< 1 Tarihi 18 >

1 Ana nan sai Dawuda ya ci Filistiyawa ya kuma rinjaye su, ya ƙwace Gat da ƙauyukan kewayenta daga mulkin Filistiyawa.
তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
2 Dawuda ya kuma ci Mowabawa, suka zama bayinsa suka kuma biya haraji.
তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে।
3 Ban da haka, Dawuda ya yaƙi Hadadezer sarkin Zoba, har can Hamat, sa’ad da ya je don yă kafa mulkinsa a wajen Kogin Yuferites.
ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদদেজৰক হমাতত পৰাজয় কৰিলে।
4 Dawuda ya kame keken yaƙinsa dubu ɗaya, da mahayan kekunan yaƙi dubu bakwai da sojojin kafa guda dubu ashirin. Ya yayyanke dukan agaran dawakansa, amma ya bar dawakai da suka isa jan kekunan yaƙi ɗari.
দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5 Da Arameyawan Damaskus suka zo su taimaki Hadadezer sarkin Zoba, sai Dawuda ya bugi dubu ashirin da biyunsu.
যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে।
6 Ya sa ƙungiyoyin sojoji a masarautar Arameyawan Damaskus. Arameyawan kuwa suka zama bayinsa, suka kuma kawo haraji. Ubangiji ya ba Dawuda nasara a ko’ina da ya tafi.
তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে।
7 Dawuda ya kwashe garkuwoyin zinariyan da shugabannin sojojin Hadadezer suke riƙe, ya kawo su Urushalima.
দায়ূদে হদদেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল।
8 Daga Teba da Kun, garuruwan da suke ƙarƙashin Hadadezer, Dawuda ya kwashe tagulla da yawa sosai, wanda Solomon ya yi amfani don yă yi Tekun tagulla, ginshiƙai da kuma kayayyakin tagulla dabam-dabam.
হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।
9 Sa’ad da Towu sarkin Hamat ya ji cewa Dawuda ya ci mayaƙan Hadadezer sarkin Zoba gaba ɗaya,
যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।
10 sai ya aiki ɗansa Hadoram zuwa wurin Sarki Dawuda yă gaishe shi yă kuma yi masa barka da nasara a yaƙi a kan Hadadezer, wanda yake yaƙi da Towu. Hadoram ya kawo kowane irin kayayyakin zinariya da na azurfa da na tagulla.
১০তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।
11 Sarki Dawuda ya miƙa waɗannan kayayyakin ga Ubangiji, kamar yadda ya yi da azurfa da kuma zinariyan da ya kwaso daga dukan waɗannan al’ummai. Edom da Mowab, Ammonawa da Filistiyawa, da kuma Amalek.
১১দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।
12 Abishai ɗan Zeruhiya ya bugi mutanen Edom dubu goma sha takwas a Kwarin Gishiri.
১২চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।
13 Ya sa ƙungiyoyin sojoji a Edom, dukan mutanen Edom kuwa suka zama bayin Dawuda. Ubangiji ya ba Dawuda nasara a ko’ina da ya tafi.
১৩তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।
14 Dawuda ya yi mulki a bisa dukan Isra’ila, yana yin abin da yake daidai da kuma gaskiya saboda dukan mutanensa.
১৪দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে।
15 Yowab ɗan Zeruhiya shi ne shugaban mayaƙa; Yehoshafat ɗan Ahilud shi ne marubuci;
১৫চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্‌ বৃত্তান্ত লিখক আছিল।
16 Zadok ɗan Ahitub da Abimelek ɗan Abiyatar su ne firistoci; Shafsha shi ne magatakarda;
১৬অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;
17 Benahiya ɗan Yehohiyada shi ne shugaban Keretawa da Feletiyawa;’ya’yan Dawuda maza su ne manyan ma’aikata a gefen sarki.
১৭যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।

< 1 Tarihi 18 >