< 1 Sarakuna 18 >

1 Bayan dogon lokaci, a cikin shekara ta uku, maganar Ubangiji ta zo wa Iliya, ta ce, “Tafi, ka gabatar da kanka ga Ahab, zan kuwa aika da ruwan sama a ƙasar.”
বহুদিনৰ পাছত যিহোৱাৰ বাক্য এলিয়ালৈ আহিল; সেয়া আছিল বৰষুন নোহোৱা হৈ থকা তৃতীয় বছৰ। যিহোৱাই ক’লে, “তুমি গৈ আহাবক দৰ্শন দিয়া আৰু তেতিয়া মই দেশলৈ বৰষুণ পঠিয়াম।”
2 Saboda haka Iliya ya tafi ya gabatar da kansa ga Ahab. Yanzu dai yunwa ta tsananta a Samariya,
তেতিয়া এলিয়াই আহাবক দৰ্শন দিবলৈ গ’ল। সেই কালত চমৰিয়াত অতি বেছি আকাল হৈছিল।
3 Ahab kuma ya aika a kawo Obadiya, sarkin fadansa (Obadiya dai cikakken mai gaskata da Ubangiji ne.
পাছত আহাবে ৰাজ-গৃহৰ ঘৰগিৰী ওবদিয়াক মাতি আনিলে; সেই ওবদিয়া যিহোৱাৰ প্ৰতি অতিশয় ভয়কাৰী লোক আছিল৷
4 Yayinda Yezebel tana kisan annabawan Ubangiji, Obadiya ya ɗauki annabawa ɗari ya ɓoye a kogwanni biyu, hamsin a kowanne, ya kuma tanada musu abinci da kuma ruwa.)
কিয়নো যি সময়ত ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰি আছিল, সেই সময়ত ওবদিয়াই এশ ভাববাদীক লৈ পঞ্চাশজন পঞ্চাশজনকৈ গুহাত লুকুৱাই ৰাখি, অন্ন-জল দি তেওঁলোকক প্ৰতিপালন কৰিছিল।
5 Ahab ya ce wa Obadiya, “Ka ratsa ƙasar zuwa dukan maɓulɓulai da fadamu. Mai yiwuwa ka sami ciyawa mu ba dawakai da alfadarai don su rayu, don kada mu kashe dabbobinmu.”
আহাবে ওবদিয়াক ক’লে, “দেশত যিমান জলৰ ভুমুক আৰু জুৰি আছে, তুমি সেই ঠাইবোৰলৈ যোৱা, কিজানি আমি সেই ঠাইবোৰত কিছু ঘাঁহ পাম; তাতে ঘোঁৰা আৰু খছৰবোৰৰ প্ৰাণ ৰক্ষা কৰাব পাৰিম, সেয়ে হ’লে আমি আটাইবোৰ পশু নেহেৰুৱাম।”
6 Saboda haka suka raba ƙasar da za su ratsa, Ahab zai tafi gefe ɗaya, Obadiya kuma yă bi gefe ɗaya.
তেতিয়া তেওঁলোকে দেশৰ মাজেদি ভ্ৰমণ কৰিবলৈ, তেওঁলোক দুয়োৰে মাজত দেশ ভাগ কৰিলে; তেতিয়া আহাব নিজেই এক বাটেদি আৰু ওবদিয়াও আনটো বাটেদি গ’ল।
7 Yayinda Obadiya yana tafiya, sai Iliya ya sadu da shi. Obadiya ya gane shi, ya rusuna har ƙasa, ya ce, “Kai ne, shugabana, Iliya?”
তেতিয়া ওবদিয়াই বাটত গৈ থাকোতে, হঠাৎ এলিয়াক লগ পালে। ওবদিয়াই তেতিয়া তেওঁক চিনি পালে, আৰু মাটিত মূখ লগাই তেওঁক ক’লে, “আপুনি মোৰ প্ৰভু এলিয়া হয়নে?”
8 Iliya ya amsa, ya ce, “I, je ka faɗa wa maigidanka cewa, ‘Iliya yana a nan.’”
তেতিয়া তেওঁ ক’লে, “হয়, মই হওঁ। তুমি যোৱা, আৰু গৈ তোমাৰ প্ৰভুক কোৱা যে, ‘এলিয়া ইয়াত আছে’।”
9 Obadiya ya yi tambaya, “Me na yi da ba daidai ba, da kake miƙa bawanka ga Ahab don yă kashe?
তেতিয়া ওবদিয়াই ক’লে, “মই এনে কি পাপ কৰিলোঁ, আপুনি যে বধ কৰিবৰ বাবে আপোনাৰ দাসক আহাবৰ হাতত শোধাই দিছে?
