< Matye 21 >
1 Lè yo te pwoche Jérusalem pou rive kote Bethphagé nan Mòn Oliv la, Jésus te voye de nan disip li yo,
১যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,
2 epi te di yo: “Ale nan vilaj anfas nou an, epi nou va twouve yon bourik ki mare la avèk pitit li. Demare yo, e mennen yo ban Mwen.
২“তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।
3 Epi si yon moun di nou yon bagay, nou va di li konsa: ‘Senyè a gen bezwen yo’, epi lapoula, l ap voye yo.”
৩যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।”
4 Tout sa te fèt pou sa ki te pale pa pwofèt la ta kapab akonpli, lè li te di:
৪যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক,
5 “Pale a fi Sion an, Men gade, Wa ou ap vin kote ou, dou, e monte sou yon bourik, yon jenn bourik, Pitit a yon bèt ki pote chaj”.
৫“তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷”
6 Epi disip yo te ale fè tout sa Li te mande yo.
৬সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গ’ল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে,
7 Konsa yo te mennen bourik la avèk Pitit li a e te mete vètman yo, epi konsa, sou vètman yo Li te chita.
৭গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।
8 Pifò nan foul la te plase vètman yo louvri sou wout la, e kèk lòt t ap koupe branch nan bwa yo pou plase sou wout la.
৮তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;
9 Foul la ki te ale devan Li, ni sa ki te swiv Li t ap rele: “Ozana (Glwa a Bondye) a Fis a David la! Beni se Sila ki vini nan non Senyè a! Ozana nan pi wo a!”
৯আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
10 Lè Li te antre Jérusalem, tout vil la te byen boulvèse e t ap di: “Ki moun sa ye?”
১০যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে “এই জন কোন?”
11 Epi foul la t ap di: “Sa se pwofèt Jésus ki sòti Nazareth nan Galilée a”.
১১তাতে লোক সকলে ক’লে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।”
12 Jésus te antre nan tanp lan e te chase mete tout moun deyò ki t ap achte e vann nan tanp lan. Li te chavire tab a moun ki t ap chanje lajan yo, avèk chèz a moun ki t ap vann toutrèl yo.
১২পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
13 Li te di yo: “Li ekri: ‘Lakay Mwen an va rele yon kay pou lapriyè,’ men nou menm, nou fè li yon twou kachèt pou vòlè!”
১৩যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”
14 Avèg yo avèk bwate yo te vin kote L nan tanp lan, e Li te geri yo.
১৪তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
15 Men lè chèf prèt yo avèk skrib yo te wè tout mèvèy ke Li te fè yo, epi timoun nan tanp yo ki t ap kriye: “Ozana a Fis a David la!”, yo te ankòlè anpil.
১৫কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি “জয়! জয়! দায়ুদৰ বংশৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷
16 Epi yo te di Li: “Ou pa tande kisa timoun sa yo ap di?” Jésus te reponn yo: “Wi, nou pa janm konn li ‘Nan bouch a timoun avèk ti bebe k ap tete yo, nou prepare lwanj pou Ou menm’”?
১৬তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
17 Li te kite yo, e sòti pou ale nan vil Béthanie pou pase nwit lan.
১৭পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ’ল আৰু ৰাতিতো তাতেই থাকিল।
18 Alò nan maten, Li te retounen nan vil la. Li te vin grangou.
১৮ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷
19 Li te wè yon sèl pye fig frans akote wout la. Men lè L vin kote l, Li pa twouve anyen sof ke fèy yo. Konsa Li pale li: “Ou p ap janm gen fwi ki sòti sou ou ankò!” Epi lapoula, pye fig frans lan te vin fennen nèt. (aiōn )
১৯এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷ (aiōn )
20 Lè yo wè sa, disip yo te etone. Yo te di: “Kijan fig frans sa a fè vin fennen nan yon moman konsa?”
২০যেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, “এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?”
21 Jésus te reponn e te di yo: “Anverite Mwen di nou: Si nou gen lafwa e nou pa doute, non sèlman n ap fè sa ki te fèt a fig frans lan, men menm si nou di a mòn sa a: ‘Leve ale jete ou nan lanmè’, sa va fèt.
২১যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।
22 Epi tout sa nou mande nan lapriyè e kwè, nou va resevwa li.”
২২তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
23 Lè Li te fin antre nan tanp lan, chèf prèt yo avèk lansyen pami pèp la te vin kote L pandan Li t ap enstwi pou mande L: “Pa ki otorite Ou fè bagay sa yo? Se kilès ki te bay ou otorite sila a?”
