< 1 Sarakuna 10 >

1 Sa’ad da sarauniyar Sheba ta ji game da sunan da Solomon ya yi, da kuma dangantakarsa da Ubangiji, sai ta zo tă gwada shi da tambayoyi masu wuya.
যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।
2 Ta iso Urushalima da tawaga mai yawa, tare da raƙuma masu ɗauke da kayan yaji, da zinariya masu yawa, da duwatsu masu daraja. Ta zo wurin Solomon ta kuwa yi magana da shi game da dukan abin da take da shi a ranta.
তেওঁ অধিক লোকৰ সৈতে যিৰূচালেমলৈ আহিল, লগতে তেওঁ উটৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁৰ মনৰ সকলো কথা চলোমনৰ ওচৰত মুকলিলৈ ক’লে।
3 Solomon ya amsa dukan tambayoyinta, ba abin da ya yi wa sarki wuyan bayyanawa mata.
তাতে চলোমনে তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে৷ ৰজাই উত্তৰ নিদিয়াকৈ তেওঁৰ এনে কোনো প্ৰশ্ন নাথাকিল৷
4 Da sarauniya Sheba ta ga dukan hikimar Solomon da fadan da ya gina.
চিবাৰ ৰাণীয়ে যেতিয়া চলোমনৰ সকলো জ্ঞান দেখিবলৈ পালে, তেওঁ নিৰ্মান কৰা ৰাজপ্ৰাসাদ দেখিলে,
5 Da irin abincin da yake kan teburinsa, da irin zaman fadawansa, da irin rigunan masu hidimarsa, da irin masu shayarwarsa, da kuma hadayun ƙonawar da yake yi a haikalin Ubangiji, sai ta yi mamaki ƙwarai.
তেওঁৰ মেজত থকা আহাৰ, তেওঁৰ দাসবোৰে বহা ঠাইবোৰ, আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ-পোচাক, আনকি পান-পাত্ৰ কৰোঁতাসকল, আৰু তেওঁ যিহোৱাৰ গৃহলৈ হোম-বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল।
6 Ta ce wa sarki, “Labarin da na ji a ƙasata game da abin da ka yi da kuma hikimarka gaskiya ne.
তেতিয়া তেওঁ ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিলোঁ, সেয়ে সঁচা।”
7 Amma ban gaskata waɗannan abubuwa ba sai da na zo na gani da idanuna. Tabbatacce, ba a ma faɗa mini ko rabi ba. Gama cikin hikima da arziki, ka wuce labarin da na ji nesa ba kusa ba.
মই আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাছিলোঁ, তেতিয়ালৈকে মই সেই কথাৰ বিষয়ে বিশ্বাস কৰা নাছিলো৷ আপোনাৰ জ্ঞান আৰু ধনৰ বিষয়ে মোক তেতিয়া আধাও কোৱা নাছিল! মই যি কথা শুনিছিলোঁ আপোনাৰ সেই যশস্যা তাতোকৈয়ো অধিক।
8 Abin farin ciki ne ga mutanenka! Abin farin ciki ne ga fadawanka, waɗanda suke cin gaba da tsayawa a gabanka suna kuma jin hikimarka!
আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।
9 Yabo ga Ubangiji Allahnka, wanda ya ji daɗinka, ya kuma sa ka a kujerar sarautar Isra’ila. Ubangiji ya naɗa ka sarki saboda madawwamiyar ƙaunar wa Isra’ila, don ka yi shari’a da adalci.”
যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”
10 Ta kuma ba sarki talenti 120 na zinariya, da kayan yaji masu yawa, da kuma duwatsu masu daraja. Ba a taɓa kawo kayan yaji da yawa haka kamar yadda sarauniyar Sheba ta ba wa Sarki Solomon ba.
১০তেওঁ ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল।
11 (Jiragen ruwan Hiram suka kawo zinariya daga Ofir. Daga can kuma suka kawo kaya masu yawa na katakon almug, da kuma duwatsu masu daraja.
১১হীৰমৰ যি জাহাজে ওফীৰৰ পৰা সোণ আনিছিল, সেই জাহাজৰ দ্বাৰাই ওফীৰৰ পৰা বিস্তৰ অলমূগ কাঠ আৰু বহুমূল্য মণিও আনিছিল।
12 Sarki ya yi amfani da almug don yă yi kayan ado wa haikalin Ubangiji da kuma don fadan sarki, don kuma yă yi molaye, da garayu saboda mawaƙa. Ba a taɓa yin jigilar katakon almug ko a gani irin yawan katakai haka ba har wa yau.)
১২ৰজাই সেই অলমূগ কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে খুঁটা সাজিছিল আৰু গায়কসকলৰ কাৰণে বীণা আৰু নেবল সজাইছিল; তেনেকুৱা অলমূগ কাঠ আজিলৈকে কেতিয়াও অহা নাই আৰু কোনেও দেখা নাই।
13 Sarki Solomon ya ba wa sarauniyar Sheba dukan abin da take so, da kuma duk abin da ta nema, ban da abin da ya ba ta daga yalwar fadan sarki. Sa’an nan ta koma tare da tawagarta zuwa ƙasarta.