10 Na rantse da Ubangiji Allahnka, babu al’umma ko masarauta da mai girma sarki bai aika a nemo ka ba. In suka ce ba ka can, sai yă sa mulkin ko al’ummar su rantse, cewa ai, ba su same ka ba.
১০আপোনাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ প্ৰভু ৰজাই আপোনাক বিচাৰিবলৈ মানুহ নপঠিওৱা এনে কোনো দেশ বা ৰাজ্য নাই। সেই দেশ বা ৰাজ্যৰ লোকে যেতিয়া ‘এলিয়া ইয়াত নাই’ এইদৰে কয়, তেতিয়া তেওঁলোকে আপোনাক যে বিচাৰি পোৱা নাই, সেই বিষয়ে সঠিক কৰিবলৈ ৰজাই আপোনাক বিচাৰিবলৈ পঠোৱা লোকসকলক শপতো খুৱাইছিল।
11 Amma yanzu kana faɗa mini in tafi wurin mai girma in ce, ‘Iliya yana a nan.’
১১এতিয়া আপুনি কৈছে, ‘এলিয়া ইয়াতে আছে, এই বুলি তোমাৰ প্ৰভুৰ আগত কোৱাগৈ’।
12 Ban san inda Ruhun Ubangiji zai kai ka sa’ad da na bar ka ba. In na tafi na faɗa wa Ahab bai kuma same ka a nan ba, zai sa a kashe ni. Tuna fa, ni bawanka, na yi wa Ubangiji sujada tun ina saurayi.
১২কিয়নো মই আপোনাৰ ওচৰৰ পৰা যোৱা মাত্ৰকে মই নজনা কোনো এক ঠাইলৈ যিহোৱাৰ আত্মাই আপোনাক লৈ যাব; তাতে মই গৈ আহাবক সংবাদ দিলে, যদি তেওঁ আপোনাক বিচৰি নাপায়, তেতিয়া তেওঁ মোক বধ কৰিব; কিন্তু আপোনাৰ দাস মই হ’লে, ল’ৰাকালৰে পৰা যিহোৱাৰ ভয়কাৰী লোক হৈ আছোঁ।
13 Ranka yă daɗe, ashe, ba a faɗa maka abin da na yi lokacin da Yezebel ta karkashe annabawan Ubangiji ba? Yadda na ɓoye annabawa ɗari, na sa su hamsin-hamsin a kogwanni biyu, na yi ta ba su abinci da ruwa.
১৩ঈজেবলে যিহোৱাৰ ভাববাদীসকলক বধ কৰা কালত মই যিহোৱাৰ এশ ভাববাদীক পঞ্চাশ জন পঞ্চাশ জনকৈ ভাগ কৰি গুহাত লুকুৱাই ৰাখিছিলো, আৰু তেওঁলোকক অন্ন-জল দি কেনেকৈ প্ৰতিপালন কৰিছিলোঁ, সেই বিষয়ে জানো মোৰ প্ৰভুৱে শুনা নাই?
14 Yanzu fa, kana ce in tafi wurin mai girma sarki, in ce, ‘Iliya yana a nan.’ Ai, zai kashe ni!”
১৪তথাপি এতিয়া আপুনি কৈছে, ‘যোৱা, এলিয়া ইয়াত আছে, এই বুলি তোমাৰ প্ৰভুক কোৱাগৈ’, যাতে তেওঁ মোক বধ কৰিব।
15 Iliya ya ce, “Na rantse da Ubangiji Maɗaukaki, wanda nake bauta wa, tabbatacce zan gabatar da kaina ga Ahab a yau.”
১৫তাতে এলিয়াই ক’লে, “মই যিজনাৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই বাহিনীসকলৰ যিহোৱাৰ জীৱনৰ শপত, মই আজি নিশ্চয়ে আহবক দেখা দিম।”
16 Saboda haka sai Obadiya ya tafi wurin Ahab ya faɗa masa, Ahab kuwa ya tafi wurin Iliya.
১৬তেতিয়া ওবদিয়াই আহাবক লগত সাক্ষাৎ কৰিলে, আৰু আহাবক এই সংবাদ দিলে; পাছত আহাবে এলিয়াৰ লগত সাক্ষাত কৰিবলৈ আহিল।
17 Sa’ad da Ahab ya ga Iliya, sai ya ce masa, “Kai ne wannan, kai mai tā-da-na-zaune-tsaye a Isra’ila?”
১৭যেতিয়া আহাবে এলিয়াক দেখিলে তেতিয়া তেওঁ ক’লে, “ইস্ৰায়েলক দুখ দিয়া লোকজন তুমি হয় নে?”
