< 1 Tarihi 15 >

1 Bayan Dawuda ya yi gine-gine wa kansa a Birnin Dawuda, sai ya shirya wuri domin akwatin alkawarin Allah, ya kuma kafa tenti dominsa.
তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে।
2 Sa’an nan Dawuda ya ce, “Babu wani sai ko Lawiyawa kaɗai za su ɗauka akwatin alkawarin Allah, gama Ubangiji ya zaɓe su su ɗauka akwatin alkawarin Ubangiji su kuma yi hidima a gabansa har abada.”
তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”
3 Dawuda ya tattara dukan Isra’ila a Urushalima don su haura da akwatin alkawarin Ubangiji zuwa wurin da aka shirya dominsa.
দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে।
4 Ya tattara zuriyar Haruna a wuri ɗaya da kuma Lawiyawa.
দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে।
5 Daga zuriyar Kohat, Uriyel shugaba da dangi 120;
কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বিশ জন আছিল।
6 daga zuriyar Merari Asahiya shugaba da dangi 220;
মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ বিশ জন আছিল।
7 daga zuriyar Gershom, Yowel shugaba da dangi 130;
গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ ত্ৰিশ জন আছিল।
8 daga zuriyar Elizafan, Shemahiya shugaba da dangi 200;
ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ জন আছিল।
9 daga zuriyar Hebron, Eliyel shugaba da dangi 80;
হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল আশী জন আছিল।
10 daga zuriyar Uzziyel, Amminadab shugaba da dangi 112.
১০উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বাৰ জন আছিল।
11 Sa’an nan Dawuda ya kira Zadok da Abiyatar, firistoci, tare da Uriyel, Asahiya, Yowel, Shemahiya, Eliyel da Amminadab, Lawiyawa.
১১দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে।
12 Ya ce musu, “Ku ne kawunan iyalan Lawiyawa; ku da’yan’uwanku Lawiyawa, sai ku tsarkake kanku ku hauro da akwatin alkawarin Ubangiji, Allah na Isra’ila, zuwa wurin da na shirya dominsa.
১২তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।
13 Domin ku, Lawiyawa ba ku haura da shi da farko ba ne ya sa Ubangiji Allahnmu ya husata a kanmu. Ba mu tambaye shi game da yadda za mu yi shi a hanyar da aka ƙayyade ba.”
১৩প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।”
14 Saboda haka firistoci da Lawiyawa suka tsarkake kansu don su hauro da akwatin alkawarin Ubangiji, Allah na Isra’ila.
১৪সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে।
15 Sai Lawiyawa suka ɗauki akwatin alkawarin Allah da sanduna a kafaɗunsu, kamar yadda Musa ya umarta bisa ga maganar Ubangiji.
১৫যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
16 Dawuda ya faɗa wa shugabannin Lawiyawa su sa’yan’uwansu su zama mawaƙa don su rera waƙoƙi masu farin ciki, da kayayyakin bushe-bushe, da kaɗe-kaɗe, molaye, garayu da ganguna.
১৬দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্চ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক।
17 Saboda haka Lawiyawa suka zaɓi Heman ɗan Yowel, da Asaf ɗan Berekiya daga cikin’yan’uwansu. Daga iyalin Merari kuma aka zaɓi Etan ɗan Kushahiya.
১৭সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্বন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল।
18 Tare da su kuma’yan’uwansa da suke biye bisa ga matsayi. Wato, Zakariya, Ya’aziyel, Shemiramot, Yehiyel, Unni, Eliyab, Ben, Ma’asehiya, Mattitiya, Elifelehu, Miknehiya, Obed-Edom da Yehiyel, matsaran ƙofofi.
১৮তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে।
19 Mawaƙan nan Heman, Asaf da Etan, ne za su buga kugen tagulla.
১৯বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল,
20 Zakariya, Aziyel, Shemiramot, Yehiyel, Unni, Eliyab, Ma’asehiya da Benahiya, ne za su kaɗa molaye masu murya sama-sama, bisa ga alamot.
২০জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ,
21 Mattitiya, Elifelehu, Miknehiya, Obed-Edom, Yehiyel da Azaziya, ne za su ja garayu masu murya ƙasa-ƙasa bisa ga sheminit.
২১মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল।
22 Kenaniya, shugaban Lawiyawa, shi ne mai bi da waƙoƙi. Wannan hakkinsa ne, gama shi gwani ne a wannan fanni.
২২লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল।
23 Berekiya da Elkana, ne za su zama masu lura da ƙofofi domin akwatin alkawarin.
২৩বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
24 Shebaniya, Yoshafat, Netanel, Amasai, Zakariya, Benahiya da Eliyezer firistoci, su ne za su busa ƙahoni a gaban akwatin alkawarin Allah. Obed-Edom da Yehiya su ma za su zama masu lura da ƙofofi domin akwatin alkawarin.
২৪চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
25 Sai Dawuda da dattawan Isra’ila da shugabannin ƙungiyoyi dubu suka haura don su kawo akwatin alkawarin Ubangiji daga gidan Obed-Edom, da farin ciki.
২৫সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল।
26 Domin Allah ya taimaki Lawiyawan da suke ɗaukar akwatin alkawarin Ubangiji, aka miƙa hadayar bijimai bakwai da raguna bakwai.
২৬যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল।
27 To, fa, Dawuda yana saye da kyakkyawar rigar lilin, kamar yadda dukan Lawiyawa waɗanda suke ɗaukar akwatin alkawarin suka sa, da kuma yadda mawaƙa, da Kenaniya, wanda yake bi da waƙar mawaƙan ya sa. Dawuda kuma ya sa efod lilin.
২৭দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।
28 Sai dukan Isra’ila suka kawo akwatin alkawarin Ubangiji da sowa, da ƙarar ƙahonin raguna da busan ƙahoni, da na ganguna, suna kuma kaɗa molaye da garayu.
২৮এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল।
29 Yayinda akwatin alkawarin Ubangiji yake shiga Birnin Dawuda, Mikal’yar Shawulu ta leƙa daga taga. Sa’ad da ta ga Sarki Dawuda yana rawa yana shagali, sai ta rena masa wayo a zuciyarta.
২৯কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।

< 1 Tarihi 15 >