< 1 Sarakuna 6 >

1 A shekara ta ɗari huɗu da tamani bayan fitowar Isra’ilawa daga Masar, a shekara ta huɗu ta mulkin Solomon a bisa Isra’ila, a watan Zif, wata na biyu, Solomon ya fara gina haikalin Ubangiji.
ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
2 Haikalin da Sarki Solomon ya gina wa Ubangiji, tsawonsa kamu sittin, fāɗinsa kamu ashirin, tsayinsa kuma kamu talatin ne.
চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
3 Shirayin da yake a gaban ainihin zauren haikalin, ya ƙara faɗin haikalin da kamu ashirin, ya kuma nausa daga gaban haikalin kamu goma.
সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
4 Ya yi tagogin da suka fi fāɗi daga ciki fiye da waje a haikalin.
আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
5 A jikin bangayen babban zaure da kuma cikin wuri mai tsarki, ya gina ɗakuna kewaye da ginin, inda akwai ɗakuna a gefe.
তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
6 Fāɗin ɗakunan ƙasa, kamu biyar ne, fāɗin ɗakunan tsakiya, kamu shida ne, fāɗin ɗakunan hawa na uku kuwa, kamu bakwai ne. Ya yi bangaye kewaye a waje da haikalin don kada a sa wani abu a bangayen haikali.
তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
7 A yin ginin haikalin, duwatsun da aka fafe ne kaɗai daga wurin fafe duwatsu aka yi amfani da su, ba a ji karar guduma ko gizago, ko wani abin da aka yi da ƙarfe a wurin ginin haikali yayinda ake gina shi ba.
শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
8 Ƙofar zuwa ɗakunan ƙasa tana gefen kudu na haikalin; akwai matakai da suka bi zuwa hawa na tsakiya, daga can kuma matakan sun wuce zuwa hawa na uku.
মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
9 A haka ya gina haikalin ya kuma gama shi, ya jinƙe shi da manyan katakai da kuma katakan al’ul.
এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
10 Ya kuma gina ɗakunan gefe duka a gefen haikalin. Tsayin kowanne, kamu biyar ne, aka haɗa su da haikalin da manyan katakan al’ul.
১০তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
11 Sai maganar Ubangiji ta zo wa Solomon ta ce,
১১পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
12 “Game da wannan haikalin da kake ginawa, in ka bi ƙa’idodina, ka cika farillaina, ka kiyaye dukan umarnaina, ka kuma yi biyayya da su, zan cika alkawarin da na yi wa mahaifinka Dawuda ta wurinka.
১২“তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
13 Zan kuma zauna a cikin Isra’ilawa, ba kuwa zan taɓa rabuwa da su ba.”
১৩মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
14 Saboda haka Solomon ya gina haikalin ya kuma gama shi.
১৪সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
15 Ya rufe bangon ciki da katakan itacen al’ul tun daga ƙasa har zuwa sama, ya kuma rufe daɓen da katakan itacen fir.
১৫তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
16 Ya gina Wuri Mafi Tsarki na can ciki, ya gina shi a can ƙuryar haikalin. Tsayinsa kamu ashirin ne, an manne masa katakan itacen al’ul tun daga ƙasa har zuwa sama.
১৬গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
17 Tsawon babban zaure a gaban wannan ɗaki, kamu arba’in ne.
১৭মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
18 An yi wa katakan itacen al’ul na cikin haikalin zāne mai fasalin gora da na buɗaɗɗun furanni. An rufe bangon ciki duka da itacen al’ul, har ba a ganin duwatsun ginin.
১৮গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
19 Ya shirya wuri mai tsarki na ciki can cikin haikali don yă sa akwatin alkawarin Ubangiji a can.
১৯চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
20 Tsawon wuri mai tsarki na ciki kamu ashirin, fāɗin kamu ashirin, tsayin kuma kamu ashirin. Ya dalaye cikin da zinariya zalla, ya kuma dalaye bagade al’ul ɗin.
