< 1 Sarakuna 14 >

1 A lokacin Abiya, ɗan Yerobowam ya kamu da ciwo,
সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।
2 sai Yerobowam ya ce wa matarsa, “Ki tafi, ki ɓad da kama, don kada a gane ke a matsayin matar Yerobowam. Ki je Shilo. Annabi Ahiya yana a can, wannan wanda ya ce mini zan zama sarki a bisa wannan mutane.
তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
3 Ki ɗauki dunƙulen burodi goma tare da ke, da waina, da tulun zuma, ki tafi wurinsa. Zai faɗa miki abin da zai faru da yaron.”
তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
4 Saboda haka matar Yerobowam ta yi abin da ya faɗa, ta kuma tafi gidan Ahiya a Shilo. Yanzu dai Ahiya ba ya gani; idanunsa sun tafi saboda tsufa.
তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।
5 Amma Ubangiji ya ce wa Ahiya, “Matar Yerobowam tana zuwa tă tambaye ka game da ɗanta, gama yana ciwo, za ka kuwa ba ta amsa kaza da kaza. Sa’ad da ta iso za tă yi kamar wata ce dabam.”
তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”
6 Saboda haka sa’ad da Ahiya ya ji motsin sawunta a ƙofa, sai ya ce, “Ki shigo, matar Yerobowam. Me ya sa kike yi kamar wata ce dabam? An aiko ni wurinki da labari marar daɗi.
পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।
7 Je ki faɗa wa Yerobowam cewa ga abin da Ubangiji, Allah na Isra’ila ya ce, ‘Na tā da kai daga cikin mutane, na mai da kai shugaba a bisa mutanena Isra’ila.
তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷
8 Na yage mulki daga gidan Dawuda na ba da shi gare ka, amma ba ka zama kamar bawana Dawuda wanda ya kiyaye umarnaina ya kuma bi ni da dukan zuciyarsa, yana yin abin da yake daidai kaɗai a idanuna ba.
মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷
9 Ka aikata mugunta fiye da dukan waɗanda suka rayu kafin kai. Ka yi wa kanka waɗansu alloli, gumakan da aka yi da ƙarfe; ka tsokane ni na yi fushi, ka kuma juye mini baya.
কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
10 “‘Saboda wannan, zan kawo masifa a gidan Yerobowam. Zan yanke kowane ɗa na ƙarshe a Isra’ila, bawa ko’yantacce. Zan ƙone gidan Yerobowam kamar yadda mutum yakan ƙone juji, sai duk ya ƙone ƙurmus.
১০এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷
11 Karnuka za su ci waɗanda suka mutu na Yerobowam a cikin birni, kuma tsuntsayen sararin sama za su cinye waɗanda suka mutu a jeji. Ni Ubangiji na faɗa!’
১১তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
12 “Ke kuma, ki koma gida. Sa’ad da kika taka ƙafa a birninki, yaron zai mutu.
১২এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।
13 Dukan Isra’ila kuwa za su yi makoki dominsa. Shi ne kaɗai na Yerobowam wanda za a binne, domin shi ne kaɗai a gidan Yerobowam wanda Ubangiji, Allah na Isra’ila ya sami wani ɗan abu mai kyau a kansa.
১৩তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্‌স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
14 “Ubangiji zai tā da wani sarki wa kansa a bisa Isra’ila wanda zai hallaka iyalin Yerobowam. Ko yanzu ma, wannan zai fara faruwa.
১৪তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।
15 Ubangiji kuma zai bugi Isra’ila, har tă zama kamar kyauro mai girgiza a bakin rafi. Zai tumɓuke Isra’ila daga wannan ƙasa mai kyau da ya ba wa kakanninsu, yă watsar da su gaba da Kogin Yuferites domin sun tsokane Ubangiji har ya yi fushi, ta wurin yin ginshiƙan Ashera.
১৫কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷
16 Zai kuma ba da Isra’ila saboda zunuban da Yerobowam ya yi, da ya kuma sa Isra’ila suka yi.”
১৬যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
17 Sai matar Yerobowam ta tashi ta tafi, ta kuwa tafi Tirza. Nan da nan da ta taka madogarar ƙofar gidan, sai yaron ya mutu.
১৭পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
18 Suka binne shi, dukan Isra’ila kuwa suka yi makoki dominsa, yadda Ubangiji ya faɗa ta wurin bawansa annabi Ahiya.
১৮তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।
19 Sauran ayyukan sarautar Yerobowam, da yaƙe-yaƙensa, da yadda ya yi mulki, ba a rubuce suke a littafin tarihi na sarakunan Isra’ila ba?
১৯যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
20 Ya yi mulki shekaru ashirin da biyu, sai ya huta tare da kakanninsa. Sai Nadab ɗansa ya gāje shi a matsayin sarki.
২০যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
21 Rehobowam ɗan Solomon ya zama sarki a Yahuda. Yana da shekara arba’in da ɗaya sa’ad da ya zama sarki, ya kuma yi mulki shekaru goma sha bakwai a Urushalima, birnin da Ubangiji ya zaɓa daga cikin dukan kabilan Isra’ila don yă sa Sunansa. Sunan mahaifiyarsa Na’ama, ita mutuniyar Ammon ce.
২১সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।
22 Yahuda ya aikata mugunta a gaban Ubangiji. Ta wurin zunuban da suka yi, sun tā da fushin kishinsa fiye da yadda kakanninsu suka yi.
২২যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
23 Sun kuma kafa wa kansu masujadai da suke kan tuddai, da a kan keɓaɓɓun duwatsu, suka kuma gina ginshiƙan Ashera a kowane tudu, da kuma a ƙarƙashin kowane duhuwar itace.
২৩কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷
24 Har ma akwai maza karuwai na masujada. Mutane suka sa kansu ga yin kowane abin ƙyama na al’umman da Ubangiji ya kora kafin Isra’ilawa.
২৪সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
25 A shekara ta biyar ta Sarki Rehobowam, Shishak sarkin Masar ya kai wa Urushalima yaƙi.
২৫পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷
26 Ya kwashe dukiyar haikalin Ubangiji da kuma dukiyar fadan sarki. Ya ɗauki kome, har da dukan garkuwoyi na zinariya da Solomon ya yi.
২৬তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
27 Saboda haka sarki Rehobowam ya yi garkuwoyin tagulla ya mayar da su. Ya kuma naɗa waɗannan shugabannin matsara ya sa su aiki a ƙofar zuwa fadan sarki.
২৭তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
28 Duk sa’ad da sarki ya tafi wurin haikalin Ubangiji, matsara sukan riƙe garkuwoyinsu, daga baya kuma sai su mai da su ɗakin tsaro.
২৮তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।
29 Game da sauran ayyukan mulkin Rehobowam kuwa, da kuma dukan abin da ya yi, duk a rubuce suke a cikin littafin tarihin sarakunan Yahuda.
২৯ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
30 Aka ci gaba da yaƙe-yaƙe tsakanin Rehobowam da Yerobowam.
৩০ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।
31 Sai Rehobowam ya huta da kakanninsa, aka kuma binne shi tare da su a Birnin Dawuda. Sunan mahaifiyarsa Na’ama, ita kuwa mutuniyar Ammon ce. Sai Abiyam ɗansa ya gāje shi a matsayin sarki.
৩১পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।

< 1 Sarakuna 14 >