< 1 Tarihi 22 >
1 Sai Dawuda ya ce, “Gidan Ubangiji Allah zai kasance a nan, haka kuma bagaden hadaya ta ƙonawa don Isra’ila.”
১তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।”
2 Dawuda kuwa ya umarta a tattara baƙin da suke zama a Isra’ila, daga cikinsu ya sa masu farfasa duwatsu don su shirya duwatsun da aka sassaƙa saboda ginin gidan Allah.
২দায়ূদে ইস্ৰায়েল দেশত বাস কৰা বিদেশী সকলক একগোট কৰিবলৈ দাস সকলক আজ্ঞা দিলে। ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবৰ অৰ্থে শিল কাটি টুকুৰা কৰিবলৈ তেওঁলোকক শিল-কটিয়া কামত নিযুক্ত কৰিলে।
3 Ya tanada ƙarfe mai yawa don ƙusoshi saboda ƙyamaren hanyoyin shiga da kuma saboda mahaɗai, da ƙarin tagulla fiye da ƙirge.
৩দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,
4 Ya kuma tanada gumaguman al’ul masu yawa fiye da ƙirge, gama Sidoniyawa da mutanen Taya sun kawo su wa Dawuda da yawa.
৪আৰু গণিব নোৱাৰা পৰিমাণৰ এৰচ কাঠ চীদোনীয়া আৰু তূৰীয়াসকলে দায়ূদৰ ওচৰলৈ গণনা কৰিবলৈ অনেক এৰচ কাঠ আনিছিল
5 Dawuda ya ce, “Ɗana Solomon matashi ne kuma bai gogu ba, kuma gidan da za a gina wa Ubangiji zai zama mai ƙayatarwa ƙwarai, sananne da kuma mai daraja a idon dukan al’ummai. Saboda haka zan yi shirye-shirye saboda shi.” Sai Dawuda ya yi ɗumbun shirye-shirye kafin mutuwarsa.
৫দায়ূদে ক’লে, “মোৰ পুত্ৰ চলোমন ডেকা ল’ৰা আৰু তেওঁৰ অভিজ্ঞতা হোৱা নাই, আৰু যিহোৱাৰ অৰ্থে যি গৃহ সজা হ’ব বিষেশৰূপে আকৰ্ষণীয় হ’ব লাগিব, সেয়া আন সকলো দেশতো প্রখ্যাত আৰু খ্যাতিমান হ’ব, লাগিব। সেয়ে এই গৃহৰ বাবে মই প্রস্তুত হ’ব লাগিব।” সেই কাৰণে দায়ূদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্রস্তুত কৰিলে।
6 Sa’an nan ya kira ɗansa Solomon ya umarce shi yă gina gida domin Ubangiji, Allah na Isra’ila.
৬তাৰ পাছত তেওঁ নিজৰ পুত্ৰ চলোমনক মাতিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ বাবে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা দিলে।
7 Dawuda ya ce wa Solomon, “Ɗana, na yi niyya a zuciyata in gina gida saboda Sunan Ubangiji Allahna.
৭দায়ূদে চলোমনক ক’লে, “হে মোৰ পুত্র, মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ ইচ্ছা আছিল।
8 Amma wannan maganar Ubangiji ta zo mini, ‘Ka zub da jini mai yawa ka kuma yi yaƙe-yaƙe masu yawa. Ba za ka gina gida domin Sunana ba, domin ka zub da jini da yawa a duniya a idona.
৮কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
9 Amma za ka haifi ɗa wanda zai zama mutumin salama da kuma hutu, zan kuma ba shi hutu daga dukan abokan gābansa a kowane gefe. Za a kira shi Solomon, zai kuma kawo wa Isra’ila salama da natsuwa a zamanin mulkinsa.
৯অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
10 Shi ne wanda zai gina gida saboda Sunana. Zai zama ɗana, ni kuma zan zama mahaifinsa. Zan kafa kujerar sarautarsa a bisa Isra’ila har abada.’
১০তেওঁ মোৰ নামৰ উদ্দেশে এটা গৃহ নিৰ্ম্মাণ কৰিব। তেওঁ মোৰ পুত্ৰ হ’ব, আৰু মই তেওঁৰ পিতৃ হ’ম। মই ইস্ৰায়েলৰ ওপৰত তেওঁৰ ৰাজ সিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম।
11 “Yanzu, ɗana, Ubangiji ya kasance tare da kai, bari kuma ka yi nasara ka kuma gina gidan Ubangiji Allahnka, kamar yadda ya ce za ka yi.
১১হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।
12 Bari Ubangiji ya ba ka basira da fahimi sa’ad da ya sa ka shugaba a bisa Isra’ila, saboda ka kiyaye dokar Ubangiji Allahnka.
১২যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
13 Ta haka za ka yi nasara in ka mai da hankali ga kiyaye ƙa’idodi da dokokin da Ubangiji ya ba wa Musa saboda Isra’ila. Ka yi ƙarfin hali ka kuma ƙarfafa. Kada ka ji tsoro ko ka fid da zuciya.
১৩যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
14 “Na sha wahala da yawa don in yi tanadi talentin dubu ɗari na zinariya, talenti miliyon na azurfa, ɗumbun tagulla da ƙarfe da suka wuce ƙirge da katako da dutse saboda haikalin Ubangiji. Za ka iya ƙara su.
১৪এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।
15 Kana da ma’aikata masu yawa, masu fafarshe duwatsu, masu gini da masu aikin katako, da kuma gwanaye a kowane irin aikin
১৫তোমাৰ অনেক কাম কৰা মানুহ আছে: শিল-কটিয়া, শিল আৰু কাঠৰ কাম কৰোঁতা, আৰু সকলো বিধৰ কামত নিপুণ অগণন লোক আছে।
16 zinariya da azurfa, tagulla da ƙarfe, masu sana’a waɗanda suka wuce ƙirge. Yanzu ka fara aiki, Ubangiji kuma ya kasance tare da kai.”
১৬যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”
17 Sai Dawuda ya umarta dukan shugabannin Isra’ila su taimake ɗansa Solomon.
১৭দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
18 Ya ce musu, “Ba Ubangiji Allahnku yana tare da ku ba? Bai kuma ba ku hutu a kowane gefe ba? Gama ya ba da mazaunan ƙasar gare ni, ƙasar kuma ta Ubangiji ce da mutanensa.
১৮তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
19 Yanzu fa sai ku sa zuciyarku da ranku ga neman Ubangiji Allahnku. Ku fara ginin wuri mai tsarki na Ubangiji Allah, don ku kawo akwatin alkawarin Ubangiji da kayayyaki masu tsarki na Allah a cikin haikalin da za a gina saboda Sunan Ubangiji.”
১৯এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।