২০সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
21 Solomon ya rufe cikin haikalin da zinariya zalla, ya kuma gifta sarƙoƙin zinariya a gaban wuri mai tsarki na ciki, wanda aka dalaye da zinariya.
২১এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
22 Haka ya dalaye dukan cikin da zinariya. Ya kuma dalaye bagade na cikin wuri mai tsarki da zinariya.
২২তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
23 A wuri mai tsarki na can ciki, ya yi kerubobi biyu na itacen zaitun, kowanne mai tsayi kamu goma.
২৩তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
24 Fiffike ɗaya na kerub na fari tsawonsa kamu biyar ne, ɗayan fiffike kuma kamu biyar, kamu goma daga ƙarshen fiffike zuwa ƙarshen fiffike.
২৪এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷
25 Kerub na biyun shi ma kamu goma ne, gama kerubobi biyun sun yi kama da juna a girma da kuma siffa.
২৫আৰু দ্বিতীয় কৰূবৰ ডেউকাও দহ হাত আছিল৷ দুয়োটা কৰূব একে জোখৰ আৰু একে আকাৰৰ।
26 Tsayin kowane kerub kamu goma ne.
২৬প্ৰথম কৰূব দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল।
27 Ya ajiye kerubobin a ɗaki na can cikin haikalin, da fikafikansu a buɗe. Fiffiken kerub ɗaya ya taɓa bango guda, yayinda fiffiken ɗayan ya taɓa ɗayan bangon, kuma fikafikansu sun taɓa juna a tsakiyar ɗakin.
২৭পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।
28 Ya dalaye kerubobin da zinariya.
২৮তাতে চলোমনে কৰূব দুটাত সোণৰ পতা মাৰিলে।
29 A bangaye kewaye da haikali, a ɗakuna ciki da waje, ya zāzzāna kerubobi, itatuwan dabino, da furanni buɗaɗɗu.
২৯আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।
30 Ya kuma rufe ƙasan ɗakuna ciki da wajen haikali da zinariya.
৩০আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।
31 Don ƙofar shiga wuri mai tsarki na ciki kuwa, ya yi ƙofofin katakon zaitun da madogarai masu gefe biyar.
৩১চলোমনে অতি পবিত্ৰ-স্থানৰ প্ৰবেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে৷ চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচ ভাগৰ এভাগ আছিল।
32 A kan ƙofofin katakan zaitun kuwa ya zāzzāna kerubobi, itatuwa dabino, da furanni buɗaɗɗu, ya kuma dalaye kerubobin, da kuma itatuwan dabinon da zinariya.
৩২এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।
33 Haka ma ya yi madogarai masu gefe huɗu na katakon zaitun don ƙofar shiga zuwa babban zaure.
৩৩সেইদৰে তেওঁ মন্দিৰৰ প্ৰবেশস্থানৰ কাৰণে দেৱালৰ চাৰি ভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে
34 Ya yi ƙofofi biyu na itacen fir, kowanne yana da shafi biyu da suke juyewa a maɗaurai.
৩৪আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
35 Ya zāzzāna kerubobi, itatuwan dabino, da kuma furanni buɗaɗɗu a kansu, ya kuma dalaye su da zinariyar da aka buga daidai a kan sassaƙa.
৩৫তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
36 Ya kuma gina filin ciki da sassaƙaƙƙun duwatsu, jeri uku, da jeri ɗaya na katakan itacen al’ul.
৩৬পাছত তেওঁ তিনি শাৰী কটা-শিল দি আৰু এশাৰী চাৰি সিৰীয়া এৰচ কাঠেৰে ভিতৰ-চোতাল সাজিলে।
37 An kafa tushen haikalin Ubangiji a shekara ta huɗu, a watan Zif.
৩৭চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল।
38 A shekara ta goma sha ɗaya, a watan Bul, wata na takwas ke nan, aka gama haikalin daidai yadda aka tsara shi bisa ga fasalinsa. Solomon ya ɗauki shekara bakwai yana ginin haikalin.
৩৮আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।

< 1 Sarakuna 6 >