১৩ৰজা চলোমনে চিবাৰ ৰাণীক দিবলৈ বাধ্য হোৱা বস্তুৰ বাহিৰে, তেওঁ যি যি বিচাৰিছিল আৰু যিয়ে খুজিছিল সেই অনুসাৰে তেওঁক সকলো দিলে। তাৰ পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ ঘূৰি গ’ল।
14 Nauyin zinariya da Solomon yake samun kowace shekara, talenti 666 ne.
১৪সেই সময়ত এবছৰত চলোমনলৈ ছশ ছয়ষষ্ঠী কিক্কৰ সোণ আহিছিল।
15 Ban da haraji daga’yan kasuwa, da fatake, da kuma daga dukan sarakunan Arabiya, da gwamnonin ƙasar.
১৫ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিকসকলৰ বাণিজ্যৰ পৰা তেওঁলোকে চলোমনলৈ সোণ আনিছিল৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমনলৈ সোণ আৰু ৰূপ আনিছিল৷
16 Sarki Solomon ya yi manyan garkuwoyi ɗari biyu na zinariya. An yi kowace garkuwa da zinariya bekas ɗari shida.
১৬ৰজা চলোমনে সোণ পিটাই দুশটা বৰ ঢাল সজাইছিল৷ প্ৰত্যেকটো ঢালত ছশ চেকল সোণ প্ৰয়োজন হৈছিল৷
17 Ya kuma yi ƙananan garkuwoyi ɗari uku na zinariya. An yi kowane garkuwa da zinariya minas uku. Ya sa su a cikin Fadar Kurmin Lebanon.
১৭তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।
18 Sa’an nan sarki ya yi kujerar sarauta mai nauyin giram na hauren giwa, aka kuma dalaye ta da zinariya zalla.
১৮তাৰ পাছত ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজালে, আৰু সেই সিংহাসনৰ ওপৰত উত্তম সোণৰ পতা মাৰিলে।
19 Kujera sarautar ta kasance da matakai shida, kuma bayanta tana da bisa mai kamannin gammo. A kowane gefen kujerar akwai wurin sa hannu, da kuma zaki tsaye kusa da kowannensu.
১৯সিংহাসন খনত ছখপিয়া খটখটী আছিল আৰু সিংহাসনৰ ওপৰ ভাগৰ পাছ ফালটো ঘূৰণীয়া আছিল৷ বহা ঠাইৰ দুয়োফালে হাত ৰখাৰ বাবে ব্যৱস্থা আছিল আৰু সেই হাত ৰখা ঠাইৰ কাষত দুইফালে দুটা সিংহৰ মুৰ্ত্তি থিয় কৰোঁৱা আছিল।
20 Zakoki goma sha biyu suna tsaye a matakai shida, ɗaya a kowane gefen ƙarshen mataki. Babu ƙasar da an taɓa gina irin wannan kujerar mulki.
২০সেই ছয়খাপৰ সিংহাসন খনৰ প্ৰতিটো খলপৰ দুই মূৰে এটা এটা কৈ বাৰ টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ সিংহাসন আন কোনো ৰাজ্যত নাছিল।
21 Dukan kwaf Solomon zinariya ne, kuma dukan kayayyakin gida a Fadan da ake kira Kurmin Lebanon, zinariya ce zalla. Babu wani abin da aka yi da azurfa, domin ba a ɗauki azurfa a bakin kome ba a zamanin Solomon.
২১ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল।
22 Sarki yana da jerin jiragen ruwan kasuwanci a teku, tare da jiragen ruwan Hiram. Sau ɗaya kowace shekara uku jerin jiragen yakan dawo ɗauke da zinariya, da azurfa, da hauren giwa, da birai marasa wutsiya, da kuma gogon biri.
২২সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
23 Sarki Solomon ya yi suna a wadata fiye da dukan sarakunan duniya.
২৩এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।
24 Dukan duniya ta nemi su zo wurin Solomon don su ji hikimar da Allah ya sa a zuciyarsa.
২৪ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাত কৰিব বিচাৰিছিল।
25 Kowace shekara, kowa da ya zo wurinsa yakan kawo kyautai, kayayyakin azurfa da na zinariya, riguna, makamai, da kayan yaji, dawakai da alfadarai.
২৫যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল; তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল।
26 Solomon ya tara kekunan yaƙi da dawakai; ya kasance da kekunan yaƙi dubu goma sha huɗu, da dawakai dubu goma sha biyu waɗanda ya ajiye a biranen kekunan yaƙi, ya kuma ajiye tare da shi a Urushalima.
২৬চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্রিত কৰিছিল। তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ তেওঁলোকক নানা ৰথ-নগৰত আৰু যিৰূচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল।
27 Sarki ya mai da azurfa barkatai a cikin Urushalima kamar duwatsu, al’ul kuma da yawa kamar itatuwan fir na jumaiza a gindin tuddai.
২৭ৰজাৰ লগত ৰূপ যিৰূচালেমৰ মাটিত পোৱা শিলবোৰতকৈয়ো অধিক আছিল৷ তেওঁ এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছবোৰতকৈয়ো অধিক কৰিছিল।
28 An yi jigilar dawakan Solomon daga Masar da kuma daga Kuye,’yan kasuwan fadan sarki sun sayo su daga Kuye.
২৮চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিচৰ পৰা অনা হৈছিল৷ সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনিছিল।
29 Suka yi jigilar kekunan yaƙi daga Masar a bakin shekel ɗari shida na azurfa, doki ɗaya kuma a kan ɗari da hamsin. Sun kuma yi jigilarsu suna sayarwa ga dukan sarakunan Hittiyawa da na Arameyawa.
২৯মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ; এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হৈছিল।

< 1 Sarakuna 10 >