18 Iliya ya amsa, ya ce, “Ban tā-da-na-zaune-tsaye a Isra’ila ba. Amma kai da iyalin mahaifinka, ku kuka tā-da-na-zaune-tsaye. Ka ƙyale umarnai Ubangiji, ka bi Ba’al.
১৮এলিয়াই উত্তৰ দি ক’লে, “মই ইস্ৰায়েলক দুখ দিয়া নাই, কিন্তু তুমি আৰু তোমাৰ পিতৃ-বংশইহে দুখ দিছা, তোমালোকে যিহোৱাৰ আজ্ঞা ত্যাগ কৰিলা আৰু বাল দেৱতাৰ মুৰ্ত্তিবোৰৰ পাছত চলি আছা।
19 Yanzu ka tara mutane daga dukan Isra’ila su sadu da ni a kan Dutsen Karmel. Ka kuma kawo annabawa ɗari huɗu da hamsin na Ba’al, da kuma annabawa ɗari huɗu na Ashera, waɗanda suke ci a teburin Yezebel.”
১৯এতিয়া তুমি মানুহ পঠিয়াই, ইস্ৰায়েলৰ সকলো লোকৰ লগতে ঈজেবলৰ মেজত ভোজন কৰোঁতা বালৰ চাৰিশ পঞ্চাশজন ভাববাদী আৰু সেই আচেৰাৰ চাৰিশ ভাববাদীক এতিয়াই কৰ্মিল পৰ্বতত মোৰ ওচৰত এক গোট কৰা।”
20 Sai Ahab ya aika a duk fāɗin Isra’ila, ya kuma tattara annabawan a kan Dutsen Karmel.
২০সেইদৰে আহাবে ইস্ৰায়েলৰ সকলো লোকৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ভাববাদীসকলক কৰ্মিল পৰ্ব্বতত গোট খুৱালে।
21 Iliya ya je gaban mutane ya ce, “Har yaushe za ku yi ta yawo tsakanin ra’ayoyi biyu? In Ubangiji ne Allah, ku bi shi; amma in Ba’al Allah ne, ku bi shi.” Mutane dai ba su ce uffam ba.
২১এলিয়াই লোক সকলৰ ওচৰলৈ আহি ক’লে, “তোমোলোকে কিমান কাললৈকে তোমালোকৰ মন সলনি কৰি থকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে।
22 Sai Iliya ya ce musu, “Ni ne kaɗai annabin Ubangiji da ya rage, amma Ba’al yana da annabawa ɗari huɗu da hamsin.
২২তেতিয়া এলিয়াই লোকসকলক ক’লে, “যিহোৱাৰ এজন মাত্ৰ ভাববাদী মইহে অৱশিষ্ট আছোঁ, কিন্তু বালৰ ভাববাদী চাৰিশ পঞ্চাশজন লোক আছে।
23 Ku samo mana bijimai biyu. Bari su zaɓa ɗaya wa kansu, bari kuma su yanka shi kucu-kucu su sa a itace, sai dai, kada su sa wuta a kansa. Ni kuwa zan shirya ɗaya bijimin in sa a kan itace, ni ma, ba zan sa wuta a kansa ba.
২৩এই হেতুকে আমাক দুটা ভতৰা দিয়া হওঁক; তেওঁলোকে তেওঁলোকৰ কাৰণে এটা ষাঁড় লওক, আৰু তাক ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত থওক, কিন্তু তাৰ তলত জুই নিদিয়ক; আৰু ময়ো আনটো ষাঁড় যুগুত কৰি খৰিৰ ওপৰ ৰাখিম, আৰু তাৰ তলত জুই নিদিম।
24 Sa’an nan ku kira bisa sunan allahnku, ni kuwa zan kira bisa sunan Ubangiji. Duk allahn da ya amsa ta wurin wuta, shi ne Allah.” Sai dukan jama’a suka ce, “Abin nan da faɗa yana da kyau.”