২৩যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”
24 Jésus te reponn yo: “M ap mande nou yon bagay tou, e si nou reponn Mwen, M ap fè nou konnen pa ki otorite Mwen fè bagay sila yo.
২৪যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন-
25 Batèm a Jean an, kibò li sòti? Èske sous li se syèl la, oubyen lòm?” Konsa, yo te kòmanse rezone pami yo menm. Yo te di: “Si nou di ‘syèl la’, L ap di nou ‘ebyen poukisa nou pa t kwè l?’
২৫বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক’লে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক’ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?
26 Men si nou di ‘lòm’, nou pè foul la, paske yo tout kwè ke Jean te yon pwofèt.”
২৬কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।”
27 Yo te reponn Jésus. Yo te di: “Nou pa konnen”. Li te reponn yo: “Ni Mwen menm p ap di nou pa ki otorite Mwen fè bagay sa yo.”
২৭পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”
28 “Men kisa nou panse? Yon nonm te gen de fis. Li te vini a premye a, e te di l: ‘Fis mwen, ale travay pou mwen jodi a nan chan rezen an.’”
২৮“কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
29 “Li te reponn: ‘M p ap prale’. Men, apre li te regrèt sa, e li te ale.
২৯তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
30 “Nonm nan te rive kote dezyèm nan, e te di menm bagay la. Men li menm te reponn, e te di: Avozòd! Men li pa t ale.
৩০দ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, ‘মই যাম পিতা’; কিন্তু তেওঁ নগ’ল।
31 Kilès nan de fis sa yo ki te fè volonte a papa l?” Yo te reponn: “Premye a”. Jésus te di yo: “Anverite, Mwen di nou ke kolektè kontribisyon yo avèk fanm movèz vi yo va antre nan wayòm syèl la avan nou menm.
৩১এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে ক’লে, “প্ৰথম জনে”। যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
32 Paske Jean te vini a nou menm nan chemen ladwati, men nou pa t kwè li; men kolektè kontribisyon yo avèk fanm movèz vi yo te kwè li. Men nou menm ki te wè sa, nou pa t menm repanti lè l fin fèt pou nou ta kwè li.
৩২কিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।”
33 “Koute yon lòt parabòl. Te gen yon mèt tè ki te plante yon chan rezen. Li te antoure li avèk yon miray. Li te fouye yon rezèvwa pou kraze rezen yo, e te bati yon tou ki wo. Li te antann demwatye ak kiltivatè yo, e te ale fè yon vwayaj.
৩৩“আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ’ল।
34 “Lè lè rekòlt la te rive, li te voye esklav li yo jwenn kiltivatè yo pou resevwa pwodwi pa li a.
৩৪যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
35 Konsa, kiltivatè yo te pran esklav li yo, te bat youn, te touye yon lòt, e yo te kalonnen twazyèm lan avèk kout wòch.
৩৫কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
36 “Ankò lite voye yon lòt ekip esklav pi gran pase premye yo, e yo fè yo menm bagay la.
৩৬পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
37 “Men anfen, li te voye fis li a. Li te di: ‘Y ap respekte fis mwen an.’
৩৭পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
38 Men lè kiltivatè yo te wè fis la, yo te di pami yo, ‘Sa se eritye a. Vini, annou touye li epi sezi eritaj li a.’
৩৮কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।
39 Konsa, yo te pran li, voye li deyò chan an e yo te touye li.”
৩৯এই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
40 “Akoz sa, lè mèt teren an vini, kisa l ap fè avèk kiltivatè sa yo?”
৪০এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?”
41 Yo te di Li: “L ap mennen malveyan sa yo a yon move fen, epi li va lwe chan sa a bay lòt kiltivatè k ap peye li sa yo dwe yo nan pwòp lè yo.”
৪১লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”
42 Jésus te di yo: “Èske nou pa janm li nan Ekriti Sen yo, ‘Wòch ke sila ki t ap bati yo te rejte a, te devni wòch ang prensipal la. Sa te sòti nan Senyè a, e se te yon mèvèy nan zye nou.’?”
৪২যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
43 “Akoz sa Mwen di nou: Wayòm syèl la ap vin pran nan men nou pou plase bay yon nasyon k ap pwodwi fwi li.
৪৩এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।
44 Epi sila ki tonbe sou wòch sila ap kraze an mòso, men sou sila ke li tonbe a, l ap gaye li tankou poud.”
৪৪এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
45 Lè chèf prèt ak Farizyen yo te tande parabòl Li yo, yo te konprann ke Li t ap pale de yo menm.
৪৫তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
46 Lè yo te chèche mwayen sezi Li, yo te krent foul la paske yo te konsidere Li kon yon pwofèt.
৪৬কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।