wannan shirayi akwai ginshiƙai da kuma rufin da yake a shimfiɗe.
তেওঁ স্তম্ভ থকা পঞ্চাশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে চালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল।
7 Ya kuma gina shirayi ta sarauta, da ya kira Zauren Adalci, inda zai riƙa yin shari’a, ya kuma rufe dukan daɓensa da itacen al’ul daga ƙasa har sama.
আৰু যি গৃহত চলোমনে বিচাৰ কৰিব, নিজৰ এনে সিংহাসনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল।
8 A fadar da zai zauna kuwa, wadda aka gina a can baya, ya yi ta da irin fasali guda. Solomon ya kuma yi wata fada kamar wannan zaure domin’yar Fir’auna, wadda ya auro.
সেই গৃহৰ পাছফালে থকা আন এখন চোতালত, নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। চলোমনে পত্নীৰূপে লোৱা ফৰৌণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল।
9 Dukan waɗannan gine-gine, daga waje zuwa babban fili, da kuma daga tushen zuwa rufin, an yi su da duwatsun da aka yanka, aka kuma gyara da zarto a fuskokinsu na ciki da waje.
এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমুলীয়া শিলেৰে অলংকৃত কৰি নিৰ্ম্মাণ কৰিছিল৷ এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতাল খনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল৷
10 Aka kafa tushen da manyan duwatsu masu kyau, tsayin waɗansunsu ya kai kamu goma, waɗansu kuma kamu takwas.
১০গৃহৰ ভেটিতো আঠ হাত আৰু দহ হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল৷
11 A can bisa akwai duwatsu masu tsada da aka yayyanka bisa ga ma’auni, da kuma ginshiƙan al’ul.
১১তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটা-শিল আৰু এৰচ কাঠ আছিল।
12 An kewaye babban filin da katanga da jerin uku-uku na duwatsun da aka gyara, da kuma jeri guda na gyararren al’ul, kamar yadda aka yi na filin cikin haikalin Ubangiji da shirayinsa.
১২ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
13 Sarki Solomon ya aika zuwa Taya aka kuma kawo Huram,
১৩পাছত চলোমন ৰজাই মানুহ পঠিয়াই তূৰৰ পৰা হীৰমক অনালে।
14 wanda mahaifiyarsa gwauruwa ce daga kabilar Naftali, wanda kuma mahaifinsa mutumin Taya ne, shi Huram, gwani ne a aikin tagulla. Huram gwani ne sosai kuma ya saba da yin kowane irin aikin tagulla. Sai ya zo wurin Sarki Solomon ya kuma yi dukan aikin da aka sa shi.
১৪হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷
15 Ya yi ginshiƙan tagulla, kowanne tsayinsa kamu goma sha takwas, ya kuma yi guru mai kamu goma sha biyu, kewaye da shi.
১৫তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷
16 Ya yi dajiyoyi biyu na zubin tagulla don yă sa a bisa ginshiƙai; kowace dajiya tsayinta kamu biyar ne.
১৬তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷
17 Aka yi yanar tuƙaƙƙun sarƙoƙi aka ɗaura dajiyoyin a bisa ginshiƙai guda bakwai don kowace dajiya.
১৭স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।
18 Ya yi rumman jeri biyu kewaye da kowace yanar don yă yi adon dajiyoyin a bisa ginshiƙan. Haka kuma ya yi wa ɗaya dajiyar.
১৮তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷
19 Dajiyoyin da suke a bisa ginshiƙan a shirayi suna da fasalin furen bi-rana, tsayinsu kamu huɗu-huɗu ne.
১৯বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
20 A inda kan ginshiƙin ya buɗu kamar kwano, sama da zāne-zānen sarƙar, an yi zāne-zānen rumman wajen ɗari biyu, layi-layi kewaye da kawunan ginshiƙan nan.
২০স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশ টা নিৰ্মিত ডালিমৰ শাৰী আছিল।
21 Ya ta da ginshiƙai a shirayin haikali. Ya ba wa ginshiƙi na wajen kudu sunan Yakin, na wajen arewa kuma ya kira Bowaz.
২১পাছত তেওঁ সেই স্তম্ভ দুটা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল৷ তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম যাখীন হ’ল আৰু বাঁওফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে।
22 Dajiyoyin da suke a bisa suna da fasalin bi-rana ne. Ta haka aka gama aiki a kan ginshiƙan.
২২এই স্তম্ভ দুটাৰ মূৰ লিলি ফুলৰ আকৃতিত সজোৱা আছিল৷ এই দৰে স্তম্ভৰ সজোৱা কাৰ্য সমাপ্ত হৈছিল।
23 Sai Huram ya yi wani ƙaton kwano na ƙarfen tagulla, da ya kira Teku. Zurfin kwanon nan kamu bakwai da rabi, fāɗinsa kamu goma sha biyar, da’irarsa kuma kamu talatin ne.