২৪তেতিয়া তোমালোকে তোমালোকৰ দেৱতাৰ নামেৰে প্ৰাৰ্থনা কৰিবা আৰু মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম; তাতে যাৰ ঈশ্ৱৰে অগ্নিৰ দ্বাৰাই উত্তৰ দিব, তেওঁৱেই ঈশ্বৰ হওঁক।” তাতে সকলো লোকে উত্তৰ দি ক’লে, “এইটো ভাল কথা।”
25 Iliya ya ce wa annabawan Ba’al, “Ku ku fara zaɓi bijimi ɗaya, ku shirya, da yake kuna da yawa. Ku kira a bisa sunan allahnku, amma kada ku ƙuna wuta.”
২৫তেতিয়া এলিয়াই বালৰ ভাববাদীসকলক ক’লে, “প্ৰথমে তোমালোকে তোমালোকৰ কাৰণে এটা ভতৰা লোৱা, আৰু সেই ভতৰাটো যুগুত কৰা, কিয়নো তোমালোক অনেক লোক আছা। পাছত তোমালোকে তোমালোকৰ ঈশ্ৱৰৰ নামেৰে প্ৰাৰ্থনা কৰিবা, কিন্তু তলত জুই নিদিবা।”
26 Sai suka ɗauki bijimin da aka ba su suka shirya shi. Sa’an nan suka kira bisa sunan Ba’al daga safe har tsakar rana. Suna ihu, “Ya Ba’al, ka amsa mana!” Amma babu wata amsa, babu wani da ya amsa. Suka yi ta rawa kewaye da bagaden da suka yi.
২৬তেতিয়া তেওঁলোকক দিয়া ভতৰাটো লৈ তেওঁলোকে যুগুত কৰিলে, আৰু ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈকে “হে বাল, আমাক উত্তৰ দিয়া”, এই বুলি কৈ বালৰ নামেৰে প্ৰাৰ্থনা কৰিলে; কিন্তু তেওঁলোকলৈ কোনো বাণী নহ’ল আৰু কোনেও উত্তৰো নিদিলে। তাৰ পাছত তেওঁলোকে সজা যজ্ঞবেদীৰ চাৰিওফালে দেও দি নাচিবলৈ ধৰিলে।
27 Da tsakar rana, Iliya ya fara yin musu ba’a. Ya ce, “Ku yi ihu da ƙarfi, tabbatacce shi allah ne! Mai yiwuwa yana cikin zurfin tunani, ko dai aiki ya yi masa yawa, ko ya yi tafiya. Mai yiwuwa yana barci ne, dole a tashe shi.”
২৭দুপৰীয়া সময়ত এলিয়াই তেওঁলোকক ঠাট্টা কৰি ক’লে, “বৰকৈ ৰিঙিওৱাহঁক! তেওঁ এজন ঈশ্বৰ! হয়তো তেওঁ ধ্যান কৰি আছে বা কোনো ঠাইলৈ যাত্ৰা কৰি আছে, নাইবা টোপনিতে আছে আৰু তেওঁক জগাব প্রয়োজন।”
28 Sai suka yi ta ihu da ƙarfi suna tsattsaga kansu da takuba da māsu, yadda al’adarsu take, sai da jininsu ya yi ta zuba.
২৮তেতিয়া তেওঁলোকে পুনৰ বৰকৈ আটাহ পাৰি মাতিবলৈ ধৰিলে আৰু তেওঁলোকৰ ৰীতিৰ দৰে, কটাৰী আৰু শূলৰ ধাৰেৰে কাতি তেজ নোবোৱালৈকে নিজকে ক্ষত-বিক্ষত কৰিলে।
29 Tsakar rana ta wuce, suka ci gaba da ƙoƙari, suna annabci har lokacin miƙa hadayar yamma ya yi. Amma babu wani da ya tanƙa, babu wani da ya amsa, babu wanda ya kula.
২৯এইদৰে দুপৰ বেলা পাৰ হ’ল আৰু তেওঁলোকে সন্ধ্যাৰ নৈবেদ্য দিয়ালৈকে ভাববাণী প্ৰচাৰ কৰিলে; তথাপি উত্তৰ দিবলৈ কোনো বাণী ন’হল বা কোনোৱে তেওঁলোকক উত্তৰ দিবলৈ মনোযোগো নকৰিলে।
30 Sa’an nan Iliya ya ce wa dukan mutane, “Ku zo nan wurina.” Suka zo wurinsa, ya kuma shirya bagaden Ubangiji, da ya riga ya zama kufai.
৩০তেতিয়া এলিয়াই লোকসকলক ক’লে, “মোৰ ওচৰলৈ আহাঁ”, আৰু সকলো লোক তেওঁৰ ওচৰলৈ গ’ল। তেতিয়া তেওঁ যিহোৱাৰ সেই ভগা যজ্ঞ-বেদী মেৰামতি কৰিলে।
31 Iliya ya ɗauki duwatsu goma sha biyu, ɗaya don kowace kabila zuriyar Yaƙub, wanda maganar Ubangiji ta zo masa, cewa, “Sunanka zai zama Isra’ila.”
৩১“তোমাৰ নাম ইস্ৰায়েল হ’ব”, এই বুলি যি যাকোবৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিছিল, তেওঁৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে এলিয়াই বাৰটা শিল ল’লে।
32 Da waɗannan duwatsun ya gina bagade cikin sunan Ubangiji, ya kuma haƙa wuriya kewaye da shi, isashe da zai ci garwa biyu na irin ƙwayar gyada.
৩২সেই শিলবোৰেৰে তেওঁ যিহোৱাৰ নামেৰে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু বেদীৰ চাৰিওফালে দুই চেয়া বীজ ধৰিব পৰা এটা খাল খান্দিলে।
33 Ya shirya itace, ya yayyanka bijimin kucu-kucu, ya shimfiɗa shi a itacen. Sa’an nan ya ce musu, “Ku cika manyan tuluna da ruwa, ku zuba a kan hadayar da kuma a kan itacen.” Suka zuba.
৩৩তাৰ পাছত তেওঁ খৰি ৰীতিমতে সজাই, ভতৰাটো ডোখৰ ডোখৰ কৰি কাটি খৰিৰ ওপৰত দিলে। তেতিয়া তেওঁ ক’লে “চাৰি কলহ পানী ভৰাই এই হোম-বলিৰ ওপৰত আৰু খৰিবোৰৰ ওপৰত ঢালি দিয়া।”
34 Ya ce, “Ku sāke yin haka,” sai suka sāke yin haka. Ya umarta, “Ku yi haka sau na uku,” suka kuma yi haka sau na uku.
৩৪পুনৰায় তেওঁ ক’লে, “দ্বিতীয়বাৰো তেনে কৰা।” তেতিয়া তেওঁলোকে দ্বিতীয়বাৰো তাকেই কৰিলে। তেওঁ আকৌ ক’লে, “তৃতীয়বাৰো তেনেকৈ কৰা।” তাতে তেওঁলোকে তৃতীয়বাৰো কৰিলে।
35 Ruwan ya gangara kewaye da bagaden har ma ya cika wuriyar.
৩৫তেতিয়া বেদীৰ চাৰিওফালে পানী বৈ গ’ল আৰু সেই খালো পানীৰে পুৰ কৰিলে।
36 A lokacin hadaya, sai annabi Iliya ya zo gaba ya yi addu’a, ya ce, “Ya Ubangiji Allah na Ibrahim, na Isra’ila da kuma na Yaƙub, bari a sani a yau cewa kai Allah ne a cikin Isra’ila, a kuma san cewa ni bawanka ne, na kuma yi dukan waɗannan abubuwa bisa umarninka.
৩৬পাছত সন্ধিয়া বেলাৰ নৈবেদ্য দিয়াৰ সময়ত এলিয়া ভাববাদীয়ে ওচৰলৈ আহি ক’লে, “হে অব্ৰাহামৰ, ইচহাকৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ মাজত তুমিয়েই যে ঈশ্বৰ আৰু মই তোমাৰ দাস, আৰু তোমাৰ বাক্যৰ প্ৰভাৱত মই যে এই সকলো কাৰ্য কৰিছোঁ, ইয়াক আজি সকলোৱে জানক।
37 Ka amsa mini, ya Ubangiji, ka amsa mini, saboda waɗannan mutane su san cewa kai, ya Ubangiji, kai ne Allah, su kuma san cewa kana sāke juye zukatansu zuwa gare ka.”