২৩পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷
24 A kewayen bakin ƙaton kwanon akwai layi biyu na siffofin goran ƙarfen tagulla, akwai gora shida cikin kowane ƙafa. An yi zubinsu haɗe da kwanon nan da kira Teku.
২৪সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত দহোটা দহোটাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটো ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
25 Kwanon ya tsaya a kan siffofin bijimai goma sha biyu, uku suna fuskantar arewa, uku suna fuskantar yamma, uku suna fuskantar kudu, sa’an nan uku suna fuskantar gabas. Kwanon da ya kira Teku ya zauna a kansu, gindin siffofin bijimai goma sha biyun nan suna wajen tsakiya.
২৫সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।
26 Kaurin kwanon ya kai tafin hannu, kuma da’iransa ya yi kamar da’iran kwaf, kamar bi-ranar da ta buɗe. Wannan kwanon da aka kira Teku yakan ci garwa dubu biyu.
২৬সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।
27 Ya kuma yi dakalai guda goma na tagulla da ake iya matsar da su; kowane tsawonsa kamu huɗu ne, fāɗinsa kamu huɗu, tsayinsa kuma kamu uku.
২৭হীৰমে পিতলৰ দহোটা আধাৰ নিৰ্মাণ কৰিলে; প্ৰত্যেক আধাৰ দীঘে চাৰি হাত, বহলে চাৰি হাত আৰু উচ্চতাত তিনি হাত।
28 Ga yadda aka yi dakalan, dakalan suna da ɓangarori haɗe da mahaɗai.
২৮সেই আধাৰবোৰ এইদৰে সজা হ’ল৷ সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই বাৰৰ মাজে মাজে আছিল,
29 A bisa sassan tsakanin mahaɗan, akwai siffofin zakoki, bijimai da kuma kerubobi, suna a kan mahaɗan su ma. A sama da kuma ƙasan siffofin zakokin da na bijiman kuwa akwai hotunan furanni.
২৯সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷
30 Kowane dakali yana da ƙafa huɗu na tagulla kamar na keken yaƙi, da sandunan tagulla don sa kwanon nan da aka kira Teku. A kusurwoyin akwai abubuwan zubi don riƙe kwanon. An zāna furanni a kowane gefensu.
৩০প্ৰত্যেক আধাৰত চাৰিটাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল; তাৰ চাৰিটা খুৰাৰ তলত প্ৰক্ষালন-পাত্ৰ-ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সঁচা আছিল।
31 A dakalin daga ciki, akwai bakin da yake da’ira, mai zurfi kamun guda. Bakin da’irar ne, yana da zāne-zānensa da ya kai kamu ɗaya da rabi. Kusa da bakin akwai zāne-zāne. Sassan dakalin murabba’i ne, ba da’ira ba ne.
৩১তাৰ মুখ বৈঠকৰ আকৃতিৰ দৰে ঘূৰণীয়া আৰু ডেৰ হাত জোখৰ আৰু এহাত উচ্চতাৰ এখন কিৰীটিৰ মাজত ৰখা আছিল৷ তাৰ মুখৰ দাঁতিতোত খোদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বর্গৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল৷
32 Ƙafafu huɗun suna a ƙarƙashin ɓangarorin, aka kuma haɗa gindin ƙafafun keken da dakalin. Tsayin kowace ƙafa kamu ɗaya da rabi ne.
৩২চকা চাৰিটা সেই ফলকবোৰৰ তলত আৰু সেই চকাৰ ধুৰা আধাৰৰ লগত আছিল; প্ৰত্যেক চকা ডেৰ হাত ওখ আছিল।
33 An yi ƙafafun kamar ƙafafun keken yaƙi ne; gindin, da’irar, gyaffan da kuma cibiyar duk an yi su da ƙarfe ne.
৩৩সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল৷ তাৰ ধুৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল।
34 Kowane dakali yana da hannuwa huɗu, ɗaya a kowane gefe, da yake nausawa daga dakalin.
৩৪প্ৰত্যেক আধাৰৰ চাৰি চুকত চাৰিটা প্ৰক্ষালন-পাত্ৰ-ধৰা ব্যৱস্থা আছিল; সেই প্ৰক্ষালন-পাত্ৰ-ধৰাবোৰ আধাৰৰ লগত সাঁচত গঢ়া হৈছিল।
35 A bisa dakalin akwai da’irar da ta yi kamar gammo mai zurfi kamar rabin kamu. Abubuwan da suke riƙewa da kuma sassan, an haɗa su da bisa dakalin.
৩৫সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।
36 Ya zāna siffofin kerubobi, zakoki da itatuwan dabino a saman abubuwan riƙewa da kuma a kan ɓangarorin, a kowane abin da ya ga akwai ɗan fili, ya zāna furanni.
৩৬ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷
37 Haka ya yi dakalai goma. Duk an yi zubinsu iri ɗaya ne, girmansu da fasalinsu kuma iri ɗaya.
৩৭এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।
38 Sa’an nan ya yi kwanoni goma na tagulla, kowane yana cin garwa arba’in, kuma kamu huɗu daga wannan zuwa wancan, kowane dakali yana da daro ɗaya.