৩৭হে যিহোৱা, তুমিয়েই যে ঈশ্বৰ আৰু তুমিয়েই যে এওঁলোকৰ মন পুনৰায় তোমালৈ ঘূৰাই আনিছা, সেই বিষয়ে এই লোকসকলে জানিবৰ কাৰণে, হে যিহোৱা, মোৰ এই কথা শুনা।”
38 Sai wutar Ubangiji ya fāɗo, ya cinye hadayar, itacen, duwatsun da kuma ƙasar, ya lashe ruwan da yake cikin wuriyar.
৩৮তেতিয়া যিহোৱাৰ অগ্নি পৰি, সেই হোম-বলি, খৰি, শিল, আৰু মাটি গ্ৰাস কৰিলে, আৰু খালত থকা পানীকো চেলেকি পেলালে।
39 Sa’ad da mutane suka ga wannan, sai suka rusuna, suka sunkuyar da kai suka ce, “Ubangiji, shi ne Allah! Ubangiji, shi ne Allah!”
৩৯লোক সকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক’লে, “যিহোৱায়েই ঈশ্বৰ! যিহোৱায়েই ঈশ্বৰ!”
40 Sa’an nan Iliya ya umarce su, ya ce, “Ku kama annabawan Ba’al, kada ku bar waninsu yă tsere!” Suka kama su, Iliya kuwa ya sa aka gangara da su zuwa Kwarin Kishon, aka yayyanka su a can.
৪০তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কীচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।
41 Sai Iliya ya ce wa Ahab, “Ka haura gida, ka ci, ka sha, gama ina jin motsin ruwan sama mai yawa.”
৪১পাছত এলিয়াই আহাবক ক’লে, উঠা, গৈ ভোজন-পান কৰা; কিয়নো বৰ বৰষুণৰ শব্দ হৈছে।”
42 Sai Ahab ya ruga don yă ci, yă sha, amma Iliya ya hau kan ƙwanƙolin Karmel, ya rusuna ƙasa, ya sa fuska a tsakanin gwiwarsa.
৪২তেতিয়া আহাবে ভোজন-পান কৰিবলৈ উঠি গ’ল। এলিয়াই কৰ্মিল পৰ্ব্বতৰ টিঙলৈ গৈ মাটিত প্রণিপাত কৰি তেওঁৰ আঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে।
43 Ya ce wa bawansa, “Tafi ka dubi wajen teku.” Sai bawan ya haura ya duba. Ya ce, “Ba kome a can.” Sau bakwai Iliya ya ce, “Koma.”
৪৩পাছত তেওঁ নিজৰ দাসক ক’লে, “এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।” তাতে তেওঁ উঠি গৈ চাই ক’লে, “তাত একোৱেই নাই।” তেতিয়া এলিয়াই ক’লে, “তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।”
44 Sau na bakwai, bawan ya ce, “Wani girgije ƙarami kamar hannun mutum yana tasowa daga teku.” Sai Iliya ya ce, “Je ka faɗa wa Ahab, ‘Shirya keken yaƙinka, ka gangara kafin ruwan sama yă tare ka.’”
৪৪পাছত সপ্তমবাৰ চাওঁতে, তেওঁ ক’লে, “চাওঁক, মানুহৰ হাতৰ সমান সৰু মেঘ এডোখৰ সাগৰৰ পৰা উঠিছে।” তেতিয়া এলিয়াই ক’লে, “তুমি উঠি গৈ আহাবক কোৱা, ‘বৰষুণে আপোনাক যাবলৈ বাধা দিয়াৰ আগতে আপুনি ৰথ সজাই নামি যাওঁক’।”
45 Ana cikin haka, sarari ya ƙara duhunta da girgije, iska ta taso, sai ruwan sama kamar da bakin kwarya ya sauko, Ahab kuwa ya hau zuwa Yezireyel.
৪৫ইয়াৰ অলপ পাছত মেঘেৰে আৰু বতাহেৰে আকাশ ক’লা হৈ উঠিল আৰু বৰষুণ হ’ল। আৰু আহাবে ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল।
46 Ikon Ubangiji ya sauko a kan Iliya, ya sha ɗamara, ya ruga a guje a gaban Ahab har zuwa Yezireyel.
৪৬তাৰ অলপ পাছত যিহোৱাৰ হাত এলিয়াৰ ওপৰত স্থিতি হোৱাত, তেওঁ কঁকাল বান্ধি যিজ্ৰিয়েলত সোমাৱা ঠাইলৈকে আহাবৰ আগে আগে লৰ ধৰিলে।

< 1 Sarakuna 18 >