৩৮পাছত হীৰমে পিতলৰ দহ টা প্ৰক্ষালন-পাত্ৰ সাজিছিল৷ প্ৰত্যেকটো পাত্ৰত চল্লিশ মোন কৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ চাৰি হাত জোখৰ আছিল৷ প্ৰত্যেকটো পাত্ৰ সেই দহ টা আধাৰৰ ওপৰত ৰখা হৈছিল৷
39 Ya sa dakalai biyar a gefen kudu na haikali, biyar kuma a arewa. Ya sa kwanon a gefen kudu, a gefen kudu maso gabas na haikalin.
৩৯তেওঁ গৃহৰ দক্ষিণফালে পাঁচোটা আধাৰ আৰু উত্তৰফালে পাঁচোটা আধাৰ ৰাখিছিল৷ তেওঁ গৃহৰ পূৱদিশে দক্ষিণফালে সমুদ্ৰ-পাত্ৰটো স্থাপন কৰিছিল।
40 Ya kuma yi kwanoni da manyan cokula da kuma kwanonin yayyafawa. Ta haka Huram ya gama dukan aikin da ya yi wa Sarki Solomon a haikalin Ubangiji.
৪০হীৰমে সেই প্ৰক্ষালন-পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হীৰমে ৰজা চলোমনৰ বাবে যিহোৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মান কৰি উঠা কাৰ্যবোৰ হ’ল:
41 Ya yi ginshiƙai biyun; dajiyoyi biyu masu fasalin kwano a kan ginshiƙan; ya yi yanar kashi biyu wa dajiyoyi masu fasalin kwano guda biyu a kan ginshiƙai;
৪১সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূর্ণ জালি কটা কাম কৰা হৈছিল৷
42 ya yi rumman guda ɗari huɗu na sashi yanar biyun (jeri biyu na rumman don kowace yanar, yana adon dajiyoyi masu fasalin kwano a kan ginshiƙai);
৪২তেওঁ সেই দুযোৰ অলংকাৰপূর্ণ জালৰ কাৰণে সেই চাৰিশ ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে দুশাৰী ডালিম
43 ya yi dakalai goma da kwanoninsu goma;
৪৩আৰু দহ টা আধাৰ, আৰু দহ টা আধাৰৰ ওপৰত দহ টা প্ৰক্ষালন পাত্ৰ,
44 ya yi kwanon da ya kira Teku, da bijimai goma sha biyu a ƙarƙashinsa;
৪৪সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা ষাঁড়-গৰু,
45 ya yi tukwane, manyan cokula da kwanonin yayyafawa. Dukan waɗannan abubuwan da Huram ya yi wa Sarki Solomon saboda haikalin Ubangiji, an dalaye su da tagulla.
৪৫ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰ - হীৰমে এইবোৰ নিৰ্মান কৰিছিল ৰজা চলোমনৰ বাবে, যিহোৱাৰ গৃহৰ বাবে; তেওঁ এইবোৰ চক্‌চকিয়া পিতলেৰে নিৰ্মান কৰিছিল।
46 Sarki ya sa aka yi zubi a abin yin tubalin laka a filin Urdun, tsakanin Sukkot da Zaretan.
৪৬ৰজাই এইবোৰ যৰ্দ্দনৰ চুক্কোৎ আৰু চৰ্তনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল, এইবোৰ আলতীয়া মাটিৰ সাঁচত ঢালি তৈয়াৰ কৰা হৈছিল।
47 Solomon ya bar dukan waɗannan abubuwa ba tare da an auna su ba, domin sun yi yawa sosai; ba a san nauyin tagullar ba.
৪৭চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।
48 Solomon ya kuma yi dukan kayayyakin da suke cikin haikalin Ubangiji. Ya yi bagaden zinariya; teburin zinariya, inda ake ajiye burodin Kasancewa;
৪৮চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷
49 ya yi alkukai na zinariya zalla (Biyar a dama, biyar kuma a hagu, a gaban wuri mai tsarki na can cikin); ya yi zāne-zānen furannin zinariya da fitilu da kuma arautaki;
৪৯অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল।
50 ya yi kwanonin zinariya zalla, hantsuka, kwanonin yayyafawa, kwanoni, da kuma farantan wuta; ya yi wurin ajiye fitila na zinariya domin ƙofofi na ɗakin can ciki-ciki, da na ƙofofin Wuri Mafi Tsarki, da kuma domin ƙofofin babban zauren haikali.
৫০নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
51 Sa’ad da aka gama aikin da Sarki Solomon sa a yi domin haikalin Ubangiji, sai ya kawo kayayyakin da mahaifinsa Dawuda ya keɓe, azurfa da zinariya da kayayyaki, ya sa su a ma’ajin haikalin Ubangiji.
৫১এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।

< 1 Sarakuna 7 >